Written by sdblogs2011 12:22 pm Articles

গ্ল’বেল ৱাৰ্মিং

মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা) 

অসমীয়া অনুবাদ  কুমুদ ঘোষ

(মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা গাঁৱত ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত৷ ষাঠিৰ দশকৰ শেষৰ ফালে শ্যামলেন্দু চক্ৰৱৰ্তী সম্পাদিত ‘অনীশ’ পত্ৰিকাত গল্প লেখক হিচাপে আত্মপ্ৰকাশ৷ শিলচৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘শতক্ৰতু’-ৰ অন্যতম সম্পাদক৷  তদুপৰি তেখেতৰ একক প্ৰচেষ্টা আৰু সম্পাদনাত প্ৰকাশিত হয় ‘পৰম্পৰা’ নামৰ গল্পৰ এখন বিশেষ আলোচনী৷ উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশিত প্ৰায় প্ৰতিখন বাংলা ভাষাৰ লিটল মেগেজিনত মিথিলেশ ভট্টাচাৰ্যৰ গল্প প্ৰকাশ হৈছে৷ আজীৱন সাহিত্যসেৱাৰ বাবে তেখেতক ২০১০ চনত ‘দ্বিৰালাপ’ সম্মানেৰে ভূষিত কৰা হৈছে৷ বৰ্তমানলৈকে প্ৰকাশিত উল্লেখযোগ্য সঙ্কলনকেইখন হ’ল – কক্ষপথ, চৈত্ৰপৱনে, আত্মকথা ইত্যাদি৷ শ্ৰীযুত ভট্টাচাৰ্যৰ সানন্দ অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটি অনুবাদ কৰা হ’ল৷] 

কি যে টিকটিকীয়া ৰঙা চেহেৰা! যেন ৰক্তাম্বৰ পৰিহিত ভয়ংকৰ চেহেৰাৰ কাপালিক এজন আহি দুৱাৰডলিত থিয় হৈছেহি৷ বিচ্ছুৰিত তাপত চৌপাশ ডেই গৈছে৷ যিমান দূৰলৈকে নীলা সিমান দূৰলৈকে ৰূপালী জুই জ্বলিছে৷ পুৱাতেই পোনপটীয়াকৈ বেলিটোৰ ফালে চাব নোৱৰা অৱস্থা৷ নমস্কাৰৰ ভঙ্গীত ওপৰলৈ দঙা হাত দুখনেৰে চকু দুটাক আঁৰ কৰিব লগা হৈছে৷ সূৰ্য নমস্কাৰ৷ অবিনাশৰ ল’ৰালি কালৰে অভ্যাস৷ বিছনাখনৰ পৰা নামিয়েই প্ৰথমে কৰযোৰ কৰি পূবমুৱা হৈ থিয় হ’ল৷ দেউতাকৰ বুকুৰ ওচৰতে শুই শুয়েই পুৱাৰ ভাগত সি সেই ল’ৰালি কালৰে পৰাই দেউতাকৰ কণ্ঠৰ সৈতে সুৰ মিলাই ডাঙৰ ডাঙৰকৈ সূৰ্যস্তুতি আওঁৰাইছিল৷ ‘প্ৰভাতেজঃ স্মৰেনিত্যং দুৰ্গা দুৰ্গা খৰোদ্দয়ং …৷’ আৰু এতিয়া তেনেই অকণমানি চোতালখনত পূবমুৱা হৈ সূৰ্য বন্দনা৷ ‘ওম জবাকুসুমসঙ্কাশং কাশ্যপেয়ং মহাদু্যতিম্‌৷’

        দপ্‌দপাই জ্বলিছে সূৰ্য৷ যেন গধূলিৰ চৌকা৷ ৰুটিৰ দৰে অবিৰাম ডেই গৈছে পৃথিৱী৷ মানুহ, গছ-লতা, জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতঙ্গ সকলো পুৰিছে৷ আৰু ইয়াকে লৈ সৰু-বৰ অন্তহীন জল্পনা-কল্পনা৷

        ‘গ্ৰীণ হাউছ এফেক্ট!’

        ‘কাবৰ্ন-ডাই-অক্সাইড!’

        ‘এছিয়ান ব্ৰাউন ক্লাউড!’

        ‘এল্ নিনো!’

        ‘বেলিটো বোলে বহুখিনি তললৈ নামি আহিছে?’

        ‘কোনে কৈছেহে, জানোচোন?’

        ‘সৌ ৰতনৰ চাহৰ দোকানত শুনি আহিলোঁ৷’

        ‘গল্প-গুজৱ হৈছে৷’

        ‘সেয়ে৷’

        ‘অজলাটো৷ বেলিটো স্থিৰ৷ পৃথিৱীখনহে ঘূৰি থাকোঁতে তাৰ ওচৰলৈ গৈছেগৈ৷’

        ‘ও, সেয়ে ইমান গৰম৷’

আজিৰ পৰা পোন্ধৰ বছৰ আগতে সদলবলে অবিনাশ যেতিয়া এই ঠাইডোখৰলৈ প্ৰথম বসতি স্থাপনৰ বাবে আহিছিল তেতিয়া ঠাইডোখৰৰ সৌন্দৰ্য চকুত পৰা বিধৰ আছিল৷ চৌদিশ মুকলি৷ মুকলি পথাৰৰ ফিৰফিৰীয়া সেউজীয়া বতাহ৷ বিস্তৃত ধাননি পথাৰৰ একাষে এখন সৰু নদী৷ ইফালে-সিফালে কত ৰকমৰ চৰাই-চিৰিকটিৰ উৰণ৷ শালিকা, ঘৰচিৰিকা, পাতসিয়া, বুলবুলি, মাছৰোকা, পাতি কাউৰী আৰু বগলীৰ জাক৷ শস্যহীন পথাৰ বা বাটৰ কাষৰ সকলোতে গৰু-গাই, ম’হ-ছাগলী-ভেৰা আদি যেনেকৈ চৰিছে, তেনেকৈয়ে খেতি-পথাৰৰ ওপৰেদি চৰাইবোৰ উৰিছে, কেতিয়াবা চঞ্চল ঠোঁটেৰে অতি ব্যস্ততাৰে দানা খুঁটি খাইছে৷ পূব-দক্ষিণ দিগন্তত ঢৌ তোলা ভুৱন পাহাৰ শীৰ্ষ পটত অঁকা ছবিৰ দৰে৷

