স্মৃতিৰেখা দেৱী
চুমীহঁতৰ স্কুলৰ বছৰেকীয়া পৰীক্ষা কালি শেষ হ’ল৷ প্ৰতি বছৰৰ দৰেই এইবাৰো পৰীক্ষা শেষ হোৱাৰ পাছদিনাই সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী লগ হৈ আজি বৰ্ষপূৰ্তিৰ আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন বিষয়ৰ কথা পাতিলে৷ গান, সাধুকথা, প্ৰশ্নোত্তৰ, আকস্মিক বক্তৃতা, হাঁহি উঠা অভিনয়, কৌতুক আদিৰে উপচি উঠা এই দিনটো সকলো ছাত্ৰ-ছাত্ৰীয়ে খুব উপভোগ কৰে৷ এই দিনটোলৈ সকলো ল’ৰা-ছোৱালীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে৷ কাৰণ বছৰটোৰ ভিতৰত মাত্ৰ এই দিনটোতহে ছাৰ-বাইদেউসকলে পঢ়া-শুনাৰ কথা নকয়৷
আচলতে নোকোৱাও নহয়, কয়৷ কিন্তু শ্ৰেণীকোঠাত বিভিন্ন বিষয় পঢ়াবলৈ আহি তেখেতসকলে যিটো সুৰত কথা কয় এই বিশেষ দিনটোত সেইটো সুৰ নাথাকে৷ তাৰ বিপৰীতে তেওঁলোকে আজি ৰিজাল্ট দিয়ালৈকে সময়বোৰ কেনেকৈ পাৰ কৰিব লাগিব, কি কি বাহিৰা কিতাপ পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে নিজকে ভাল মানুহ হিচাপে গঢ় দিবলৈ সুবিধা পাব ইত্যাদি বিবিধ কথাহে আদিৰ দিনটোত ছাৰ-বাইদেউসকলে ক’লে৷
গতিকে স্কুলৰ পৰা ঘূৰি আহি চুমীৰ মনটোও ভাল লাগি থাকিবই লাগিছিল৷ কিন্তু তাইৰ মনটো তেনেই ডাৱৰীয়া হৈহে পৰিল৷
ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী চুমী৷ এইবাৰ সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হ’ব৷ পৰীক্ষাও তাইৰ ভাল হৈছে৷ আজিলৈকে প্ৰতিটো শ্ৰেণীতে তায়েই প্ৰথম হৈ আহিছে৷ সেয়ে ছাৰ-বাইদেউসকলেও তাইক বেচ মৰম কৰে৷
কিন্তু আবেলি স্কুলৰ পৰা আহি তেনেই সেমেকা মন এটাৰে চকী এখনত বহি থকা দেখি চুমীৰ মাকৰ মনটো চিন্তিত হৈ উঠিল৷ স্কুলত কিবা হ’ল নেকি? কোনোবাই কিবা ক’লে নেকি তাইক?— মাকে চিন্তা কৰিলে৷
: ‘‘চুমী, অকলে অকলে এনেকৈ বহি আছা যে! কি হ’ল?’’
মাকৰ প্ৰশ্নত চুমী উচাপ খাই উঠিল৷ তাই বাৰু এতিয়া কেনেকৈ ক’ব কি কাৰণে তাইৰ মনটো বেয়া লাগিছে? মাকৰ মুখলৈ চাই থাকিল যদিও তাইৰ মুখেদি একো শব্দই বাহিৰ নহ’ল৷ বৰং তাইৰ মনটো আজিৰ স্কুলৰ সময়খিনিলৈহে উৰা মাৰিলে…
… অকলে অকলে বহি আছিল তাই৷ লগৰে কংকনা আহি তাইক সুধিছিলহি—
: ‘‘কি হ’ল চুমী? অকলে অকলে বহি আছা যে?’’
