Written by sdblogs2011 5:41 am Articles

জোতা

 নীলোৎপল বৰুৱা


 বেদ বৰাই বুটজোতা ল’লে।

শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে।

প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ যুদ্ধ জিকি উভতি অহা বিজয়ী চামুৰাই এজনৰ মুখ ভংগিমাৰে তেওঁ ঘৰলৈ আহিল!!

দামী জোতা।

কিচকিচিয়া ক’লা চামৰাৰ বুটজোৰৰ ওপৰত কে’বাটাও ষ্টিলৰ বুটাম লগোৱা।

গপচ্ গহীন এযোৰ জোতা।

বচ্… বেদ বৰা, বেদ বৰা হৈ নাথাকিল। থিতাতে তেওঁ হ’ল এজনী মাগধী বৰবণিতা। অভিজ্ঞা। তীৰৰ দৰেই ধাৰাল। কেঞা আঙুলিৰ দীঘল নখটোৰে আকুঁহি গ’ল গুৰুকূলৰ পৰা শিক্ষণ সদ্যসমাপ্ত কৰি ৰাজকাৰেঙলৈ ওভতা অসূৰ্যস্পৰ্শ ৰাজকুমাৰ। বাহু, বক্ষ, উদৰ, জংঘা… ! জোতাই বেদ বৰাক ভাঙে, গঢ়ে, গলায়, শুকুৱায় …

এনেকুৱাও নহয় যে, তেওঁৰ জোতা নাছিল।

আছিল। অৱশ্যে এযোৰেই।

এনেকুৱাও নহয় যে তেওঁক বুটজোতা পিন্ধিলে শুৱাব।

নুশুৱায়। সেয়া তেওঁ নিজেও জানে।

বেদ বৰা কৃশকায়!

প্ৰথম দৃষ্টিতে ব্যক্তিত্বহীন যেন লগা।

ভিৰৰ মাজত কেতিয়াও চকুত নপৰা।

শাঁওবৰণীয়া।

অনুজ্জ্বল চকু। এটা দুৰ্বল কন্ঠস্বৰ।

ভাৰত উপ মহাদেশৰ গড় জোখৰে মোটামুটি এটা পুৰুষাংগ!

মানুহে কয় বেদ বৰা ফুট ফেটিশ্ব।

তেওঁৰ নাৰীৰ ভৰিৰ প্ৰতি আসক্তি আছে।

তেওঁ মানুহৰ ভৰিহাললৈ ৰ লাগি চাই ৰয়।

প্ৰথম চিনাকিতে ভৰিহাললৈ ৰ লাগি চোৱা বেদ বৰাক লৈ মানুহ প্ৰায়ে অস্বস্তিত পৰে।

বেদ বৰা ফুট ফেটিশ্ব্ নহয়।

বেদ বৰা ফুট ফেটিশ্ব নহয়!

তেওঁৰ কোনো যৌন পদআসক্তি নাই।

পত্নী নিধিমা কাশ্যপৰ সৈতে ৰমণ কালত তেওঁ কেতিয়াও পত্নীৰ ভৰি চেলেকি, চুপি অথৱা চুমা খাই পোৱা নাই।

খাইছে যদি সেয়া নীচক কাৰ্য-কাৰণ!

শৰীৰৰ বিপ্ৰতীপ ক্ৰিয়া।

(ছাবমিচিভ হোৱাৰ কোনো লক্ষণ তেওঁৰ নাই!!)

বেদ বৰাই কাহানিও ভৰিক পূৰ্বৰাগত স্থান দিয়া নাই!

নিধিমা কাশ্যপ বৰাৰ ভৰি দুখন ধুনীয়া। ঈৰ্ষা লগাকৈ ধুনীয়া। ৰাখেও সযতনে।

(অৱশ্যে নিধি কাশ্যপে ভৰিতকৈও জৰায়ুটোক বেছি গুৰুত্ব দিয়ে!)

কিন্তু বেদ বৰাৰ বিষয়ে গুজৱটো বহুদিনৰ পৰা আছে- যিকোনো পুৰুষ নাৰীৰে ভৰি দুখনলৈ তেওঁ প্ৰথমে চায়!