        আৰু সেই মানুহবোৰ৷ প্ৰায় প্ৰথমৰ পৰাই তেওঁলোক ইয়াত আছে৷ কিছু মানুহ উঠি যোৱা ৰিফিউজি কেম্পৰ, কিছু পৰিত্যক্ত চাহ বাগিচা আৰু ইটাখলিৰ শ্ৰমিক আৰু কিছু সংখ্যক গাওঁ এৰি চহৰলৈ অহা মানুহ৷ সিহঁতৰ চেহেৰাত কোনো পলিছ নাই৷ কিবা যেন শুকান-উবান, শিক্ষা-সংস্কৃতিহীন দুখীয়া-নিচলা মূৰ্খৰ দল৷ বেছিভাগ মানুহেই দিন-মজুৰ৷ কাৰো কাৰো সৰু-সুৰা ব্যৱসায়-বাণিজ্য বা অতি সৰু চাকৰি৷ সিহঁতৰ জীৱন-যাপনৰ প্ৰণালী বৰ বেলেগ ধৰণৰ৷ চহৰৰ শিক্ষিত মানুহৰ সৈতে একেবাৰে নিমিলে৷

        সিহঁতৰ মাজৰে ল’ৰা-বুঢ়া-ডেকা এনে কিছুমান মানুহ আছে, যিয়ে টোপনিৰ পৰা উঠিয়েই হাতত খেৱালি জাল বা বৰশী লৈ জলাহ বা নদীত মাছ ধৰিবলৈ যায়; আৰু কিছুমান জীৱিকাৰ ধান্দাত বাটলৈ ওলায়৷ ৰাতিৰ পৰত কেতিয়াবা আমোদ-প্ৰমোদৰ বাবে ভাড়া কৰি অনা মাইকত গান বজায় বা ভিডিঅ’ত ৰঙীণ চিনেমা চোৱাৰ আড্ডা পাতে৷ খোৱা-পানীৰ প্ৰয়োজন বোধ কৰিলে বাটৰ কাষৰ প্লাষ্টিকৰ পাইপ ফুটুৱাই সেয়া যোগাৰ কৰে৷ সেইবোৰ গৰ্হিত কাম-কাজ সিহঁতে ইমান শীতল মস্তিস্কৰে কৰে যে সিহঁতৰ কোনো অপৰাধ বোধ নহয়৷

খৰধৰকৈ চকুৱে-মুখে পানী এছাটি মাৰি চাহ-বিস্কুট খাই বাহিৰলৈ যাবলৈ অবিনাশ সাজু হ’ল৷ আজিকালি বাহিৰলৈ ফুৰিবলৈ যোৱাটো যেন তাৰ নিয়মত পৰিণত হৈছে৷ তাৰ নিজৰেই কথাটো কিবা অবাক লাগে৷ আজিকালি ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই অবিনাশে সেই তাগিদাটো অনুভৱ কৰে, যিটো সি এৰাব নোৱাৰে৷ অৱশ্যে ইয়ালৈ স্থানান্তৰিত হৈ পাছৰে পৰাই ৰাতিপুৱা এবাৰ বাহিৰলৈ ফুৰিবলৈ যোৱাটো তাৰ অভ্যাস হৈ পৰিছিল৷ কিন্তু বহুদিন হ’ল তাত যতি পৰিছে৷ বৰ বিশেষ প্ৰয়োজন নহ’লে আজিকালি সি বাহিৰলৈ নোলায়৷ কেইদিনমানৰ পৰা অফিচলৈ ওলোৱাৰ আগতে বাহিৰখনে তাক বৰকৈ আকৰ্ষণ কৰিবলৈ লৈছে৷ কাৰো ঘৰত বহি আড্ডা দিয়াৰ মানসেৰে নহয়, আগতে যি অভ্যাস আছিল তাৰেই পৰিণতিত এই আকৰ্ষণ৷ সিহঁতৰ সৰু গলিটো পাৰ হৈয়েই চহৰমুখী ৰাস্তাটোৰ সিপাৰে পকা দালানবোৰৰ খাপে খাপে বহু কেইখন দোকান আছে৷ চাহৰ দোকান, চেলুন, পিচিঅ’, ষ্টেশ্বনাৰী আৰু এখন গেলামালৰ দোকান৷ তাৰ লক্ষ্য সেই শেষৰ দোকানখন৷ কিন্তু অবিনাশ পোনে পোনে তালৈকে নাযায়৷ পিচিঅ’ বা ষ্টেশ্বনাৰী দোকানত দুই-এপাক মাৰিহে তাত উপস্থিত হয়৷ সেই দোকানখন ইৰাৰ৷ খোকা মহাজনৰ বিধৱা ঘৈণী ইৰা মধ্যযৌৱনা৷ কিছুদিনৰ পৰা তাইৰ সৈতে অবিনাশৰ এক সু-সম্পৰ্ক গঢ় লৈ উঠিছে৷ চুবুৰীয়া হিচাপে আৰু খোকা মহাজনৰ ঘৈণীয়েক হিচাপে আগৰে পৰাই ইৰাৰ সৈতে তাৰ পৰিচয় আৰু কথা-বতৰা আছিল৷ তেতিয়া অৱশ্যে এতিয়া নিচিনাকৈ ঘনিষ্ঠতা নাছিল৷

