ড° বুলজিৎ বুঢ়াগোহাঁই
বায়ুমণ্ডলৰ বিভিন্ন দিশৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটি হ’ল – বতৰবিজ্ঞান (Meteorology)। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান বিষয়সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্র-ছাত্রীসকলে ‘বতৰবিজ্ঞান’ৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰি ‘বতৰবিজ্ঞান’ত স্নাতকোত্তৰ, পি. এইচ. ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।
এজন সফল বতৰবিজ্ঞানী হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে– অনুসন্ধিৎসা, ভাল পৰ্যৱেক্ষণ ক্ষমতা, কষ্ট কৰাৰ মানসিকতা, যথেষ্ট ধৈৰ্য ধৰিব পৰা মানসিকতা, দলগতভাৱে কাম কৰাৰ দক্ষতা, সুন্দৰ যোগাযোগৰ দক্ষতা আদি।
‘বতৰবিজ্ঞান’ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল– অন্ধ বিশ্ববিদ্যালয় (http://www.andhrauniversity.edu.in), ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটেৰলজি (www.tropmet.res.in), কোচিন ইউনিভাৰছিটি অৱ ছায়েন্স এণ্ড টেকন’লজী (http://www.cusat.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, খড়গপুৰ (http://www.iitkgp.ac.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, মাদ্রাছ (https://www.iitm.ac.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, দিল্লী (https://cas.iitd.ac.in), ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰ (http://www.iisc.ac.in), ভাৰথিয়াৰ বিশ্ববিদ্যালয় (http://www.b-u.ac.in), শিৱাজী বিশ্ববিদ্যালয় (http://www.unishivaji.ac.in), আৰ্যভট্ট ৰিচাৰ্ছ ইনষ্টিটিউট অৱ অবজার্ভেশ্বনেল ছায়েঞ্চ (https://www.aries.res.in), পুণে বিশ্ববিদ্যালয় ( http://www.unipune.ac.in) আদি । এই শিক্ষানুষ্ঠানবোৰত ‘বতৰবিজ্ঞান’-ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয় । সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে ।
বতৰবিজ্ঞানৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন বিভাগ তথা অনুষ্ঠান-প্রতিষ্ঠান, যেনে – Agricultural Planning Divisions, Defense Research and Development Organization, Department of Agriculture, Department of Science and Technology, Food & Agricultural Organization, India Meteorology Department, Indian Air Force, Indian Council of Agricultural Research, Indian Institute of Tropical Meteorology, Indian Meteorological Department, Indian Navy, Indian Space Research Organization, Meteorology Departments, National Remote Sensing Agency, National Remote Sensing Agency, Space Application Center, Weather consulting organizations আদিত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে৷ বতৰবিজ্ঞানৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO-বোৰেও বতৰবিজ্ঞানৰ পাৰদৰ্শীসকলক নিযুক্তি দিয়ে। কৃষি মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত বতৰবিজ্ঞানৰ অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। বতৰবিজ্ঞানৰ সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ‘বতৰবিজ্ঞান’ গৱেষণাও এটা কেৰিয়াৰ হ’ব পাৰে।
* * *
ঠিকনা :
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন (৯৪৩৫১৮৮৬৩০)-ত যোগাযোগ কৰিব পাৰে ।
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
