Written by sdblogs2011 3:51 am Poems

টেমিচুৰুণী

 প্ৰদীপ শইকীয়া

অকহি পুৰুষেও খুলিব নোৱাৰা তলাটো খুলিল

দেখাত একোৱেই নাছিল

নতুন হাতুৰীয়েও নতমস্তকে স্বীকাৰ কৰিছে

ভাঙিব নোৱৰা তলাটো এটা অংক

ঘৰ ঘৰোৱাহেও জানিছিল টেমিটোৰ গৰ্ভতে

সোমাই আছে এখন অদ্ভুত ব্ৰহ্মাণ্ড

আমি যেতিয়া ককবকাই আছিলোঁ অতিমাৰি বানত

টেমিৰ বাসিন্দাই ভূ কে পোৱা নাছিল

ৰৌজাল বৌজাল কেঁকনি গেঁঠনি বিলাপ পয়াৰ

বাজৰ ঢৌ

বংশ-লতিকাত নাম থকা

আপুতৰ পুত টেমিটো আজি খোল খালে অংক উৰিল

পিছে শুনাজনেও সমবেদনা নজনোৱাকৈ নাথাকিব

সুখী মানুহৰ তালিকাত টুকি থ’বলৈ নাম

খোলা-টেমিত আৱাসীৰ কণকঠিয়া এজনো নাছিল

টেমিচুৰুণীৰ নামত

হিয়া ঢাকুৰি এতিয়া কান্দিমনে

ৰে’লখনলৈ বাট চাম

ঢাপত গজা

কুলিয়ে পদা

সবাহলৈ গ’লে প্ৰসাদ নোপোৱাই এইবোৰনো কি ক’লোঁ

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close