দিগন্ত কুমাৰ বড়া
কাউৰীয়ে ৰমলিয়ায় কা কা কৰি।
ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।।
মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ।
সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন।
শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত।
কুকুৰটোৱে ভুকি আছে পদূলি মুখত।।
ম’হটোৱে টেঁটাইছে পথাৰৰ মাজত৷
ছাগলীয়ে বেবাইছে পেটৰ ভোকত।।
গৰুৰ হেম্বেলনি, কুৰুৱা চৰাইৰ ৰাও।
ঘোঁৰাটোৱে হেঁহায়, কয় কেঁচা বুট খাওঁ।।
বাঘৰ গোঁজৰণিত হাবিখন কঁপে৷
ভেকুলীয়ে টোৰটোৰাই বৰষুণ মাতে।।
হাতীৰ চিঞৰ শুনি জিৰাফ নিমাত৷
দেচোন কোনে পাৰ মেকুৰীৰ মাত।।
ঠিকনা :স্নাতকোত্তৰ শিক্ষক, ভূগোল বিভাগ
ৰাজধৰ বড়া উঁচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ (মহানগৰ)
ভ্ৰাম্যভাষ -৯৬১৩৬-৯৬১৪৬
Address: Agrim Vista Apartment
Flat – 1E, Block – 2, 1st Floor
Dharapur, Guwahati
P.O. – Dharapur, District – Kamrup (M)
Pin – 781014
Mobile: 9613696146
E-mail: diganta96146@gmail.com
Facebook Link: https://www.facebook.com/digantakumar.bora
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