চুমীৰ কাষতে বহিল কংকনা৷ অলপ পাছতে তাতে বহিলহি কৰৱী আৰু জোনাক৷ তিনিওজনীয়ে চুমীক প্ৰশংসা কৰিবলৈ ধৰিলে—
: ‘‘তুমি ইমান ধুনীয়াকৈ গান গোৱা, চুমী৷’’
তাই কিবা এটা ক’ব খোজোঁতেই জোনাকে সুধিলে—
: ‘‘ক’ত শিকিছা তুমি গান গাবলৈ?’’ লগে লগে কৰৱীয়ে ক’লে, ‘‘মোক মল্লিকা বাইদেউৰ ওচৰত গানৰ টিউশ্যন দিছিল নহয়৷ মই কিন্তু নোৱাৰিলোঁ৷’’
: ‘‘মোৰ কিন্তু তোমাৰ গান শুনিয়েই থাকিবলৈ মন যায়৷’’— আকৌ ক’লে কংকনাই৷
চুমীয়ে এবাৰ ইজনীলৈ আনবাৰ সিজনীলৈ চাই চাই কেৱল হাঁহি থাকিল৷
: ‘‘চুমী, এবাৰ ‘কঁহুৱা বন মোৰ অশান্ত মন’টো গোৱানা৷ মই খুব ভাল পাওঁ গানটো৷’’
কংকনাৰ কথাৰ লগে লগে ইদুজনীয়েও ‘গোৱানা গোৱানা’ বুলি আবদাৰ কৰাত চুমীয়ে গানটো গাবলগীয়া হ’ল৷
গানটো গাই শেষ হ’লতহে তাই মন কৰিলে, তাইৰ কাষত আৰু বহুতো ল’ৰা-ছোৱালী জমা হৈছে৷ দুজনমান ছাৰ-বাইদেৱো৷ আটায়ে হাত চাপৰি বজাই তাইক প্ৰশংসা কৰিলে৷
কংকনাই সুধিলে, ‘‘তোমাক এই গানটো কোনে শিকাইছিল?’’
: ‘‘মায়ে৷’’ গৌৰৱেৰে ক’লে চুমীয়ে৷
সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ কিন্তু তাৰ পাছত লগৰীবোৰে পতা কথাবোৰতহে চুমীয়ে অংশ গ্ৰহণ কৰিব নোৱাৰিলে৷
জোনাকেই সুধিছিল প্ৰথমে—
: ‘‘তোমালোকে বন্ধত ক’লৈ ক’লৈ যাবা? কোৱানা৷’’
: ‘‘আমি শ্বিলঙলৈ যাম৷’’— কংকনাই কৈছিল৷
: ‘‘ই শ্বিলং! শ্বিলঙলৈ মই দুবাৰ গৈছোঁ৷ এইবাৰ আমি নাইনিতাললৈ যাম৷ টিকেট বুক কৰি থৈছে পাপ্পাই৷’’— জোনাকে ক’লে৷
: ‘‘আমি কাইলৈ দিল্লীলৈ যাম৷ তাৰ পৰা ৰাজস্থানলৈ যাম৷’’— কৰবীয়ে ক’লে৷
চুমীয়ে কথাবোৰ নুশুনিবলৈ যত্ন কৰিলেও নুশুনাকৈ নাথাকিল৷ এটা সময়ত কিবা এটা অজুহাত উলিয়াই তাই জোনাকহঁতৰ কাষৰ পৰা আঁতৰি আহিল৷ ক’বতো নোৱাৰি কোন মুহূৰ্তত কংকনাই সুধি দিব— ‘‘তোমালোক ক’লৈ যাবা চুমী?’’…
তেতিয়াৰ পৰাই কিয় জানো তাইৰ মনটো তেনেই বেয়া লাগি আছে৷ অথচ মন বেয়া লাগিবলগীয়াকৈ আচলতে একোৱেই হোৱা নাই৷ তথাপি তাইৰ মনটো ভাল লগা নাই৷
কংকনাজনীক দেখিবলৈ মন নাযায় চুমীৰ৷ সৱ কথাতে ইমান বাহাদুৰি কৰে!
