Written by sdblogs2011 4:09 am Articles

‘দ ৱেষ্টলেণ্ড’ৰ শতবৰ্ষ

ড° বিৰিঞ্চি কুমাৰ দাস

২০২২ বছৰটো কেৱল ইংৰাজী সাহিত্যৰেই নহয়, সমগ্ৰ বিশ্বসাহিত্যৰ বাবেই এটা উল্লেখনীয় বছৰ বুলি বিৱেচিত হ’বৰ যোগ্য মূলতঃ এইটো কাৰণতে যে এই বছৰটো হৈছে ইংৰাজী সাহিত্যত আধুনিকতাবাদী ধাৰাৰ ভেটি টনকিয়াল কৰাত বিশেষ ভূমিকা লোৱা দুটা গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মৰ প্ৰথম প্ৰকাশৰ শতবৰ্ষ; আৰু বিংশ শতিকাৰ বিশ্বসাহিত্যত কিছু নতুন নন্দনতাত্বিক দৃষ্টিকোণৰ সংযোজন ঘটোৱাৰ ক্ষেত্ৰত এই দুই সাহিত্যকৰ্মৰ ভূমিকা এক স্বীকৃত কথা। যি দুটা সাহিত্যকৰ্মৰ কথা আমি ক’ব বিচাৰিছোঁ, তাৰে এটা হৈছে আধুনিকতাবাদী ইংৰাজী উপন্যাসৰ এটা মাইলৰ খুটি, আইৰিশ্ব লেখক জেমছ জয়ছৰ উপন্যাস ‘য়ুলিছছ্’, আৰু আনটো হৈছে ইংৰাজী কবিতাত আধুনিকতাবাদক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা টমাছ ষ্টাৰ্নছ এলিয়টৰ কবিতা ‘দ ৱেষ্টলেণ্ড’ ।

          আধুনিকতাবাদী আন্দোলনক বিংশ শতিকাৰ সাহিত্য আন্দোলন বুলিয়েই আলোচনা কৰি অহা হয় যদিও ইউৰোপীয় সাহিত্যত এই আন্দোলনৰ উকমুকনি দেখা গৈছিল ঊণবিংশ শতিকাতে। ৰাছিয়াৰ ঔপন্যাসিক ফিওডৰ ডষ্টয়েভস্কি, আমেৰিকাৰ কবি ৱাল্ট হুইটমেন, ফ্ৰাঞ্চৰ কবি চাৰ্লছ ব’ডলেয়াৰ, চুইডেনৰ নাট্যকাৰ জোহান অগষ্ট ষ্ট্ৰেণ্ডবাৰ্গ্ আদি যিসকলক ইউৰোপীয় আধুনিকতাবাদৰ পূৰ্বসুৰী বুলি ধৰা হয়, তেওঁলোক মূলতঃ ঊণবিংশ শতিকাৰ লেখক। অৱশ্যে আধুনিকতাবাদী আন্দোলনে এক পূৰ্ণাংগ ৰূপত ইউৰোপীয় সাহিত্যত নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰে বিংশ শতিকাত, বিশেষকৈ প্ৰথম বিশ্বযুদ্ধৰ ঠিক পাছৰ সময়খিনিত। আনহাতে হেনৰী জেমছ, যোছেফ কনৰাড, এজৰা পাউণ্ড আদি কেইগৰাকীমান প্ৰথম পৰ্যায়ৰ আধুনিকতাবাদী লেখক যুদ্ধৰ বহু আগতেই, ক’বলৈ গ’লে বিংশ শতিকাৰ একেবাৰে আৰম্ভণিতেই সৃষ্টিশীলভাৱে সক্ৰিয় হৈ আছিল। ইমেজিষ্ট্ আন্দোলনৰ হোতা এজৰা পাউণ্ডে সম্পাদনা কৰা ইমেজিষ্ট কবিতাৰ প্ৰথমখন সংকলন ‘ডাছ ইমেজিষ্টেছ’ প্ৰকাশিত হৈছিল ১৯১৪ চনতেই। 

