Written by sdblogs2011 8:20 am Poems

কথা

আবেদুৰ ৰহমানকথা কৈ থকাটোৱেই জীৱন!

যদিওবা নক’বলগীয়া কথা কৈয়ে
কালাতিপাত কৰোঁ
ক’বগীয়াবোৰহে ক’ব নোৱাৰোঁ
ভয়, জানোচা জীৱনেই হেৰায়

ক’বলগীয়া কথাবোৰ লুকুৱাই থ’ওঁ
সাজোঁ এখন কাৰাগাৰ
ক’বলগীয়া কথাবোৰ নিক্ষেপ কৰোঁ কাৰাগাৰত
কাৰাগাৰৰ চৌপাশে পহৰা দিওঁ
যাতে ভুলতেও জিভালৈ পিছলি নাহে
ক’বলগীয়া কথাবোৰ

ক’বলগীয়া কথাবোৰ কাৰাগাৰত থওঁ বাবে
ক’বলগীয়া হয় বহু নক’বলগীয়া কথা
কেতিয়াবা নিৰলে নিজানত

ক’বলগীয়া কথাবোৰ ফুচফুচাই কওঁ

য’ত কথক আৰু শ্ৰোতা এজনেই

ক’বলগীয়া কথাবোৰ সময়ত ক’লে
হয় আপুনি ছহিদ বেদীলৈ
নাইবা নিক্ষেপিত হ’ব পাৰে কাৰাগাৰৰ অন্ধ কুঠৰীলৈ

যদিওবা কথাটো একে৷
জাপি দিয়া যন্ত্ৰণাতকৈ স্বনিৰ্বাসনৰ যন্ত্ৰণা বেছি
যিহেতু আন্ধাৰ কুঠৰীৰ ভিতৰতো
সদম্ভে ক’ব পাৰি ক’বলগীয়া কথাবোৰ!

ক’বলগীয়া কথাবোৰ
কৈ থকাটোৱেইটো জীৱন!!

ঠিকনা : 
মূলাৰকুছি, নলবাৰী-৭৮১৩০৩
মোঃ নং -৯৩৬৫৪৪৮৩৬১

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close