মাকৰ প্ৰশ্নৰ উত্তৰত আবেলি একোকে নক’লেও ৰাতি বিছনাত পৰাৰ পাছতো চুমীৰ টোপনি নধৰিল৷ বিছনাখনতে খচমচাই থকা ছোৱালীজনীৰ মনৰ অস্থিৰতাখিনি মাকে বুজিবলৈ যত্ন কৰিলে৷ কি হ’ব পাৰে ছোৱালীজনীৰ?
: ‘‘কি হৈছে কোৱাচোন সোণজনী৷’’— তাইক কাষলৈ চপাই আনি মাকে সুধিলে৷ তায়ো দিনৰ পোহৰত ক’ব নোৱৰা কথাখিনি আন্ধাৰৰ সুবিধাতে কৈ পেলালে—
: ‘‘মা, এইবাৰ বন্ধত আমি বাৰু ক’ৰবালৈ ফুৰিবলৈ যামনে? আমাৰ লগৰ সৱ ক’ৰবালৈ ফুৰিবলৈ যাব৷ জোনাকহঁত শ্বিলঙলৈ যাব৷ কংকনাহঁত যাব নাইনিতাললৈ৷ জোনাকহঁত দিল্লীলৈ যাব৷ আমিও যামনে মা?’’
মাকে বহু পৰ তাইৰ পিঠিটো মোহাৰি থাকিল৷ এবাৰ হঠাৎ ‘নাযাওঁ’ বুলি কৈ তাইৰ ফালে পিঠি দি শুই পৰিল৷
মনটো আগতকৈও বেছি বেয়া লাগি গ’ল চুমীৰ৷ কেনিবা ফুৰিবলৈ নোযোৱাতকৈও মাকে তাইক যে ভেকাহি মাৰি ক’লে, সেইটোৱেহে তাইক বেছি দুখ দিলে৷ তাইৰ চকুহাল পানীৰে উপচি উঠিল৷
মাকেও বোধহয় চুমীৰ অৱস্থাটো উপলব্ধি কৰিলে৷ তেওঁ আকৌ তাইৰ ফালে ঘূৰি তাইৰ গালে-মুখে হাত ফুৰাই থাকিল৷ লগতে সিটো কোঠাত ভায়েকৰ সৈতে শুই থকা দেউতাকে নুশুনিবলৈ যিমান পাৰে সৰু সৰুকৈ কৈ গ’ল—
: ‘‘মাজনী, দেউতাই তেনেই সৰু চাকৰি এটা কৰি কেনেকৈ ঘৰখন চলাই আছে তুমিতো জানাই৷ তোমাৰ আৰু ভাইটিৰ পঢ়া-শুনাৰ ক্ষেত্ৰত তেখেতে দেখোন একোৰে অভাৱ হ’বলৈ দিয়া নাই৷ আমাতকৈ ধনী মানুহবোৰৰ লগত নিজকে তুলনা নকৰিবাচোন৷ এতিয়া চোৱা, তোমাৰ দিল্লী-কলিকতালৈ ফুৰিবলৈ মন যোৱা বুলি জানিলে দেউতাই কষ্ট নাপাবনে?’’
: ‘‘কিয় কষ্ট পাব?’’