        খোকা মহাজনৰ আকস্মিক মৃত্যুৰ পাছৰে পৰাই ইৰাই দোকানখন চম্ভালিব লগা হৈছে৷ খাই-বৈ জীয়াই থাকিব লাগিব৷ কোলাৰ কেঁচুৱাটোকো ডাঙৰ কৰিব লাগিব৷

        সেই দোকানখনৰ মালিকে পুৰণি এগ্ৰিমেণ্টখন পুনৰ নতুন কৰাৰ সময়ত তাত সাক্ষী হিচাপে অবিনাশে চহী কৰিছিল৷ কেইদিনমানৰ আগতে দাঢ়ি খুৰাবলৈ ব্লেড কিনিবলৈ যাওঁতেই হঠাৎ ইৰাৰ দোকানত সোমাইছিল৷ তেতিয়াই ইৰাই তাক সাক্ষী হ’বলৈ অনুৰোধ কৰিছিল৷ তেতিয়াৰ পৰাই দুয়োজনৰ মাজত ঘনিষ্ঠতাৰ সূত্ৰপাত৷

        গেইটখন খুলি বেগাই অবিনাশ দুখোজমান গৈছেহে মাত্ৰ, তেনেতে মুখামুখি হ’ল পীতাম্বৰৰ সৈতে৷ মূৰত ছাতি হাতত লাখুটি লৈ দীৰ্ঘদেহী সৌম্যকান্তি মানুহজনে লাহে-ধীৰে খোজ দিছিল৷ অবিনাশক দেখি ৰৈ দিলে৷

        – ‘কোনফালে যোৱা সোণটো৷’

        – ‘অলপমান দোকানৰ পৰা আহোঁগৈ৷ ইমান যে ৰ’দত আপুনি ওলাল, মহাদেউ?’

        – ‘অভ্যাস বুজিলা৷ ৰাতিপুৱা অলপমান ইফালে-সিফালে কেইখোজমান নিদিলে ভাল নালাগে!’ – হাঁহিমুখে পীতাম্বৰে ক’লে৷

        – ‘বুজিলোঁ৷ কিন্তু এই গৰমে আপোনাৰ গাটো বেয়া কৰিব!’ – অবিনাশৰ কণ্ঠত যথেষ্ট উদ্বেগ ফুটি উঠিল৷

        – ‘কিমাননো আৰু বেয়া হ’ব? চোৱা, সকলোবোৰ সমূলে বিনষ্ট হ’বলৈকে সৃষ্টি হৈছে৷ এই দেহাটোও তাৰ বাহিৰত নহয়৷’

        অবিনাশৰ ভিতৰখন চমকি উঠিল৷ কৌতূহলী দৃষ্টিৰে পীতাম্বৰে তাৰ মুখৰফালে চালে৷ এই তীব্ৰ দহন উত্তাপ, ৰঙাচকুৱা সূৰ্যৰ ৰুদ্ৰৰোষ – সেইবোৰত যেন তেওঁ অলপো বিচলিত নহয়৷ চকুৱে-মুখে এক শান্ত, সমাহিত ভাব৷

        অবিনাশৰ অসংযমী মনে সেইবোৰৰ গূঢ় উপলব্ধিক কোনো ধৰণৰ গুৰুত্ব নিদি কেৱল ডেউকা মেলি উৰি গ’ল ইৰাৰ উদ্দেশ্যে! তাৰ চিন্তা, কল্পনা, সপোন, সকলো ভৰি পৰিছে ইৰাৰ ভাবনাত৷ ইৰাই এতিয়া তাৰ একমাত্ৰ লক্ষ্য৷ চকু যেন পখীৰ চকু৷ তাৰ ধ্যান জ্ঞান সকলোতে কেৱল ইৰা৷

        ‘আহোঁ মহদেউ!’ – বুলি কথাষাৰ কৈয়েই খৰখেদাকৈ অবিনাশে পীতাম্বৰৰ পৰা ফালৰি কাটিলে৷

        এনেয়ে অবিনাশ ইৰাৰ দোকানত নোসোমায়৷ বিশেষ প্ৰয়োজনো নহয়৷ প্ৰতি মাহে প্ৰয়োজনীয় যিবোৰ বস্তু সি বাহিৰৰ পৰা কিনে তাৰ প্ৰায় একোৱেই ইৰাৰ দোকানত পোৱা নাযায়৷ নামী-দামী কোম্পানীৰ ভিন্ন স্বাদৰ বিস্কুট, চানাচুৰ, আচাম-জেম-চচ্চ্‌, তেল, চাহ বা কচমেটিকৰ দৰে সামগ্ৰী থোৱাৰ সামৰ্থ্য ইৰাৰ নাই৷ অৱশ্যে কিছুমান বস্তু সৰু-ডাঙৰ সকলো দোকানতে কমন আৰু প্ৰায় একেই মানৰ৷ যেনে, চাউল-দাইল-আটা-আলু-পিয়াজ-নহৰু-নিমখ-চেনি-চিৰা-মুড়ি ইত্যাদি৷ কেতিয়াবা  হঠাৎ সেইবোৰৰ কিবা দৰকাৰ হ’লে অবিনাশ ইৰাৰ দোকানত সোমায়৷ আৰু তেতিয়া অসহায় ইৰাক পৰোক্ষভাৱে সহায় কৰাৰ এক তৃপ্তি বোধ কৰে সি৷

        আজিকালি পুৱাই পুৱাই অবিনাশে কিবা একোটা অজুহাতত ইৰাৰ দোকানত এপাক মাৰে৷ তাক দেখিলে ইৰায়ো তাক বেছ আদৰ-সাদৰেৰে আদৰণি জনায়৷ ইৰাৰ চকু দুটাই অবিনাশক আকৰ্ষণ কৰে৷ চকু দুটা সমূলি ডাঙৰ নহয়৷ অৱশ্যে সৰু হ’লেও বেছ আকৰ্ষণীয়৷ সেই চকু দুটাত চকু থ’লে অবিনাশৰ কিয় জানো অনুভৱ হয় ইৰাই তাক কিবা এটা ক’ব বিচাৰিছে৷ কেইদিনমানৰ পৰা কথাটোৱে ভিতৰি ভিতৰি বেছ আলোড়ন তুলিছে আৰু সিয়ো অন্তৰে অন্তৰে ইৰাক প্ৰশ্নও কৰিছে, ‘তুমি মোক কিবা ক’ব বিচাৰিছা?’

