Written by sdblogs2011 8:20 am Articles

শান্তিস্বৰূপ ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া (অভিনন্দন)

দিগন্ত ওজা

        অসমৰ বিজ্ঞানক্ষেত্ৰলৈ যোৱা দেওবাৰে (২৬ ছেপ্টেম্বৰ, ২০২১) দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰত ওপজা আৰু যোৰহাটৰ NEIST অৰ্থাৎ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (পূৰ্বৰ আঞ্চলিক বিজ্ঞান গৱেষণাগাৰ- RRL) জ্যেষ্ঠ বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়াই লাভ কৰিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা৷ এই বঁটাৰ অৰ্থমূল্য হৈছে ৫ লাখ টকা৷ তদুপৰি বঁটা প্ৰাপকগৰাকীয়ে তেওঁৰ ৬৫ বছৰ বয়সলৈকে মাহে ১৫ হাজাৰ টকাকৈ লাভ কৰিব৷

        কিন্তু শান্তিস্বৰূপ ভটনাগৰ বঁটাৰ গুৰুত্ব ইয়াতেই সীমাৱদ্ধ নহয়৷ দেশৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ ৰূপে খ্যাত ড° শান্তিস্বৰূপ ভটনাগৰৰ জীৱনী অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে সৰুতেই আজিকালি পঢ়িবলৈ পায়৷ বিজ্ঞানীৰ ভালেমান জীৱনীগ্ৰন্থত শান্তিস্বৰূপ ভটনাগৰৰ জীৱন-কথা সন্নিৱিষ্ট হোৱা দেখিছোঁ৷ UGC-ৰো প্ৰথমগৰাকী অধ্যক্ষ শান্তিস্বৰূপ ভটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী তথা গৱেষকসকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতি শাখাতে সৰ্বাধিক দুগৰাকীকৈ বিজ্ঞানীলৈ বঁটা আগ বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷ এই সাতটি শাখা হৈছে জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান, বসুধা-বতৰ-সমুদ্ৰ আৰু গ্ৰহীয় বিজ্ঞান, কাৰিকৰী বিজ্ঞান, গণিত বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু ভৌতিক বিজ্ঞান৷ অৱশ্যে বঁটাৰ বাবে বিৱেচনা কৰিবলৈ হ’লে গৱেষক-বিজ্ঞানীগৰাকীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব, তেওঁৰ গৱেষণা দেশতেই সম্পন্ন হ’ব লাগিব, আৰু অৱশ্যেই গৱেষণা হ’ব লাগিব দিকদৰ্শী৷ এনেবোৰ কাৰণতেই এই সন্মানক দেশৰ বিজ্ঞান ক্ষেত্ৰৰ অত্যন্ত শীৰ্ষস্থানীয় বুলি গণ্য কৰি অহা হৈছে৷

        এতিয়া আহোঁ এইবছৰ এই বঁটা লাভ কৰা বিনয় কুমাৰ শইকীয়াৰ কথালৈ৷ NEIST-অৰ প’লিমাৰ পেট্ৰ’লিয়াম আৰু কয়লা ৰসায়ন গোটৰ বিজ্ঞানী ড° শইকীয়াই কৰ্কট ৰোগৰ কোষ চিনাক্তকৰণৰ বাবে কয়লাক ব্যাৱহাৰ কৰাৰ এক ৰাসায়নিক পদ্ধতিৰ বিকাশ ঘটাই দুবছৰমানৰ পূৰ্বে বিশেষ চৰ্চা লাভ কৰিছিল৷ দেহৰ কৰ্কট আক্ৰান্ত কোষ নিৰূপণকে ধৰি চিকিৎসাক্ষেত্ৰত কাৰ্বন আধাৰিত এক অতি ক্ষুদ্ৰাকৃতিৰ পদাৰ্থ ব্যৱহাৰ কৰা হয়৷ কাৰ্বন কোৱাণ্টাম ডট (CQD) নামৰ এই পদাৰ্থবিধৰ আকাৰ ১০ নেন’মিটাৰ, মানে ১ চেণ্টিমিটাৰৰ ১ নিযুতভাগৰ ১০ ভাগতকৈ সৰু (অৰ্থাৎ ০.০০০০০১০ চেণ্টিমিটাৰ)৷ আমেৰিকা আৰু জাপানৰ দুটামান ৰাসায়নিক উদ্যোগে DQD উৎপাদন কৰে যদিও এই উৎপাদন ব্যয় খুবেই বেছি৷ শইকীয়া আৰু তেওঁৰ সহযোগীয়ে যিৰূপে ’ডট’ উৎপাদনৰ কৌশল উদ্ভাৱন কৰিলে, সেই পদ্ধতিয়ে CQD-অৰ খৰচ আমদানিকৃত CQD-অৰ বিছভাগৰ এভাগলৈ হ্ৰাস কৰিলে৷ 

        শইকীয়াৰ এনে আৰু কিছু উল্লেখযোগ্য অৱদান আছে ৷ নিজা উদ্ভাৱনী গুণৰ বাবেই তেওঁৰ নামত ভাৰত আৰু আমেৰিকাত মুঠতে চাৰিটাকৈ পে’টেণ্ট আছে ৷ তেওঁলৈ যথাৰ্থভাৱেই আহিছে শান্তিস্বৰূপ ভটনাগৰ বঁটা ৷ এই বঁটাই এইটোও দুনাই প্ৰমাণ কৰিলে যে আমাৰ ইয়াতে পঢ়াশুনা কৰি (বিনয় শইকীয়া দেবৰাজ ৰয় কলেজৰ স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ), ইয়াতেই গৱেষণা কৰি বিজ্ঞানক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগ বঢ়াব পাৰি৷ তেওঁৰ এই সন্মান উঠি অহাসকলৰ বাবে অনুপ্ৰেৰণা হওক৷

(অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰি বসুধা-বতৰ-সমুদ্ৰ আৰু গ্ৰহীয় বিজ্ঞান ক্ষেত্ৰৰ সন্মানীয় শান্তিস্বৰূপ ভটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱলৈ ‘অন্যয়ুগ’ পৰিয়ালৰ হৈ জ্ঞাপন কৰিছোঁ আন্তৰিক ওলগ আৰু শ্ৰদ্ধা। তেখেতৰ গৱেষণাৰ যাত্ৰা সুদূৰপ্ৰসাৰী হওক।

লগতে এই বছৰৰ শান্তিস্বৰূপ ভটনাগৰ বঁটাৰ সকলো সন্মানীয় প্ৰাপক ক্ৰমে জীৱ বিজ্ঞান ক্ষেত্ৰৰ ড° অমিত সিং আৰু ড° অৰুণ কুমাৰ শুক্লা, ৰসায়ন বিজ্ঞানৰ ড° কনিষ্ক বিশ্বাস আৰু ড° টি গোৱিন্দৰাজু, কাৰিকৰী বিজ্ঞান ক্ষেত্ৰৰ ড° দেৱদীপ মুখোপাধ্যায়, গণিত বিজ্ঞান ক্ষেত্ৰৰ ড° আনিশ ঘোষ আৰু ড° সকেত সৌৰভ, চিকিৎসা বিজ্ঞান ক্ষেত্ৰৰ ড° জীমুন পান্নিয়াম্মাকাল আৰু ড° ৰোহিত শ্ৰীবাস্তৱ আৰু ভৌতিক বিজ্ঞান ক্ষেত্ৰৰ  ড° কণক সাহালৈ শ্ৰদ্ধাভৰা ওলগ জনাইছোঁ।         – সম্পাদনা কক্ষ, ‘অন্যয়ুগ’)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close