: ‘‘সেইটো তুমি নুবুজিবা৷ নিজৰ সন্তানৰ ইচ্চা পূৰণ কৰিব পাৰিলে মাক-দেউতাকে কিমান আনন্দ পায় আৰু নোৱাৰিলে কিমান দুখ পায় ডাঙৰ হ’লেহে তুমি বুজি পাবা৷ দেউতাৰাই মোক কয় জানানে, তোমালোকক কেনিবা ফুৰাবলৈ নিয়াৰ কথা তেখেতে মোক প্ৰায়ে কৈ থাকে৷ কিন্তু টকা-পইচাৰ জোৰা মাৰিবই নোৱাৰে দেখোন৷’’
: ‘‘ঠিক আছে মা৷ মই সকলো বুজি পাইছোঁ৷’’— সৰু সৰুকৈয়ে ক’লে চুমীয়ে, ‘‘তুমি মই কোৱা কথাটো দেউতাক নক’বা কিন্তু৷’’
তাই সকলো বুজি পায়৷ তাইৰ বয়সৰ কংকনা-কৰবীহঁতে বুজি নোপোৱা বহুত কথাই বুজি পায় চুমীয়ে৷
: ‘‘শুই থাকাঁ মাজনী’’ বুলি মাকে তাইক সাবটি ধৰিলে৷ মাকৰ বুকুতে কেতিয়ানো টোপনি আহিল চুমীয়ে গমকে নাপালে৷
*******
ৰাতিপুৱাৰ কেঁচা টোপনিৰ আমেজকণ ল’ব খুজিছিলহে, তেনেতে দেউতাকে আহি ব্যস্তভাৱে চুমীৰ গাৰ পৰা কম্বলখন টানি আঁতৰাই দিলে৷
: ‘‘উঠা, উঠা… পাহিহঁত আহি পাবহিয়েই এতিয়া৷… তুমি থাকি যাবা কিন্তু…’’
চকুহাল মোহাৰি এঙামুৰি এটা দিহে চুমীয়ে ভালকৈ চাই দেখিলে, দেউতাক কেনিবা যাবলৈ পিন্ধি-উৰি একদম সাজু৷ মাকো বিছনাত নাই৷ বেৰৰ ঘড়ীটো চালে তাই, চাৰি বাজিছেহে৷ এনেয়ে পাঁচ-চাৰে পাঁচ বজাতহে শুই উঠাৰ নিয়ম… আজি কি হৈছেনো ঘৰখনত? ভাবিলে তাই৷
: যোৱা যোৱা৷ সোনকালে গা-পা ধুই ৰে’ডি হোৱা৷ কুইক্৷ কুইক্৷
আচৰিত হ’বলগীয়া পৰিস্থিতিত পৰি চুমীয়ে দেউতাকক সুধিলে—
: ‘‘তুমি ক’ৰবালৈ যাবা নেকি দেউতা? ইমান সোনকালে?’’
: ‘‘মই নহয় মাজনী৷ আমি যাম৷ আমি আজি শিৱসাগৰলৈ ফুৰিবলৈ যাম৷ পাহিহঁতো যাব আমাৰ লগত৷ এতিয়া কথা নহয়, কাম৷ সোনকানে ৰে’ডি হোৱা৷’’
পাহি চুমীৰ পেহীয়েকৰ ছোৱালী৷ তাইতকৈ এবছৰে সৰু৷ ইমান ৰাতিপুৱাই দেউতাকে ইমান লৰালৰি কৰাৰ কাৰণটো তাই এতিয়াহে বুজি পালে৷ তাৰমানে দেউতাকে আজিৰ প্ৰগ্ৰেমটো আগতেই ঠিক কৰি থৈছিল৷ কালিৰাতি বিছনাত মাকে কোৱা কথাখিনিও মনত পৰিল তাইৰ৷
********
দেউতাকে ঠিক কৰি থোৱা গাড়ীখনত ইতিমধ্যে বয়-বস্তু উঠাই চুমীৰ ভায়েক ড্ৰাইভাৰজনৰ কাষতে বহি আছিল৷ মাক-দেউতাকৰ সৈতে পাহি আহি পোৱাৰ লগে লগে যাত্ৰা আৰম্ভ হ’ল৷
