Written by sdblogs2011 7:26 pm Articles

এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি

জীৱন কিশোৰ

(১)

ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন  ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ ল’লে।

সিহঁতৰ বিষয়ে তেওঁ যিমানখিনি কথা জানে, সেয়া কিন্তু এজন যুক্তিবাদী মানুহে সহজে মানি ল’ব নোৱাৰিব পাৰে। মানুহৰ বুকুৰ ইমান ভিতৰলৈ সোমাই যোৱাৰ আদব-কায়দাবোৰ তেওঁ কেনেকৈ ক’ৰ পৰা আয়ত্ত কৰিলে, সেইটো নিজেই ক’ব নোৱাৰে। তেওঁ কৰা হৃদয়ৰ অস্ত্ৰপ্ৰচাৰবোৰৰ কৌশলেই সুকীয়া, মানুহৰ অন্তৰ্জগতখনো পঢ়ি চাব পৰা।

তেওঁ নিজেই আচৰিত হয়- এইবোৰ নিজে-নিজেই কেনেকৈ হ’বলৈ পায়। এই নিজে-নিজে হোৱা কথাটোৰ পৰাহে তেওঁ নিজক লৈও অলপমান বেলেগকৈ ভাবিবলৈ ল’লে। 

নিজক বুজিবলৈ যাওঁতে   তেওঁ মুখ্যতে দুটা কথা গম পালে। 

প্ৰথমতে হ’ল- তেওঁ এগৰাকী মুক্ত চৈতন্যৰ অধিকাৰী এইবাবে হ’ব পাৰিলে যে তেওঁৰ স্মৃতি-বিজড়িত হৈ থকা ঘটনাবোৰ সনা-পিটিকা কৰি নাথাকি পৰিস্কাৰকৈ কেৱল এটাৰ পাছত আনটোক মনত ৰাখিবলৈ যত্ন কৰি গ’ল। 

অহেতুক কাৰণ বিশ্লেষণে মানুহক জটিলহে কৰি তোলে। তাৰ বিপৰীতে তেওঁতো হৈ উঠিছে তেনেই সহজ এজন সাধাৰণ ব্যক্তি। তেওঁৰ স্বতঃস্ফূৰ্ত অনুধাৱনৰ নৈসৰ্গিক ক্ষমতাই তেনে জটিলতাৰ পৰা তেওঁক মুক্ত কৰি ৰাখিলে।

দ্বিতীয়তে, কোনো প্ৰচলিত লোকবিশ্বাস, শাস্ত্ৰসন্মত বিধিবিশেষ, কোনো জ্ঞানী পণ্ডিতৰ হিতোপদেশৰ বশৱৰ্তী নোহোৱাকৈ যে এক চাপমুক্ত জীৱন-নিৰ্বহন কৰি থাকিবলৈ পালে, তাৰ সুবাদৰ বাবে তেওঁ ভাগ্যতকৈ তেওঁৰ অভ্যাসকে অগ্ৰাধিকাৰ দিলে।

বাসুদেৱনে লাহে-লাহে স্বতঃসিদ্ধ আৰু স্বয়ংসম্পূৰ্ণ ঘটনাবোৰক বেছিকৈ গুৰুত্ব আৰোপ কৰিবলৈ ল’লে। বহু ঘটনাই আপোনা-আপুনি ঘটে। পিছে প্ৰায়বোৰ মানুহেই নপতা ফুকন হৈ তাৰ কৃতিত্ব ল’বলৈ সংকোচ বোধ নকৰে। সেইবোৰ সম্পাদনত দৰাচলতে কাৰো কোনো বিশেষ অৱদানেই নাথাকে।

(২)

দেবু আৰু বাসৱৰ কথা জানিবলৈ-বুজিবলৈ তেওঁ কাৰো পৰা যে সহায় ল’ব লগা নহয় তাতেই তেওঁৰ পৰম সন্তোষ। যেনেকৈ খাবলৈ, শুবলৈ, সপোন দেখিবলৈ কোনেও আমাক শিকাই নিদিয়ে বা ৰতিক্ৰিয়াৰ কৌশল আমি জন্মগতভাৱেই শিকো, তেনেকুৱাই বিশেষ কিবা প্ৰজ্ঞাৰ যেন তেওঁ অধিকাৰী; ইয়াৰ বাবে তেওঁৰ সদ্ভাৱ আৰু সদিচ্ছা থাকিলেই হ’ল, তেওঁ সিহঁতৰ ভিতৰুৱা কথাবোৰ থাউকতে গমি ল’ব পাৰে।