গোটেই কাৰবাৰটো দৃষ্টিকটু হয়।

কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যৌনগন্ধী আৰু অপৰাধপ্ৰৱণ নোহোৱাৰ বাবে কোনেও আজিলৈকে তেওঁক দোষাৰোপ কৰা নাই।

এটা সৰল, নিষ্পাপ, শিশুসুলভ আৰু অহৈতুকী কৌতুহল হিচাপে কথাটো অনন্তত বিলীন হৈ যায়।

বেদ বৰাৰ প্ৰিয় বিষয় আচলতে মানুহৰ জোতা। 

তেওঁৰ ভিতৰৰো ভিতৰত গোজ পুতি বহি আছে এটা পাদুকা আসক্তি।

তেওঁৰ তেজে তেজে বিলীন সেয়া।

সকলোৱে ভাবি লয় তেওঁ ফুট ফেটিশ্ব।

(চুবুৰীৰ ৰাগিণী ‌শ‌ইকীয়াই তেওঁৰ এই দোষ অথৱা গুণটোক খুউব শ্ৰদ্ধা কৰে।

ৰাগিণী শ‌ইকীয়াই নিজৰ ভৰিহালৰ নামত কলেজৰ শিক্ষক স্বামীৰ যথেষ্ট টকা খৰচ কৰে।

নিয়মীয়া পেডিকিউৰ, ৱাক্সিং, মাছাজ, দামী নেইল কালাৰ…

এই সকলোবোৰৰ শেষত তেওঁ প্ৰায়ে ক’লা ৰঙৰ এটা লিপিট খোৱা স্কাৰ্ট পিন্ধে।

এযোৰ ৰঙা জোতা।

ঘৰৰ আটকীয়া বেঙেনাকেইটা আটোমটোকাৰিকৈ বজাৰলৈ উলিয়াই নিয়াৰ দৰে তেওঁ ভৰিহাল লৈ ওলাই যায়।

ভৰি নহয় যেন সেয়া শাণিত কাটানা!!

লাওৰ শাহৰ দৰে বগা ভৰিহাল তেওঁৰ ট্ৰাম্পকাৰ্ড। বহু ৰজা-মহাৰজাক তেওঁ ভৰিহালৰেই ঘাইল কৰে।

তেওঁৰ ভৰিৰ সুকঠিন আদেশত ক্ৰীতদাসৰ দৰে শিৰণত অনেক সভক্ত প্ৰতিপক্ষ‌!!

বেদ বৰাৰ থৰলগা দৃষ্টি ৰাগিণী শ‌ইকীয়াৰ বাবে এক অনিৰ্বচনীয় পুলক !)

বেদ বৰাই নিজকে ভাল পাবলৈ শিকা বেছি দিন হোৱা নাই।

মা পিতাকে তেওঁৰ নামটো বেদাই ৰাখিছিল। গাঁওখনে তেও‍ঁক বেদাই বুলিয়েই মাতে।

নামটোৰ প্ৰতি তেওঁৰ প্ৰচণ্ড ঘৃণা। সমান জোখৰ হীনমন্যতা।

কাষৰ গীৰ্জাটোত নতুনকৈ আৰম্ভ কৰা স্কুলখনত নাম ভৰ্তি কৰোঁতে নামটো বেদাই বৰা বুলিয়েই কোৱা হৈছিল।

কেৰেলিয়ান ছিষ্টাৰগৰাকীয়ে কি শুনিলে জানো- ইংৰাজী ভি আখৰটোৰে আৰম্ভ কৰি তেওঁৰ নামটো লিখি থ’লে।

হাইস্কুলৰ গোটেই সময়ছোৱা তেওঁ ভেদ বৰা হিচাপে কটালে।

আত্মসন্মানৰ পলুটো লেটা পকাই ভিতৰৰো ভিতৰলৈ সোমাই গৈছিল!

