Written by sdblogs2011 5:05 am Articles

এটা মাল্টি কালাৰ্ড গল্প

 স্ৰোতস্বিনী তামুলী

ওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ চেঁচা কেঁচা-কেঁচা গোন্ধটোত সি সাৰ পালে। অসহ্য লাগিল তাৰ। গেট লষ্ট!— নালাগে আৰু আহিব আজিৰ পৰা তুমি। তোমাৰ প্ৰয়োজন শেষ। এই ইংগিত কাইলৈকে পাই যাব পাৰে সি। সি ভয় খায়। আহিবলগীয়া অজস্ৰ কাইলৈৰ নামত নষ্ট হয় তাৰ প্ৰতিটো আজি।

মাটি তাৰ পছন্দ নহয়। পূৰ্ণিমাই তাক ইমান ভাল পায়— অথচ তাইৰ গাৰ মাটি হেন ৰংটোৰ বাবে তাৰ ভাল নালাগে। গেন্ধালি বাটৰ ৰাস্তাবোৰ মাটিৰ। এইবাবেই সি ঘৰলৈ যোৱা নাই বহুত বছৰ।

এই ওখ ঠাইকণৰ পৰা চহৰখনৰ সম্পূৰ্ণ ভিউ এটা পোৱা যায়। ইয়াৰ পৰা চহৰখনক চলমান কীট এটা যেন দেখা যায়। বৃহৎ বৃহৎ অট্টালিকাসমূহক প্লাষ্টিকৰ খেলনা যেন লাগে। আঙুলি এটাৰ সামান্য পৰশতে খহিহে পৰিব যেন। চহৰখনৰ মানুহবোৰ মাজে মাজে ইয়ালৈ আহে— বহু পৰ বহি থাকে দূৰৈৰ চহৰখন চাই চাই— কেও কেও ফটো তোলে। ঊৰ্ধ্বগামী ইচ্ছা এটাত খন্তেকৰ বাবে নিজকে শাঁত পেলাই যায়। নিশা চহৰখনে আকাশখন গাত মেৰিয়াই লয়। জোনাকী পৰুৱাৰ সাধু এটা গাৰুৰ তলৰ পৰা ওলাই আহে। এই চহৰৰ আন্ধাৰৰ এক সুকীয়া ৰোমাঞ্চ আছে।

এসময়ত সি পৃথিৱীখন নিজৰ মতে সলাই পেলোৱাৰ কথা ভাবিছিল। গছবোৰ সদায় সেউজীয়া, আকাশ সদায় নীলা, তেজ সদায় ৰঙা, মাকে পিন্ধা কাপোৰসাজ সদায় বগা। তাক আমুৱাইছিল। স্কুলৰ আৰ্টৰ ক্লাছত সি এখন ছবি আঁকিছিল— গুলপীয়া নদী, সোণালী পাহাৰৰ সৈতে ছ্যুট-টাই মাৰি বুট জোতা পিন্ধা মাছুৱৈ এজন। তাৰ হাতৰ তলুৱাত তেজে সেৰা পাতিছিল। গোটেই বাটটো হাতখন মোহাৰি মোহাৰি আহি আছিল সি।

অসহায় আমনিদায়ক ৰাতিবোৰত সি মনৰ মাজতে অশৰীৰি পূৰ্ণিমা এজনী সাজি লয়। সি তাইৰ গাত চূণৰ প্ৰলেপ সানে। ওঁঠৰ তলত তিল এটা থকা হ’লে সাইলাখ ৰেহেনা। প্ৰচণ্ড বলেৰে সি সেই নৈঃশাব্দিক অশৰীৰী মাটিৰ মলাটো ভাঙি পেলায়। ষষ্ঠ শ্ৰেণীত থাকোঁতে সি তাৰ লগৰীয়াহঁতৰ লগত এখন চি. ডি. চাইছিল— গোপনে— চাই চাই সিহঁত চাৰিওটাই তীব্ৰ জোৰেৰে নিজকে ফালি-চিৰি নেফানেফ কৰাৰ প্ৰতিযোগিতাত নামিছিল। সেই সময়ত বাৰে বাৰে তাৰ ৰেহেনাৰ কথা মনলৈ আহিছিল। টোপ টোপকৈ সৰি পৰা পানীৰ টোপালকেইটাত সিহঁতে বিজয় গৌৰৱ লাভ কৰা বুলি অনুভৱ কৰিছিল। ৰেহেনাৰ আঁতৰৰ গোন্ধটো তাৰ নাকত লাগি আছে সংগোপনে। বতাহৰ কোনো ৰং নাই। গোন্ধটো বতাহত উজায়-ভটিয়ায়। আজিও তাৰ গা ধোওঁতে অলপ সময় বেছিকৈ লাগিল। তাৰ খং উঠিল।