এই ধৰণৰ চিন্তা-চৰ্চাই সাধাৰণতে মানুহক আলস্যৰ কোমলতাৰে মজাই তোলে। হ’বলগীয়াবোৰ হ’বই বুলি ধৰি লোৱাসকলে অপেক্ষাৰ উমনিত উষ্ম হৈ বহি ৰয়। ভাগ্য আৰু বিধাতাই হ’বলগীয়াৰ বাবে জগৰীয়া, গতিকে তেওঁলোকৰ সমস্ত দায়িত্ব সিমানতেই শেষ হয়। তাৰ বিপৰীতে, বাসুদেৱনক এনে বিচাৰ-বিবেচনাৰ মাজতো কেনেকৈ যে কষ্টসহিষ্ণু আৰু কৰ্ম-পৰায়ণ কৰি তোলে সেয়াও আচৰিত কথা। 

এই ক্ষেত্ৰত ভি, কে, চাহাবৰ সৌভাগ্য যে তেওঁ তেনে মায়াপাশৰ পৰা অজানিত আঁতৰি থাকিব পাৰিলে। দিন-ৰাতি, সপোন-দিঠক একাকাৰ কৰি বাহিৰে-ভিতৰে সৰ্বত্ৰে তেওঁ এটা কাম কৰি গ’ল সেয়া হ’ল চিন্তা কৰা- কেৱল চিন্তা কৰা। 

চৰ্চাৰ অবিহনে চিন্তাৰ কোনো যে মূল্য থাকিব পাৰে তেওঁ ভবিব পৰা নাছিল। অভ্যাসবশতঃ তেওঁ চিন্তা কৰিছিল নিজৰ ধৰণে- নিৰলস-নিৰুদ্বেগ। কেনেকৈ চিন্তা কৰিব লাগে তাক কাৰোপৰা ধাৰ কৰিবতো নোৱাৰি। সেইবাবে আনৰ বাবে থকা পৰিসীমা, বাধ্যবাধকতা, বাধা-নিষেধ তেওঁ অনায়াসে অতিক্ৰম কৰিব পাৰিছিল। আগৰ অৱস্থা আৰু অৱস্থিতিলে উলটিও আহিব পাৰিছিল দ্বিধাহীনভাৱে, সফলতাৰে। 

কোনো অন্তৰ্দ্বন্দ্ব নোহোৱাকৈ ইমান স্পষ্টকৈ ভাবিব পৰা ক্ষমতা অৰ্জন কৰা বাবেই শাৰীৰিক ক্ষতি হোৱাৰ পৰিৱৰ্তে তেওঁৰ ক্ৰমাগত মানসিক উৎকৰ্ষ সাধনহে হৈছিল। 

তেওঁৰ ল’ৰালিৰ এটা এৰাব নোৱাৰা প্ৰশ্ন আছিল এনে ধৰণৰ- মানুহ আচলতে এনে হ’ব লাগেনে?

তাৰ উত্তৰটোও তেওঁ অতি সহজেই বিচাৰি উলিয়ালে। সেইটো হ’ল- মানুহ দায়িত্বশীল, সমাজ-সচেতন, ন্যায়নিষ্ঠ হ’ব লাগে নে নালাগে সেইটো আচল কথা নহয়; আমি চাব লাগে, মানুহ এজনে তেনে কৰিব পাৰেনে নোৱাৰে। মানুহ জীৱটো অচলতে যদি তেনে কৰিবলৈ সৃষ্টি হোৱা নাই, তেনেহ’লে সেই আৰোপিত চৰ্তই অভিনেতা-অভিনেত্ৰী কিছুমানহে গঢ় দিব পাৰিব। বাধ্যতামূলক ভদ্ৰতাই এচাম যন্ত্ৰমানৱহে গঢ় দিয়ে- যিসকল হয়গৈ দ্বৈত ব্যক্তিত্বৰ অধিকাৰী একোজন পুৰুষ অথবা নাৰী। সচেতন সৰ্বজ্ঞ বুলি দিনত জহাই ফুৰা প্ৰায়ভাগ আধুনিক মানুহৰে ৰাতিৰ গোপন চৰিত্ৰটো বহু বেলেগ হয়। মাত্ৰ দুই-এজন মহানকহে আমি বাদ দিব পাৰোঁ।

(৩)

বাসৱ তেতিয়া পাঁচ-ছয় বছৰীয়া আছিল। সি ইটো কি, সিটো কি কথাবোৰ শিকিবলৈ আৰম্ভ কৰিছিল। তেতিয়াই প্ৰায়বোৰ ব্যতিক্ৰমী চৰিত্ৰই তাক আকৰ্ষণ কৰিবলৈ ধৰিলে। টিভি চাই চাই সি কিছু কথা জানিলে। স্কুলীয়া কিতাপ আৰু বাহিৰা আলোচনীৰ পৰা কেতবোৰ শিকিলে। কিছু আয়ত্ত কৰিলে ঘৰুৱা পৰিৱেশ, ডাঙৰৰ আচাৰ-ব্যৱহাৰ আৰু ওচৰ-চুবুৰীয়াৰ মাত-কথাৰ পৰা। মুঠতে তাৰ অনুসন্ধিৎসু মনে সকলোবোৰ পল্লৱগ্ৰাহিতাৰে সংগ্ৰহ কৰি গ’ল। এবাৰ বুজি পোৱাৰ পিছত কিছুমান কথাত তাৰ মনোযোগ কমি আহিল। আন কিছুমানত গুৰুত্ব নিদিয়া হ’ল। কিন্তু যুগপৎ সেই এৰা-ধৰাবোৰ চলি থাকিল ।