        অবিনাশে লক্ষ্য কৰিছে, তাক দেখা পালে ইৰা সপ্ৰতিভ আৰু উচ্ছ্বল হৈ উঠে৷ পাৰ্টিশ্বনখনৰ গাতে গা লগাই থোৱা কাঠৰ পাতল বেঞ্চখনত তাক বহিবলৈ কয়৷ কিবা লাগে নেকি সেয়াও সোধে৷ অবিনাশে তেতিয়া অন্তৰতে তাইক উদ্দেশ্যি কয়, ‘মোক একো নালাগে৷ কেৱল তোমাক চাবলৈকে ইয়ালৈ আহোঁ৷ তোমাৰ দুটি নয়ন আৰু শ্যামবৰণীয়া মুখৰ মিঠা হাঁহিয়ে মোক বৰকৈ আকৰ্ষিত কৰে৷’

        আৰু অতদিনে মূৰ তুলি তাইৰ চেহেৰাটো ভালকৈ লক্ষ্য নকৰাৰ বাবে অবিনাশৰ অলপ আপচোচ বোধো হয়৷

        – ‘অবিনাশদা, একো নিনিলেও নাই, বহকচোন৷’ – আন্তৰিক সুৰত ইৰাই অনুৰোধ কৰে৷

        – ‘অকল বহিমনো কিয়?’ – বুলি মুখেৰে ক’লেও সেই অনুৰোধৰ বাবে অবিনাশে অপেক্ষা কৰে৷

        – ‘চিগাৰেট খাবনে?’

        – ‘কি ব্ৰেণ্ডৰ আছে?’ – জানিবলৈ গৈও সি ভাবে, ইৰাই জানো ‘ব্ৰেণ্ড’ শব্দৰ অৰ্থ বুজিব৷

        – ‘ফ্লেক আছে৷’ – অৰ্থ বুজক বা নুবুজক ইৰাই ঘপহকৈ চিগাৰেটৰ নাম কয়৷

        – ‘মই ফ্লেক নাখাওঁ৷ তথাপি দিয়াঁ এটা৷’

        – ‘আপুনি আহি বহিলে মোৰ বিক্ৰী ভাল হয়৷’ – চিগাৰেট আৰু জুইশলা একেলগে আগবঢ়াই দি ইৰাই কয়৷

        – ‘মানে?’ – দুই ওঁঠৰ ফাঁকত চিগাৰেটটো গুঁজিবলৈ লৈ প্ৰশ্নবোধক দৃষ্টিৰে অবিনাশে ইৰাৰ মুখৰফালে চায়৷

        – ‘বেছিকৈ কাষ্টমাৰ আহে৷’ – হাঁহি হাঁহি ইৰাই উত্তৰ দিলে৷

        – ‘মোৰ শৰীৰৰ পৰা এনে কি সুগন্ধি ওলায় যে বতাহ শুঙি শুঙি মৌ মাখিৰ নিচিনাকৈ গ্ৰাহক আহি দোকানত ভিৰ কৰেহি?’ – অন্তৰতে অবিনাশে নিজকে প্ৰশ্ন কৰিলে৷

        – ‘সেয়াই!’ – সি যেন অলপমান অবাক হ’ল৷

        – ‘আপুনি বহনি কৰিলে মোৰ বিক্ৰী ভাল হয়৷’ – নম্ৰভাৱে ইৰাই ক’লে৷

        – ‘মই  কিবা পীৰ বা ফকীৰ নেকি? দোকানত ভৰি থোৱা মাত্ৰেই অলৌকিক চব কাণ্ড হ’ব, হুৰমূৰাই গ্ৰাহক আৰু টকা আহিবলৈ ল’ব৷ ধুৎ৷’ – অৱশ্যে সি শুনিছে সি বোলে লক্ষ্মী৷ অনেক সচেতন মানুহেও সেই কথা কয়৷ লক্ষ্মী-অলক্ষ্মী সেইবোৰ আকৌ কি? কুসংস্কাৰ! হাজাৰ-লক্ষ বছৰৰ কুসংস্কাৰ৷ ছাল ওকণিৰ দৰে মানুহৰ মনত লিপিট খাই আছে৷ নাযায়, মনৰ পৰা কেতিয়াও নাযায়৷ সেই ‘অঙ্গাৰঃ শতধৌতেন মলিনত্বং ন মুঞ্চতি’ৰ নিচিনা৷

        অবিনাশে ইৰালৈ চালে৷ একহাৰা শ্যামবৰণীয়া৷ মধ্য যৌৱনা৷ বেছ সুগঠিত শৰীৰ৷ ব্লাউজৰ তলত অন্তৰ্বাস নথকাত পুষ্ট স্তন দুটা থুলথুলীয়া লাগিছে৷ নিৰ্লজ্জ দৃষ্টিৰে সেইফালে চাই থাকোঁতে সি ভাবিলে ইৰাৰ চকু বা মুখ নহয়, আচলতে তাইৰ শৰীৰটোৱে তাক এক তীব্ৰ যৌনকাংক্ষাত আকৰ্ষণ কৰে৷ সি যিদিনাৰ পৰা তাইৰ ফালে মূৰ তুলি চাবলৈ ল’লে, সিদিনাৰ পৰাই সি তাইৰ প্ৰতি আকৰ্ষণ বোধ কৰিছে৷ সেই শৰীৰৰ আকৰ্ষণতে আজিকালি সি ৰাতিপুৱা ওলায়৷ অজুহাত বিচাৰি ইৰাৰ দোকানত সোমাইছে৷ ইটো-সিটো কথা পাতি থাকোঁতে, ইৰাৰ নানা ভঙ্গিমাৰ শৰীৰটো সি চাই আছে;  এনেদৰে চাই থাকোঁতে কেতিয়াবা পাইজামাৰ তলৰ যৌনাঙ্গটো স্ফীত হৈ উঠিছে আৰু সি শৰীৰৰ সমগ্ৰ নিম্নাঞ্চলত এটা গৰম ভাব অনুভৱ কৰিছে৷

       ৰাতিপুৱা সৰু-সুৰা ইটো-সিটো কিনিবলৈ অহা গ্ৰাহকসকল অলপ পৰ দোকানখনৰ খালী বেঞ্চখনত বহে৷ অবিনাশক দেখিলে সসম্ভ্ৰমে থিয় হয়৷ ৰূপলাল বোলা এজন আছে৷ সি সদায় আহে৷ অৱশ্যে তাৰ সৈতে অবিনাশৰ সদায় দেখা-সাক্ষাৎ নহয়৷ কাষতে ৰূপলালৰ চাহৰ দোকান৷ ল’ৰাক দোকানত বহুৱাই ইৰাৰ দোকানলৈ বাতৰি কাকত পঢ়িবলৈ  আহে৷ দুহাত মেলি বাতৰি-কাকতখনেৰে ৰূপলালে শৰীৰৰ আধাখিনি ঢাকি ৰাখে৷ অৱশ্যে অবিনাশ অহা গম পালে সিও বেঞ্চখন এৰি হাততে কাকতখন লৈ  থিয় হয়৷

        হকাৰজনে অলপ আগেয়ে বাতৰি-কাকতখন দি গৈছে৷ চাউল-দাইল-আলু-পিঁয়াজৰ বস্তাৰ ওপৰত কাকতখন পৰি আছে৷ ইফালে-সিফালে চাই অবিনাশে কাকতখনৰ হেডলাইনত চকু ফুৰালে – স-সম্মানে ঘৰলৈ ওভতিল ডঃ হানিফ৷ ব্ৰহ্মপুত্ৰৰ বানত এঘাৰ লাখ মানুহ গৃহহীন৷ বৰাকত বানৰ পদধ্বনি৷ অশ্লীলতাৰ দায়িত্ব মূৰ পাতি হিমাচলৰ মন্ত্ৰীৰ পদত্যাগ৷ নন্দীগ্ৰামত পুনৰ ৰক্তপাত৷ শ্ৰীনগৰত পৰ্যটন বাছত বিষ্ফোৰণ৷ গ্ল’বেল ৱাৰ্মিঙৰ প্ৰভাৱ : গ্ৰীচৰ প্ৰায় পোন্ধৰটা অঞ্চলত একেলগে বনজুইৰ প্ৰকোপ৷ চাইমন টফেলৰ ভুলৰ বাবেই চেঞ্চুৰীৰ স্বপ্নভঙ্গ সৌৰভৰ৷ আজি টাডা আদালতত মুন্নাভাই সঞ্জয় দত্তৰ ভাগ্য নিৰ্ণয়৷

        ওলাই অহাৰ সময়ত অবিনাশে দেখিছিল, ড্ৰয়িংৰুমৰ খোলা খিৰিকীখনেদি হকাৰে বাতৰি-কাকতখন দলিয়াই দিছে৷ দিনত সময় নহয়, সেয়ে ৰাতিহে সি বাতৰি-কাকতখন পঢে.৷ এতিয়া সেইখন দেউতাকৰ দখলত৷ তেখেতে নিজে পঢ়িব নোৱাৰে৷ দুচকুত ছানি পৰিছে৷ ৰাঙলী বাইদেৱে দেউতাক পঢ়ি শুনায়৷ অসুস্থ মৃগীৰোগী ৰাঙলী বাইদেউৰ গোটেই দিনৰ কাম সিমানখিনিয়েই৷ পাকঘৰৰ লগতে আনবোৰ কাম মাক আৰু বন কৰা তিৰোতাগৰাকীৰ৷ মাকৰ বয়স হৈছে৷ তথাপি অবিনাশে বিয়া কৰাই কইনা এজনী ঘৰলৈ আনিবলৈ সাহস নকৰে৷ এগৰাকী মানুহে বৃদ্ধ মাক-দেউতাকৰ লগতে এজনী বেমাৰীক চম্ভালিব কেনেকৈ? সেয়ে বিয়াৰ প্ৰসঙ্গত হোঁহকা-পিছলা কৰিছে আৰু পিছুৱাইছে৷ ইফালে আকৌ ফুলে ফুলে পৰি মৌ চোহাৰ ইচ্ছাও অবিনাশৰ নাই৷ প্ৰেমৰ ফান্দ পতা এই পৃথিৱীখন যেন ক্ৰমশঃ কামসবৰ্স্ব হৈ উঠিছে৷

        খালি হৈ পৰি থকা বেঞ্চখনত অবিনাশ বহিল৷ দোকানৰ সৰু গাদীখনত বহি ইৰাই তেতিয়া সৰু এক্সাৰচাইজ বহী এখনত সম্ভৱত হিচাপ টুকিছিল৷ সেইফালে চাই অবিনাশে ক’লে, ‘কথা এটা জানিব বিচাৰিছোঁ, বেয়া নোপোৱাঁ নহয়?’

