নীলোৎপল বৰুৱা
জীঊতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল।
প্ৰায় এসেৰ ওজনৰ এছটা গোটা লোহাৰে বনোৱা নাল নথকা বেঁকা দাখনৰে জীয়া ছাগলী এটা ঘাপ মাৰি দিয়াৰ পাপ। মঙহৰ সজ্জাটো ঢিপঢিপাই থকাৰ পাছতো ছাল বখলিয়াই তাত পানী সুমুৱাই পখালি দিয়াৰ পাপ।
প্ৰতিদিনেই ছাগলী কটাৰ আগতে ছাগলীটোৰ ঠেংকেইটা সি ধুই লৈছিল। কামটো সি বৰ সন্তৰ্পণে কৰিছিল। ছাগলীটোৱে গম পাব নালাগিব যে তাৰ মৌউত আহিছে। গম পালে বেয়া। বেয়া মানে আৰু কি- মাংচটো খাৰাপ হৈ যায়। মৃত্যু-ভীতিয়ে মাংসলৈ অন্য এক ৰস লৈ আনে। তিত্তা হৈ যায় মাংচ। ছাগলীটোৰ ওচৰত সি এনেকুৱাকৈ থাকে যেন- এটা গতানুগতিক আবেলি। নিস্তৰংগ। চুকা-পথাৰৰ সহজাত আবেলি।
মুৰত চুই তিনিবাৰ সেৱা কৰি লৈ কটাৰ পাছতো পৰি থকা ছাগলীৰ মুৰবোৰে তাক শাও দিছিল।
থৰ হৈ থকা চকুবোৰে তাক নৰকৰ নীৰৱ আমন্ত্ৰণ দিছিল। সেই নৰক সি যেন চিনি পায়। পাতালৰ অতল তলীৰ বহ্নিজ্বলঃ নৰক!
কটকটীয়া টান নাহৰ কাঠৰ গড় এটুকুৰাত বহি জীঊতে মাংসবোৰ টুকুৰা কৰিছিল।
চুকাপথাৰ চাৰিআলিলৈ প্ৰতি সন্ধিয়া সি চাইকেলখনৰ মাজত বস্তা এটাত বান্ধি ছাগলী একোটা লৈ গৈছিল।
ছাগলীটোৱে চাইকেলখনৰ ফ্ৰেমটোৰ পৰা বস্তাৰ ফাকেৰে মূৰ উলিয়াইছিল। টোপোলা হৈ বহি যোৱা ছাগলীবোৰে বেবোৱা নাছিল।
বৰঞ্চ চাইকেল চফৰ এটা আৰু ষষ্ঠেন্দ্ৰিয়ই (যদিহে ছাগলীৰ ষষ্ঠেন্দ্ৰিয় আছে বুলি ধৰা হয়!!) কৈ দিয়া অৱশ্যম্ভাৱী কিবা এটাৰ ডাঠ ভাৱনাত মূক হৈ বহি গৈছিল।
চাইকেলখনৰ কেৰিয়াৰত দুটুকুৰা কাঠ।
এটুকুৰাত বহে আৰু আনটুকুৰাত মাংসৰ ডাঙৰ টুকুৰাবোৰ থৈ সমান সমান জোখত কাটে। নীলা পানী কাপোৰখনৰ এচুকত বাটি এটাৰ আকাৰত মাখনৰ লডাৰ দৰে পৰি থাকে ছাগলীটোৰ গোটমৰা তেজ।
যদিও দুইটুকুৰা কাঠ দেখিবলৈ একেই তথাপিও জীঊত চাহুৱে কোনোদিনেই খেলিমেলি নকৰে।
এটুকুৰা তাৰ কুৰ্চী।
বৰ্তুলাকৃতি হৈ যোৱা নাহৰ কাঠৰ ডাঠ গোল টুকুৰাটোত সি সিংহাসনত বহাৰ দৰেই আয়াসেৰে বহিছিল।
