বিদ্যুৎ বিকাশ শৰ্মা
“আস, বিষাইছে। বিষত আজি মৰিয়েই যাম কিজানি।”
“নাই মোৰ মাজনী, অলপ ধৈৰ্য ধৰাঁ। ভাল পাই যাবা। অলপ সহ্য কৰিবই লাগিব।”
“ইমান বিষাইছে, কেনেকৈ সহ্য কৰোঁ মা?”
“কিন্তু সহ্য কৰাৰ বাহিৰে এই সময়ত আৰু বেলেগ উপায় যে নাই মাজনী। এনেকুৱা জখম লৈ তুমি জীয়াই যে আছা সেয়াই আশ্চৰ্যকৰ। ভগবানৰ অপাৰ মহিমা মাজনী।”
“মোক ভাল হৈ ল’বলৈ দিয়া। মৰাৰ আগতে মই তাক মজা দেখুৱাইহে এৰিম মা৷”
“উস, সেই চিন্তাবোৰ এৰাঁচোন। আগতে ভাল হৈ লোৱাঁ।”
“এৰিব নোৱাৰোঁ মা, এৰিব নোৱাৰো। বাৰু কোৱাঁচোন মা আমি কিমানদিন জীয়াই থাকিম?”
“তোমাৰ পৰা উপায় নাই আৰু। একো দুৰ্ঘটনা নঘটিলে আমাৰ মতাবোৰ সাতদিনমান জীয়াই
থাকে। আৰু আমি তিৰোতা, ছোৱালীবোৰ চল্লিছ পঞ্চাছ দিনমান জীয়াই থাকোঁ।”
“মোৰ জন্মৰ কিমানদিন হ’ল মা?”
“কণী ফুটি ওলোৱাৰ চাৰি পাঁচদিনমান হ’ল কিজানি? আজিকালি ইমান মনতো নাথাকে নহয়। বয়সো হ’ল৷ আৰুনো কেইটা দিন বাচি থাকিম? খুব বেছি দহ পোন্ধৰ দিন। তাৰ আগতে তোমালোক তিনিওজনীকে মানুহৰ তেজেৰে এসাজ পেট ভৰাই খোৱা দেখিলে শান্তিৰে মৰিব পাৰোঁ। পেটত তেজ অলপ সোমালেহে তোমালোকে কণী পাৰিব পাৰিবা৷ অন্ততঃ বংশটো আগবাঢ়িব।”
“তোমাৰ খালী বংশবৃদ্ধিৰ কথা। মোৰ কিন্তু চিন্তা বেলেগ। তেজ খাবলৈ পাওঁ নাপাওঁ, বংশ বৃদ্ধি হওক নহওক পিছৰ কথা, মোৰ আজি এনে অৱস্থা কৰাটোক মই সুদাই নেৰো। তাকো মই কন্দুৱাইহে এৰিম।”
“উস, তোমাৰ মুখত খালি অমংগলীয়া কথা। তোমাক মই বাৰে বাৰে কৈছিলোঁ নহয় দুখন হাত থকা সেই প্ৰাণীটোৰ ওচৰলৈ যাওঁতে খুব সাৱধান হ’ব লাগে। পিছে মোৰ কথা তোমালোকে শুনিবই নোখোজা নহয়। এতিয়া পাইছা মজা। এনেকৈ কিমান দিন বা পৰি থাকিব লাগে ভগবানেহে জানে।”
“তুমি ঠিকেই কৈছা মা৷ সেই প্ৰাণীটো খুব চালাক। সি কেতিয়া কি ভাবি কি কৰে একো ধৰিব নোৱাৰি। গৰু- ছাগলী হ’লে ভাল। নেজডালে ঢুকি নোপোৱা ঠাইত পৰি তেজ খাই থাকাঁ যিমান মন যায়। কিন্তু এই মহানগৰত গৰু-ছাগলী দেখিবলৈকে নাই দেখোন। গতিকে সেই মানুহ নে কি সেইডালৰ বাহিৰে আৰু কাৰনো তেজ খাবা। কিন্তু এই মানুহবোৰ যে ইমান চালাক গমেই পোৱা নাছিলোঁ।”
“বাপৰে, মানুহৰ সমান বুধিয়ক কোনো নাই বাচা।”
“সচাঁকৈ মা। চিনচিনি, ৰিনৰিনি আৰু মই তিনিও গৈছিলোঁ। লগত খুৰাহঁতৰ পেনপেনি আৰু ধেনধেনিও আছিল। ফোঁ ফোঁৱাই গৈ আমি খিৰিকীখনেৰে সোমাইছিলোঁ। দেখিছিলোঁ এটা পোৱালি মানুহে খুব মনোযোগেৰে বহীত কিবাকিবি লিখি আছিল। মানুহৰ তেজৰ গোন্ধত আমি প্ৰায় পগলা হওঁ হওঁ। আমি ভাবিছিলোঁ এয়ে সোণালী সুযোগ। আৰামত এসাঁজ খাম। আমি গোটেইকেইটাই গৈ তাৰ ভৰিৰ পতাত পৰিছিলোঁ। মানুহৰ পোৱালিটোৱে অলপো লৰচৰ কৰা নাছিল। ভাবিছিলোঁ এইডালে গমেই পোৱা নাই। আমিও পটাপট শুংডাল সুমুৱাই তেজ শুহিবলৈ সাজু। হঠাৎ কি জানো হ’ল, ঠাপ কৈ শব্দ এটা হ’ল। এক তীব্ৰ বিষে মোক খুন্দা মাৰিলে। মোৰ ভাব হ’ল মই আজি মৰিলো মই মৰাৰ নিচিনাকৈ পৰি থাকিলোঁ। মোৰ কাষতে খুৰাহঁতৰ পেনপেনি আৰু ধেনধেনিৰ শ দুটা পৰি আছিল। কান্দিব খুজিও মই ভয়তে কান্দিব পৰা নাছিলোঁ। মানুহৰ পোৱালিটোৱে কিজানি ময়ো মৰা বুলিয়ে ভাবিছিল। ৰিনৰিনি আৰু চিনচিনিৰ ভাগ্য ভাল আছিল। বহু সময়ৰ পিছত কোনোমতে মই উৰি আহি ঘৰ পাইছিলোঁ মা। চোৱাঁচোন সেই পোৱালি মানুহটোৱে এটা চাপৰ মাৰি আমাৰ দুটাক মাৰি পেলালে। মোৰ ভৰি ভাঙি দিলে।”
“বাচা, মানুহৰ থাপৰ বৰ সাংঘাটিক। কিন্তু তাতকৈও সাংঘাটিক হৈছে মানুহৰ হাতৰ পিহন। এই যে পেনপেনি আৰু ধেনধেনি মৰিল কিয় জানানে? ৰিনৰিনিয়ে কৈছে যে পোৱালিটোৱে হেনো কেবল থাপৰটো মাৰিয়েই ক্ষান্ত থকা নাই। লগে লগে হাতেৰে পিহিও দিছে। তোমাৰ ভাগ্য ভাল যে পিহনটো তোমাৰ গাত নালাগিল। লাগিলে আজি তোমাৰো গতি পেনপেনিহঁতৰ নিচিনাই হ’লহেঁতেন। উস ভাবিলেই মোৰ গা শিঁয়ৰি উঠিব খোজে৷”
“উস্, আৰু নক’বা মা। মোৰ মূৰটো উতলি আহিব খোজে। সেই পেন্দুকনাটোক মই এসেকা দিহে এৰিম৷”
“সেইবোৰ চিন্তা এৰাঁচোন। আগতে নিজে ঠিক হৈ লোৱাঁ। আমি বৰ সাধাৰণ প্রজাতিৰ মহ। যেনে তেনে নিজক বচাই জীয়াই থকাটোৱে মূল কথা।”
“কি কথা কৈছা মা? আমাৰ মহৰো আকৌ বেলেগ বেলেগ প্ৰজাতি আছে নেকি? চব মহ একে নহয় নেকি?”