চিটি বাছত থিয় হৈ গৈ থাকোঁতে গুলপীয়া চেতনাই তাক আচ্ছন্ন কৰি ৰাখে। চিকমিকিয়া মিহি আৱেশ এটা লাহে লাহে সৰকি গৈ থাকে। কোলাহলৰ চেপাৰ পৰা মুকলি হৈ মুহূৰ্তৰ বাবে সি যাত্ৰা আৰম্ভ কৰে গান এটালৈ। পূৰ্ণিমাৰ গাৰ ৰংটো বগা হৈ পৰে— গেন্ধালিবাটৰ গোবাটবোৰ পকী হৈ যায়— মজিয়াৰ বগা চকচকীয়া টাইলত ভৰিয়ে পিছল খায়। পাছ মুহূৰ্ততে সি গানটোৰ টেঁটুত ধৰি আছাৰ মাৰি দিয়ে।

আজি প্ৰেমৰ দিন। ৰেস্তোৰাঁৰ পৰা ওলাই অহা সুন্দৰী যুৱতীবোৰৰ হাতে হাতে ৰঙা বেলুন। ৰঙাক আজিও সি প্ৰেম বুলি মানি ল’ব পৰা নাই। ৰঙা মানে কেঁচা গোটা তেজ— সৈনিকৰ বুটজোতাৰ গচকত তাৰ সমুখতে হলক-হলককৈ তেজ বমি কৰিছিল দেউতাকে। দেউতাকে গা ধুই উঠি ধূপডাল জ্বলাই থাকোঁতে…। তাৰ দুচকুত দগমগাই উঠে শিলাত আঁকুতি কাটি থোৱা দাগবোৰ। শোৱনি কোঠাত আধাকটা ডিঙিৰ তেজ বৈ আহি বুৰাই পেলোৱা আৱাহনী ভংগিমাৰত চেনেহৰ ভনীয়েকৰ হাতৰ ৰঙা পটা দুখন। কলেজত পঢ়ি থাকোঁতে সি দুবাৰমান ৰঙা পতাকা এখনৰ তলত থিয় হৈছিল। তাৰ শুনা মনত পৰে— এই জনতাৰ হাতত পৃথিৱীখন গতাই দিয়াই শিল্পীৰ প’লিটিক্স, এই জনতাক খাই-বৈ সুস্থ-সবল হৈ শিল্পীৰূপে প্ৰকাশ হ’বলৈ সকলো বাস্তৱিক সুযোগ-সুবিধা দিয়াই শিল্পীৰ অৰ্থনীতি— মানুহজনে কোৱা জনতা আৰু শিল্পী ধাৰণা দুটা তাৰ মগজুৰ কোনো এটা কোণতে একে শাৰীতে ক্ৰিয়াশীল হৈ নুঠিল। জনতা সৰ্বহাৰা— শিল্পী স্মাৰ্ট, আঢ্যৱন্ত, বিলাসী। ক’ত শিল্পী আৰু ক’ত জনতা! —মাস্কৰ ভিতৰতে হামি এটা বন্দী হৈ তাৰ শৰীৰৰ অন্তৰ্ভাগত হেৰাই থাকিল।