(কাঠটুকুৰা তাক যোগ বৰাই দিছিল। নাহৰৰ দীঘল কুণ্ডা এটা। যোগ বৰাৰ সৈতে জীঊতৰ ভাই ভাই ৰিস্তা হৈ গৈছিল। এই যেন একে লগে ডাঙৰ হৈ অহা দুডাল কেকোঁসাপহে। ইটোৱে সিটোৰ মাত চিনি পায়। )
ভোজপুৰ জিল্লাৰ জীঊত চাহু ইন্দিৰাজীৰ লাভাৰ।
এই দুনীয়াত ইন্দিৰা গান্ধীৰ যিমান প্ৰেমী আছে তাৰ চবচে টপত আছিল জীঊত চাহু।
দেচত থাকোঁতে মহুৱা গছৰ তলৰ বিড়িৰ আড্ডাবোৰত সি মুকলিকৈ লগৰবোৰক তাৰ মোহব্বতৰ কথা কৈছিল।
তেতিয়াও জীঊতে ইন্দ্ৰাজীক সিমানেই ভাল পাইছিল যেতিয়া নচবন্দী কৰিবলৈ ডাক্টৰ নাৰ্চৰ দলৰ লগত চি আৰ পিৰ জাক ঘুৰি ফুৰিছিল।
মানুহে কৈছিল ইন্দিৰাই ইণ্ডিয়াৰ পৰা মৰ্দানগী উৰুৱাই পেলাব।
ঔৰতৰাজ চলিব।
ঔৰত ৰাজ।
দলে দলে মৰদবিলাকক ধৰি ধৰি চিকিৎসকৰ দলটোৱে নচবন্দী কৰিছিল।
গাৱঁৰে পঞ্চায়তত নচবন্দী কেম্প বহিছিল।
ভয় আৰু বন্দীত্বৰ ত্ৰাস এটা ওপঙি ফুৰিছিল ঠাইখনত।
নচবন্দী কৰিলে হাজাৰবাৰ মাইকীৰ লগত হেথি কৰিলেও বাৎচা নহৈছিল।
নচবন্দী কৰোৱা মানুহবোৰক চেনী নাইবা মিঠাতেলৰ টিং এটা চৰকাৰী উপহাৰ দিয়া হৈছিল। কেতিয়াও আৰু বাৎচা পয়দা কৰিব নোৱাৰাৰ দুখত ওন্দোলা মুখ আৰু মিঠাতেলৰ টিন লৈ মানুহবোৰ ঘৰলৈ ঘুৰিছিল।
মানুহবোৰে খুটিয়াই খুটিয়াই পৰীক্ষা কৰিছিল নিজৰ পুৰুষাংগবোৰ।
বাৰে বাৰে তিৰোতাবোৰক টানি আনিছিল খাটিয়ালৈ।পৰীক্ষা কৰিছিল মৰ্দানগীৰ।
বহুতৰ পুৰুষাংগবোৰ কঠিন নোহোৱা হৈছিল, কাৰোবাৰ বীৰ্যপাত বন্ধ। অনভিজ্ঞ চিকিৎসকৰ হাতত পৰা বহুতৰে ভিতৰি ভিতৰি ঘা লাগি গৈছিল।
চিপাহী, জন্মেচ আৰু বিৰ্জুৰ পুৰুষাংগ ছালৰ মোনা একোটা হৈ ওলমি পৰিছিল।
চিপাহীৰ ঘৈণীয়েকে নিজৰ একমাত্ৰ পুতেকক কাকো চুবলৈকো নিদিয়া হৈছিল।
ছজনী ছোৱালীৰ পাছত একমাত্ৰ পুত্ৰ।
আৰুতো আশাই নাই।
কিবা এটা অদ্ভূত হতাশাত ডুবি গৈছিল চিপাহী চাহু!
বহু উপসৰ্গৰ ফুচফুচোৱা কাহানীবোৰ ওপঙি ফুৰিছিল গাঁওখনত।
(কোনোবাই কৈছিল ইন্দিৰা গান্ধীৰ পাপ লাগিব। হাজাৰ হাজাৰ মৰদৰ মৰ্দানগী খাই দিয়াৰ পাপ। জীঊতে হাঁহি উৰুৱাই দিছিল।
ইন্দ্ৰাজী আৰু পাপ!!