তাৰ মনটো ভিন-ভিন সমল বিচাৰি চাৰিওফালে উৰি ফুৰিবলৈ ধৰিলে। কেতিয়াবা সি কাৰ্টুন চৰিত্ৰ এটা হৈ আকাশ-বতাহ, পাহাৰ-ভৈয়াম যেনি-তেনি উৰি ফুৰিলে। কেতিয়াবা গাঁৱে-ভূঞে, চহৰে-নগৰে  বিচৰণ  কৰি গোটেইখন ফেনেকি পেলালে। আকৌ কেতিয়াবা অতিমানৱ এজন হৈ দুৰ্গম ঠাইত কেতবোৰ অসাধ্য সাধন কৰিলে আৰু কেতিয়াবা বল-বুদ্ধি-সাহসেৰে দুঃসাহসিক অভিযান কিছুমান ৰূপায়িত কৰিলে। সি তেতিয়ালৈকে নিজকে তেনে এজন শক্তিশালী বীৰপুৰুষ হ’ব বুলিয়ে ভাবি থাকিল।

কিন্তু এদিন সি এখন কথাছবি চাবলৈ গ’ল, যিখনত চোৰ এটাই মুখ্য ভূমিকা লৈ মানুহক নগুৰ-নাগতি কৰিছিল। নতুন নতুন কৌশল উদ্ভাৱনৰ জৰিয়তে সি ভালেকেইটা অভিযান সফলতালৰে সম্পন্ন কৰিছিল। প্ৰতিবাৰে কৰা তাৰ অভিনৱত্ব প্ৰদৰ্শনে সকলোকে আশ্চৰ্যচকিত কৰিছিল। তাক বিচাৰি সকলো পুলিচ-চোৰাংচোৱা ব্যৰ্থ হৈছিল। তাৰ বিৰুদ্ধে প্ৰস্তুত কৰা সকলোবোৰ ৰণকৌশল  সি তাৰ নিজস্ব বুদ্ধিমত্তাৰে  বিফল কৰি গৈছিল এফালৰ পৰা। 

বাসৱে তাৰ শিশুসুলভ যৎসামান্য বুজনেৰে কোনো এটা অনিৰ্দিষ্ট কাৰণত সেই ৰবাৰ্ট নামৰ চোৰটোৰ চৰিত্ৰটোৰ মাজত সোমাই পৰিল। কিবা এটা কওঁতে কথাটো এদিন ঘৰত তাৰ মুখৰ পৰা ওলাই পৰিল। সি ভুল বুজিব পাৰি নিজৰ জিভা কামুৰিলে যদিও ধনুৰ পৰা প্ৰক্ষিপ্ত কাঁড় পুনৰ হাতলৈ ঘূৰি নহাৰ দৰে সিও বাক্যষাৰ ওভতাই ল’ব নোৱাৰিলে। তাৰ পাছৰ পৰাই পৰিয়ালৰ সদস্যসকলে তাক ধেমালিৰ ছলেৰে সুধিবলৈ  ধৰিলে- বাসৱ, তুমি ডাঙৰ হৈ কি হ’বা বুলি কৈছিলা? লাজ লুকুৱাবলৈকে সি টপৰাই উত্তৰ দিয়ে- ডাঙৰ হ’লে মই এটা চোৰ হ’ম।

সৰু ল’ৰাৰ মৰম সনা ভাটৌসুৰীয়া মাতেৰে কথাখিনি ইমান শুৱলা হৈ উঠিল যে সেইষাৰ শুনিবলৈকে তাক যেতিয়াই-তেতিয়াই সকলোৱে সেই একেটা প্ৰশ্নকে সোধা হ’ল। সি সুৰ সলনি কৰি একেটা উত্তৰে প্ৰতিবাৰতে দি গ’ল। 

প্ৰথম ক্ষেত্ৰত সি ক’লে- মই মস্ত এটা চোৰ হ’ম। মই লগত এখন ধাৰাল চাকু ৰাখিম। কোনোবাই জালত পেলাব খুজিলে মই সেইখনেৰে জাল কাটি ওলাই আহিম। মই চেহেৰাটোকে সলাই ল’ম। কোনেও মোক চিনিব নোৱাৰিব, কোনেও ধৰিব নোৱাৰিব।

দ্বিতীয়বাৰ সি আৰু অলপ আগুৱায়। সি কয়- মই এটা নীলা চোৰ হ’ম।- সকলো বেচ আচৰিত হয়, নীলা চোৰ বা কেনে?