“আছেতো। এই পৃথিৱীত প্ৰায় ৩৫০০ বিধ মহ আছে। তাৰে ভিতৰত কিছুমান বৰ ভয়ানক মহ আছে। এই মানুহবোৰো তেনে মহৰ ভয়ত কঁপি থাকে।”
“সেই ভয়ানক মহবোৰৰ নাম কি মা? তেওঁলোকক লগ পাবলৈ মন গৈছে। লগ পালে মই কিজানি ভৰিত ধৰি সেৱা জনাম।”
“লাহে লাহে কথা কোৱা মাজনী। তুমি বৰ দুৰ্বল হৈ আছা।”
“সেইবোৰ বাদ দিয়ানা মা। মোৰ সেই মহবোৰৰ নাম জানিবলৈ বৰ মন গৈছে। ধেমালি কথা নেকি, মানুহেও তেওঁলোকক ভয় কৰে।”
“শুনা তেনেহলে। এবিধ মহ আছে, নাম এন’ফিলিচ। কামুৰিলে মানুহৰ মেলেৰিয়া হ’বই হ’ব। মেলেৰিয়া মানে সেই কঁপি কঁপি জ্বৰ উঠিব। বহুদিন কষ্ট পায়। মানুহ কেতিয়াবা মৰেও।”
“বাঃ, এয়াহে বীৰৰ দৰে কথা। আৰু কোৱানা মা। শুনিলে শুনি থাকিবলৈ মন যায়।”
“আন এবিধ ভয়ংকৰ মহ হৈছে কিউলেক্স মহ। এইবিধ মহে জাপানীজ এনকেফেলাইটিছ নামৰ এবিধ বেমাৰ সৃষ্টি কৰিব পাৰে। এইবিধ বেমাৰত মানুহ প্ৰায়ে মৰে। আৰু এবিধ প্রজাতিৰ মহ আছে-নাম এডিজ এজিণ্ডি৷ তুমি শুনিলে বৰ ভাল পাবা- এইবিধ মহে কেইবাটাও ভয়লগা বেমাৰ মাতে। বেমাৰবোৰৰ নামো বৰ অদ্ভূত – কিবা হেনো ডেংগু, হালধীয়া জ্বৰ ইত্যাদি। এইবিধ মহে কামুৰিলে মানুহৰ আনকি হাতীখুজীয়া বেমাৰো হয়।”
“বাঃ, বৰ ভাল কথা। সেই শণাহী মানুহসোপাৰ আৰু বেমাৰ হওক। মই পাৰিলে আৰু দুটামান বেমাৰ বেছিকৈহে দিলোহেঁতেন সিহঁতক।”
“তোমাৰ অকল উল্টা-পুল্টা কথা। মূল কথা হ’ল আমি মানুহৰ তেজো খাব লাগিব আৰু লগতে সিহঁতৰ থাপৰৰ পৰাও নিজক বচাব পাৰিব লাগিব। সিহঁত আমাৰ তুলনাত কিমান ডাঙৰ দেখা নাই জানো? সিহঁতৰ শক্তিৰ লগত ফেৰ মাৰিব নোৱাৰিবা৷ গতিকে সিহঁতৰ লগত চাই-চিতি সাৱধানে চলিব লাগিব।”
“তুমি বৰ ভয়াতুৰ মা৷ অৱশ্যে এটা কথা ঠিক, এই মানুহবোৰ আমাৰ তুলনাত বেছ ডাঙৰ-দীঘল। আমাৰ সকলো প্ৰজাতিয়েই ইমান সৰু সৰু নেকি মা? মোৰ যে ভগৱানলৈ মনত পৰিলে খঙেই উঠিব খোজে। আমাক ইমান সৰু আকাৰ দিলে।”
“আছে আছে মাজনী, আমাৰ মাজতো বেছ ডাঙৰ আকাৰৰ মহ কিছুমান আছে। সিহঁতবোৰক হেনো ইংৰাজীত ‘এলিফেণ্ট মচকুইট’’বুলি কোৱা হয়। কিবা অষ্ট্ৰেলিয়া নে কোন ঠাইত দেখা যায়। শুনিছোঁ, সেই মহবোৰ হেনো আকাৰত আমাতকৈ বহু গুণে ডাঙৰ হয়। সিহঁতৰ কিছুমান এক ইঞ্চিতকৈও ডাঙৰ হয়।”
“ইম্মান ডাঙৰ। সিহঁতে এটা খুন্দা মাৰি মানুহৰ চকু ফুটাই দিব পাৰিব দেখোন।”
“সেই ওনা ডে’লে মাজনী।”
“কিয় মা?”
“এই মহবোৰে মানুহৰ তেজ নাখায়। গতিকে সিহঁত মানুহৰ ওচৰলৈকে নাযায়। সিহঁতে আমাৰ নিচিনা মহৰ পোৱালিবোৰহে খায় । সেই বাবে মানুহে কি বুদ্ধি কৰিছে জানা?”
“কি বৃদ্ধি মা?”
“মানুহে এই প্ৰকাণ্ড প্ৰকাণ্ড মহবোৰক আমাৰ মাজত এৰি দিয়ে যাতে সিহঁতে আমাৰ কণী, নতুন পোৱালি চব খায়।”
“তাৰ মানে এই এলিফেণ্ট মচকুইট’’বোৰ ঘৰশত্ৰু বিভীষণৰ নিচিনা?”
“হয় মাজনী। সিহঁত প্ৰায় তেনেকুৱাই। আজি কিন্তু তুমি বহুত কথা পাতিছা। ডাক্টৰে তোমাক কথা পাতিবলৈ মানা কৰা নাই জানো? তোমাক অলপ জিৰণিৰ প্ৰয়োজন। নহ’লে ভগা ভৰি ভাল কেনেকৈ হ’ব মাজনী? মানুহৰ পোৱালিটোৰ তেজ খাবলৈ যাবা কেনেকৈ ?”
“হয় মা, তুমি ঠিক কথাই কৈছা। মোক অলপ জিৰণি লাগে। ভৰিখন সোনকালে ভাল হ’লেই হয় আৰু।”
“মই অলপ আহোঁ। ৰিনৰিনি, চিনচিনিহঁত ক’ত কি কৰি আছে তাৰেই অলপ খবৰ লওঁ। তুমি ভাল ছোৱালীৰ নিচিনাকৈ থাকা দেই মাজনী।”
*****
“ৰাহুল?”
“কি হ’ল মা?”
“তুমি ক’ত আছা?”
“এয়া, ড্ৰয়িংৰূমত মা।”
“কি কৰি আছা তুমি?”
“অলপ খেলিছোঁ মা।”
“কি খেলিছা তুমি?”
“এটা নতুন গে’ম মা।”
“কি..? তুমি এতিয়া ম’বাইলত গে’ম খেলিছা? কালি তোমাৰ পৰীক্ষা নাই জানো?”
“আছে। অকনমান সময়হে খেলিম। কি হ’বনো?”
“তোমাৰ অকনমান সময় মোৰ জনা আছে। ম’বাইলত গে’ম খেলিবলৈ পালে তুমি চব পাহৰি যোৱাঁ। কাইলৈ তোমাৰ বিজ্ঞানৰ পৰীক্ষা নাই জানো ? এতিয়াই গে’ম বন্ধ কৰা৷”
“মা, অলপ খেলিবলৈ দিয়ানা। বিজ্ঞান সন্ধিয়াকৈ পঢ়িলেও হৈ যাব।”
“তোমাৰ পৰা নোৱাৰি আৰু। সন্ধিয়া পঢ়িবলৈ বহি টোপনিয়ালে চাবা কিন্তু।”
“বিজ্ঞান পঢ়োঁতে মোৰ টোপনি নাহে দিয়া। চিন্তা নক’ৰিবা। মই পৰীক্ষা ভাল কৰিমেই। আৰু অলপ সময় খেলোনে?”
“উস্, তোমাক কথা কৈ একো লাভ নাই। আজিকালি একো কথা নুশুনা তুমি৷ যোৱা, যি মন যায় কৰি থাকাঁ৷”
*****
“মা, মা কুনকুনি ক’ত আছে, ক’ত আছে কুনকুনি?”
“কি হ’লনো? ইমান উধাতু খাই আহিছা যে?”
“বৰ জৰুৰী কথা। কুনকুনিক এতিয়াই ক’ব লাগিব।”
“ইস, বৰ একেবাৰে।”
“পটাপট কোৱানা। সঁচাকৈ জৰুৰী কথা।”
“সৌ নৰ্দমাৰ পানীত খেলি আছে। চিনচিনিও তাতেই আছে কিজানি।”
“কুনকুনি, শুনা শুনা। বৰ জৰুৰী কথা৷”
“কি হ’ল ৰিনৰিনি? কি জৰুৰী কথা?”