হোটেল বয়ৰ য়ুনিফৰ্মযোৰত বগলী পাখি যেন ধকধকীয়া ছাৰ্টটো আৰু নীলা জিন্ছটো পিন্ধি তাৰ নিজকে ছাত্ৰ নেতা মানস বৰুৱা যেন লাগি যায়। দহ টকাৰ বাবে কথা শুনাই থকা বাছৰ কণ্ডাক্টৰজনৰ মুখত যেন এতিয়াই সি এটা প্ৰচণ্ড ঘোচা বহুৱাই দিব। সি কাম কৰা ফাইৱ্ ষ্টাৰ হোটেলখনৰ মালিক আৰু মেনেজাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদী সমদল উলিয়াব। মেনেজাৰ আৰু মালিকে তাৰ সকলো দাবী মানি ল’ব। গ’ধূলি একেলগে ডিনাৰ কৰিবলৈ আমন্ত্ৰণ দিব। অৱশ্যে সি তালৈ নতুনকৈ কিনা ঈষৎ সেউজীয়া ৰঙৰ শ্বাৰ্টটো পিন্ধি যাব নোৱাৰিলেহেঁতেন। শ্বাৰ্টটো কিনাৰ দিনাৰে পৰা সি ৰুমমেটৰ গালিকে শুনি আছে। গেৰুৱা ৰঙৰ শ্বাৰ্টটো বৰ বেছি পুৰণি হোৱা নাই। বোনাছৰ পইচাৰে কিনা তাৰ জীৱনৰ আটাইতকৈ দামী শ্বাৰ্ট সেইটো। অথচ সেইটোও পিন্ধি যোৱাটো বৰ সমীচীন নহ’ব। পাতল নীলা ৰংটো সুৰক্ষিত, সকলো পিনৰে পৰা। কম দামতে তেনে এটা শ্বাৰ্টকে কিনি ল’লেহেঁতেন। ধীমা হেঁচা-ঠেলা আৰু মৃদু উঠা-নমাত তাৰ ডিঙিত ওলমি থকা তাবিজটো বাৰে বাৰে শ্বাৰ্টৰ ঊৰ্ধ্বাংশৰ বাধা নেওচি ওলাই আহিব খোজে।

চহৰত প্ৰদূষণ বাঢ়িছে। ধোঁৱাই ঘেৰি ধৰিছে। বাছখন ঠায়ে ঠায়ে ৰৈ ৰৈ লেহেমীয়া গতিৰে আগ বাঢ়িছে। এইকেইদিন নিউজ চ্ছেনেলকেইটাত কেৱল এই বিষয়ে চৰ্চা চলি আছে। বিশেষজ্ঞসকলৰ মতে জধে-মধে গছ-গছনি ধ্বংস কৰা আৰু যান্ত্ৰিকতাৰ পয়োভৰৰ বাবেই এনে হৈছে। সকলো নিৰ্বিকাৰ। এইবোৰ কথাত সাধাৰণ মানুহে মূৰ ঘমাই কি পাব! চহৰখনে সমস্ত শৰীৰত ভশ্ম সানি লৈছে। ক’লা ছাই এসোপা তাক ঘেৰি লৈ ঘূৰি থাকে। সেইদিনা বহু মাহৰ মূৰত চহৰখনত বৰষুণ পৰিছিল। সি তিতি তিতিয়েই লৰালৰিকৈ হোটেলখনত সোমাইছিলগৈ।

ক’লা মানে আন্ধাৰ। সৰু কোঠালিটোত সি তাৰ শৰীৰটো দেখা নাছিল। বাৰে বাৰে কাণৰ কাষত কুনকুনাই  থকা মাখিটোক এটা ঢকাত বগৰাই দিবলৈ লওঁতেহে সি দেখিলে যে তাৰ হাত দুখনো বন্ধা। বগা শ্বাৰ্টটো তেনেই ক’লা হেন দেখা গৈছিল। যোৱা বছৰ ধৰ্ষিতা কিশোৰীজনীৰ ন্যায়ৰ দাবীত বহুতে নিজৰ ফেইচবুক প্ৰ’ফাইলত ক’লা ৰং দিছিল। কিছু দিনৰ পাছত সেইবোৰ আকৌ ৰঙীন হৈ উঠিছিল।

