Written by sdblogs2011 8:37 pm Poems

তলসোঁত

দিগন্ত শইকীয়া

পুহৰ বন্দী বেলি

কুঁৱলীৰ পোতাশাল

দিনত কুকুৰ

ৰাতি শিয়াল

সাধুৰ জোখাৰে জয়াল

ধুঁৱলী।

ভাহে মাথোঁ

গেঙনি ডেডাউৰি

নাওবোৰ

ফিৰি অহা নাই

আন কিছুমান চকুলৈ লোণ সংক্ৰমণ,

বিষৰোধী অৱসাদক

ভাগে ভাগে

আয়োগ বিনিয়োগ

আপোন প্রবৃত্তিৰে শগুণবোৰ

কুঁৱলীৰ মাজে মাজে চলমান বিন্দু

কমলাবোৰ তিৰবিৰাই উঠিবলৈ ৰৈ আছে

বিহগ বিননিৰ তলে তলে অৰণ্যৰ গহনত

চৰক্‌ চৰক্‌ চলমান কৰত

চানেকিৰ ফুল কুৰুচা কাঠিৰে বাগৰিছে

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close