“থাপ্পৰ মাৰি তোমাৰ যে ভৰি ভাঙিছিল, খুড়াহঁতৰ পেনপেনি আৰু ধেনধেনিক যে হত্যা কৰিছিল, সেই মানুহৰ পোৱালিটোৰ কাইলৈ পৰীক্ষা আছে। বিজ্ঞানৰ পৰীক্ষা৷ সি বেটাই এতিয়া ম’বাইল ফোনত গেম খেলি আছে। সন্ধিয়াহে পঢ়িব বোলে।”
“ইউৰেকা ইউৰেকা। সঁচাকৈ বৰ ডাঙৰ খবৰ দিলা ৰিনৰিনি। তোমাক এটা চুমা খাই দিবৰ মন গৈছে। এয়াই সোণালী সুযোগ। আমি ধেনধেনি আৰু পেনপেনিৰ মৃত্যু অথলে যাব নিদিওঁ৷ এই মানুহৰ পোৱালিটোৱে আজি সন্ধিয়া কেনেকৈ পঢ়ে চাই লম আমি। ৰিনৰিনি, ব’লা এতিয়া আমি আমাৰ পৰিকল্পনা তৈয়াৰ কৰো৷”
“আমি দুজনীয়ে কি কৰিব পাৰিম?”
“সেই চিন্তা মোৰ। আৰু শুনা, অকল আমি দুজনী নহয়, আমাৰ বংশৰ, ওচৰ চুবুৰীয়া সকলোকে আমাৰ লগত চামিল কৰিব লাগিব। তুমি আৰু চিনচিনি মিলি সকলোকে খবৰ দিয়াঁ। খুব কম সময়ৰ ভিতৰতে এখন সভা পাতিব লাগিব। এই ঠাইতেই সকলোকে, বিশেষকৈ ডেকা ডেকেৰী সকলক গোট খাবলৈ ক’বা। এইখিনি ঠাই আমাৰ বাবে বেছ উপযোগী। চোৱাঁ, মানুহেই আমাক সুবিধা কৰি দিছে সভা পাতিবলৈ। প্লাষ্টিকৰ পেকেট, বটল, জাবৰ-জোঠৰ পেলাই মানুহে নলাটো ধুনীয়াকৈ বন্ধ কৰি পেলাইছে। ফলত পানী বন্ধ হৈ আছে। পানী বন্ধ হৈ থকা এনে ঠাই আমি বিচাৰিয়ে ফুৰোঁ। আৰু আজিৰ সভা আমি ইয়াতেই পাতিম৷ সভাতেই আমি আমাৰ পদক্ষেপৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। এতিয়া যোৱাঁ, দেৰি নক’ৰিবা।”
…
“আজিৰ এই সভাত সমৱেত হোৱা সকলোকে মই কুনকুনিয়ে আদৰ সম্ভাষণ জনালোঁ।
আপোনালোক আটায়ে জানে যে যোৱা কেইদিনমান আগতে মানুহৰ পোৱালি এটাই এটা থাপ্পৰ মাৰি মোৰ ভৰি এখন ভাঙি পেলাইছিল। সেই ভয়াৱহ ঘটনাত আমাৰ খুড়াৰ দুজনীকৈ ছোৱালীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আজি বিশ্বস্ত সূত্ৰে গম পোৱা মতে সেই মানুহৰ পোৱালিটোৰ অহা কাইলৈ বিজ্ঞানৰ পৰীক্ষা আছে। জনামতে পোৱালিটোৱে এতিয়া ম’বাইল ফোন নামৰ যন্ত্ৰ এটাত কিবাকিবি অদৰকাৰী খেল খেলি আছে। সি হেনো সন্ধিয়াহে পঢ়িব। এতিয়া কথা হ’ল এই মানুহৰ পোৱালিটোক আমি পঢ়িবলৈ দিয়া উচিত নে? এনেয়ে সি আমাৰ শক্ৰ, তাতে আকৌ সেইটোৱে পঢ়া শুনাক পিঠি দি গে’ম খেলাত লাগি আছে৷ গতিকে মই ভাবোঁ তেনে এটা পোৱালি মানুহক আমি পঢ়াৰ সুযোগ দিয়াটো উচিত নহয়। আৰু সেয়ে হ’ব তাৰ কৃতকৰ্মৰ উচিত প্ৰতিফল। আপোনালোকে কি কয়?”
