Written by sdblogs2011 8:53 pm Poems

সভ্যতা

প্ৰশান্ত মিশ্ৰ 

আমি পঢ়া প্ৰাইমাৰী স্কুলখনলৈ যোৱা 

পথৰ দাঁতিত এজোপা ওখ তেঁতেলী গছ আছিল

আমি তলসৰা বিচাৰি গৈছিলোঁ

কোনেও কেতিয়াও নভবা এটি প্ৰশ্ন

এদিন লগৰ কণমানি এটাই সুধিলে

“তেঁতেলীজোপা কোনে ৰুইছিল”

কোনেও ক’ব নোৱাৰিলে সেই কথা

পাহৰি গ’ল সকলোৱে কোনে ৰুইছিল তেঁতেলীজোপা

পাহৰা নাছিল ৰোৱা মানুহজনৰ নাতিয়েকে

নাতিয়েকজন আমি পঢ়া স্কুলখনৰ প্ৰধান শিক্ষক

তেঁতেলী খাই ভাল পাইছিল তেখেতৰ ককাদেউতাকে

কথাষাৰ মোক ক’লে মোৰ দেউতাই

সৰুতেই আইতাৰ মুখত শুনা

তেঁতেলী অনেকেই ভাল পায়

তেঁতেলী বৰ উপকাৰী

সেয়ে নিজৰ বাৰীত নলগাই

ৰাজহুৱা ঠাইতেই ৰুলে

ৰাইজখনে খাব বুলি

এটা অনুভৱ এটা চিন্তা

বহুদিন পাৰ হৈ গ’ল

তেঁতেলী সময়-সাক্ষী হৈ ৰল

নিজান চুবুৰীত মানুহ বাঢ়িল

তেঁতেলী সকলোৱে খালে

বহু মানুহ চহৰলৈ গ’লগৈ

তেঁতেলীজোপাৰ গুণগান চহৰতো গালে

এদিন গাঁৱৰ ৰাস্তা বহলাবলৈ আহি

ঠিকাদাৰে তেঁতেলীজোপা কাটি পেলালে

সেইদিনা কাৰো মুখৰ মাত নাই

পকী আলিবাট কাকনো নালাগে

কিন্তু গাওঁখনৰ নাম তেঁতেলীমুখ

য’ত এজোপাও তেঁতেলী নাই

ঠিকনা :

অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close