হ’ব্বই নোৱাৰে!! যোগ বৰায়ো নচবন্দী কৰোৱা কাৰবাৰটো সিমান এটা ভাল পোৱা নাছিল। মাইকী মানুহ, ইমান আক্ৰোশ ভাল নহয়। এই কথাটোক লৈ যোগ বৰা আৰু জীঊতৰ মাজত শীতল অঁৰিয়াঅঁৰি এখনো চলি গৈছিল।)
জীঊতৰ বাবাই বহুদিন চি আৰ পিৰ হাতত পৰি নচবন্দী হোৱাৰ ভয়ত মুকলি পথাৰখনতে শুইছিল।
আৰু এটা সময়ত খোজ কাঢ়ি কাঢ়ি পলাই আহি আছাম পাইছিলহি।
(চুকাপথাৰলৈ অহালৈ জীঊত অকলশৰীয়া হৈছিল।)
হ’লেও জীঊতে ইন্দিৰাজীক বেয়া পাব পৰা নাছিল।
তাৰ প্ৰাক যৌৱনৰ হাজাৰ হস্তমৈথুন ইন্দিৰাজীৰ নামত হৈছিল। চান্দৱা আখাড়াৰ নাংগা বাবাই হনুমান চালিচা আওঁৰোৱাদি সি ইন্দ্ৰাজীৰ নাম বিৰবিৰাইছিল।
(হস্তমৈথুনৰ সময়ত সি হনুমান। পৱনপুত্ৰ। ইন্দিৰাজীৰ ৰাম হোৱা নাই কেতিয়াও। সিমান পাপ কৰাৰ ধৃষ্টতা তাৰ নাই)
ডাঠ বীৰ্যৰ শুকান খৰখৰীয়া দাগৰে বিৱৰ্ণ হৈ পৰিছিল মেৰুণ ৰঙৰ সোণালী পাৰি দিয়া শাড়ী পিন্ধা লোহাৰ দৰে কঠিন মানুহজনীৰ ফটো।
চুমাৰ পাছত চুমাত মুখৰ লেলাৱতিৰে গলি গৈছিল নেহৰুৰ নাতিনী।
আস্ কি অনিন্দ্য সুন্দৰ সেই মুখশ্ৰী!!
হোৱাইট হাউছৰ সন্মুখত কাষতে ৰৈ থকা ৰিচাৰ্ড নিক্সনৰ দেহাটো ফটোখনৰ পৰা কেচীৰে কাটি আঁতৰাই দিছিল জীঊতে।
আৰু নিক্সনক সৰু সৰু হাজাৰ টুকুৰা কৰি পেলাইছিল।
নিক্সনৰ গোমোঠা চেহেৰাটোৰ প্ৰতি জীঊতৰ ঘৃণা উপজিছিল। নিক্সনে এনেয়েও ইন্দ্ৰাজীক ভাল নাপাইছিল। খোলা-খুলিকৈ কৈও দিছিল হেনো-এনেকুৱা ভাৰতীয় নাৰীৰ সৈতে একেখন বিছনাত শুলেও উত্থিত ন’হব মোৰ…। এনেকুৱা নাৰীতকৈ আফ্ৰিকাৰ নিতম্বিনী বহু ওপৰত। অন্ততঃ এটা জান্তৱ যৌনতা আছে..
সন্ধ্যা জীঊত চাহুৱে বণিজ সামৰি ঘুৰিছিল চাপ্ৰা জিলাৰ তাড়ীৱালা যুগমোহনৰ তাত টেঙা তাড়ী দুঘটি পি।
(জীঊত চাহুৱে কাহানিও লিমিট পাৰ নকৰে, দুঘটি মানে দুঘটি তাড়ী। কোনোবাই হাজাৰ অনুৰোধ কৰিলেও তাৰ এক আঙুল ওপৰলৈ নেযায়।
অৱশ্যে লালত জীঊতৰ হিচাব গড়বৰ হয়।
প্ৰায়ে কৌশলেৰে আঁতৰাই থোৱা মাইকী ছাগলীৰ ওহাৰ অথৱা মাখনৰ দৰে তেজৰ লডাবোৰ যুগমোহনৰ ঘৈণীয়েকে শুকান জলকীয়াৰে ভাজি দিছিল। ওহাৰৰ সৰু সৰু বৰফিৰ দৰে টুকুৰাবোৰ থকাৰ দিনা সিহঁতে লাল খাইছিল।
ছাগলীৰ মুৰৰ অংশ, ঠেং যুগমোহনৰ ঘৈণীয়েকে ৰাতিৰ সাজলৈ থৈছিল।)
চুকাপথাৰৰ তেতিয়াৰ ছেণ্ড গ্ৰেভেল দিয়া লুংলুঙীয়া বাটেৰে উচ্চ স্বৰত গাই আহিছিল ৰামলীলাৰ গান..
শ্যাম তোহাৰ মুৰলী বজেলি ধীৰে ধীৰে…
বজেলী ধীৰে ধীৰে বজেলী ধীৰে ধীৰে..
শ্যাম তোহাৰ..
(চিনেমাত দিয়া এই ৰাম ভজনটো জীঊতে প্ৰতি সন্ধ্যা চিঞৰি চিঞৰি গাইছিল পাপ মোচনৰ বাবে!!
জীয়া ছাগলীবোৰ ঘাপ মাৰি দিয়াৰ পাপ!!)
সেই সময়ত জীঊত চাহু হৈ পৰিছিল হনুমান দেউতা..
চীতা মায়াৰ সন্মুখত আঁঠু লোৱা বজৰংগী ভগুৱান..
আৰু চীতা মায়া ইন্দিৰাজী..
(অৱশ্যে যিমান ভাল পালেও জীঊত চাহুৱে কেতিয়াও ৰাম হ’ব খোজা নাছিল! বচ্ হনুমান নিচিনা ইন্দ্ৰাজীৰ সেৱা কৰিব পালেই হ’ল।
পৱন পুত্ৰ সচ্চা প্ৰেমী। নিস্বাৰ্থ!)
আৰু তাৰ পাছত..
এটাৰ পাছত এটাকৈ মেঘনাদ বধ কৰি গৈছিল!
পহিলা মেঘনাদ আছিল ডিব্ৰুগড়ৰ দেউকান্ত বৰুৱা!
তাৰ দেচৰ গৱৰ্ণৰ আছিল।
কবিতা লিখি লিখি ইন্দিৰাজীৰ পৰা কুৰ্চী খিৰাই লৈছিল।
জীঊতে দেৱকান্তক সঁচ দেখিব নোৱাৰিছিল!
(কৈছিলো এদিন..ই কাব্যকাৰে ইন্দিৰাজীৰ দিল দুখাব। ই সচ্চা প্ৰেমী নহয়। ইয়াৰ ধাণ্ডা কুৰ্চী।
এদিন দেৱকান্তই ইন্দিৰাক এৰি ডি দেৱৰাজৰ সৈতে কংগ্ৰেছ (ইউ)-ত যোগ দিছিল। জীঊতে কৈছিল ..দেখা দেখা…হমনে পেহলেহী বতায়া থা..)
বাবু জগজীৱন ৰাম!!
ছমাৰ আছিল!
নীচ জাতিৰ । চুলে গা ধুব লাগে।
চান্দৱাৰ, জিল্লা ভৌজপুৰ।
একে ঠাইৰ হ’লেও বুঢ়াক চকুপাৰি দেখিব নোৱাৰিছিল জীঊতে।
পুৰা পঁচাশ চাল কুৰ্চীত আছিল।
ৱৰ্ল্ড ৰিকাৰ্ড। ইমান লাম্বা টাইম আজিলৈকে কোনো পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হোৱা নাই।
একদম খাৰাপ টাইমত ইন্দিৰাজীক গাদ্দাৰী কৰি দিছে।
হ’লে কি হ’ল-ভগৱান আছেতো। আকৌ ঘুৰি আহি ইন্দিৰাজীৰ ভৰিতে গিৰগিৰাব লগা হ’ল!!
দুই নম্বৰ মেঘনাদ..বাবু জগজীৱন..
চান্দৱাৰৰ ছমাৰ।
ৰ’দে পোৰা দুপৰীয়াবোৰত জীঊতে ছাগলী মাংসৰ ছালবোৰ চিকুণাইছিল। কেবাদিনো নিমখত থৈ দিয়া ছালবোৰত লাগি থকা চৰ্বীৰ তৰপবোৰ গলি পানী বৈছিল।
চাৰিওফালে চাৰিটা খুটি মাৰি সি ছালখন ফিটফিটিয়া কৰি লয়।
খুড় এখনৰে এফালৰ পৰা নোমবোৰ খুড়াই যায়। কেবাদিনো ৰ’দত দিয়াৰ পাছত খৰখৰীয়া হোৱা ছালবোৰ দ’মাই থয়। এবোজা হোৱাৰ পাছত সেয়া নিবলৈ মকবুল মিঞা আহে।
ঘোঁৰাগাড়ীত বোজাই কৰি লৈ যায় চামৰাবোৰ।
চামৰা বেচি পোৱা পইচাকেইটা জীঊতৰ দুই নম্বৰ জনী ঘৈণীয়েক গুড়িয়াই ৰাখিছিল। ছালৰ পইচা তাইৰ।
(লেবা ছোৱালী এজনী জন্ম দি তাৰ প্ৰথমজনী ঘৈণীয়েক মৰিছিল। মানুহে কৈছিল জীয়া ছাগলীবোৰে ঘাপ মৰাৰ আগে আগে তোক শাও দিছিল। সেয়ে তোৰ ছোৱালীয়ে জিভাখন ছাগলীৰ নিচিনাকৈ উলিয়াই পৰি থাকে।
হয় হয়..