“হয় হয়, এনে পোৱালি মানুহক পঢ়িবলৈ সুযোগ আমি নিদিওঁ৷” শ শ মহে কোৰাছ গোৱাৰ নিচিনাকৈ চিঞৰি উঠিল, “আমি প্ৰত্যুত্তৰ দিমেই দিম।”
“তেনেহ’লে আপোনালোকে মোক আজি সহযোগ কৰক। আজিৰ সন্ধিয়াটো আপোনালোক মোৰ নামত, পেনপেনি আৰু ধেনধেনিৰ নামত উছৰ্গা কৰক। এতিয়া মোৰ কথাখিনি মনোযোগেৰে শুনক – আমাৰ ডেকাসকলে মানুহৰ তেজ নাখায়। তথাপি মই তেওঁলোকক ওলাই আহিবলৈ কৈছোঁ। মোৰ পৰিকল্পনা মতে তেওঁলোকে পোৱালি মানুহটোৰ চাৰিওফালে উৰি থাকি তাৰ মনোযোগ নষ্ট কৰিব। তাৰ বেছি ওচৰলৈ নাযাব আৰু একে ঠাইতে উৰি নাথাকিব। সঘনাই নিজৰ ঠাই সলনি কৰি থাকিব। কিন্তু মাজে মাজে তাৰ কাণৰ কাষত গুনগুনাই দিব, ডিঙিৰ পিছফালে শুঙেৰে বিন্ধি দিব। কিন্তু খুব কম সময়ৰ বাবে। আৰু আমি মাইকী আৰু ছোৱালী মহবোৰে সুযোগ বুজি পোৱালি মানুহটোৰ তেজ খাম। আমাৰ বহুতৰে কণী পৰাৰ সময়ো হৈ আহিছে। এনে সময়ত মানুহৰ তেজ খুব দৰকাৰী। কিন্তু তেজখোৱা কামটো আমি খুব সাৱধানে কৰিব লাগিব। আমাৰ ডেকাসকলে পোৱালিটোৰ মনোযোগ নষ্ট কৰা সময়ত আমি তাৰ ভৰিৰ পিছফালে, আঙুলিৰ ফাকত, পিঠি আদিত পৰি তেজ খাম। কিন্তু সাৱধান, কোনেও যাতে পেট ফাটি যোৱাকৈ তেজ নাখায়৷ এসোপা তেজ খাই লৰচৰ কৰিব নোৱাৰা হ’লে সি আমাক সহজতে হাতেৰে পিহি পেলাব। গতিকে তেজ খাওঁতাসকলে যেন খুব সাৱধানেৰে কাম কৰে। শেষত মই আপোনালোকক আকৌ সুধিব খুজিছো, আপোনালোক সাজুনে?”
“আমি সাজু, সম্পূৰ্ণ সাজু।”
সভাত গোট খোৱা আটাইবোৰ মহে সমস্বৰে চিঞৰি উঠিল। “তেনেহ’লে সন্ধিয়া আমি ইয়াৰ পৰাই আমাৰ অভিযান আৰম্ভ কৰিম। আমি পৰিকল্পনামতে কাম কৰিম আৰু বিজয়ী হৈ ঘূৰি আহিম।”
******
“ৰাহুল, উঠা উঠা। সন্ধিয়া হ’ল। ইমান দেৰিলৈ শুই থাকিলে পঢ়িবা কেতিয়া? কাইলৈৰ বিজ্ঞানৰ পৰীক্ষা তুমি ফুলাবা যেন পাইছো।”
“উঠিলোঁ মা, উঠিলোঁ।”
“চকু-মুখ ধুই পঢ়িবলৈ বহাঁ। মই এতিয়াই খাবলৈ দিম।”
বিজ্ঞানৰ কিতাপ আৰু বহী উলিয়াই ৰাহুলে পঢ়াত মনোযোগ দিলে। তাৰ বহুত পঢ়িবলগীয়া আছে। বিজ্ঞান বিষয়টো সি খুব ভাল পায়। পৰীক্ষাত নম্বৰো সৰহকৈ পায়।
