Written by sdblogs2011 5:19 am Poems

নভবাকৈয়ে…

  ধ্ৰুৱকুমাৰ তালুকদাৰ

নভবাকৈয়ে কিছুমান সময় আহে

ঘড়ীটো বন্ধ হৈ আছে

আন্ধাৰৰ মাজত এৰি থৈ অহা সপোনবোৰত

এটা দুটাকৈ ফুলবোৰ ফুলিবলৈ ধৰিছে…

ভালপোৱাৰ নামত মই যি কথা শিকিলোঁ

তাত কেৱল খোজৰ চিনবোৰহে আছে

বাট মুকলি কৰাৰ কৌশলবোৰ নাই

বহুতে বহু কথা কয় ৰাতি ৰাতি

দিনত সেইবোৰ ধোঁৱা চাঙত উঠে…

নভবাকৈয়ে আহে কিছুমান সময়

কাপোৰ-কানি ধুই তাঁৰত মেলি দিওঁতে দেখিলোঁ

পখিলা এটা আহি মোৰ ৰঙা চোলাটোতে বহিছে

দৃশ্যটো মোৰ ভাল লাগিল

আৰু ফটো এখন তুলি থ’লোঁ

ভাল লগা দৃশ্য কেমেৰাত বন্দি কৰিব পাৰি

কিন্তু ভাল লগা সময় 

কেমেৰাই বন্দী কৰিব নোৱাৰে…

মোৰ হাতত থকা মুদ্ৰাবোৰ

খৰচ কৰি কৰি চলি থাকোঁতেই

হঠাৎ এদিন ভাবিলোঁ ঘোঁৰা এটাকে কিনিম

আৰু তাৰ পিঠিত উঠি ভ্ৰমণ কৰিম

সেই নগৰখন

য’ত মোৰ মৃত্যু হৈছিল

একো নভবাকৈয়ে…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close