Written by sdblogs2011 6:37 pm Articles

কবিজনৰ নেপথ্যত

 দিলীপ ফুকন

        কবিসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয়বস্তুক ভিত্তি কৰি কবিতা লিখে৷ যিটো বিষয়বস্তু বাছি লোৱা হয়, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক বোধ নাথাকিলে তাত কবিতাৰ জলবায়ু সৃষ্টি নহয়৷ জীৱনৰ অভিজ্ঞতা আৰু অধ্যয়নৰ মাধ্যমেৰে আহৰিত প্ৰজ্ঞাই আমাক সমৃদ্ধ কৰি তোলে, আমি তাকে শিল্পিত ৰূপ দি প্ৰকাশ কৰিব বিচাৰোঁ৷ ইয়াৰ বাবে মাধ্যম  ভিন্ন হ’ব পাৰে কিন্তু সকলো কবি শিল্পীৰে উদ্দেশ্য একেই৷ কেতিয়াবা এনে কিছুমান ঘটনা নাইবা কাহিনীয়ে কবিসকলৰ মনত প্ৰভাৱ বিস্তাৰ কৰে যে তেওঁলোকৰ মনোজগত ই এজাক ধুমুহা হৈ তোলপাৰ লগাই থাকে৷ কবিসকলে এনে পৰিস্থিতিৰ পৰা নিষ্কৃতি লাভৰ বাবে কবিতাