Written by sdblogs2011 4:03 am Poems

বুটামাতংক

ঋষভ নাথ

বুটামেৰে মুখ জপাওঁতে

মোৰ দাঁতৰ শব্দত এবাৰ

হেড বাইদেউৰ চক ভাগিছিল

ৰেলগাড়ীৰ দৰে হাঁহি ঠিক পিছে পিছে

বহু পৰ হাড়ৰ চিৰি কঁপাই

ঘূৰি থকা চকাকেইটাও

যেন বুটামেই

মাৰ চুৱেটাৰৰ বুটামতলত পৰি

এদিন দুই পিপৰা তিনিগুণ হৈছিল

আঙুলিমূৰ পুৰিছিল এটোপাল সূৰ্যই

আনকি এম ইৰ শেষ গ্ৰীষ্মবন্ধত

মোৰ হাতৰ কাম আছিল

সৌৰজগত বুটামৰ

পুৱা গধূলি দুৱাৰ খুলি চখৰ পদূলি

তাতে এটা দুটাকৈ বুটাম বুটলি তালি

আৰু বহু দৰ্জীৰ ড্ৰয়াৰত পাইছিলোঁ গালি

কোনে জানো কৈছিল– বুৰ্বক তুমি

নাজানা চিলাই চাই চলিবলৈ

পৃথক কিয় পঢ়াশালি

নজনাকৈয়ে বহু দিন

বুটামৰ মালা জপি নিজকে

পাইছিলোঁ নানা ৰং আৰু কলাৰ চোলাত

ইটো-সিটো বাট সলাই থাকোঁতে

হঠাৎ ডিজি কিল্লাত ভৰি থমকাত

ৰোহৰি পাহাৰৰ ৰাতি বাগৰি এদিন

মোৰ কপালত পৰিছিল দুটোপাল ঘাম

আৰু সেই দেও শিলৰ খিৰিকীখন

কোৰেৰে খুলি দিওতে চিমিছনৰ

আঙুলি-ফাঁকত পৰা চিলনীৰ

চকু দুটাও দেখোন বুটাম

গৌতমৰ মূৰৰ শামুকবোৰ এৰুৱাই

জোনাকত থৈছিলোঁ যুদ্ধ-ক্ৰীড়াৰ ছাঁ

মুঠিবদ্ধ শূন্যত কড়ি

লৰি-চৰি কি আচৰিত!

এডোখৰ খোলাৰ কেন্দ্ৰত সুৰুঙা

নদী সী কোন সময়তনো মিহলিল বালি

সময়ৰ একেশৰে কাঠ ধাতু কাঁচ আৰু

প্লাষ্টিক টুকুৰ-টুকুৰ হৈ বুটামো সৰকিল

যিবোৰ উইগ আৰু কোটৰ জঁটত পৰিল

সিবোৰৰ কৰ, দৰ আৰু কদৰ বাঢ়িল

বনগুটি-বুটামেও চোলা-চিলা কামুৰি

উৰিল বহু ব্ৰেণ্ডেড হাত দূৰলৈ।

ৰজাৰ জেপ বজাৰ-বেংক এফালৰপৰা

বশ কৰি শেষত সৈনিকৰ ৰেংক পৰ্যন্ত

বুটামৰ আওতাত আৰু এতিয়াতো ই

আঙুলি পালেই পলুৱাই নিব পাৰে

ক্ষিপ্ৰতাৰে কাউৰী উৰা ভিতৰলৈ

ঠিক সমুখত বৈদ্যুতিন বকাসুৰৰ ঠোঁট

সোমাওঁতে ওলাই ওলাওঁতে আকৌ

সোমাই গৈ গৈ অজগৰ পেটৰ ওৰ নাই

সেয়ে বুটাম মাৰি থ’লোঁ মোৰ চলাথ

আৰু বা এনেকৈ কিমান কাৰ কাৰ

ৰাতি-দিন বৈ শুকাল সিন্ধুৰ ছাঁত

পিছে নাই নিয়তিৰপৰা নিস্তাৰ নাই

সপোনৰ ঠাল-ঠেঙুলি জোকাৰ খাই

পকাপাত সৰাদি পৰিব ধৰিলে বুটাম

কিন্তু বুটামৰ ফুটাত কি আকৰ্ষণৰ সূতা

টানি উলিয়াব পৰাকৈ জানো নিউটন মই

জৰ্জ ৱাছিংটনৰ আঙুলি-চুম্বন পিছলি

ওলাই অহা কেম্পেইন বুটামে এদিন

এংকৰি বেংকৰি মোৰপৰাও

বিচাৰিলে এটি টিপা

জিপ খুলি চালোঁ মুখখন,

ময়ো নাগৰিক দেখোন!

তেনেহ’লে অতদিনে ক’ত বিন্ধিছিল ধ্যান

পোহৰত চকু মুদি কি মূক অন্ধৰ সন্ধান

মোৰ পিনেহে ছিটিকি আহিছিল বুটাম

এই সত্য আচলতে দৈত্য আতংক

কাৰণ বুটাম নাম বেমেজালিৰ

যদিও তাৰ কাম গোপনে ৰখা

তথাপি সিয়েই খোলে আঘাত

আৰু বন্ধ কৰাৰ বিভিন্ন বাট

        ————-

টোকা: *বুটামাতংক koumpounophobia
*‘ৰোহৰি পাহাৰ’ আৰু ‘ক’ত ডিজি কিল্লা’
পাকিস্তান (সিন্ধ)ৰ খাইৰপুৰত অৱস্থিত।
সেইস্থানত খননত সিন্ধু সভ্যতাৰ সময়ত
ব্যৱহৃত বুটামজাতীয় বস্তু পোৱা গৈছিল।

*চিমিছনৰ সম্পূৰ্ণ নাম ৰোনাল্ড চিমিছন।
স্কটলেণ্ডৰ অ’ৰকেনি ( দক্ষিণ ৰোনাল্ডছে’)ৰ
এঠাইত খেতিৰ কাম কৰি থাকোতে তেওঁ
আকস্মিকভাৱে ‘টুম্ব অৱ ঈগল’ৰ সন্ধান
পাইছিল(১৯৫৮)। তাতে পৰৱৰ্তী খননত
‘ক’লা এলবেৰটাইট্ বুটাম’ ওলাইছিল।

*******

ঋষভ নাথ, বাপুজীনগৰ, ৱাৰ্ড নং ১৬,

ডাকঘৰ আৰু জিলা–গোৱালপাৰা

সূচাংক-৭৮৩১০১,

ভ্ৰাম্যভাষ: ৯৮৫৯৯৭৬৬৪৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close