(বিশ্ব-সাহিত্য)
ৰুদ্ৰ সিংহ মটক
১৯৩০ চনত এড’নিছৰ জন্ম মধ্য প্ৰাচ্যৰ ছিৰিয়াত। কবি, সমালোচক, অনুবাদক, সম্পাদক এড’নিছৰ আচল নাম আছিল আলি আহমদ ছাঈদ। চৰকাৰ বিৰোধী সাংবাদিকতা আৰু ৰাজনৈতিক কাৰ্যকলাপৰ বাবে তেওঁ নিৰ্বাসিত হ’ব লগা হৈছিল। এড’নিছৰ মতে তেওঁ এনে এক ভাষাত লিখে যি তেওঁক উপহাৰ দিলে নিৰ্বাসনৰ অনি:ৰ্শেষ যন্ত্ৰণা। ১৯৫৬ চনত তেওঁ দেশ ত্যাগ কৰি লেবাননত থাকিবলৈ লয়। লেবাননত তেওঁ এদল দেশান্তৰিত, সক্রিয় কবি-লেখকক লগ পায়। তাত তেওঁ Shi’r আৰু Mawaqif নামৰ দুখনকৈ প্ৰগতিশীল আলোচনীৰ সম্পাদকৰূপে প্ৰচুৰ খ্যাতি আৰু জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হয়। Shi’r আলোচনীত য়েটছ, পাউণ্ড, এলিয়টৰ দৰে ইউৰোপীয় কবিসকলৰ অনুদিত কবিতাও প্ৰকাশ পাইছিল। এড’নিছে নিজেই পল ক’ডেল আৰু ছেইণ্ট জন পাৰ্ছৰ কবিতা অনুবাদ কৰি উক্ত আলোচনীত আধুনিকতাবাদী কাব্যচিন্তাৰ নতুন উন্মেষ ঘটাইছিল। দেশত চলা চৰকাৰী অবদমন-নিৰ্যাতনৰ বিৰোধিতা কৰি মুছলিম ধৰ্মীয় কৰ্তৃপক্ষই মছজিদৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত এড’নিছে যোগদান কৰা নাছিল। তেওঁ স্পষ্ট ভাষাৰে কৈছিল,”I will never agree to participate in a demonstration that comes out of a mosque.” উদাৰপন্থী, গণতান্ত্রিক চিন্তাধাৰাৰ কবি, বুদ্ধিজীৱীজনে বাথিষ্ট ৰাজৰ স্বেচ্ছাচাৰিতা আৰু ধূৰ্ত, গোড়া মুছলিম থিয়’লজিষ্টসকলৰ ধৰ্মীয় উগ্ৰবাদ, দুয়োটাৰে সমানে বিৰোধিতা কৰিছিল।
প্ৰতিভাশালী কবি এড’নিছে আৰবী কবিতাক পৰম্পৰাগত গতানুগতিক ছন্দবন্ধনৰপৰা মুক্ত কৰিলে। নতুন অনুশীলন আৰু সম্পৰীক্ষাৰে তেওঁ মুক্তক ছন্দক পৰিৱৰ্তনশীল আপাত: জটিল, আধুনিক কাব্যচেতনাৰ উপযোগী কৰি তুলিলে। প্ৰখ্যাত সাহিত্য সমালোচক এড’ৱার্ড ছাঈদ (Edward Said)-ৰ দৃষ্টিত এড’নিছ হ’ল আৰব বিশ্বৰ অতি প্ৰভাৱশালী এগৰাকী বিপ্লৱী কবি- “Today’s most daring and provocative Arab poet.” তেখেতৰ কাব্যগ্রন্থমূহ হ’ল The Blood of Adonis (1971 ), If Only the Sea Could Sleep (2002), Mihyar of Damascus: His Songs (2008), Adonis: Selected Poems (2010)। তেওঁ দীর্ঘকালৰ সাধনা, গবেষণাৰে লিখি উলিয়াইছিল বৃহদাকাৰ তিনিটা খণ্ডৰ Anthology of Arabic Poetry (1964) আৰু চাৰিটা খণ্ডৰ সমালোচনামূলক ইতিহাস গ্ৰন্থ—The Fixed and the Transformative (1974).। আৰবী কবিতাত তেওঁৰ যুগান্তকাৰী প্ৰভাৱৰ কথা ৱিকিপিডিয়াত এনেদৰে লিপিবদ্ধ হৈছে-“He led a modernist revolution in the second half of the 20th century, exerting a seismic influence on Arabic poetry comparable to T.S. Eliot’s in the anglophone world.” নিজৰ জীৱনযোৰা কাব্যকৃতিৰ স্বীকৃতি স্বৰূপে এড’নিচে লাভ কৰে প্রথম আন্তর্জাতিক নাজিম হিকমত কাব্য বঁটা, চিৰিয়া-লেবানন শ্ৰেষ্ঠ কবি পুৰস্কাৰ, ব্ৰুছেল আন্তর্জাতিক দ্বিবার্ষিক কাব্য বঁটা। উল্লেখ্য যে তেওঁৰ নাম দুবাৰকৈ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। বেইৰুটৰ ছেইণ্ট য’চেফ ইউনিভাৰ্ছিটিৰ পৰা পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা কবি এড’নিছে দামাস্কাছ ইউনিভাৰ্ছিটিৰ উপৰি লেবানিজ ইউনিভাৰ্ছিটিতো অধ্যাপকৰূপে দীর্ঘকাল সেৱা আগ বঢ়াইছিল।
প্ৰথিতযশা কবি এড’নিছৰ চাৰিটা কবিতাৰ অসমীয়া ভাঙনি “অন্যযুগ”ৰ সহৃদয় পাঠকসকলৰ বাবে আগবঢ়োৱা হ’ল।
(১) পাপৰ ভাষামই মোৰ উত্তৰাধিকাৰ জ্বলাই দিলোঁআৰু কওঁ -মোৰ দেশ কুমাৰী, আৰুমোৰ কোনো কবৰ নাই যৌৱনতমই ঈশ্বৰ আৰু চয়তান দুয়োকে অতিক্রম কৰিছোঁ(মোৰ পথ ঈশ্বৰ আৰু চয়তানৰ পথৰ অতীত)মই মোৰ কিতাপৰ অভ্যন্তৰেদিউজ্জ্বল সতেজ শব্দমালাৰ সমদলত আগবাঢ়িছোঁআৰু শ্লোগান দিছোঁমোৰ পিছত কোনো স্বৰ্গ নাইমোৰ পিছত কোনো নৰক নাই
মই পাপৰ সকলো ভাষা মোহাৰি পেলালোঁ
০০০
(২) প্ৰাৰ্থনাহে’ ফিনিক্স, মই প্ৰাৰ্থনা কৰিছোঁতুমি ছাইৰ মাজতে থাকাঁ ,তুমি দপদপকৈ জ্বলি নুঠিবাজাগি নুঠিবা আজি ৰাতি।মই তোমাৰ নিশাৰ অভিজ্ঞতা এতিয়াও পোৱা নাইআন্ধাৰ মাজত নাওখন এতিয়াও উপঙি উঠা নাই
হে ফিনিক্স, প্ৰাৰ্থনা কৰিছোঁ কুঁৱলিবোৰৰ বিনাশ হওক
আমি যেন থাকিব পাৰোঁ জুই আৰু ছাইত।
হে ফিনিক্স, আমি প্ৰাৰ্থনা কৰোঁপাগলামি যেন আমাৰ সংগী হয়।
০০০
(৩)মাতৃভূমিযি মুখ শুকাই যায় বিষাদৰ মুখাত মই তাতমোৰ মূৰ দোৱাওঁ।মই মূৰ দোৱাওঁ সেই পথৰ ওচৰত যাৰদাঁতিত ৰৈ কান্দিবলে পাহৰো। যি পিতা নিজৰ মুখত পাল তৰি সতেজ মেঘৰ দৰেমৃত্যুক আঁকোৱালি ল’লেতেওঁৰ কাষত মই মূৰ দোৱাওঁমই তেওঁৰ কাষত মূৰ দোৱাওঁযি শিশু প্ৰাৰ্থনা আৰু জোতা পলিছৰ বাবেই বিক্রী হৈ গ’ল(আমাৰ দেশত আমি সকলোৱেই প্ৰাৰ্থনা কৰোঁ আৰুজোতা পলিছ কৰোঁ)যি পাথৰে আমাৰ ক্ষুধাৰে খোদাই কৰিছে এইবুলিযে- সিহঁতআমাৰ চকুৰ মণিত বিদ্যুৎ আৰু বৰষুণৰ পানী হৈবাগৰি পৰিছেআৰু সেই বাৰী যি মাটি আমি বহন কৰিছোঁ এইভৱ সংসাৰততাৰ কাষত মূৰ দোৱালোঁ
এই সকলোখিনিচোন আমাৰে মাতৃভূমি
০০০
(৪) ছিছিফাছ
আমি শপত লৈছোঁ, আমি পানীৰ ওপৰত লিখিমআৰু ছিছিফাছৰ সৈতে কঢ়িয়াম নৈঃশব্দৰপাথৰ
আমি শপত লৈছোঁ আমি ছিছিফাছৰ লগত থাকিম
ছিছিফাছ, যি জ্বৰ আৰু জুই আঙনিত দগ্ধ।
আৰু অন্ধ হৈও সন্ধান কৰিছে অন্তিম পাখিখিনিৰযি লিখিব ধূলিৰ কবিতাহেমন্ত আৰু ঘাঁহবোৰৰ বাবে,
আমি শপত লৈছোঁ, ছিছিফাছৰ লগত
থাকিম।০০০
ঠিকনা :
লাৰিকা গ্ৰীনভেলী
আজাৰা, গুৱাহাটী
পিন : ৭৮১০১৭,
ফোন : ৭০০২৩০৩৮৮২
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