“বন্ধুসকল, চোৱাঁ, ভালদৰে চাই লোৱাঁ, সৌটো মানুহৰ পোৱালি। পঢ়িবলৈ বহিছে। আমি খিৰিকীৰে সোমাম। পৰিকল্পনামতে কাম কৰিম আৰু যেনেকৈ পাৰোঁ ইয়াৰ পৰা ওলাই যাম। আহাঁ আমি আমাৰ অভিযান আৰম্ভ কৰোঁ৷” এজাক মহ ৰাহুলৰ পঢ়া কোঠালিলৈ সোমাই আহিল। মনোযোগেৰে পঢ়ি থকা বাবে মহৰ গুনগুননি তাৰ কাণত নপৰিল।
ৰাহুলৰ মনোযোগ বেছি সময় টিকি নাথাকিল। তাৰ নাকৰ সমুখেৰে দুটামান মহ উৰি গ’ল। কাণৰ কাষত কেইবাটাও মহে গুনগুনাই উঠিল। দুটামানে তাৰ ভৰিৰ পতা, আঙুলিৰ ফাকত কামুৰি দিলে। ৰাহুল অতিষ্ঠ হৈ পৰিল। সি মহবোৰক মাৰিবলৈ চেষ্টা কৰিলে। কিন্তু ই কি – মহবোৰ দেখোন আজি শেনৰ এজাত। হাতৰ ওচৰলৈ নাহে। ৰাহুলে বুধি কৰিলে – সি ভৰি দুখন লৰচৰ নকৰাকৈ ৰাখিলে – যাতে মহে তেজ খাবলৈ আৰম্ভ কৰিলে সহজে মাৰিব পাৰে। কিন্তু ৰাহুলৰ বুধিয়ে কাম নিদিলে। এটা মহেও যেন আজি হাতেৰে ঢুকি পোৱাত পৰি তেজ খোৱা নাই। ‘কি হ’ল আজি?’ – ৰাহুলে ভাবিলে। সি অলপ অধৈৰ্য হ’ল। সময়বোৰ গৈ আছে, পঢ়া আগ বঢ়া নাই। হঠাৎ চাৰি-পাঁচটা মহে ৰাহুলৰ দেহৰ বিভিন্ন অংশত কামুৰি দিলে। সি কি কৰিব ক’ত খজুৱাব উৱাদিহ নোপোৱা হ’ল। ‘ইচ ৰাম, আজি ইমান মহ ওলাইছে। ক’ৰ পৰা আহিছে জানো? মহ খেদোঁতেই সময় গৈছে। কেতিয়া পঢ়িম মই।’
ভাবি ভাবি ৰাহুল অস্থিৰ হৈ পৰিল।
“ৰিনৰিনি সাৱধান, বেছি ওচৰলৈ নাযাবা। শুনা তোমাৰ লগত চাৰি পাঁচজনীমানক লোৱা। তোমালোকে মানুহৰ পোৱালিটোৰ ভৰিত পৰিবা, যিমান পাৰা তললৈ, পৰিয়ে কামুৰিবা আৰু কামুৰিয়ে সি পঢ়া মেজখনৰ তললৈ সোমাই যাবা৷ মেজৰ তলৰ আন্ধাৰত লুকাই থাকিবা। মেজৰ তলত থকালৈকে তোমালোকৰ চিন্তা নাই।”
“তুমি ঠিকেই কৈছা কুনকুনি। তোমাৰ বুদ্ধি বৰ সাংঘাটিক।”
“আৰু চিনচিনি, তুমি লগত ডেকা কেইটামানক লোৱা। সিহঁতে যেন পোৱালিটোৰ চাৰিওফালে উৰি ফুৰে। সিহঁতক ক’বা যাতে সিহঁতে খুব বেগত উৰি ফুৰে। এলেহুৱাৰ নিচিনাকৈ থাকিলে মৰণ অনিবাৰ্য৷ ডেকাহঁতৰ উৰি ফুৰা চাই থাকোঁতে পোৱালিটো অন্যমনস্ক হ’বলৈ বাধ্য। আৰু সেই সুযোগতে আমাৰ ছোৱালী আৰু তিৰোতাবোৰে তাৰ পিঠিৰ ফালে পৰি তেজ খাব। মোৰ কথাখিনিত কাৰোবাৰ কিবা সন্দেহ আছে নেকি? আজি আমি এটা ডাঙৰ কামত একগোট হৈ আহিছোঁ। আমি সফল হ’মেই, একো হানি বিঘিনি নোহোৱাকৈ।”
“কুনকুনি তুমি চিন্তা নকৰিবা। আমি তুমি কোৱাৰ নিচিনাকৈ কৰিম। মানুহৰ পোৱালিটোক এনে শিক্ষা দিম যে তাৰ জীৱনলৈ মনত থাকি যাব।”