‘সোণাই কলিতা ট্ৰাষ্ট’ৰ টকা লৈ দূৰৰ চহৰখনত পঢ়িবলৈ যোৱা ভেদক যেতিয়া ইংৰাজী মাধ্যমৰ ছাত্ৰী আকাংক্ষা সোণোৱালে  মাতি দিলে… 

হেই ৱেদা..শুনানা!

আত্মবিশ্বাসৰ নেমুপুলি এটা বেদ বৰাৰ ভিতৰৰো ভিতৰত গজি উঠিল। ফেৰেঙণি মেলি দিলে।

স্পাৰ্টান যোদ্ধাৰ দৰে ভৰিৰ কলাফুললৈকে পকাই চামৰাৰ ফিটা লগোৱা জোতা এযোৰ পিন্ধা আকাংক্ষাক তেওঁ নিৰ্বিবাদে দি গৈছিল সকলো.. 

প্ৰেক্টিকেলৰ বহী, নোটচ্… 

মনটো দিবলৈ সাহে নুকুলালে, আকাংক্ষায়ো নিবিচাৰিলে!!

খুব অনাড়ম্বৰ জীৱন এটা কটাই আহিছে বেদ বৰাই। খুবেই অনাড়ম্বৰ…

এটা শুকান শৈশৱ।

… আৰু এটা সন্তানৰ আকাংক্ষাৰে বাপেকৰ প্ৰতিদিন শব্দময় মৈথুন!! 

শৰীৰী ক্ৰীড়াত ভোটা ৰুচিৰ বাপেকৰ ইচ্ছা আৰু মাকৰ অনিচ্ছাৰে প্ৰতিটো ৰাতিৰ টনা আঁজোৰা..

যৌতুকত অনা পুৰণি বিছনাৰ কেৰমেৰণি…

ঘৰ্মাক্ত আপত্তিৰে মুখৰিত দুকোঠলীয়া সৰু কেঁচি-বাটামৰ ঘৰটো!!

অনুজ্জ্বল ঘৰটোত ক্ৰমে বাঢ়ি আহিছিল বেদ বৰাৰ পাদুকা বিলাস!!

দূতৰ ভাও দিবলৈ বাপেকে পোছকৰ দোকানৰ পৰা ভাড়ালৈ অনা পয়জাৰযোৰ…

সেয়া বেদ বৰাই দেখা প্ৰথম জোতাৰ অনুকৃতি।

সৰু সৰু মণি খটোৱা, সোণালী লে’চ্ লগোৱা পয়জাৰযোৰ বেদ বৰাই লুকুৱাই পেলাইছিল।

বহুদিন নিজৰ লগতে লৈ শুইছিল।

বেদ বৰাৰ প্ৰথমযোৰ জোতা পোৱাৰ দিনটো এটা উৎসৱৰ দৰে আছিল।

পুৱাই শুই উঠি বাপেকৰ সৈতে দূৰৈৰ বজাৰলৈ গৈছিল।

সাধাৰণতে বাপেকে সাপ্তাহিক বজাৰলৈ নিয়া শাক পাচলিৰ উপৰি সেইদিনা চাইকেলত দুবস্তা সুৱাগমণি ধানো বোজাই কৰি লৈছিল।

বেচিবলৈ অনা পোৱালি গাহৰিৰ মকমকনি, ঔষধ বেচা বেপাৰীটোৰ অনৰ্গল বিজ্ঞাপন… ৰং দিয়া জিলাপী ভজা তেলৰ চেঁচেঁৱনি… আতৰ বেচা দঢ়ীয়া বেপাৰীটোৰ গাৰ পৰা অহা জেচমিন ফুলৰ গোন্ধ… কেচা কলৰ গোন্ধৰ মাজত বেদ বৰা বহি আছিল ধান বিক্ৰী যোৱালৈ!

এপাকত বাপেকে দি থৈ যোৱা কাটা বিস্কুট চোবাই চোবাই সি প্ৰতিজন ধানবেপাৰীলৈ এক আকুল আগ্ৰহৰে চাই ৰৈছিল!