           ভিক্টোৰীয় যুগৰ সাহিত্য চিন্তাৰপৰা সচেতনভাবে ফালৰি কাটি ইংৰাজী আধুনিকতাবাদী লেখকসকলে বিষয় আৰু আংগিক উভয় দিশতে সম্পূর্ণ পৃথক ধাৰা এটাক গঢ়ি তোলাৰ এক সামাজিক-ৰাজনৈতিক-ঐতিহাসিক পটভূমি আছিল, আৰু ইংৰাজী সাহিত্যত ‘ইউলিছিছ’ আৰু ‘দ ৱেষ্টলেণ্ড’ৰ গুৰুত্ব বুজিবলৈ হ’লে আমি এই পটভূমি বুজিব লাগিব। সেই সময়তে ব্যাপক উদ্যোগীকৰণৰ জৰিয়তে পূঁজিবাদে অধিক শক্তিশালী ৰূপত এক গোলকীয় পৰিমণ্ডলত বিস্তাৰিত হোৱাৰ প্ৰেক্ষাপটত উগ্ৰ ব্যক্তিবাদৰ বিকাশ, নতুন মনস্তাত্ত্বিক অধ্যয়নৰ জৰিয়তে মানৱ মন সম্পর্কে নতুন দৃষ্টিভংগীৰ সূচনা হোৱা আদি কথাবোৰতো আছিলেই, তাৰ লগতে লগ লাগিছিল প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাই সৃষ্টি কৰা হতাশা আৰু ভ্ৰান্তিনিৰসন। পৰম্পৰাগত সামাজিক পৰিকাঠামো সম্পূর্ণ অক্ষত ৰূপত বৰ্তি থকাটো তেনে এক প্ৰেক্ষাপটত সম্ভৱ নাছিল আৰু এক ধৰণৰ বিচ্ছিন্নতাৰ অনুভৱ আৰু ইয়াৰ লগে লগে আহি পৰা অনিশ্চয়তাবোধে ব্যক্তিমানসক বাৰুকৈয়ে আক্ৰান্ত কৰিছিল। এনে এক পটভূমিত ভিক্টোৰীয়  যুগৰ নৈতিকতা আৰু জীৱনবোধৰ বিপৰীতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো ইংৰাজ আধুনিকতাবাদীসকলৰ বাবে অস্বাভাৱিক নাছিল, আৰু তেওঁলোকে এইটো কৰিছিল বিষয় আৰু আংগিকৰ ক্ষেত্ৰত নতুন চিন্তা আৰু পৰীক্ষা-নিৰীক্ষাৰ আগমন ঘটায়। নতুন পূঁজিবাদী জীৱনবীক্ষাত ব্যক্তিসত্তাৰ একাকিত্ব আৰু অন্তৰ্মুখিতা, আৰু লগতে ব্যক্তি চেতনাৰ খণ্ডিত ৰূপক প্ৰকাশ কৰিবলৈ গৈ তেওঁলোকে এনে ৰচনাৰীতিৰ সন্ধান কৰিলে, য’ত সাহিত্যকৰ্মৰ বিষয়বস্তুতকৈ ইয়াৰ কলাত্মক ৰূপটোক অধিক প্ৰাধান্য দিয়া হয় আৰু পাঠৰ অধ্যয়নত পঢ়ুৱৈৰ আবেগিক সঁহাৰিতকৈ সক্ৰিয় বৌদ্ধিক অংশ গ্ৰহণ গুৰুত্বপূৰ্ণ হৈ পৰে। 

         এনেকুৱা নতুন সাহিত্যিক দৃষ্টিভংগীকে আগুৱাই নিবলৈ ‘ইউলিছিছ্’ আৰু ‘দ ৱেষ্টলেণ্ড’ৰ সৃষ্টি। ১৯১৮ চনৰপৰা ১৯২০ চনলৈ আমেৰিকাৰ ‘দ্য লিটল ৰিভিউ’ আলোচনীত ইয়াৰ এটা অংশ ধাৰাৱাহিকভাবে প্ৰকাশিত হৈ থকাৰ পাছত ১৯২২ চনৰ ২ ফেব্ৰুৱাৰীত ‘ইউলিছিছ’ নামৰ উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ হয়, আৰু কালক্ৰমত ই ইউৰোপীয় আধুনিকতাবাদী ধাৰাৰ সূচনাকাৰী কৰ্মসমূহৰ এটা বুলি প্ৰতিষ্ঠিত হয়। সেইটো বছৰৰে অক্টোবৰ মাহত এলিয়টৰ ‘দ ৱেষ্টলেণ্ড’ প্ৰকাশিত হয় তেওঁৰেই দ্বাৰা সম্পাদিত বৃটিছ সাহিত্য আলোচনী ‘দ্য ক্ৰাইটেৰিয়ন’ত। তাৰে পাছৰটো মাহত এই কবিতাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘দ্য ডায়েল্’ নামৰ আলোচনীখনতো ওলায়। ৪৩৪ টা শাৰীৰ এই দীঘল কবিতাটোৰ প্ৰকাশে ইংৰাজী কবিতাৰ জগতত নতুন চিন্তা আৰু সাহিত্যিক দৃষ্টিভঙ্গীৰ বাট মসৃণ কৰি তুলিলে। উল্লেেখ নকৰি নোৱাৰি যে এই কবিতাটো লিখাৰ সময়ত এলিয়টে স্নায়ৱিক সমস্যাত ভূগি চিকিৎসাধীন হৈ আছিল, আৰু কবিতাটোৰ পটভূমিক সঠিকভাৱে অনুধাৱন কৰাৰ প্ৰচেষ্টাত মন কৰিবলগীয়া কথা এইটোৱো এটা।  ১৯১৫ চনত ‘লাভ ছং অৱ জে আলফ্রেড প্ৰুফ্ৰ’ক’ৰ দৰে কবিতাৰ মাধ্যমেৰে আধুনিকতাবাদী কবিতাৰ বিষয় তথা আংগিকগত গাঠনিটো গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা এলিয়টে ১৯১৪ চনতেই ‘দ ৱেষ্টলেণ্ড’ৰ বীজ তেওঁৰ মননত ৰোপণ কৰিছিল যদিও ব্যক্তিগত কাৰণত তেওঁ ইয়াৰ ৰচনাকাৰ্য সমাপ্ত কৰোতে বহু বেছি সময় লৈছিল।

         আধুনিকতাবাদী সকলৰ বাবে কবিতাৰ আংগিকগত দিশটোৰ গুৰুত্ব কিমান বেছি আছিল, সেইটো অনুধাবন কৰিব পাৰি ‘দ্য ৱেষ্ট লেণ্ড’ সম্পৰ্কীয় এটা ঘটনাৰপৰা। এলিয়টে প্ৰথম লিখোতে এই কবিতাটো আছিল আঠশ শাৰীৰ। তেওঁ কবিতাটোৰ পাণ্ডুলিপিটো এজৰা পাউণ্ডক চাবলৈ দিছিল, আৰু কবিতাত প্ৰকাশভংগীৰ সংক্ষিপ্ততা আৰু ঘনীভূতকৰণক অত্যন্ত গুৰুত্ব দিয়া ইমেজিষ্ট কবি পাউণ্ডে কঠোৰ সম্পাদকৰ দৰে কবিতাটোৰ বহু অংশ কাটি পেলাইছিল। এলিয়টে নিজেও কবিতাটোৰ কিছু অংশ আঁতৰাই পেলাইছিল, আৰু এনেকৈয়ে প্ৰথমে লিখাতকৈ প্ৰায় আধাখিনি শাৰী লৈ চূড়ান্ত ৰূপত কবিতাটোৱে ভূমুকি মাৰিছিল। এই কথাটোৱে নিঃসন্দেহে এটা কথা প্ৰতিপন্ন কৰে যে পাউণ্ড বা এলিয়টৰ দৰে আধুনিকতাবাদী কবিতাৰ হোতাসকলে অত্যন্ত সচেতনভাবে আংগিকগত আৰু কলাত্মক পৰীক্ষা-নিৰীক্ষাৰ মাজেদি কবিতাৰ এক পৃথক শৈলীৰ সৃষ্টি কৰাত গুৰুত্ব দিছিল। 

        কিনো আছে ‘দ ৱেষ্টলেণ্ড’ত? কিবোৰ কাৰণত ই সমসাময়িক আন ইংৰাজী কবিতাবোৰতকৈ পৃথক? এই দীঘল কবিতাটোৰ ইমান বেছি ঐতিহাসিক গুৰুত্বৰ কাৰণ কি, যাৰ কাৰণে ইয়াৰ এশ বছৰ পূৰ্ণ হোৱা কথাটো আমাৰ বাবে আলোচ্য বিষয় হৈ পৰিছে? এই পৰিপ্ৰেক্ষিতত কেইটামান কথা মন কৰাটো ভাল হ’ব। পুঁজিবাদী সভ্যতাৰ বিকাশৰ এটা উচ্চ পৰ্যায়ত খণ্ডিত নগৰকেন্দ্ৰিক মানৱ-সমাজ, খণ্ডিত ব্যক্তিচেতনা, স্খলিত প্ৰচলিত বিশ্বাসৰ পৰিৱেশত ব্যক্তি আৰু সমাজ জীৱনত আহি পৰা অস্থিৰতাক তুলি ধৰাৰ বাবে যি ধৰণৰ কাব্যৰীতিৰ প্ৰয়োজন, তাক আয়ত্ব কৰাৰ এক সচেতন প্ৰয়াসৰ ইংগিত এই কবিতাটোত আছে। 

       আকৌ মন কৰিবলগীয়া আন এটা কথা হ’ল, কবিতা এক সামগ্ৰিক পঠনৰ বস্তু, সেয়া উইলিয়াম শ্বেইকছপীয়েৰৰ কবিতাই হওঁক, বা ছেমুৱেল টেইলৰ ক’লৰিজৰ কবিতাই হওক, বা ৱাল্ট হুইটমেনৰেই। চুটি বা দীঘল যিকোনো কবিতাৰ গুঢ়াৰ্থলৈ যাবলৈ ইয়াক ইয়াৰ পূৰ্ণ ৰূপতেই বিচাৰ কৰিব লাগিব। আনকি এলিয়টৰ ‘লাভছং অৱ জে আলফ্রেড প্ৰুফ্ৰ’ক’ কবিতাতো দেখিবলৈ পোৱা যায় যে অজস্ৰ ভিন ভিন প্ৰসংগৰ (allusion) অৱতাৰণা কৰাৰ পাছতো ই ইয়াৰ একক সুৰটো হেৰুওৱা নাই, যাৰ ফলত কিছু অকোৱা পকোৱা বাটেৰে যাবলগীয়া হ’লেও ইয়াৰ সামগ্ৰিকতাটো অনুধাৱন কৰিব পৰা অৱস্থাত থাকে। কিন্তু পাঁচটা অংশত বিভক্ত আৰু অজস্ৰ বিচিত্র প্ৰসংগ (allusion) উত্থাপন কৰা এই সুদীর্ঘ কবিতাটোত এফালে বিভিন্ন কণ্ঠৰ অৱতাৰণাৰে ব্যক্তিমানসৰ খণ্ডিত ৰূপ দাঙি ধৰা হৈছে, আৰু আনহাতে এই খণ্ডিত ৰূপবোৰৰ মাজত এক ঐক্যৰ সন্ধান কৰি এটা সামগ্ৰিকতা বিচাৰি ল’বলৈ কবিতাটোৱে আমাক বাধ্যও কৰিছে। 

         এলিয়টে পৰৱৰ্তী সময়ত দাবী কৰিছিল যে তেওঁ ‘দ্য ৱেষ্ট লেণ্ড’ প্ৰথম বিশ্বযুদ্ধই কঢ়িয়াই অনা ভ্ৰান্তিনিৰসন আৰু হতাশাক প্ৰকাশ কৰিবলৈ লিখা নাছিল আৰু ১৯১৪ চনতে তেওঁ এই কবিতাৰ পৰিকল্পনা কৰা কথাটোৱে তেওঁৰ এই দাবীক আংশিকভাৱে সত্য বুলি প্ৰমাণ কৰে। তৎসত্বেও কবিতাটোত প্ৰথম বিশ্বযুদ্ধৰ বিভিন্ন প্ৰসংগৰ অৱতাৰণাই এটা কথাত আমাক পতিয়ন নিয়ায় যে প্ৰথম বিশ্বযুদ্ধই মানৱ সমাজলৈ কঢ়িয়াই অনা আধ্যাত্মিক অৱক্ষয় আৰু বিশ্বাসহীনতাৰ অনুভৱে এই কবিতাটোত এক সামাজিক, মনস্তাত্বিক আৰু আবেগিক ভগ্নাৱস্থাক দাঙি ধৰিবলৈ তেওঁক প্ৰৰোচিত নকৰা নহয়। ‘দ ৱেষ্টলেণ্ড’ মূলতঃ মানুহৰ আধ্যাত্মিক চেতনা হেৰুৱাৰ মাজেৰে আহি পৰা বেদনাৰ প্ৰকাশ। সমসাময়িক মানৱ জীৱনৰ অপূৰ্ণতা, আৰু মানৱীয় সম্পৰ্কবোৰৰ মাজত নিবিড়তা আৰু গভীৰ অৰ্থৰ অনুপস্থিতি এলিয়টে ইয়াত প্ৰকাশ কৰিছে। উদ্যোগ বিপ্লৱে সৃষ্টি কৰা আধুনিক নগৰীয়া মধ্যবিত্তীয় সমাজে কেৱল যুদ্ধৰ ফল হিচাপেই নহয়, পূঁজিবাদসৃষ্ট উগ্র ব্যক্তিবাদৰ কাৰণেও যে তেওঁলোকৰ আধ্যাত্মিক তাৎপর্য হেৰুৱাই পেলাইছে, সেই কথা সম্পর্কে সচেতনতা এলিয়টে কবিতাটোত প্ৰকাশ কৰিছে। 

