Written by sdblogs2011 10:44 am Poems

ডাঠি তান চৰণে পৰিয়ো

অলকা মহন্ত বৰুৱা

ভৈয়াই শুন

আমাৰ কওঁ 

ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁ

আঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁ

নিয়াৰিত থৈ আমি গঢ়ি পিটি উলিয়াওঁ কাঁহী-বাটি

হাফৰত ৰঙাৈক জ্বলা শালখৰিৰ লগতে ক’লা হয় আমাৰ হাত

গাৰ তেজ ঘাম হয়

তথাপি 

শুন ভৈয়াই

প্ৰতিবাৰেই মূল মৰা বাবদ হাত নেকাটিবলৈ মহাজনৰ ভৰিত পৰোঁ

ভঙা কাঁহৰ বজাৰত  জুই লাগিছে…

কেঞাই চোবালে আমাৰ জীৱন

ভাগীয়াহঁত ঐ

আটি আটি বান্ধ পেটত গামোচা

সাৰাহ পাতেৰে বহল হৈ যোৱা কাঁহচলাৰ দৰেই 

চেপেটা লাগক ঘৰ-ঘৰোৱাহৰ পেট

ভৈয়াই অ’

কঁহাৰৰ দুখ কোনেও নপতিয়ায়

সামান্য কাণভেৰীয়া মই

পাঁচোটা বছৰৰ ধাৰ মাৰিব পৰা নাই..

তেজৰ হেঁপাহত কত ৰাতি সামৰি থৈছোঁ জৰী

এঙাৰ বেপাৰীৰ দৰে

অ’ ভৈয়াই

পোহ যাব পৰা নাই 

আমাৰ হকে মতা মাতবোৰ দুৱাৰ দাং দি ভিতৰত সোমাল

কেঁচামাল নো কি

জগতখনেইচোন কেঞাৰ হাতত

তই আৰু মইনো কোন

ভাস্কৰবৰ্মাৰ কংসপাত্রত ধুলিৰ চামনি

ৰাইজখনক সুধিবিচোন 

কি কৰিনো আমি তৰোঁ

কি হ’ব আজোককাৰ দিনৰ বিদ্যাৰ

ধনৰ লোভ কাৰনো নাই

হুজুৰৰ দল ডাঙৰ 

কাঁহৰ লগতে কুন্ৱাদো দেহাবোৰ

ভাগীয়াৰ লগতে ঘৰে-ঘৰোৱাহে

লুইততে জাহ যাওঁ !

ঠিকনা :

বামুণীমৈদাম,গুৱাহাটী-২১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close