সেই চাৱনিত প্ৰাৰ্থনা আছিল। এটা আঠালেতীয়া প্ৰাৰ্থনা। স্ব‌ইচ্ছাৰে বিক্ৰী যাব খোজা ক্ৰীতদাসৰ উপাসনা!!

একমাত্ৰ সন্তানক জোতা কিনি দিয়াৰ গৰ্বৰে ওফন্দি উঠা এজন পিতা আৰু অলিভ গছৰ ঠানি হাতত লৈ অহা উৎফুল্লিত পুত্ৰ..!

ঘৰমুৱা চাইকেলখন কেৰকেৰাই চলি গৈছিল সুৰুকীয়া নিতাল গো-বাট এটাৰে!

বহু কেৰ-জেৰ কৰাৰ মূৰতহে মুছলমান জোতা বেপাৰীজনে ধান দুবস্তাৰ দামত কেনভাছৰ জোতাযোৰ দিছিল।ওপৰঞ্চি বিক্ৰী নোহোৱা জিকা আৰু ভোলকেইটাও ৰাখি থৈছিল!! 

পিতাকে জোতা পিন্ধিব নোৱাৰে। ভৰি দুখন অঁভজা। বুঢ়া আঙুলিদুটা বাহিৰলৈ ওলাই থাকে। হাৱাই চেণ্ডেলযোৰৰ বুঢ়া আঙুলি পৰা ঠাইকণ ক্ষয় যায় খুব কম দিনতে। ক’ৰবালৈ গ’লেহে চেণ্ডেলযোৰত সুমুৱাই লৈছিল ভৰি।

(গ্ৰীচৰ এটা খনন কাৰ্যত তাম্ৰযুগৰে জোতা এযোৰ পোৱা গৈছিল। প্ৰায় খ্ৰীষ্টপূৰ্ব পাঁচ হাজাৰ বছৰৰ। জোতাৰ ধাৰণা অহাৰ পৰাই হেনো সলনি হ’বলৈ লৈছিল মানুহৰ ভৰিৰ জোখ!!

ফ’ছিলত পোৱা ভৰিৰ জোখ চায়েই হেনো নিৰ্ধাৰণ কৰা হৈছিল কংকালটোৰ পদমৰ্যাদা।

দাস অথবা খেতিয়কৰ ভৰিবোৰ বহল। আঙুলিবোৰ বেকেটা-বেকেটি!! বিপৰীতে মহানাগৰিকৰ ভৰিবোৰ আছিল নিখুঁত! বেদ বৰাৰ বাপেকৰ ভৰিহাল নিশ্চিত ভাৱে ক্ৰীতদাসৰ ভৰি।)

বেদ বৰাই যেতিয়া প্ৰথম বাৰৰ বাবে বুজি উঠিছিল- মানুহে তিনিসাঁজ খাদ্য খায় আৰু প্ৰত্যেক সাঁজৰে নিজা নাম আছে, তেতিয়ালৈ কেনভাছৰ ক’লা জোতাযোৰ সৰু হৈ পৰিছিল।

বুঢ়া আঙুলিৰ ওচৰত ফুটা ওলাইছিল। ফুটাটোত আলকতৰা অলপ লেপি বেদ বৰাই আকৌ প্ৰাৰ্থনা কৰিছিল-ভৰিহাল সৰু হৈ যাওক।

(ঠিক চীনৰ সুন্দৰী সংজ্ঞাবদ্ধ নাৰীবোৰৰ দৰে!!

পাঁচ ৰজা আৰু সাত মহাদেশৰ চাং ৰাজবংশৰ সময়তে চীনৰ অভিজাত মহিলাবোৰে কাঠৰ জোতা পিন্ধিছিল। ভৰিবোৰ সৰু হ’বলৈ।

ভৰি সৰু হৈছিল। কিন্তু মানুহজনী ৰুগীয়া হৈছিল। ভাৰসাম্য হেৰুৱাইছিল। অসহ্য বিষত কেঁকাই থকা সৰুফুটীয়া ভৰিৰ মহিলাসকলে পাছলৈ মানসিক বিভ্ৰান্তিত ভূগিছিল!! 

