Written by sdblogs2011 5:36 am Poems

ভাবনাত

গীত বৈভৱী

ভাবনাত এয়া মৃত্যুগীত

এখন চহৰ চটফটাই চটফটাই মৰিছে

মৃত্যুৰ আগতে

মোৰো এটা কবিতা লিখাৰ মন আছিল

এটা গান গোৱাৰ মন আছিল

এটা হিমেল সন্ধ্যা জুৰি

পিয়ানো বজোৱাৰ মন আছিল

বৰ মন আছিল

তেজে-পূঁজে ওফন্দি উঠি খহি পৰা

আকাশখনৰ কথা তোক ক’ম

মৃত তৰাবোৰৰ গাত হাত বুলাই বুলাই

সাৰে থকা ৰাতিবোৰৰ কথা ক’ম

তৰপে তৰপে মৰি জমি দ্বীপ হোৱা

ভালপোৱাৰ প্ৰৱালবোৰৰ কথা ক’ম

অথচ এটুপি চকুপানীৰ আয়ুসো

আমাৰ মাজত নাথাকিল

কিয় যে মই ভাবিছিলোঁ‌

আলোকবৰ্ষৰ আয়ুস আছিল

সকলো আধা আধা কথাৰ

পোৰা চিগাৰেটৰ টুকুৰা এটাই পুৰি পেলোৱা

কত দাগ ৰৈ গ’ল সোঁ‌ৱৰণিত

এতিয়া চহৰখন মৃতপ্ৰায়

এই এটা চটফটনিৰ মাজতো মই নীৰৱ

উদাসীন অকৰুণ

ভাবনাত মৃত্যুগীত

শৰীৰ সত্তা জুৰি সোঁ‌ৱৰণিৰ মৃত্যুগীত

মই পুৰণি ছবি এখন চুই চুই ডুব যাওঁ‌

জ্বলোঁ। ক্ষয় যাওঁ‌। গলোঁ

জী থাকিবৰ বাবেই এই মৃত্যু জৰুৰী

চহৰখনৰ এই চটফটনিৰ মাজতো নিশ্চুপ

হৈ থকাটো জৰুৰী

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close