(শ্ৰদ্ধাৰে কবি ৰফিকুল হোছেইনৰ হাতত)
চন্দ্ৰ কুমাৰ বড়া
পোতাশালত পিতাকে খেপিয়ায় আন্ধাৰ
ভোকত কাতৰ
কণ্ঠত নিফুট মাত
পিয়াহত আতুৰ
ভোকাতুৰ
বৃদ্ধজনে পান কৰিছে
এটি শীতল স্তনৰ দুগ্ধ
তাইৰ দুচকুৱে সাঁতুৰিছে আন্ধাৰত
ভাহি আহিছে
ঢৌ তোলা উচুপনিৰ ধ্বনি এটা
শিশু এটা শুই আছে
বাউসি এটাৰ সপোন জলঙাত
তাই আছিল অভিশপ্ত
সেই স্তনৰ গৰাকী
প্ৰাচীন ৰঙেৰে ইমান নিজান
নিজান ৰঙেৰে ইমান প্ৰাচীন
প্ৰাচীনৰ মাজেৰে ইমান প্ৰহৰ
প্ৰহৰৰ মাজেৰে ইমান অৰ্বাচীন
ক্ৰমাৎ
গধুৰ হৈ আহিছে স্তনৰ ভাৰ
কাৰো কাকো একো সোধা হোৱা নাই
আন্ধাৰতে সাঁচি ৰখা পিতাকৰ কথাবোৰ
বুটলিছে আন্ধাৰতে তাই
গধুৰ দুচকুৰে
আন্ধাৰতে এৰি থৈ
এটা জীয়াসুঁতি
তাই উভতিছে ঘৰলৈ
(বি: দ্ৰ: কবি ৰফিকুল হোছেইনৰ ‘নিজানত‘ শীৰ্ষক কবিতাটোৰ অনুপ্ৰেৰণাত)
ঠিকনা:
দ্বিতীয় মহলা, ৰজত দাস ভৱন,
মিলন নগৰ, ভি. আই. পি. ৰোড
ডাক: বিমান বন্দৰ
গুৱাহাটী –৭৮১০১৫দূৰভাষ: ৬০০০৩০৭৫৯৮
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
