Written by sdblogs2011 11:57 am Articles

বছা বকুল

 ৰমানন্দন বৰা

এক

সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্‌হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্‌হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ যোৱা কুঁহবিলাকতো পদুম ফুলা কোনেও কাহানিও নাই দেখা৷ মুঠতে বছা গাঁৱত বিল, খাল, পুখুৰী, কুঁহ, খাল, খান্দা ক’তো পদুম ফুল নাই৷ নাথাকিলেও সেইবোৰত পুণী, মেটেকা, ভেঁট, পানীমলা, কলমৌ আদি ওপচি আছে৷ পানী পৰুৱাবোৰেও তাতেই ঘূৰি ঘূৰি নাচি থাকে৷ ৰাংঢালী ৰঙা জিঞাবিলাকেও তাতে উমলি থাকেগৈ৷

উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ- এই চাৰি মুঠি জীৱৰ বাবে বছা গাঁওখন যেন বিধাতাই বিশেষকৈ স্ৰজিছে৷ ইয়াত নাই কি? অলেখ চৰাইৰ কাকলিৰে মুখৰ গাঁওখনত মাছ-কাছ উভৈনদী, বন-বিৰিখে গাঁওখনক সজাই পৰাই ৰাখিছে৷ দুঠেঙীয়াৰ কথা নক’লোঁৱেই বা চাৰিঠেঙীয়া, বুকুৰে বগাই যোৱা, সকলো বিধেই ইয়াত আছে৷

কিন্তু যি আছে তাতে সন্তুষ্ট নাথাকি, নথকা কিবা এটা বিচাৰি থকাটো মানুহৰ এটা স্বভাৱ৷ বছা গাঁৱৰ মানুহবোৰো ইয়াৰ পৰা আঁতৰত নহয়৷ একোটা সপোনে যেন মানুহবোৰক আচ্ছন্ন কৰি ৰাখে বা একোটা সপোনৰ পিছে পিছে মানুহবোৰ দৌৰে৷ সেয়ে সদায় দেখি থকা ভেঁট ফুলক নেওচি পদুমলৈ হেঁপাহ৷

মাটিৰ সপোন দেখি আহিছিল নে সপোনৰ মাটি খেদি মানুহবোৰ ইয়ালৈ আহিছিল কোৱা টান৷ গাঁওখনৰ পাঁচটা চুকৰ আটাই কেইঘৰ মানুহেই জিলাখনৰ কোনোবা নহয় কোনোবা ঠাইৰ পৰা উঠি আহি বহা৷ শইকীয়া চুকৰ মানুহখিনিয়ে চাৰিগাঁৱৰ পৰা মাটি বিচাৰি আহি ইয়াতে ঘৰ বান্ধিলেহি৷ তামুলী চুকৰ কেইঘৰৰ মূলটো নাওশলীয়াত৷ ভলুকা চুকৰ কেইঘৰ কৰঙাৰ পৰা অহা৷ বেজৰ চুকৰ মানুহ কেইঘৰ পূৰ্বতে একেখন গাঁৱৰ নাছিল৷ কোনোবা মাজুলীৰ পানী ভগনীয়া, কোনোবা চেনিমৰাৰ, কোনোবা টীয়কৰ৷ যোৰহাট নগৰলৈ যোৱা আলিটোৰ দুয়োকাষে থকা মানুহখিনিও বেলেগ বেলেগ জেগাৰ পৰা অহা৷

যেই য’ৰ পৰা নাহক লাগে, আটাইৰে লক্ষ্য একে৷ ভোগদৈৰ পাৰৰ সাৰুৱা মাটি ভাঙি খেতি কৰিব লাগে৷ হাবি ভাঙি মাটি উলিয়াব লাগে৷ যি আগতীয়াকৈ আহিলে, তেৱেঁই সৰহীয়াকৈ মাটি ভাঙিব পাৰিলে৷ পিছতীয়াকৈ অহা মানুহখিনিৰ ভাগত তেওঁলোকৰ সমান মাটি নপৰিল৷ তথাপি বাহুত বল থকাসকলে নৈক নগৰ কৰি ল’বলৈও পিছ নপৰিল৷ মাটিৰ চহকী বা দুখীয়াৰ ওপৰত গাঁওখনৰ মানুহৰ মনৰ মিল নিৰ্ভৰ নকৰিলে৷ আটায়ে মিলিজুলি এটা পৰিয়ালৰ নিচিনাকৈ থাকে৷

বছাৰ মাটিত জৰী-আঁহত গছৰ কাৰণে যেনেকৈ সাৰ পানী আছে, তেনেকৈ নল-খাগৰি কেইজোপাৰ কাৰণেও আছে৷ মাটিয়ে কাকো বিমুখ নকৰে৷ যাৰ শিপাই যিমান ৰস টানে, মাটিয়ে নিদিওঁ বুলি নকয়৷

বছা গাঁৱত সপোনবোৰ ফলিয়াবলৈ ধৰা এই মানুহখিনিয়ে নিজাকৈ একোটা কাহিনী সৃষ্টি কৰিছে৷ একেবাৰে মুধা ফুটাৰ পৰা লাপি-লুপালৈকে আটাইবোৰ মানুহ এটা কাহিনীৰ ভিতৰুৱা৷ এই বৃহৎ কাহিনীটোৰ মাজে মাজে খাজ খাই আছে সৰু সৰু কাহিনীবোৰ৷ মুধাফুটাৰ ভিতৰত একেবাৰে আগৰ শাৰীত আছে – হাতী মাচ্‌টৰ, নৰহৰি পৰমসিদ্ধ, কলাই মহাজন আৰু জন্মি মহাজন৷

ওখ গছত বতাহ সোনকালে লাগে৷ দূৰৈৰ পৰাও ওখ গছজোপাহে মনি৷ অতএৱ, মুধাফুটাসকলৰ কাহিনীলৈকে ভুমুকিয়াই চোৱা হওক : 

বছা গাঁৱত গজৰাজ হাতী নাথাকিলেও (অৱশ্যে চাপৰিৰ পকা ধান খাবলৈ বছৰত, দুবছৰৰ মূৰত এপাল হাতীয়ে ভূমুকি নমৰা নহয়) অন্য এক হাতী আছে – হাতী মাচ্‌টৰ গিৰীশ চন্দ্ৰ হাতীবৰুৱা৷ বছা গাঁৱৰ পৰা হাইস্কুলৰ শিক্ষক হোৱা প্ৰথমজন ব্যক্তি৷ গায়ে-গাৰীয়ে মানুহজন উপাধিটোৰ বিপৰীত৷ লাহী, লিক্‌পিক বুলিও ক’ব পাৰি৷ পিছলৈ ফণিয়াই থোৱা ধোঁৱাবৰণীয়া চুলি, নিমজকৈ খুৰোৱা মুখ৷ হ’লেও মানুহজনৰ মান আছে, জ্ঞানো আছে৷ তাতোকৈ ডাঙৰ কথা – সভায়-সমিতিয়ে তেওঁ কোৱা কথাই কথা৷ লৰচৰ আনে নকৰে৷ এই কাৰণেই এই মানুহজনক আপুনি একেবাৰে দেও দি পাৰ হৈ যাব নোৱাৰে৷ কাৰণ দুটা, প্ৰথম কাৰণ- গাঁওখনত সোমায়েই হাতী মাচ্‌টৰৰ ঘৰ৷ দীঘলীয়া মুকলি পথাৰখন পাৰ হৈ আহোঁতে পিয়াহ লাগিলে তেওঁৰ ঘৰৰ পদুলিৰ দমকলটোৰ পানীটুপি আপোনাৰ অমৃত যেন লাগিব৷ গৰমত আহিলে তেওঁৰ বাৰীৰ আম-কঁঠালে ৰাষ্টাৰ ওপৰত আপোনাৰ বাবে শীতলী ছায়া সজাই থৈছে৷ যদিহে মুকলিতে আপোনাৰ চাইকেল, মটৰ চাইকেলখনৰ কিবা বিজুতি ঘটিল; মাচ্‌টৰৰ ঘৰৰ বাহিৰে গতি নাই৷ আকৌ বুঢ়া মেঘটোৱে যদি গিৰিং কৰি আহোঁতে আপোনাক মুকলিছোৱাতে পালে, আপুনি আৰুনো ক’ৰ চেংদৈৰ ঘৰ বিচাৰি ফুৰিব? হাতীৰ ঘৰৰ নঙলা-জপনা সদায় মুকলি হৈয়ে থাকে৷ এই বিপদত তেওঁৰ গৰু-গোহালি বা বাৰাণ্ডাখনেই আপোনাৰ বাবে গোৱৰ্ধন পৰ্বত৷

দ্বিতীয় কাৰণ – গিৰীশ চন্দ্ৰ হাতীবৰুৱাই কথা জানে, কথা ক’ব জানে, কথা উলিয়াবও জানে৷ তামোল পিহি পিহি, সেলেঙী লগাই হাতী মাচ্‌টৰে কথা ক’বলৈ ধৰিলে শুনোতাৰ ভৰিত শিয়া গজে, মুখত মাখি সোমায়৷ বাংলাদেশৰ জন্ম কেনেকৈ হ’ল, আমাৰ ইন্দিৰা গান্ধী যে সাক্ষাৎ কালী গোঁসানী সেই কথা হাতী মাচ্‌টৰৰ মুখেদিহে বছা গাঁৱৰ মানুহে জানিছে৷ আমেৰিকা আৰু ৰাছিয়াই ভিতৰি ভিতৰি কি পাঙিছে সেই কথাৰ সম্ভেদো তেওঁলোকে মাচ্‌টৰৰ মুখেদিয়েই পায়৷ চীনা আক্ৰমণৰ সময়ত তেজপুৰৰ মানুহবিলাকৰ বিলাইৰ কথা, চৌএন লায়ে যে চুৰকৈ বহুত কাম কৰে সেই কথা, শ্বিলঙৰ পৰা অসমৰ ৰাজধানী নামি অহাৰ আগৰ আৰু পিছৰ কথা হাতী মাচ্‌টৰৰ মুখেদি বছা গাঁৱৰ মানুহে শুনিছে৷ এবাৰ নহয় দুবাৰ নহয় বহুবাৰ শুনিছে৷

