Written by sdblogs2011 11:45 am Poems

সুখ জলকুঁৱৰী হ’ল

কৌস্তুভমণি শইকীয়া দত্ত

ক্ষণিকৰ সুখ ডেও দি গুচি যায়।

শোকে দুখে ভাগৰোঁ

তেজে ঘামে তিলে তিলে গঢ়া জীৱন।

বলিয়াৰ দৰে বিচাৰি ফুৰিছোঁ

কাক বিচাৰি অনাই বনাই ঘূৰিছোঁ –

যাৰ পৰা শিকিলোঁ

একো নাই সুখ অবিহনে।

অপৰূপা পৃথিৱীৰ আউল লগা বাট

বতাহে উৰুৱাই অনা বনফুলৰ গোন্ধ

সৌজাক মানুহে বনভোজ খাইছে…

নাচিছে, হাঁহিছে।

সিহঁতকে সোধোঁ সুখ ক’ত সুখ ক’ত।

সিহঁতে খিলখিলাই হাঁহিলে।

মই ধৰফৰাই উঠিলোঁ ।

উস্! কি কৰা যায়!

কোনোবা হেৰাইছে

যাৰ অবিহনে মোচৰ খোৱা বুকু।

আৰু নিবিচাৰিবি

আৰু নিবিচাৰিবি

সুখ জলকুঁৱৰী হ’ল

জলপ্ৰপাতৰ পানীত জৰজৰাই খহিল।

জলকুঁৱৰী বিচাৰি মই কোবাল পানীত নামো

জলতৰংগই খিলখিলকৈ হাঁহে।

জলকুঁৱৰীয়ে বুজে মানুহৰ মনৰ শংকা।

মোক চোঁচৰাই নিয়ে পানীৰ গভীৰলৈ।

তাই অন্তৰ্ধান হয়- সুখৰ ৰূপ লয়।

মই ৰূপালী মাছ এটা হাতত লৈ উঠি আহোঁ ।

পানীৰো আউল লগা বাট

ডুবি মৰিবলৈকে সহজ।

জলপ্ৰপাতত জলকুঁৱৰী হেৰায়

এটা প্ৰবাদ আকাশত উৰি ফুৰে।

Visited 3 times, 1 visit(s) today
Website |  + posts
Close