: ‘‘দূৰৰ ঠাইবোৰ পাছতো তোমালোকে চাব পাৰিবা৷ এতিয়া নিজৰ ওচৰৰ ঠাইবোৰকে চাই লোৱাঁচোন৷’’— দেউতাকে চুমীহঁতক উদ্দেশ্যি ক’লে৷ পাহিৰ দেউতাকে সংযোগ কৰিলে—
: ‘‘হয়, দিল্লী-ব’ম্বেৰ মানুহবোৰে ভাবে অসমীয়া মানুহবোৰে আমাৰ ইয়াত যে কিবাকিবি চাবলৈ আহে, সিহঁতৰ নিজৰ ঠাইত একো নায়েই কিজানি৷ আমাৰ মানুহবোৰেও বাহিৰত গৈ তাৰ মানুহৰ আগত অসমত কি কি চাবলগীয়া ঠাই আছে ক’বগৈ নোৱাৰে৷ জানিলেহে ক’ব৷’’
হাঁহি হাঁহি পেহাকে কোৱা কথাষাৰ শুনি চুমীয়ে যেন কিবা এটা ডাঙৰ সত্যহে আৱিষ্কাৰ কৰিলে৷ হয়তো, কংকনা বা জোনাকহঁতে কাহানিও অসমৰ কোনো ঠাই চাবলৈ যোৱাৰ কথা কোৱা তাই শুনা নাই৷ তাৰ মানে, কংকনাহঁত ফুৰিবলৈ যোৱাৰ মাজত কিবা জানিবলৈ বা চাবলৈ আগ্ৰহ নাই৷ যদি আনন্দৰ সমানে নজনাক জনাৰো সুবিধা হয় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়৷ তাই এইবাৰ আনন্দত উৰুলীকৃত হৈ ক’বলৈ ধৰিলে—
: ‘‘দেউতা, তুমি যে কিমান ভাল৷ আমাৰ আনন্দৰ কথা তুমি ইমান চিন্তা কৰাঁ৷ তদুপৰি আনন্দৰ লগতে তোমালোকে শিক্ষাও দিছা৷ ঠিকেই কৈছা, আমি প্ৰথমে আমাৰ সম্পদবোৰৰ বিষয়েহে জনা উচিত৷ নিজৰ ঠাইবোৰৰ বিষয়ে জানি উঠাৰ পাছতহে আন ঠাইৰ বিষয়ে জানিবলৈ যত্ন কৰা উচিত৷’’
: ‘‘ওঁ… আমি তোমালোকক অসমখন ভালকৈ দেখুৱাম৷ অসমৰ বাহিৰখন তোমালোকে নিজে চাবগৈ লাগিব৷ কাৰণ তোমালোক আমাতকৈ ডাঙৰ মানুহ হ’ব লাগিব, ধনী মানুহ হ’ব লাগিব৷’’
চুমীয়ে পাহিকো বুজালে যে নিজৰ জন্মভূমিখনৰ বিষয়ে আঁতি-গুৰি মাৰি জানিবলৈ যত্ন কৰা উচিত৷ নিজকে নজনাকৈ আনৰ বিষয়ে জানি লাভনো কি হ’ব?
চুমীৰ ভায়েকে ড্ৰাইভাৰজনৰ কাষতে বহি ৰাস্তাত দেখা ইটো কি সিটো কি বুলি সুধি গৈছিল৷ তাৰ কাষতে বহি দেউতাকে পিছৰ ছিটত বহা চুমীহঁতৰ লগত কথা পাতিছিল৷
: ‘‘পেহা, আমি ইয়াৰ পাছত মাজুলীলৈ যাম দেই৷ তাৰ পাছত এবাৰ তেজপুৰ চাবগৈ লাগিব৷ আমাৰ স্কুলৰ তৰালি বাইদেৱে কৈছিল, এই দুখন ঠাইত চাবলগীয়া বহুত বস্তু আছে৷’’
চুমীৰ কথা শুনি দেউতাকে সুধিলে—
: ‘‘পেহাক ক’লা যে চুমী, মোৰ লগত নাহা নেকি?’’
দেউতাকৰ কথাৰ লগে লগে আটায়ে গিৰ্জনি মাৰি হাঁহি উঠিল৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