সি এজন বিজ্ঞৰ দৰে বুজায়- নীলা চোৰ আকৌ, কিচ্‌নাৰ দৰে। তাৰ হাঁহিটোতে বুদ্ধি সোমাই থাকে। সি বৰ বুধিয়ক। কিচ্‌নাৰ নিচিনাকৈয় মই চবৰে মুখাবোৰ খুলি নীলা ৰং সানি দিম।- কোনেও নাজানে সি কেনেকৈ নীলা ৰং সানিব। তাৰ আজৱ কথাবোৰ শুনি সকলোৰে হাঁহিত ৰ’ব নোৱৰা অৱস্থা হয়। সি কিচ্‌নাৰ দৰেই মিছিকিয়ায়। 

আৰু দিন বাগৰে। পৰিয়ালৰ অগ্ৰজসকলে তাক ওলোটাকৈ সোধে- -তুমি পঢ়ি-শুনি এজন ডাঙৰ মানুহ হ’বা বুলিহে কৈছিলা ? সি উত্তৰ দিয়ে-  নাই নাই, মই ডাঙৰ চোৰ এটা হ’ম বুলিহে কৈছিলোঁ। চোৰসকলো মানুহহে।- কোনেও হাঁহি ৰখাব নোৱাৰে। হাঃ হাঃ হাঃ হাঃ হাঃ। এইবাৰ তাক সোধা হয়- তুমি এবাৰ পুলিচ হ’বা বুলি কৈছিলাচোন ?- সি উত্তৰ দিয়ে- হ’লেও মই চোৰ-পুলিচহে হ’ম। বুজি নাপালেও তাৰ ধৰণটোত সকলোৱে হাঁহে। পোনছাটেই সি ধমকিৰ সুৰত কৈ উঠে- নাহাঁহিবা, এইবোৰ ছিৰিয়াছ কথা।•••

সময় আগুৱায়। সি হৈ পৰে সকলোৰে সময়খোৱা বহুৱা- – টাইমপাছ আইটেম। 

যিমানবাৰ তাক সোধা হৈছিল সিমানবাৰেই সুৰ সলাই সি একেটা উত্তৰকে দিছিল। এনেকৈয়ে নাটখন ভালেদিন চলি থাকিল।

শেষৰটো প্ৰশ্ন তাক কৰা হৈছিল এনে ধৰণে- সি উৰাজাহাজ চলাব নেকি, আকাশত সি উৰিব নেকি?- সি বহু পৰ ভাবিছিল আৰু বৰ গহীন হৈ ওলোটাই দুটা কথা সুধিছিলহে –

ক) চিলনীয়ে মানুহক কেনেকৈ থপিয়াই লৈ যায়? আৰু 

খ) বৰষুণ দিলে উৰাজাহাজ তিতে নে নিতিতে?

ইয়াৰ সদুত্তৰ কাৰো ওচৰত নাছিল । যথাৰীতি কোনেও হঁহা নাছিল। নুবুজিলে জোৰকৈ কোনেনো হাঁহে ?

এদিন এজন তথাকথিত জনা-বুজা ভদ্ৰলোক জে, কে, নাথ বাসৱহঁতৰ ঘৰলৈ আহিল। পুৰণি চিনাকি সূত্ৰে এৰাতি তাত থাকোঁতে তাৰ কথা-কাণ্ডবোৰ তেওঁ ভালদৰে নিৰীক্ষণ কৰিবলৈ সুযোগ পালে। সেইবোৰত প্ৰতিফলিত হোৱা বিকৃতিবোৰ তেওঁ স্পষ্টকৈ আঙুলিয়াই দেখুৱালে। শিশু এজনক বাৰে-বাৰে কৰা তেনেবোৰ প্ৰশ্নত তেওঁ ঘোৰ আপত্তি কৰিলে। তেওঁৰ মত এই যে- তেনেবোৰ মূল্যবোধ নোহোৱা বেবেৰিবাং কথা-বাৰ্তাই জ্যেষ্ঠসকলক এক পাশৱিক আনন্দ প্ৰদান কৰিছে সঁচা, কিন্তু সেইবোৰে বাসৱৰ জীৱনত অভাৱনীয় প্ৰভাৱ পেলাব আৰু তাৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় কৰাব। এনে অভ্যাসে তাৰ চিন্তাধাৰা সংকীৰ্ণ কৰাই নহয় তাৰ প্ৰতিচ্ছবিও লোকচক্ষুত সংকুচিত কৰি পেলাব। সাধাৰণতে শিশুসকলৰ মনত আদৰ্শ ব্যক্তিৰ এখন ছবি গঢ়ি উঠে। তাৰ প্ৰতিৰূপ সমুখৰে কোনোবা এজনৰ  তাত সিহঁতে দেখা পায় । তাকে অনুসৰণ কৰি সি আগ বাঢ়ে। সেইজন তেনে এজন আদৰ্শ ব্যক্তি হোৱা উচিত। নহ’লেও সেইজনৰ কথা সিহঁতৰ সমুখত সদায় ভাল বুলিয়ে বখানিব লাগে। সেইজন ব্যক্তিৰ জীৱনত থাকিব পৰা ভুল-ত্ৰুটি-বিচ্যুতি, দোষ-অপযশবোৰ সদায় স্পষ্টকৈ সিহঁতৰ আগত প্ৰকাশ কৰা উচিত নহয়। তেনে কৰিলে সিহঁতৰ মনত সেই ব্যক্তিৰ প্ৰতি ওপজা শ্ৰদ্ধা-ভক্তি-ভালপোৱা নোহোৱা হয়। এটা সময়ত ইয়ে সিহঁতক প্ৰচলিত সমাজ-ব্যৱস্থাৰ প্ৰতি আস্থাহীন কৰি তোলে। দুৰাচাৰ-দুৰ্নীতিৰ মহামাৰী তাৰ পৰাই আৰম্ভ হয় আৰু তাৰ বীজাণু অন্তৰ্জগতত আমৰণ সোমাই ৰয়।

