Written by sdblogs2011 5:19 am Poems

কেৰ্কেটুৱাটো

 হৰেকৃষ্ণ ডেকা

বাৰাণ্ডাতে বহি আছোঁ।

বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি।

কেৰ্কেটুৱা এটা ক্ষন্তেক ৰ’ল। মোলৈ চালে সি।

আৰু খৰধৰকৈ নাৰিকলজোপাৰ ওপৰলৈ

উঠি গ’ল।

বাতৰি-কাকতত খেদা-খেদি, গ্ৰেপ্তাৰ।

নাৰিকলজোপাৰ পৰা কিবা এটা পৰাৰ শব্দ হ’ল।

কেৰ্কেটুৱাটোৱে কুমলীয়া ডাব এটা কুটিছে

আৰু মাটিত পেলাইছে।

কাকতখনৰ শব্দবোৰ চকুত লৈ মই

সি নষ্ট কৰা ডাবটোলৈ চালোঁ।

সিও মোলৈ এপলক চালে।

ভীত চাৱনি। নিৰীহ চকু।

তাত অপৰাধ নাই।

কি শাস্তি দিম ?

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close