জীঊতৰ লেবা ছোৱালী জনীয়ে জিভাখন মৰা ছাগলী এটাৰ দৰেই বাহিৰলৈ উলিয়াই থয়।
মুখেৰে অনৱৰতে বৈ থাকে লেলাৱতি। ভিজি যায় বুকু, পেট…। চোতালৰ এচুকৰ খাটিয়া খনত তাই দিনটো পৰি থাকে। ভোক লাগিলে গোঁ গোঁৱায়। পেচাব লাগিলে গোঁ গোঁৱায়। পিঠিত পৰুৱাই কামুৰিলে গোঁ গোঁৱায়..
গুড়িয়াই ছোৱালীজনীক অসম্ভৱ মৰম কৰিছিল।
তাইৰ নিজৰ দেহাৰ টুকুৰাহে যেন!!
সতিনীৰ জীয়েকলৈ গুড়িয়াৰ মৰম দেখিয়েই চুকাপথাৰ, ২নং বৰাচুবুৰীৰ শৰত ভূঞাই ছেকেণ্ড মেৰীজ কৰিছিল!!
গোটেই দিনটো গুড়িয়াই জীয়েকৰ লেলাৱতি মচিছিল। তাই গুড়িয়াৰ একমাত্ৰ সন্তান।
জীঊতৰ পাপ লাগিছিল।
পোৱালী নহ’ল। গুড়িয়াৰ পেটত পোৱালী দিব নোৱাৰিলে সি।
ঘাপ মৰাৰ আগতে জীয়া ছাগলীবোৰে দিয়া পাপ।
চোতালত থকা শিৱলিংগ যেন শিলছটাৰ ওচৰত প্ৰতি সন্ধ্যা ৰামধূন গাইছিল গুড়িয়াই। ডাঁহৰ কামোৰত গোঁ গোঁৱাই থকা লেবা ছোৱালীজনীৰ গাৰ ওপৰত কাপোৰ এখন জোঁকাৰি জোঁকাৰি। মৃদু ছন্দ এটাৰে। ৰামধূনৰ সৈতে মিলি যোৱা। ডাঁহৰ কোনকোননিটো যেন এটা বৃন্দগান। ৰামধূনৰ তলসুৰীয়াকৈ গৈ থকা এটা মিহি পিয়ান’ৰ নোট।
তাই কোনোকালেই ছাগলীৰ মঙহ মুখত দিয়া নাছিল। বজাৰৰ পৰা ঘূৰি অহা ছাগলী মঙহ জীঊতে চোতালত থকা চৌকাটোত নিজেই ভাজি খাইছিল।
নচবন্দী নকৰাৰ পাছতো ল’ৰা-ছোৱালী আৰু নোহোৱাত জীঊতেও ভয় খাইছিল।
তাৰ পাপ হৈছিল চাগৈ। যিবোৰ পাপত মানুহ মহা-ৰৌৰৱ নৰকলৈ যায়।
দিল্লীলৈ গ’লে একবাৰ তিনমুৰ্তিত থকা ইন্দিৰাজীৰ ঘৰটো চাব বুলি ভাবি থাকোঁতে কোনোবাই জীঊতৰ ঘৰটো জ্বলাই দিছিল।
ধোঁৱা ওলাই থকা ছাইবোৰৰ মাজত এলুমিনিয়ামৰ বাচন-বৰ্তনবোৰ পৰি আছিল।
ৰূপৰ দৰে চিকচিকিয়া হৈ পৰিছিল জুইত পুৰি।
জুই লাগি গুড়িয়াৰ চুলিখিনি চুটি হৈ গৈছিল।
ইন্দিৰাজীৰ চুলি মাফিক।
ঘৰ জ্বলি যোৱাৰ পাছত জীঊত খাটাং হৈছিল।
তাৰ পাপ লাগিছে।
জিন্দা ছাগলী ঘপিয়াই দিয়াৰ পাপ।