        – ‘নাপাওঁ, নাপাওঁ৷ কওকচোন৷’ – ইৰাই মূৰ দাঙি পোনপটীয়াকৈ তাৰ ফালে চাই ক’লে৷

        – ‘তুমি কিমানলৈকে পঢ়া-শুনা কৰিছা?’

        – ‘এইছ এছলৈকে৷’

        – ‘পাছ নে ফেইল?’

        – ‘পাছ৷’

        – ‘আৰু পঢ়া-শুনা নকৰিলা তেনেহ’লে?’

        – ‘আৰু পঢ়া-শুনা কৰিবলগা হ’লে দহ কিলোমিটাৰ দূৰৈৰ চহৰলৈ যাব লাগিলহেঁতেন, দেউতা মান্তি নহ’ল৷’

        – ‘কিয়?’

        – ‘ছোৱালী বাবেই দেউতাই ৰিস্ক্ ল’ব নিবিচাৰিলে৷’

        – ‘কিহৰ ৰিস্ক্?’

        – ‘সেইবোৰ বহুত কথা৷ আপোনাক ক’ব নোৱাৰোঁ৷’

      – ‘ঠিক আছে৷ তোমাৰ গিৰীহঁতেতো এক শ্ৰেণীও পঢ়া-শুনা কৰা নাছিল৷’ – পোনপটীয়াকৈ খোকাক জধামূৰ্খ বুলিবলৈ অবিনাশৰ মন নগ’ল৷

        – ‘সেয়া জানো৷’

        – ‘তথাপি তোমাৰ দেউতাৰাই তোমাক তাৰ সৈতেই বিয়া দিলে৷ তুমি তেতিয়া আপত্তি কৰা নাছিলা নেকি?’

      – ‘দেউতা সহজ-সৰল মানুহ৷ তেওঁৰ কথা হ’ল যাৰ ঘৰত ভাত-কাপোৰৰ অভাৱ নহ’ব তেনে এখন ঘৰলৈকে ছোৱালীক বিয়া দিব৷ দেউতাৰ মুখৰ ওপৰত কথা কোৱাৰ সাহস আমাৰ নাছিল৷’

        সহজ-সৰল মানুহ হ’লেও ইৰাৰ দেউতাকক দূৰদৰ্শী বুলিবই লাগিব৷ অজলা খোকা মাজনৰ তেতিয়া তেতিয়া ৰমৰমীয়া ব্যৱসায়৷ বেঙ্ক একাউণ্টত প্ৰচুৰ টকা৷ প্ৰথম প্ৰথম খোকা মহাজনে টকা তুলিবলৈ শ্লিপত টিপচহী দিছিল৷ এদিন অবিনাশক খাটনি ধৰি ক’লে, ‘ককাইদেউ, বেঙ্কত আপোনাৰ অনেক জনা-শুনা মানুহ আছে৷ মোক এখন চেক বুকৰ বন্দৱস্ত কৰি দিয়কচোন৷’ পেমেণ্ট নগদ ধনেৰে নকৰি চেকত দিলে মহাজনৰ সুবিধা হয়৷ কিন্তু চেকত টিপচহী দিলে নহ’ব৷ খোকা তথাপি নাচোৰবান্দা৷ কৈছিল, ‘তেনেহ’লে চহীটো কৰিবলৈ শিকাই দিয়ক৷’ চহী কৰিবলৈ শিকাবলৈ গৈ আন এক সমস্যা৷ নামৰ প্ৰথম আখৰটো কোনোমতেই খোকাই ঠিককৈ লিখিব পৰা নাই৷ ‘খ’ হয়গৈ ‘থ’৷ ওকাৰ হয়গৈ হ্ৰস্ব উকাৰ৷ খোকা দাস হয়গৈ থুকা দাস৷ সেয়াই চহী৷ কাম চলাব পৰা দস্তখত৷

        – ‘দেখিছেনে বাৰু, কি যে গৰম পৰিছে৷’ – শাৰীৰ আঁচলেৰে মুখমণ্ডলৰ ঘাম মচি মচি ইৰাই ক’লে৷

        – ‘আৰু পৰিব৷’ – নিবিৰ্কাৰ কণ্ঠেৰে অবিনাশে উত্তৰ দিলে৷

        – ‘অ’ আই, তেনেহ’লেচোন মৰিম৷’

        – ‘গ্ল’ৱেল ৱাৰ্মিং৷’ – অবিনাশে অষ্ফুটভাৱে শব্দ দুটা উচ্চাৰণ কৰিলে৷

        – ‘কি ক’লে দাদা?’

        – ‘কৈছোঁ, এতিয়া উষ্ণায়নৰ যুগ৷’

        – ‘ৰ’দত ভাজ খাওঁতে খাওঁতে তেনেহ’লে ভস্ম হৈ যাম৷’

        – ‘তেনেকুৱাই হ’ব যেন লাগিছে৷ কালি ইয়াত কিমান গৰম পৰিছিল জানানে?’

        – ‘নাজানো৷ অৱশ্যে ৰাতি উশাহ-নিশাহ বন্ধ হৈ মৰিম যেন লাগিছিল৷’

        – ‘কালি গৰম হৈছিলগৈ বিয়াল্লিছ ডিগ্ৰী৷ আমাৰ ইয়াত সেয়া প্ৰায় পঞ্চাছ ডিগ্ৰীৰ সমান৷ হিউমিডিটিও বেছি৷’

        – ‘কি বুলি ক’লে?’

        – ‘হিউমিডিটি৷ অৰ্থাৎ আৰ্দ্ৰতা৷’

        – ‘আৰ্দ্ৰতা ?’ – শব্দটো যে ইৰাৰ অপৰিচিত সেয়া তাইৰ মুখৰ ভঙ্গিমাৰ পৰা বুজি পোৱা গৈছিল৷

        – ‘বতাহত থকা জলীয়-বাষ্পৰ পৰিমাণেই হ’ল আদ্ৰৰ্তা৷’

        – ‘সেয়ে ইমান গৰম?’

        – ‘কেৱল গৰমেই নে? ঘাম আৰু ঘামচি দুয়োটাই বেছি৷’

        ‘মোৰ নহয় বৰকৈ ঘামচি ওলাইছে৷ হাত দুখন চাওকচোন৷’ – অবিনাশৰ চকুত পৰাকৈ ইৰাই তাইৰ খীণ হাত দুখন মেলি দিলে৷ কাঁইটীয়া জোপোহাৰ দৰে তাইৰ দুহাতত ঘামচিৰ অৰণ্য অবিনাশৰ চকুত পৰিল৷

        – ‘আৰু ক’ত?’ – চকুৰ চাৱনি আৰু কণ্ঠৰ সুৰত ইৰাৰ গোপনাঙ্গৰ বতৰা লোৱাৰ কৌতূহল৷

        – ‘গোটেই গাত৷’ – মুহূৰ্ততে ইৰাৰ সমগ্ৰ শৰীৰ পান কৰি ওলাই অহা অবিনাশৰ দৃষ্টি স্থিৰ হ’লহি আঁচলেৰে ঢকা বৰ্তুলাকাৰৰ হাউলি পৰা স্তুন যুগলত৷

        – ‘তোমাক পাউদাৰ এটা আনি দিম৷’

        – ‘নাইচিল?’

        – ‘ওহোঁ৷ ডাৰ্মিকুল৷ সেইটো গোটেই গাত ঘঁহিলে গাটো ঠাণ্ডা হ’ব৷ ঘামচি মৰিব৷’

        – ‘বৰ দামী চাগে’, নহয়নে?’

        – ‘সেয়া তুমি চিন্তা কৰিব নালাগে৷ মই তোমাক সেইটো গিফট দিম৷’

সন্ধিয়াপৰত অফিচৰ পৰা ঘূৰি আহোঁতে অবিনাশ ইৰাৰ দোকানত সোমাল৷ হাতত ওলমাই থোৱা চামৰাৰ বেগৰ ভিতৰত ‘গৰ্মিকা মৌচমমে ঘমনিয়া’ মৰাৰ অব্যৰ্থ পাউদাৰৰ টেমা৷ দোকানত কোনো গ্ৰাহক নাই৷ সি মনতে বেছ স্বস্তি পালে৷ কাৰো সমুখতে সেইটো ইৰাক দিব নোৱাৰে৷ টেবুলত স্তূপ কৰি থোৱা বিভিন্ন ধৰণৰ পেকেট আৰু ঠোঙা এটা মেল খাই থকা মোনা এটাত ইৰাই ভৰাই আছিল৷ সেইফালে চাই অবিনাশে ক’লে, ‘বৰ ডাঙৰ অৰ্ডাৰ পাইছা যেন ধাৰণা হৈছে৷’

মূৰ তুলি ঘৰ্মাক্ত মুখেৰে ইৰাই উত্তৰ দিলে,‘নহয়, নহয়৷ দুদিনৰ পাছত মুন্নাৰ দেউতাকৰ বছৰেকীয়া৷ শৰাধৰ বাবে যা-যোগাৰ কৰিছোঁ৷’

        – ‘খোকা মৰা কেইবা বছৰ হ’ল নহয়নে?’

        – ‘কেইবা বছৰ নহয়৷ মাত্ৰ এবছৰ৷’ 

        – ‘অ’৷ মই আকৌ কেইবা বছৰ হ’ল বুলি ভাবিছিলোঁ৷’

        – ‘তেওঁ মৰাৰ সময়ত আপুনি বাহিৰত আছিল৷ সেয়ে তেনে ধাৰণা হৈছে৷ আন কথানো কি আৰু?’

      – ‘হ’ব পাৰে৷’ – বুলি লাহেকৈ কৈয়েই অবিনাশে কান্ধত ওলোমাই থোৱা বেগটোৰ চেইনডাল খুলিলে৷ বেগৰ ভিতৰলৈ হাতখন সুমুৱাই পাউদাৰৰ টেমাটো উলিয়াই আনি চাউলৰ খোলা বস্তাটোৰ ওপৰত থ’লে৷

        – ‘তোমাৰ বস্তুটো ইৰা৷’

        – ‘কিনো?’

        – ‘ঘামচিৰ পাউদাৰ৷’

        – ‘অ’৷’

        – ‘ৰাতিলৈ এবাৰ গাত ঘঁহিবা৷ আৰাম পাবা৷’

        – ‘ঘঁহিম বাৰু৷’ – অৱশ কণ্ঠৰে ইৰাই ক’লে৷ তাৰ পাছতে ক’লে, ‘আৰু নোৱাৰিছোঁ অবিনাশদা৷’

        – ‘কি নোৱাৰিছানো?’

       – ‘এই দোকানদাৰী৷ টকা-পইচা নাই৷ বেঙ্কৰ পৰাও টকাখিনি উলিয়াব পৰা নাই৷ সেইবোৰ চিন্তাতে মোৰ মূৰটো গৰম৷’

– ‘কালিলৈ এপাক যাবানে?’

        – ‘ক’লৈ?’

        – ‘বেঙ্কলৈ৷ ময়ো তোমাৰ লগতে যাম৷’

        – ‘ঠিক আছে৷ কেই বজাত যাব আপুনি?’

        – ‘এই ধৰা চাৰে দহমান বজাত৷ তুমি ৰেডি হৈ থাকিবা৷’

        – ‘কালিলৈ অফিচলৈ নাযায় নেকি?’