নিৰন্তৰ ৰঙালাওৰ আগ, কঁঠাল লগাৰ সময়ত একেৰাহে কঁঠালৰ মুচি , কাঁচকলৰ সময়ত একেৰাহে কাঁচকল খাই বাঢ়ি থাকোঁতে প্ৰথমবাৰৰ বাবে বেদ বৰাই দামী জোতা দেখিলে…

এইটলৈকে পঢ়ি স্কুল এৰা বাবুল আলফা হৈছিল। দগধা বাবুলৰ চেহেৰা হঠাতে সলনি হৈ গৈছিল।

চাৰিআলিত আড্ডা মাৰি মাৰি, তাচ খেলি সময় পাৰ কৰা বাবুলে মাজতে য়ামাহা আৰ এক্স হাণ্ড্ৰেড মটৰ চাইকেল এখন ল’লে!!

জিনছৰ ছাৰ্ট জিনছৰ পেন্ট পিন্ধা বাবুলৰ উডলেণ্ড কোম্পানীৰ জোতাযোৰ বেদ বৰাই চকু ফাটি যোৱাকৈ চাইছিল।

বাবুলে বেদ বৰাক জোতাযোৰ চুই চাবলৈকো দিছিল। চামৰাৰ ফুৰফুৰীয়া গোন্ধটো বেদ বৰাই বুকু ভৰি ল’লে!!

… পাছত ঠিক তেনেকুৱাই এযোৰ জোতা কলেজৰ একে লগৰ উৎপলৰ ভৰিত দেখিছিল তেওঁ।

উৎপলে নিধি কাশ্যপক প্ৰেমৰ প্ৰস্তাব দিছিল! নিধিয়ে একো উত্তৰ নিদিলে।

কোনোবা এটা দুপৰীয়া খালী কৰিডৰটোৰ মুৰতে নিধি কাশ্যপে বেদ বৰাক প্ৰেমৰ প্ৰস্তাৱ দিছিল।

(আচলতে তাইৰ জৰায়ুলৈ আমন্ত্ৰণ দিছিল।)

ক’লা চিকমিক্ পামশ্বুযোৰৰ ফালে একেথৰে চাই বেদ বৰাই ধাক্কাটো চম্ভালি লৈছিল।

বেদ বৰাই ক্ষণিকতে  বুজি উঠিল- এই প্ৰেম কোনো কাৰণতে হঠাতে হোৱা প্ৰেম নহয়। ই চালি-জাৰি চাই হোৱা প্ৰেম।

এই প্ৰেম হ’ব পৰাকৈ তীক্ষ্ণ মগজুৰ বেদ বৰাৰ নম্বৰ তালিকা খিনি যথেষ্ট আছিল।

সকলো আচৰিত হৈছিল- অনাকৰ্ষণীয়, নিঃশব্দ বেদ বৰাৰ প্ৰেমিকা চহৰখনৰ অভিজাত প্ৰশাসনীয় বিষয়া এজনৰ সুন্দৰী জীয়েক।

নিধি কাশ্যপ বিশেষ চোকাও নাছিল আৰু বৰ গাধাও নাছিল।

কোনোবাই যদি একান্ত সময়ত সোধে-নিধি তোমাৰ জীৱনৰ লক্ষ্য কি, এক চিকুট চিন্তা নকৰাকৈয়ে নিধি কাশ্যপে কৈ উঠিব- মাক হোৱা !! গৰ্ভত সন্তান ধাৰণ কৰা।

বছ্ !! সিমানেই।

তন্বী, লতা এডালৰ দৰে দেহবল্লৰীৰ নিধি কাশ্যপে জীৱনত অকল মাক হ’বলৈকে বিচাৰিছিল।

সেয়ে উৎকৃষ্ট বীৰ্য হিচাপে বাচি লৈছিল বেদ বৰাক।

(সেইটোৱেই হৈছিলগৈ… বিয়াৰ প্ৰথম নিশাই নিধি কাশ্যপে সাজু কৰি তুলিছিল ফেল’পিয়ান টিউব!)

