Written by sdblogs2011 7:02 pm Poems

অধিবাস্তৱিক

গীত বৈভৱী

১ 

নিশাৰ এই গহনত

বৰ্ষাঘন আকাশ এখন

কিদৰে ফাটি পৰিল মোৰ তন্দ্ৰাত

মই বুজিব নাই

চেতনাৰ চোতাল জুৰি

বাদল আৰু বিজুলীৰ উন্মাদ নৃত্য

বাঢ়িছে বান

যেন অস্থিৰতাৰ অপলক উশাহ

মই কি উটি গুচি যাম

অকাল বাৰিষাৰ এক অভিশাপ হৈ

ৰূপালী কুঁ‌ৱলীৰ এই শীতৰ নিশাত

২ 

ধৰা হ’ল এটা আঙুলিত

এটা ৰাতি আঁ‌কি থোৱা আছিল

ধৰা হ’ল প্ৰাচীন আন্ধাৰত

গল্প এটা কাটি থোৱা আছিল

ধৰা হ’ল, ধৰা হ’ল

আঙুলিবোৰ মিলি মিলি প্ৰাৰ্থনা হ’ব

দেও লগা হাত এখন বাঁ‌হৰ দৰে বাঢ়িব

এয়া সম্ভৱ নে

যে আঙুলিবোৰে টিছু পেপাৰ এখনৰ দৰে

পুৰণি গল্প এটাৰ সেমেকা আন্ধাৰৰ পৰা

মোক টুকি আনিব 

৩ 

আবেলিৰ দলং এখনৰ দাঁ‌তিত ৰৈ

তোমালৈ বাট চাই আছিলোঁ‌

মুংখৰ চিঞৰটোৱে হা-কৈ মুখ মেলি খেদি আহিল

এয়া সেই তাহানিৰে কথা

অথচ এতিয়াও মই দৌৰি আছোঁ‌ দৌৰি আছোঁ‌

বৰ ভয় হয় …

যদি  ৰৈ দিওঁ‌ , চিঞৰটো মোৰ মাজেদি পাৰ হৈ

তোমাক চুবলৈকে দৌৰি থাকিব

জীৱনৰ পৰা ইমানকৈ পলাই ফুৰাত

তুমি যে অভ্যস্ত নহয়

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close