           ’দ ৱেষ্টলেণ্ড’ৰ প্ৰথম অংশটোৰ শিৰোনাম হ’ল ‘দ ব্যৰিয়েল অৱ দ্য ডে’ড’ । ইয়াত কবিতাৰ বক্তাগৰাকীয়ে কয় যে এপ্ৰিল হৈছে বছৰৰ নিষ্ঠুৰতম মাহ, কাৰণ ই অতীতৰ দিনবোৰৰ আৰু অপূৰ্ণ আকাংক্ষাৰ স্মৃতি কঢ়িয়াই আনে। তাৰ পাছত কবিতাটোলৈ আহে মেৰী নামৰ এগৰাকী নাৰীৰ শৈশৱৰ স্মৃতি। ইয়াৰ পিছত ঠাই লয় মৃত গছবোৰ আৰু অনুৰ্বৰ ভূমিৰ কথাই । তাৰ পাছত কবিতাই গতি লয় এটা কোঠালৈকে য’ত আছে মেডাম চ’চ’ষ্ট্ৰিচ নামৰ অতিপ্রাকৃতিক শক্তিৰ সৈতে সংযোগৰ জৰিয়তে ভবিষ্যৎবাণী কৰিব পৰা এগৰাকী মহিলা । তাৰ পাছত আহে এজাক মানুহে শৱদেহৰ দৰে লণ্ডন ব্ৰীজৰ ওপৰেদি গতি কৰি থকাৰ দৃশ্য। 

        ’দ্য গে’ম অৱ চেছ’ শীর্ষক দ্বিতীয় অংশটোত দেখা যায় যে এগৰাকী বিলাসী মহিলাৰ জাকজমকীয়া কোঠাত ওলমি আছে এখন ছৱি। গ্ৰীক কিংবদন্তিৰ ফিলোমেল নামৰ নাৰীগৰাকী ৰজা টেৰিউছৰদ্বাৰা ধৰ্ষিত হোৱাৰ পাছত এটা নাইটিংগেল চৰাইলৈ ৰূপান্তৰিত হয় আৰু ওলমি থকা ছৱিখন এই ৰূপটোৰেই। কিছুমান উৎসুক লোকে নিজৰ স্নায়ু ঠিকে থকা নাই বুলি অভিযোগ কৰে। কেইটামান খণ্ডিত বস্তুৱে আমাক সোধে আমি কি জানো আৰু মনত ৰাখোঁ। বাৰ এখনত কথা পাতি থকা দুগৰাকী মহিলাই বাৰখন বন্ধ হোৱাৰ আগতে আৰু অলপ সুৰা পান কৰিব বিচাৰে। 

         তৃতীয় অংশটো ‘দ ফায়াৰ ছাৰ্ম’ন’। লণ্ডনৰ টেমছ নদীৰ পাৰত টহল দি থকা এগৰাকী লোকে এই কথাটো ভাবি মন বেয়া কৰে যে পৃথিৱীৰপৰা যাদুকৰী শক্তি অন্তৰ্হিত হৈছে। মুহূৰ্তৰ বাবে ফিলোমেলৰ কাহিনী উভতি আহে, আৰু তাৰ পাছত কবিতাটোৰ আন এগৰাকী বক্তাই কয় যে তেওঁৰ সৈতে প্ৰাচীন স্মীৰ্না নগৰৰ এগৰাকী সদাগৰে যৌন সম্পৰ্ক কৰিব বিচাৰিলেহেঁতেন। কিংবদন্তীৰ দেৱী হে’ৰাই সাত বছৰৰ বাবে নাৰীলৈ ৰূপান্তৰিত কৰা টাইৰেচিয়াচ নামৰ অন্ধ ভৱিষ্যদ্ৰষ্টা এগৰাকীৰ কথাও আহে। এগৰাকী ডেকা আধুনিক কবি আৰু এগৰাকী নাৰীৰ মাজত বিৰক্তিকৰ প্ৰেমবিহীন যৌন সম্পর্ক স্থাপিত হয়। কোনোবাই এটা জনপ্রিয় গান গায়, যিটোৱে বিষণ্ণতাৰ অনুভৱহে লৈ আহে। 

