Written by sdblogs2011 10:15 am Poems

ভোলা আৰু পূজা

স্বপ্নালী কলিতা

ভোলাই কিনিলে নতুন চোলাটো

ৰংটো হেনো ৰঙা ,

ভায়েকে বোলে, পেণ্ট এটা নল’লি

হৈয়ে আছ তই বেঙা!

পূজা বুলি আমি যোৱা দুবছৰে

একোকে লোৱা নাই হোৱা,

এইবাৰ লাগিব বেলুন, চকৰি

জেলেপীও হ’ব খোৱা।

দেৱীৰ ওচৰৰ আৰতি চাই চাই

বুন্দিয়া-ভূজিয়া খাম,

জয়ঢোলো এবাৰ বজাবলৈ মন

দিয়ে নেকি খুজি চাম।

গোসাঁনী উটাব দশমীৰ পুৱা

উঠি কাণিমুনি পৰত,

গ-পা ধুই পূজালৈ যাম

নক’বি তই হ’লে ঘৰত।

কথা শুনি ভোলাই ভায়েকক বোলে-

এইবোৰ বেয়া কাম জান!

মা-দেউতাই কৰা কষ্ট বুজিবি

মোৰ কথা যদি মান।

পূজা বুলিয়ে যে নতুন বস্তু

কিনিব লাগিব আমি,

এনে কথা নাই জাননে ভাইটি

কথাটো ভাবি চাবি।

তথাপি বাৰু পূজা বুলি তোক

কিনি দিব কিবাকিবি,

যিখিনি দিয়ে মন খুলি হাঁহি

বুকুত সামৰি ল’বি।

পঢ়িবি-শুনিবি ভালবোৰ শিকিবি

ঈশ্বৰে কৰিব সহায়,

এতিয়া ব’লচোন চাওঁ পূজা ঘৰত

গোসাঁনী আহিলনে নাই।

            __         

ঠিকনা :

ডাক আৰু গাঁও : বৰটিং নাওশলীয়া

জিলা : গোলাঘাট-৭৮৫৬২৬, অসম

ফোন নং : ৯১০১৮৪০৭৫৭

email: swapnalikalita0603@gmail.com

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close