কামুৰিয়েই সি পঢ়া মেজখনৰ তললৈ সোমাই যাবা৷ মেজৰ তলৰ আন্ধাৰত লুকাই থাকিবা।
মেজৰ তলত থকালৈকে তোমালোকৰ চিন্তা নাই।”
“তুমি ঠিকেই কৈছা কুনকুনি। তোমাৰ বুদ্ধি বৰ সাংঘাটিক।”
*******
“মা মা, আজি ইমান মহ ওলাইছে। উস্, মোক ইমানকৈ কামুৰিছে। গোটেই গা খজুৱাইছে।”
“সন্ধিয়া মহ ওলাবই।”
“কিন্তু আজি বহুত বেছিকৈ ওলাইছে যেন লাগিছে। আচৰিত কথাটো হ’ল আজি মই এটাও মহ মাৰিব পৰা নাই!”
“তুমি পঢ়িবা নে মহ মাৰি থাকিবা ?”
“ইমানকৈ মহে কামুৰি থাকিলে মই পঢ়োঁ কেনেকৈ? আস্ আকৌ কামুৰিছে। কি যে কৰোঁ ?”
“মহে কামুৰিবই। আমি যেনেকৈ জীয়াই থাকিবলৈ বিভিন্ন খাদ্য খাওঁ, তেনেকৈ মহে গাহৰি গৰু, ছাগলী, মানুহ আদিৰ তেজ খায়।”
“যাঃ, ইমান মহৰ মাজত মই নোৱাৰোঁ পঢ়িব। কাইলৈ মোৰ বিজ্ঞানৰ পৰীক্ষা কি যে হ’ব, …এ..এ।”
“তুমি কান্দিছা কিয় ?”
“পঢ়িব নোৱাৰিলে পৰীক্ষা বেয়া হ’ব মা।”
“সেই কাৰণে মই তোমাক দিনতেই পঢ়িবলৈ কৈছিলো। তেতিয়া তুমি ম’বাইলত গে’ম খেলি কটালা। এতিয়া পাইছা মজা৷ সেয়ে সময়ৰ কাম সময়ত কৰিব লাগে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে।”
“ভে..এ..এ.-“
******
“হিপ হিপ হুৰে, হিপ হিপ হুৰ্ৰে।”- শ শ মহে একেলগে চিঞৰি উঠিল৷
“জয় কুনকুনিৰ জয়।”
“কুনকুনি জিন্দাবাদ।”
“আটাইলৈ ধন্যবাদ৷ এয়া অকল মোৰ জয় নহয়। এয়া আমাৰ সকলোৰে জয়৷ মানুহৰ পোৱালিটোক আজি আমি ভাল শিক্ষা দিলোঁ। পেনপেনি আৰু ধেনধেনিৰ হত্যাৰ আমি উচিত প্ৰত্যুত্তৰ দিলোঁ। যেতিয়াই মানুহে আমাক থাপৰ মাৰি, হাতৰ তলুৱাৰে পিহি মাৰিবলৈ চেষ্টা কৰিব আমি তেতিয়াই একগোট হৈ এনেকৈ মানুহক আক্ৰমণ কৰিম…।”
“তুমি পিছে কম নহয় দেই মাজনী।”
“কিয় তেনেকৈ কৈছা মা?”
“তুমি মানুহৰ পোৱালিটোক শিক্ষা দিম বুলি কৈছিলা আৰু আজি সেয়া কৰি দেখুৱালা।”
“মানুহ বুধিয়ক। কিন্তু মা, অলপ চেষ্টা কৰিলে আমিও মানুহক হৰুৱাব পাৰিম।”
“নিশ্চয় পাৰিবা মাজনী। তোমাৰ এই বিজয় অভিযানৰ কথা মহৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব….৷।
******
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