বেদ বৰা আৰু নিধি কাশ্যপৰ প্ৰেমালাপবোৰো সেই ধৰণৰেই আছিল… 

নিধি কাশ্যপ ঘুৰি ঘুৰি গৰ্ভাধাৰণতেই ৰৈ যায় !! 

“নৰ্মেল ডেলীভাৰী বেষ্ট! ছিজাৰিয়ানত পাছলৈ ঢেৰ সমস্যা আহে!”

“আজিকালি ঢেঁকী নাই বাবেহে… নহ’লে ঢেঁকী দিলে  বেবীটো অ’ভেৰীত ধুনীয়াকৈ ছে’ট হয়। ডেলীভাৰিত সমস্যা এক চিকুটো নহয়!!”

‘মাকে শুকান শিলিখা আধা খাই সেই শিলিখাৰে বেবীটোৰ ভুৰু আঁকিলে পাছলৈ ভ্ৰূ ধেনুভিৰীয়া হয়…’

“জানা বেদ! মোৰ প্ৰথম বাচ্চাটো ছোৱালীয়েই হ’ব। আমাৰ শৰ্মা আংকলে আজি মোৰ কোষ্ঠী চাইছিল!”

“বাহী মুখৰে মাকে ফুৱাই দিলে বেবীটোৰ নখবোৰ নিজে নিজে সৰি পৰে। মোৰ যে নেইল কাটাৰলৈ ইমান ভয় লাগে !!”

বেদ বৰা খাটাং আছিল- কোনোবাই যদি তেওঁলোকৰ প্ৰেমকাহিনীটো লিখি পেলায়, সেইখনৰ নাম “বেদনিধিৰ জৰায়ু যাত্ৰা” ৰাখিব!

এপাকত তেওঁ কৈ উঠিছিল হানীমুনৰ বাবে তেওঁলোক আৰ্মেনীয়ালৈ যাব!

(আৰ্মেনীয়াত খননকাৰীৰ দল এটাই পৃথিৱীত আটাইতকৈ প্ৰাচীন জোতাযোৰ পাইছিল। চিৰামিকৰ বাটি এটা , ছাগলীৰ শিং আৰু আৰু চামৰাৰ এযোৰ জোতা আকৃতিৰ বস্তু !!)

কিন্তু বিষয়টো আগ নাবাঢ়িল।

এৰাতি বেদ বৰাই প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰৰ জোতা দেখিলে।

ক’লা। কিচকিচিয়া। গেমেহা।

ভোটা বুটজোতা।

বাবুল আলফাই বজাৰত বাঁহৰ লাঠিৰে সৰু সুৰা বেপাৰীবোৰক কোবাই সংগঠনৰ নামত টকা তুলিছিল। শাক বেপাৰীৰ পৰা গৰু বেপাৰীলৈকে কোনো সাৰি যোৱা নাছিল।

এৰাতি বাবুল আলফা ফোপাই জোপাই বেদ বৰাৰ ঘৰত সোমাইছিল। মিলিটেৰীয়ে ঘেৰাও কৰিছিল গোটেই গাঁও।

মদগজ মিলিটেৰী এটাই বেদ বৰাৰ ঘৰৰ মজিয়াতে বুটজোতাৰে গচকি থৈছিল বাবুল আলফাৰ মুৰটো।

পিৰপিৰকৈ তেজ বৈ আহিছিল নাকেৰে।

অলপ লৰচৰ কৰোঁতেই কে’বাটাও মিলিটেৰীয়ে গচকি ধৰিলে বাবুল আলফাক।

খুউব ওচৰৰ পৰা বেদ বৰাই ৰাষ্ট্ৰৰ জোতা দেখিছিল।

এন্ধাৰ বৰণীয়া!

ভাৰী আৰু ধাতু যুক্ত!