          ‘ডে’থ বাই ৱাটাৰ’ অংশত এগৰাকী মৃত নাৱিকৰ শৰীৰ মহাসমূদ্ৰৰ তলিত জহি খহি গৈ থাকে। আৰু ইয়াত কবিতাৰ বেলেগ বক্তা এগৰাকীয়ে আমাক কয় যে যেতিয়াই আমি মাত্ৰাধিক গৰ্বিত হওঁ, আমি এই ডেকা মানুহজনৰ কথা ভবা উচিত। 

         পঞ্চম অংশটো হৈছে ‘হোৱাট দ থাণ্ডাৰ চে’ড’। পানীবিহীন এটা শিলাময় অঞ্চলত দুগৰাকী লোকে খোজ কাঢ়ি গৈ থাকে। তাৰে এগৰাকীয়ে চকামকাকৈ দেখা পায় যে তৃতীয় এগৰাকী ব্যক্তি তেওঁলোকৰ সৈতে আছে। কিন্তু যেতিয়া তেওঁ মূৰ দাঙি চায়, তৃতীয় লোকগৰাকী লগে লগে অন্তৰ্দ্ধান হয়। বজ্রধ্বনি শুনা যায় আৰু এনেকুৱা লাগে যেন এই তিনিটা সংস্কৃত শব্দ ‘দত্ত, দয়ধ্বম, দাম্যত’ বাজি উঠিছে। তাৰ পাছত শুনা যায় এই তিনিটা শব্দ ‘শান্তি শান্তি শান্তি’। 

         এনেদৰে দেখা যায় যে অজস্র অসংলগ্ন খণ্ডচিত্ৰৰ সমষ্টি হিচাপে কবিতাটোৱে গঢ় লৈছে। উপনিষদ, গ্ৰীক কিংবদন্তী, বাইবেল, জিওফ্ৰে চ’চাৰ, ডাণ্টে, শ্বেইকছপীয়েৰ, স্পেন্সাৰ, লিঅ’নাৰ্ডো দ ভিঞ্চি, বৌদ্ধ ধৰ্মশাস্ত্ৰ আদিৰপৰা প্ৰসংগ (allusion) লৈ অনা আৰু সময়ে সময়ে ৰূপকধৰ্মী বৈশিষ্ট্য আহৰণ কৰা কবিতাটোৱে  এলিয়টে দাবী কৰাৰ দৰেই কেৱল প্ৰথম বিশ্বযুদ্ধকালীন আৰু যুদ্ধোত্তৰ আধ্যাত্মিক অৱক্ষয়ক তুলি ধৰাতেই ক্ষান্ত নাথাকি স্থান আৰু কালৰ উৰ্ধ্বলৈ নিজৰ উত্তৰণ ঘটাইছে। সেই কাৰণেই একবিংশ শতিকাৰ দুটা দশক অতিক্রম কৰাৰ পাছত প্ৰথম বিশ্বযুদ্ধোত্তৰ সামাজিক পৰিৱেশ এতিয়া আৰু বৰ্তি থকা নাই যদিও, আৰু ‘দ ৱেষ্টলেণ্ড’ৰপৰা ইংৰাজী কবিতাই এই এশটা বছৰত বহুদূৰ আগুৱাই গৈছে যদিও ‘দ ৱেষ্টলেণ্ড’ৰ প্ৰাসংগিকতা এতিয়াও বৰ্তমান। অৱশ্যে কবিতাটোৱে শেহলৈকে ৰিক্ত, যন্ত্ৰণাময়, নিৰানন্দময় আৰু হতাশাময় পৃথিৱী এখনকে আমাৰ বাবে এৰি থৈছে কবিতাটোত, আৰু শেষৰ পিনে থকা সংস্কৃত শব্দকেইটাই ধনাত্মক প্ৰাপ্তিৰ আকাংক্ষাৰ প্ৰতি ইংগিত কৰিলেও এই আশাবাদ নিতান্তই অস্পষ্ট হৈয়েই ৰৈ গৈছে।

ঠিকনা :

অধ্যক্ষ, বি.এইচ.বি. মহাবিদ্যালয়

সৰুপেটা, জিলা – বজালী

পিন – ৭৮১৩১৮

মোবাইল নং – ৭০০২১৪৩৩২৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close