Written by sdblogs2011 7:26 pm Poems

মই ডাঙৰ হৈ অহাৰ সময়ৰ

মূল (ইং.) লেংষ্ট’ন হিউজ : As I grew Older

 ভাষান্তৰ : ড০ দীপমণি দাস

বহুদিন আগৰ কথা

তেতিয়া মই মোৰ সপোনটো ঠিক পাহৰাৰ নিচিনাই

তেতিয়াই , ঠিক সেই সময়তেই

সপোন মোৰ সপোন

উদ্ভাসিত

মোৰ সন্মুখত

যেন সূৰ্যৰ দৰেই ৰৌদ্ৰোজ্জ্বল

আৰু তাৰ পাছতেই বাঢ়ি আহিছিল সেই প্ৰাচীৰ

লাহে লাহে বাঢ়িছিল ক্ৰমাৎ

লাহে লাহে সেই প্ৰাচীৰ

মই  আৰু মোৰ সপোনৰ মাজত

বাঢ়ি  গৈ আছিল 

মই আকাশখন নোচোৱালৈকে

সেই প্ৰাচীৰ 

যি আচলতে ছাঁ

মই  এজন  কৃষ্ণাংগ

মই ছাঁতে পৰি ৰওঁ

নাই  মোৰ সপোনৰ কোনো জেউতি 

মোৰ সন্মুখত

এনেকি মোৰ ওপৰতো!

 …

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close