এই বক্তব্যত বাসৱৰ পৰিয়ালৰ সকলোৰে চকু কপালত উঠিল। ঘৰত বাহাল ৰখা পৰিৱেশটোৰ বিষয়ে ভাবিয়ে তেওঁলোকে লাজ পালে। তেতিয়া তাৰ ভৱিষ্যতৰ হিত কামনা কৰিয়ে তেওঁলোকে সেই ধৰণৰ আলাপ-আলোচনা  একেবাৰে পৰিত্যাগ কৰাৰ সিদ্ধান্ত ল’লে।

তেতিয়াৰ পৰাই সকলোৱে লাহে লাহে বাসৱক বুজাবলৈ ল’লে যে কোনোবাই সি কি হ’ব বুলি সুধিলে সদায় এজন ভাল আৰু ডাঙৰ মানুহ হোৱা কথাটোহে ক’ব লাগে। এটা চোৰ হোৱা, জেপলুৰুকা হোৱা, গুণ্ডা, ডকাইত বা ভণ্ড বাবা এজন হ’ব খোজা ধৰণৰ কথাবোৰ খুবেই বেয়া আৰু সেইবোৰ কেতিয়াও ক’ব নাপায়।

সেই প্ৰতিবাধাই বাসৱক মৰ্মাহত কৰিলে আৰু তাৰ কাংক্ষিত চোৰৰ চৰিত্ৰটো তাৰ চকুৰ সমুখৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হ’ল৷ নীলা চোৰৰ পৰিৱৰ্তে সি তেতিয়া এজন ‘চফেদ আদমি’ হ’বলৈ যত্ন কৰিব লগা হ’ল।

বাহিৰা পৃথিৱীৰ নাটখন তেতিয়া তাৰ ভিতৰতেই চলাই যাব লগা হ’ল, সকলোৰে অলক্ষিতে। গতিকে সি মনে মনে আৰ্চিৰ সমুখত থিয় হৈ নিজকে ৰবাৰ্টৰূপে চাবলৈ গোপনে চেষ্টা কৰি থাকিল । আচলতে সি নিজকে এখিলা কাগজৰ লেখীয়াকৈ সমানে দুভাঁজ কৰি বিছনাৰ তলত জাপি ৰখাদি ৰাখিলে৷

(৪)

একেখন ঘৰতেই এদিন দেবুৰ আৱিৰ্ভাৱ ঘটিল। মানুহৰ মুখে মুখে তেতিয়া দেবুৰ নাম– দেবু ইজ্‌ এ গুড্‌ বয়। দেবুৰ প্ৰতিভা আৰু ধৰণ-কৰণবোৰ চাই তাক লৈ সকলোৰে মনত আশা জাগিবলৈ ধৰিলে। দেবু এজন ডাঙৰ মানুহ হ’ব৷ তাক লৈ কৰা আশাবোৰ পূৰণ কৰাৰ স্বাৰ্থত সি ৰাতিয়ে-দিনে যৎপৰোনাস্তি কষ্ট কৰিবলৈ ধৰিলে। বছৰে পতি ভালৰো ভাল ফলাফলে তাৰ উৎসাহ চাৰিগুণে বৃদ্ধি কৰিলে। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলোৰো আন্তৰিক ভালপোৱা মৃদুভাষী দেবুৱে হাচিল কৰিলে। তাৰ সততা-নিষ্ঠা, অহোপুৰুষাৰ্থ, সজ আচৰণ আৰু পৰিমাৰ্জিত কথা-বাৰ্তাৰ জৰিয়তে সি সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিল৷ ঘৰৰ মানুহৰ সন্মান ৰক্ষাৰ দয়িত্ব তাৰ ওপৰত আহি পৰিল। কোনো বেয়া ফলাফলে তাৰ লগতে ঘৰৰ আন  মানুহৰো শিৰ নত কৰাব পাৰিলেহেঁতেন। তেনেস্থলত সি অনেক কথাই গোপন কৰিবলৈ বাধ্য হ’ল।