        – ‘যাম৷ অলপ দেৰিকৈ যাম আৰু, কি কথানো৷ তোমাৰ কামটো হ’লে ভাল লাগিব৷’

        অবিনাশ আৰু ইৰা লগা-লগিকৈ খোজ কাঢ়ি গলিটো পাৰ হৈ মেইন ৰ’ডত থিয় হ’লহি৷ ৰ’দৰ প্ৰচণ্ড তাপত চৌদিশ ডেই গৈছে৷ বতাহত জুইৰ উত্তপ্ত প্ৰৱাহ৷ ছাতিৰ তলত ঘামি-জামি দুয়োৰে শৰীৰ জেপজেপিয়া৷ ৰাস্তাত পথচাৰী আৰু যানবাহন একোৱই নাই৷ চৌপাশে এক অস্বাভাৱিক নীৰৱতা বিৰাজমান৷ আজি তীব্ৰ শোক যাপন, অসহনীয় ক্ৰোধ অথবা ঘোৰ বিৰোধিতাৰ কোনো বন্ধ পালিত হৈছে নেকি?

        – ‘অবিনাশদা খোজকাঢ়ি যোৱা অসম্ভৱ৷’ – ইৰাই কাতৰ কণ্ঠেৰে ক’লে৷

        – ‘তেনেকুৱাই ধাৰণা হৈছে৷ কিন্তু কোনো গাড়ী-মটৰো দেখা নাই৷’

        – ‘এয়াতো অফিচৰ সময়৷ গাড়ী-মটৰৰে ৰাস্তা গিজগিজাই থকাৰ কথা৷’

        – ‘কোনোবাই বন্ধ-চন্ধ দিয়া নাইতো৷’

        ঠিক সেই সময়ত জনশূন্য নৈঃশব্দৰে ভৰা ৰাস্তাত ঠিক যেন পানীত উপঙি থকা হাতীটোৰ নিচিনাকৈ খালী ৰিক্সা এখন চকুত পৰিল৷ দুয়োজন ৰিক্সাখন দেখি উৎসাহিত হ’ল৷

        – ‘বলক, উঠোঁগৈ৷’

        – ‘আগেয়ে আহিবলৈ দিয়াচোন৷’

        কেইমুহূৰ্তমানৰ ভিতৰত ৰিক্সাখন আহি তেওঁলোকৰ ওচৰ পালেহি৷

        – ‘ক’লৈ যাব৷’

        – ‘ওচৰতে৷’

        – ‘কোন ঠাই?’

        – ‘বজাৰৰ ওচৰত৷’

        – ‘দহ টকা লাগিব৷’

        – ‘এইকণ বাট দহ টকা! ইহঁতে চকু কপালত তুলিহে এৰিব৷’

        – ‘ৰ’দৰ কোব দেখিছে নহয়৷ গা-মূৰ পুৰিছে৷ যায় যদি উঠক৷’

        অবিনাশে ইৰাক ৰিক্সাত উঠিবলৈ ইঙ্গিত দিলে৷ ধীৰ গতিৰে মধ্য বয়সীয়া ৰিক্সা চালকজনে পেডেল মাৰিবলৈ ল’লে৷ ৰাস্তাৰ দুকাষে মধ্যযুগৰ নীৰৱতা৷ জিলীৰ মাত অবিনাশৰ কাণত পৰিছে৷ ইয়াৰ ফলত নীৰৱতা যেন আৰু গাঢ় আৰু গভীৰ হৈ পৰিছে৷ এনে পৰিৱেশত তাৰ গাটো শিয়ৰি উঠে৷ অলপ দূৰ গৈয়েই বাওঁহাতে ৰবৰ বাগানৰ টিলা৷ তাত ৰবৰ গছৰ ছাঁৰে আৱৰা আৰু গভীৰ নিৰ্জনতা৷ ৰিক্সাৱালাই হঠাৎ ৰিক্সাখন ৰাখিলে৷ ‘আপোনালোক অলপমান বহক৷ মই মূতি আহোঁ আৰু অলপমান পানী খাই আহোঁ৷’ – কথাষাৰ কৈয়েই ৰবৰ বাগানৰ ঘোপমৰা ছাঁৰ মাজত ৰিক্সাৱালাজন ঘপহকৈ বিলীন হৈ গ’ল৷

        অবিনাশ আৰু ইৰা ৰিক্সাৰ ছিটত চুপ-চাপ বহি থাকিল৷ তেওঁলোকক জুইৰ দৰে উত্তপ্ত বতাহৰ প্ৰৱাহ আৰু চোকা ৰ’দে আগুৰি ধৰিলে৷ ৰিক্সাৰ ছিট সিমান আহল-বহল নহয়৷ দুয়োজন দুজনৰে শৰীৰত প্ৰায় লিপিট খাই ধৰাদি বহি ৰ’ল৷  ইৰাৰ শৰীৰৰ ঘৰ্ষণৰ ফলত অবিনাশৰ শৰীৰত তীব্ৰ তাপ বিয়পি পৰিল৷ এক অমোঘ পৰিণতি স্বৰূপে দুয়োৰে শৰীৰত জ্বলি উঠিল প্ৰৱল কামাগ্নি৷ সুদূৰ গ্ৰীচৰ বনাঞ্চলৰ প্ৰলম্বিত দাবানল যেন পৃথিৱীৰ এক প্ৰান্তিক প্ৰদেশৰ দুই নৰ-নাৰীৰ শৰীৰত বিয়পি পৰিল৷ আৰু সেই জুইত দুয়োজন পুৰিবলৈ ল’লে – পুৰি পুৰি ছাই হ’বলৈ ধৰিলে৷

অনুবাদকৰ ঠিকনা :

ম’বাইল : ৯৪৩৫৪৬৩৪৪৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close