এইবোৰ ক্ষেত্ৰত হাতী মাচ্‌টৰৰ ওপৰত কোনেও মাত নিদিয়ে৷ তেৱেঁই যুক্তি দিয়ে, তেৱেঁই যুক্তি কাটে, তেৱেঁই সিদ্ধান্ত দিয়ে৷ গৰমকালি চোতালত তামোলৰ বঁটা আগত লৈ আকাশৰ তৰা আৰু ৰকেটবোৰ চাই চাই নাইবা জাৰকালি ভলুকা বাঁহৰ শুকান মূঢ়াৰ অঙঠাৰ সেক লৈ লৈ তেওঁৰ কথা শুনি থকা সোণেশ্বৰ, মনেশ্বৰ, গণেশহঁত নিমিত্ত মাত্ৰ৷ একেদৰে কিন্তু চাৰিআলি চুকৰ পথাৰডৰাত পতা কিবা সভাই হওক বা স্কুলৰ বিদায় মিটিং, প্ৰীতি সন্মিলনেই হওক হাতী মাচ্‌টৰৰ কথা সকলোৱে একেমুখে শলাগে৷ বহুতে কয় মানুহটোৰ জিভাত কেতিয়াবা সৰস্বতীয়ে থিয় দিয়ে৷

কিন্তু… এই কিন্তুটো বৰ ডাঙৰ কিন্তু… এটা বিষয়ত গিৰীশ চন্দ্ৰ হাতীবৰুৱাৰ কথা কোনেও নুশুনে৷ এক প্ৰকাৰ ঠেং তলে মাৰি যায়৷ ‘‘আমাৰ হাতীৰ কথা কৈছে৷ সি দুটামান কথা জানি ক-ক ম-ম কৰিলেই নহ’ব নহয়৷ দেশ-ৰাজনীতিৰ কথা সি কয়, আমি শুনো৷ আমি পঢ়া-শুনা নকৰা মানুহ৷ ইমানবোৰ নেজানো৷ কিন্তু এইটো বিষয়ত মাত মাতিবলৈ সি কোন? কি জানে সি? ল’ৰাৰ পৰা বুঢ়া হ’লোঁহি৷ ল’ৰা মাৰি যম বুঢ়া হ’লহি৷ এতিয়া তাৰ কথা শুনিব লাগিলে হোলোঙাৰে কাণ খজুৱাব লাগিব৷ থ থ৷ সি গাঁৱৰ এমূৰত থাকে, তাৰ কথাবোৰ আমাৰ মাজলৈ নানিবি৷” – এয়া নৰহৰি পৰমসিদ্ধ৷

অন্য দিশত অজাত শত্ৰু, সৰ্বমান্য হাতী মাচ্‌টৰৰ প্ৰৱেশ নিষিদ্ধ এই বিষয়টো কি আৰু কিয়?

সেই কথা পিছে পৰে হ’ব৷

এতিয়া বচা গাঁৱৰ কথাহে হ’ব৷

ক’বলৈ পাহৰিছোঁ, হাতী মাচ্‌টৰৰ গুৰুত্ব আৰু এটা কাৰণত গাঁওখনৰ মানুহে উলাই কৰিবলৈ টান পায় বা পোনে পোনে মুখামুখিকৈ ফেপেৰি নাপাতে৷ সেইটো হ’ল তেওঁৰ নদন-বদন অৱস্থা৷ চৰকাৰী দৰমহা এগালমান পায়৷ ছপুৰা মাটিৰ খেতি৷ তেওঁতকৈ ডাঙৰ খেতি পতা মানুহ বছা গাঁৱত কেবাঘৰো আছে৷ হ’লেও মাচ্‌টৰৰ কদৰ সুকীয়া৷ বিপদে-আপদে কেতিয়া হাতীৰ ওচৰ চাপিব লাগে ক’ব নোৱাৰি৷ হাতী মাচ্‌টৰৰ এটা বস্তু আছে যিটো আনৰ নাই৷ সেইটো হ’ল – তেওঁৰ বৃহৎ বংশলতা৷ গাঁওখনৰ আধাখিনি তেওঁৰ বংশ৷ তেজ ধুলে উটে, মঙহ ধুলে নুটে৷ গাঁৱত বংশৰ শক্তি বৰ লেখৰ কথা৷ হাতীবৰুৱা বংশই বিপদৰ সময়ত ককাই-ভাইক এৰি দিয়াৰ নজিৰ নাই৷ (ভালৰ দিনত নিজৰ মাজতে খৰিয়ালৰো অৱশ্যে অন্ত নাই৷) নহ’লে হাতী মাচ্‌টৰৰ নাজল-নাথল অৱস্থা হ’বলৈ দিন নালাগিলেহেঁতেন৷ পাতনিতে ইমান দীঘলীয়া কাহিনী নকৈ পোনপতীয়াকৈ বছা গাঁৱৰ মাজলৈ সোমোৱা হওক৷

(আগলৈ)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close