মনে মনে কৰা আত্মৰতিয়ে হওক বা ডাঙৰৰ গুহ্য আলাপ লুকাই-চুৰকৈ আস্বাদন কৰাই হওক, প্ৰাপ্তবয়স্ক লোকৰ কিতাপ পঢ়াই হওক বা দেউতাকৰ চন্দুকৰ পৰা ধন সৰকোৱাই হওক, এই কামবোৰ সি ইমান নিখুঁত আৰু নিয়াৰিকৈ কৰিবলৈ ল’লে যে কোনো এজনেই তাৰ সম্ভেদ নাপালে। 

তাৰ ওপৰত কোনেও সন্দেহ নকৰাৰ সুযোগ লৈ সি তাৰ মাজতেই এক পৰিপূৰ্ণ বিশ্ব গঢ়ি তুলিলে, যাৰ অধিষ্ঠিত একচ্ছত্ৰী সম্ৰাটজন হৈ পৰিল সি নিজেই। আনহাতে, দোপত দোপে বাঢ়ি অহা তাৰ চমৎকাৰী ব্যক্তিত্বই মানুহক আপ্লুত কৰাৰ লগতে কম বয়সতে তাৰ প্ৰতি শ্ৰদ্ধাশীল কৰি তুলিলে। চিনাকী মানুহৰ ইমান সমীহ আদায় কৰিব পৰা তাৰ বয়সৰ অন্যান্য তৰুণ-তৰুণীসকলৰ মাজত সি এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী চৰিত্ৰ এটা হৈ উঠিল। এইদৰেই দেবুৱে নিজৰ প্ৰতিভা, কৰ্মস্পৃহা আৰু একাগ্ৰতাৰ বলত এদিন ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ সুযোগ লাভ কৰিলে আৰু কৃতকাৰ্য হোৱাৰ সম্ভাৱনা জগাই তুলিলে। 

ছাত্ৰাবাসত থকা কালছোৱাত সি নিজকে আৰু বেছি উন্মুক্ত অৱস্থাত পালে যদিও আন আন ছাত্ৰ-ছাত্ৰীসকলৰ লগত হোৱাৰ দৰে আত্মবিধ্বংসী অৱস্থা তাৰ নহ’ল। কাৰণ যিকোনো আপদ-বিপদৰ পৰা কেনেকৈ সতৰ্ক হৈ থাকিব পাৰি সেয়া সি আগতীয়াকৈ শিকি থৈছিল। সি লুকাব যিমান জানিছিল, কথাবোৰ লুকুৱাবও পাৰিছিল সিমানে। 

এইবোৰৰ লগে লগে তাৰ মনত বিচিত্ৰ ভাব কিছুমান আহিবলৈ আৰম্ভ কৰিছিল। সি ভাবিছিল– হ’ব লগাবোৰ কোনেও ৰোধ কৰিব নোৱাৰে, সি যি হ’বলৈ ইচ্ছা কৰিছে সেয়াও অৱশ্যম্ভাৱী। তাৰ মাজতেই আমোদ-প্ৰমোদেৰে জীৱনটো পাৰ কৰাই ভাল। অযথা চাপ আৰু উদ্বিগ্নতাৰে সময়বোৰ দুবিৰ্সহ কৰি তোলাৰ আচলতে কোনো প্ৰয়োজনে নাই। 

সি সন্ধিয়া সন্ধিয়া মহাবিদ্যালয়ৰে নিকপকপীয়া পুথিভঁৰালটোলৈ অধ্যয়নৰ বাবে যাবলৈ ল’লে। সি এদিন এখন মনোবিজ্ঞান বিষয়ক পুথি মনে মনে তাৰ পৰা লৈ আহিল আৰু ওপৰৰ মোহৰ লগোৱা পাতখিলাকে ফালি পেলালে। লাহে লাহে তাৰ কোঠাটোত কেবাখনো গ্ৰন্থ গোট খালে৷ সেইকেইখন পঢ়িও সি সাং কৰিলে আৰু কিনিব নলগা হোৱা বাবে কিমান পইচা ৰাহি হ’ল তাকো টোকাবহীত টুকি ৰাখিলে। এনেকৈয়ে সি পৰিতৃপ্তি লাভ কৰিবলৈ ধৰিলে আৰু তাৰ অজানিতে বহু বছৰ আগতে দুভাগ হৈ যোৱা ভিতৰচ’ৰাৰ আনটো ফাল পুনৰ লগ লাগি তাক পৰিপূৰ্ণ কৰি তুলিলে। তাৰ স্বয়মৰ মাজত শুই পৰা বাসৱ সাৰ পাই উঠিল।