নহ’লেনো অসম আন্দোলন কৰা যোগবাবুৰ পুতেকে তাৰ ঘৰটো কিয় জ্বলাব।
কোনো কাৰণত নজ্বলায়। যোগবাবুৰ সৈতে সি একে লগে বাঢ়িছে চুকাপথাৰত। এযোৰা কেঁকোসাপৰ দৰে। ইটোৱে সিটোৰ মাত চিনি পায়।
যোগবাবুৰ লগত জীঊতে ঘণ্টাৰ পাছত ঘণ্টা ইন্দিৰাজীৰ কথা পাতিছিল।
যোগবাবুও ইন্দিৰাজীৰ সচ্চা প্ৰেমী আছিল।
ছাগলী মঙহ এপোৱা আনিবলৈ গৈ তাৰ সৈতে ঘণ্টাৰ পাছত ঘণ্টা কথা পতা যোগ বাবুৱে তাক কৈছিল দিল্লীৰ ৰাধাৰমণৰ কথা ।
দিল্লী কংগ্ৰেছৰ মুখীয়া ৰাধাৰমণ ইন্দিৰাজীৰ সচ্চা প্ৰেমী আছিল।
হাজাৰ হাজাৰ মানুহৰ ভিৰত পৰা ইন্দিৰাজীক বচাবলৈ ষাঠীৰ উৰ্ধ্ব ৰাধাৰমণে ইন্দিৰাজীৰ ভৰিৰ আগত পৰি দিছিল। ৰাধাৰমণৰ বৃদ্ধ দেহাটো খচকি মানুহে ইন্দিৰাজীক হেঁচা মাৰি ধৰিব পৰা নাছিল।
পাছ দিনাই ৰাধাৰমণক দিল্লী কংগ্ৰেছৰ মুখীয়া পাতি দিছিল ইন্দিৰাজীয়ে।
সচ্চা প্ৰেমৰ প্ৰতিদান পাইছিল ৰাধাৰমণে।
জাইল সিং জাইল সিং..
যি ইন্দিৰাজী অহা যোৱা বাট সাৰি দিবলৈ সাজু আছিল..
সচ্চা প্ৰেমী আছিল।জীঊতেও কেতিয়াবা ভাৱিছিল- সিও পাব। এদিন সিও পাই যাব তাৰ সচ্চা মোহব্বতৰ প্ৰতিদান।
জীঊত চাহু নিশ্চিত হৈছিল।
তাৰ পাপ লাগিছে।
নহ’লে যোগবাবুৰ পুতেকে তাৰ ঘৰ নজ্বলায়।
লগত অহা বাকীকেইটা দাঢ়ি ঠুটিউৱা ল’ৰাবোৰকো জীঊত চাহুৱে চিনি পায়।
(জ্বলি যোৱা বাঁহৰ চটি পৰি জীঊতৰ লেবা ছোৱালীজনীয়ে আধা মৰা ছাগলী এটাৰ দৰে ধৰফৰাইছিল।
তিনিদিনৰ পাছতে তাই মৰিছিল!!)
আচৰিত আচৰিত..
সেইদিনাই বিয়ন্ত সিঙৰ ষ্টাৰ্লিং চাব মেচিন গানে ফুটা ফুটা কৰি পেলাইছিল গেৰুৱা ৰঙৰ শাড়ী পিন্ধি থকা জীঊতৰ প্ৰাণৰ পুতলীক।
আচৰিত আচৰিত।
বহুদিনৰ মুৰত জীঊতক কোনোবাই চহৰৰ ৰেলৱে ষ্টেশ্যনটোত দেখিছিল। ডিঙিত ৰচী এডাল লগাই ছাগলী এটাৰ দৰে বেবাই বেবাই মানুহৰ পৰা ভিক্ষা খুজিছিল।
মানুহে তাক গান্ধী-ফাগ্লা বুলি কৈছিল।
যোগাযোগ নম্বৰ : 9854566429
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
