Written by sdblogs2011 4:23 am Poems

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি

দিগন্ত নিবিড়

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল’লোঁ

আৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক’লোঁ

পৃথিৱীৰ সকলো দুখকে ভাল পাই পেলালোঁ

চিত্ৰকৰ এজনৰ দৰে সকলো ৰং পান কৰি

আঁকি গ’লোঁ কাল-কেনভাছ

এদিন পৰ্বত এখন খহি পৰা কথাত বতাহে হাঁহিছিল;

বুৰঞ্জী ইয়াতো আছিল ফাটি যোৱা শিলবোৰত,

অস্থিয়ে উচুপা মৰিশালিত আৰু নিমাওমাও ৰাতিৰ চেঁচা চকুলোত

আহোঁতে-যাওঁতে মই যিজোপা গছক কাহিনীটো শুনাওঁ

সেই দুখৰ ফল খাবলৈ তুমি কিয় ইমান উচ্ পিচ্ কৰিছা?

কিয় টানি নিছা পুনৰ মোৰ ৰক্তিম ওঁঠ?

চকুৰ জেউতি হেৰুওৱাৰ আগেয়েই মই যাব লাগিব

অনেক পথ, কৈ শেষ কৰিব লাগিব যুদ্ধভূমিৰ গাথা

শিল কাটি কাটি পাৰ হ’ব লাগিব অনেক পাহাৰ

জুই একুৰাত শুবলৈ দিন-ৰাতি একাকাৰ কৰি

চলি থাকে যিদৰে আটাইতকৈ কৰুণ বিষয় মানুহ

সৰাপাতৰ তলৰ পৃথিৱীখনত প্ৰাচীন অতিবিষাদ গাথাবোৰ থাকে নীৰৱে

যি কোনো প্ৰেমিকে চুমা বুলি নাৰীৰ পৰা কামনা নকৰে মৰণবেলাত; মেঘৰ বৰণ হৈ যি কাহানিও উৰিব নোখোজে।

মই তাকেই লৈ যুদ্ধ জয় কৰিব লাগিব;

নিদাৰুণ আঙুলি হৈ তোমাৰ চুলিত বুলাব লাগিব অস্তৰাগ।

মৃত্যুৰ শূন্যতাত জাহ যোৱাৰ আগেয়ে 

তোমাৰ নয়নযুৰি নিজৰ কৰি ল’ম আৰু মোৰ 

দুৰ্দান্ত  সপোনবোৰ পৃথিৱীক দেখুৱাম

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close