Written by sdblogs2011 11:37 am Poems

জীৱন দ্বিঘাত সমীকৰণ

চুনা কুমাৰ পাঠৰী

কেতিয়াবা সহজ বুলি ভবা সৰলৰেখা এডালো খেলিমেলি

সপোনৰ বাট ইমান সৰলৰৈখিক নহয় 

কোনো ভালপোৱাতে পূৰ্ণতা নাই

জীৱনৰ জটিল ভগ্নাংশৰ সঠিক সমাধানো নাই 

ভালপোৱানো কি ! সম্পৰ্কবোৰ ক্ষুদ্ৰতৰ ভগ্নাংশৰ

একোটা নিঃকিন অংশহে মাথোঁ,

সকলো শূন্য আৰু দশমিকৰ দোমোজাত

গণিতৰ এটা সমস্যাৰ সমাধান কৰিবলৈ যিমান চৰ্তৰ প্ৰয়োজন

জীৱন আৰু প্ৰেমত তাতোকৈ বেছি

বিয়োগ, হৰণ-পূৰণ 

কিনো ক’ম –

সেয়ে কত কবি এনেকৈ ডাংবৰলা

আজিকালি কবিতা পঢ়ি কোনোবা ছোৱালী

আহিব হ’বলা !

আচৰিত ! কোনোদিনে অঙ্কছাৰৰ

ৰঙা চকুৰ প্ৰিয় ৰং হ’ব নোৱাৰিলোঁ

তথাপি কঠিন সময়ৰ সাগৰত বুৰ গৈ

নিজে অংকৰ অনুশীলন চলাই আছোঁ

ভুল-শুদ্ধ, কটাকটি বিচ্ছেদৰ

য’ত সুখ-দুখ সমীকৰণৰ বৰ্গক্ষেত্ৰ

বাৰে বাৰে সমাধান কৰি একেটাই উত্তৰ পাওঁ –

জীৱনটোৱেই দ্বিঘাত সমীকৰণ

ভালপোৱাক কৰিব নাৱাৰি সৰলীকৰণ…।

 ভ্ৰাম্যভাষ: ৭০০২৫৯৪৭৬৮

Visited 2 times, 1 visit(s) today
Website |  + posts
Close