মহাবিদ্যালয় সপ্তাহৰ মঞ্চত সি একক অভিনয়ৰ এটা অনুষ্ঠান কৰি দেখুৱালে। নিজেই লিখা নাটখনত সি চোৰ, পুলিচ, ৰোগপীড়িত ব্যত্তি, চিকিৎসক, গাঁৱলীয়া হোজা মানুহ আৰু দাৰ্শনিক একোজনৰ চৰিত্ৰকেইটা অকলে কৰি দেখুৱালে। দৰ্শক হিচাপে উপস্থিত ছাত্ৰ-ছাত্ৰী, মুখ্য অতিথি, প্ৰফেছৰ আৰু অন্যান্য বিষয়া-কৰ্মচাৰীয়ে কৰতালিৰে তাক উৎসাহিত কৰিলে। সকলোৱে তাৰ শলাগ ল’লে আৰু আগলৈও তাৰ পৰা তেনে অভিনয়ৰ প্ৰদৰ্শন আশা কৰিলে। সি কৰা অভিনয়ত সন্তুষ্ট হৈ মহাবিদ্যালয়ৰ অধ্যক্ষজনে তাক আছুতীয়াকৈ লগ কৰি মনে মনে কথাকেইটামান ক’লে।

মুঠতে নাটখনৰ প্ৰধান বিশেষত্ব আছিল এই যে, কোনো এটা চৰিত্ৰতেই সি অলাগতিয়াল আদৰ্শ আৰোপিত কৰা নাছিল আৰু যিমান পাৰি অহেতুক উপদেশ বৰ্জন কৰি চলিছিল। তাত কোনো বাৰ্তা বা শিকনি দিয়াৰ চেষ্টা নাছিল। বৰঞ্চ বাস্তৱসন্মত ধাৰণাৰে চৰিত্ৰসমূহৰ সাধাৰণ মনোভাব প্ৰদৰ্শনেই আছিল তাৰ উদ্দেশ্য। 

দেবুয়ে নিজৰ লগত ৰখা পুথিভঁৰালৰ কিতাপকেইখনে এইক্ষেত্ৰত তাক আটাইতকৈ বেছি সহায় কৰিছিল। এক নতুন শৈলীৰে ৰচিত আৰু অভিনীত নাটখনৰ জৰিয়তে মানুহৰ অন্তৰ্জগতৰ বিষয়ে কৰিব পৰা এনে নিৰপেক্ষ, স্পষ্ট আৰু নিখুঁত বিশ্লেষণ সেই বয়সতে কৰিব পৰা দেখি সকলোৱে অবাক হৈছিল৷  

(৫)

এটা সময়ত এজন সুনামী, পাৰদৰ্শী আৰু পৰিপক্ক চিকিৎসকৰূপে ভি, কে, বাসুদেৱনৰ উন্মেষ ঘটিল। আজিও তেওঁ ধৰিব নোৱাৰে যে তেওঁ কেনেকৈ হৃদয়ৰ অস্ত্ৰপ্ৰচাৰ কৰি মানুহৰ অন্তৰ্জগতত অনধিকাৰ প্ৰৱেশ কৰে। গোটেইখন লিৰিকি-বিদাৰি চায় আৰু কোনেও ধৰিব নোৱৰাকৈ নিৰাপদে ওলাই আহে। 

উৎকৰ্ষ সাধনৰ নিমিত্তে তেওঁ যিকোনো পদক্ষেপ ল’ব পৰাৰ সাহস গোটাব পৰা হ’ল। তেওঁৰ অভিনৱ চিকিৎসাৰীতিয়ে জনপ্ৰিয়তা লাভ কৰিলে। অধিক ধনৰ বিনিময়– অধিক চিকিৎসা বিতৰণ, আৰ্থিক অৱস্থাৰ ভিত্তিত আৰোগ্যলাভৰ দিহা-পৰামৰ্শ, চিকিৎসা-বীমাধাৰীসকলক অগ্ৰাধিকাৰ, ক্ষমতাশালীক গুৰুত্ব প্ৰদান, উচ্চশ্ৰেণীক আকৰ্ষণৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আগ বঢ়োৱা, বেছি মুনাফাৰ ঔষধ-পাতি ব্যৱহাৰ, সাধাৰণভাৱে হ’ব পৰা চিকিৎসাৰ পৰিৱৰ্তে উন্নত কৌশল প্ৰয়োগ আদি ধাৰণাৰে উধাই উধাই অতি কম সময়ৰ ভিতৰতে তেওঁৰ পাঁচ মঞ্জিলা ইমাৰত বাসুদেৱন কম্‌প্লেক্স আৰু হাস্পতাল আৰু চিকিৎসা-বিজ্ঞান গৱেষণা কেন্দ্ৰ ‘হেল্পলাইন টু লাইফ্‌’ চহৰৰ মাজ মজিয়াত থিয় হৈ উঠিল। 