সি বহি থকা মজিয়াখন মাটিৰ নাছিল। খহটা পকা মজিয়াখনৰ কেঁচা উৎকট গোন্ধ এটাই তাৰ নাকটো সোপা মাৰি ধৰিলে। গাঁৱৰ ঘৰৰ কেঁচা পায়খানাৰ গাঁতটো ভৰ্তি হৈ ওফন্দি আহি যেন তাক বুৰাই পেলাইছে। বন্ধ চকুৰ ভিতৰত হালধীয়া সাগৰ। তাৰ হাত দুখন বন্ধা। চিঞৰিবলৈ লৈহে সি দেখিছে তাৰ মুখখনো চিলাই থোৱা আছে।

পৃথিৱীৰ পোহৰ দেখাৰ আগেয়েই তাৰ বাবে সকলো নিৰ্দিষ্ট হৈ আছিল। জন্ম হওঁতে সি একো জনা নাছিল। তাক বুজোৱা হ’ল— সি ল’ৰা। মন্দিৰৰ গলিবোৰ চিনোৱা হ’ল তাক। ৰেহেনাক ভাল পোৱাৰ ভয়াৱহতাক দেখুওৱা হ’ল। জীৱনৰ সমস্ত নিৰ্দিষ্টতাৰ মাজত কেৱল তাৰ নামটোহে অনিৰ্দিষ্ট আছিল— ছাহজাহান শইকীয়া। দেউতাকে তাজমহল দেখা নাছিল। কিন্তু শুনিছিল তাজমহলৰ কথা। এবাৰ মাটি-ভেঁটি বন্ধকত থৈয়ে তেওঁ তাজমহল চাবলৈ যোৱাৰ কথা উলিয়াইছিল। মাকে হকা-বাধা কৰাত যেনিবা তাপ মাৰিলে।

প’ষ্টটোত লিখাৰ দৰে সম্ভৱতঃ ছাহজাহান গেদা নাছিল— লাভ জেহাদী অথবা ধৰ্ষণকাৰী নাছিল। সি পূৰ্ণিমাকে বিয়া কৰাবলৈ মান্তি হৈছিল। অৱশ্যে মাজে মাজে অহেতুক ৰেহেনাই ফুল এপাহৰ দৰে হালি-জালি ফুৰে তাৰ মনত। অন্ধ গলিবোৰত, টয়লেটত, পাৰ্কৰ নিজান চকীখনত বহি সি পূৰ্ণিমাক বহুবাৰ চুম্বন কৰিছে— সুদীৰ্ঘ বছৰ গা ধোওঁতে নিয়মীয়া হস্তমৈথুন কৰিছে সি— তথাপি সি ভাৰ্জিন। সহকৰ্মী নিশিতা শৰ্মাৰ সৈতে তোলা এখন ফটো বতাহৰ দৰে উৰি ফুৰাৰ খবৰ ৰখা নাছিল সি। বামুণ ছোৱালী হ’লে পাঁচ লাখ টকা পোৱাৰ কোনো চুক্তি সম্পৰ্কেও সি অৱগত নাছিল।

বাতৰি কাকতত তাৰ ফটো এখন ওলাল। তাৰ গাৰ ওপৰৰ অংশত কাপোৰ নাছিল। ট-টকৈ জিলিকি আছিল তাৰ গলৰ ৰূপালী তাবিজটো। তাৰ শৰীৰৰ  ঘাবোৰ শুকোৱা নাছিল। ঘাবোৰৰ পৰা হলাহলে তেজ ওলায়েই আছিল। তাৰ চকুৰ কোটৰত চকুপানীৰ টোপাল এটা ওলমি আছিল যাৰ কোনো বৰণ নাছিল।

  
srotaswinitamuly@gmail.com    

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close