নিৰ্দয়।

শীতল।

(পাছলৈ বাবুল আলফা মিলিটেৰীৰ অনুচৰ হৈছিল। মুখত কাপোৰ বান্ধি চাপৰিত লুকাই থকা চাৰুহঁতৰ দলটোক দেখুৱাই দিছিল। গোটেই ৰাতি হোৱা গুলীয়াগুলিৰ অন্তত চাৰুহঁতৰ লাচবোৰ পুলিচে বাঁহৰ ঢাৰিৰে মেৰিয়াই গাঁৱৰ মুৰৰ স্কুলখনৰ চোতালত পেলাই থৈ গৈছিল!)

লাহে লাহে তেওঁৰ জোতাৰ জগতখনলৈ সোমাই গৈছিল। লোডী গাৰ্ডেনৰ পকাৰ বেঞ্চখনৰ একোণে বহি ফোনত উষ্মভাৱে কথা পাতি থকা লেটিন এমেৰিকান ছোৱালীজনী… 

বায়েকক তাই বাপেকৰ নতুন গাৰ্লফ্ৰেণ্ডৰ বিষয়ে কৈ আছিল…

তাইৰ গাৰ পৰা ছাগলী গাখীৰৰ চীজৰ দৰে গোন্ধ এটা উপঙি আহিছিল !

বাইছনৰ ছালেৰে বচিলোৱা ৰঙা ম’কাচিন এযোৰ পিন্ধি আছিল তাই…

ছাউথ এক্সটেনশ্যনত থকা মেংগ’ৰ শ্ব’ৰূমটোত সোমোৱা কুমাওঁ ছোৱালীজনী… চিকমিকাই থকা মাৰ্বলৰ মজিয়াত তাইৰ জীৰ্ণ ৰেক্সিনৰ জোতাযোৰ লুকুৱাবলৈ ভৰিহাল কোঁচ খুৱাই দিছিল…

ভেল্ডস্কোৱেন জোতা পিন্ধা ঘানাৰ ল’ৰাটো… সত্য নিকেতনৰ ওচৰে-পাজৰেই সি ড্ৰাগছ্ বেচিছিল…

পুলিচে কোটৱালীলৈকে বাইকতে মাজত বহুৱাই নিছিল…

ওলোৱাই নাই চাগৈ জেলৰ পৰা…

তিলকপুৰী ৰোডৰ গুৰ্জৰ বোৱাৰীজনী… গিৰীয়েকে বেলকনিৰ পৰা ঠেলা মাৰি দিছিল… ফাটি যোৱা শৰীৰৰটোৰ কাষতে বকলেচ্ লগোৱা চামৰাৰ পামশ্বুযোৰ পৰি আছিল… কাজিয়া লাগি মাকৰ ঘৰলৈ যাবলৈ ওলাইছিল তাই..

গুনিয়া..গুনিয়া… মেহৰ’লিৰ জংগলখিনিৰ কাষতে ঝুগ্গীত থকা মূক-বধিৰ ছোৱালীজনী… 

কোনোবাই উপৰ্যুপৰি ধৰ্ষণ কৰি নিম গছ জোপাৰ তলতে পেলাই থৈ গৈছিল!!

নিম্নাংগত কপোৰ নাছিল..

তেজৰ কঁৰাল!!

ওচৰতে তাইৰ টায়াৰেৰে কটা চেণ্ডেলযোৰ পৰি আছিল…

আজি কেইদিনমানৰ পৰা ছোৱালীজনীক ওচৰৰে ল’ৰা এটাই আমনি কৰি আছে।

সুহুৰী, আকাৰ-ইংগিত…

বাৰাণ্ডাত বেদ বৰা বহি থাকিলেও গুৰুত্ব নিদিয়ে। আচলতে বেদ বৰাক ভয় কৰিব লগীয়া একো নায়ো।

তীব্ৰ বেগেৰে বাইক চলাই যাঁওতে অশ্লীল টিটকাৰী মাৰি যায়!!

বেদ বৰাই বুট জোতাযোৰ পিন্ধি ল’লে।

তেওঁ এখন ৰাষ্ট্ৰ হ’ল।

বাটলৈ ওলাই দিলে!

* * *

ফোন : ৯৮৫৪৫৬৬৪২৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close