ডাঃ বাসুদেৱন বুলিলে চহৰত নাম নজনা লোক নোহোৱা হ’ল। বেমাৰত ত্ৰাহিমাম ত্ৰাহিমাম কৰি তেওঁৰ ব্যক্তিগত চিকিৎসালয়ত দিনে-ৰাতিয়ে অসুখীয়াৰ ভিৰ লাগি থাকে। চহৰৰ শ্ৰেষ্ঠ হৃদপিণ্ড সংৰোপণ বিশেষজ্ঞ হৈ উঠাৰ লগে লগে তেওঁক লগ পোৱা ঈশ্বৰক লগ পোৱাৰ সমকক্ষ হৈ উঠিল। ‘স্পেশ্বেল্‌ কেইচ্‌ স্পেশ্বেল্‌ ট্ৰীট্‌মেণ্ট প’লিচি’ৰে শ্ৰেণীবিভক্ত কৰি তেওঁ এই সমস্যাৰ কিছু সমাধান কৰিবলৈ সক্ষম হ’ল। 

কিন্তু ‘নন্‌স্পেশ্বেল্‌’বোৰক কেনেদৰে উপেক্ষা কৰিব পাৰি সেইটো এটা সমস্যা হৈয়ে থাকিল। এই ক্ষেত্ৰত চিকিৎসা খৰচ বৃদ্ধি, ‘ৰূম্‌ ৰেণ্ট’ বৃদ্ধি, ‘এক্সট্ৰা চাৰ্জ্‌’, ‘ওৱে’ট্‌ ম’ৰ্‌-ৰেচ্‌পঞ্জ লেছ্‌’ আদি কেবাটাও বিষয়ৰ প্ৰয়োগেও সমস্যাটো নিৰ্মূল কৰিব নোৱাৰিলে৷ সাধাৰণ মানুহে ঘৰ-মাটি বিকি, ধাৰলৈ টকা লৈ, সাচঁতীয়া ধন ভাঙি হ’লেও তেওঁৰ সুচিকিৎসা আৰু দিব্য-দৰ্শন লাভ কৰিবলৈ লানিত লাগি থাকিল। তেওঁ সেই শ্ৰেণীৰ মানুহক চিকিৎসালয় চৌহদৰ পৰা আঁতৰাই ৰাখিবলৈ অন্য কোনো উপায় উদ্ভাৱন কৰাৰ বাবে চিন্তা কৰিবলগীয়া হ’ল। তেওঁ ইয়াৰে আকৌ এবাৰ নতুন ধৰণে চিন্তা কৰিবলৈ সুযোগ এটা পালে। চিন্তা নকৰি তেওঁ থাকিব নোৱাৰে, যি-তি চিন্তাও তেওঁ কৰিব নোৱাৰে। চিন্তাত অলপ কচৰৎ, অকণ জোখ-মাখ, কিছু নতুনত্ব তেওঁ ভাল পায়। 

তেওঁৰ পাঁচ মহলীয়া চাদৰ ওপৰত এখন বাৰে-বৰণীয়া ফুলনি। আকাশমাৰ্গত গোলাপ-মেৰীগোল্ড-ক্লিট’ৰিয়া, ডালিয়া-কেলেণ্ডুলা-জিনিয়াৰ বাহাৰেৰে এক ৰমৰমীয়া পৰিৱেশ। তাৰ পৰা চাপৰ ঘৰৰ চাল আৰু চাদবোৰ চাই চাই তেওঁ সেই বিষয়েই চিন্তা কৰি থাকে। ৰাতি শোৱাপাটীত পৰিও তাকেই ভাবি থাকে। কেনেকৈ তেওঁ অলাগতিয়াল জনপ্ৰিয়তাৰ পৰা নিজকে মুক্ত কৰিব পাৰে ?

হঠাৎ কিয় জানো সিদিনা এই সকলো ভাবনাৰ বিপৰীতে গৈ তেওঁৰ বাসৱ আৰু দেবুৰ কথা মনলৈ আহিল, মাজে সময়ে মনলৈ আহি থাকিল জে, কে, নাথৰ সকীয়নি আৰু শাসনবোৰ। হঠাৎ কিয় এনে হ’ল তেওঁ নিজেই নাজানে৷  

ভি, কে, বাসুদেৱনৰ সমগ্ৰ চেতনা জুৰি ভয়-ভাগ্য-ভগৱান আৰু কৰ্তব্য-কৰ্ম-কষ্ট এই দুভাগ তত্ত্বৰে  বীক্ষা চলি থাকে। সেয়া তেওঁৰ বাবে কোনো সাধনা নহয়, নহয় কোনো মতাদৰ্শৰ ভিত্তি কিম্বা কিবা চালিকাশক্তি। সেয়া তেওঁৰ বাবে চিন্তন-মননৰ এখন যুদ্ধক্ষেত্ৰ আৰু বিচৰণথলী মাত্ৰ।

       •••

ফোন ঃ৭০০২১৪১৫৫৪

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close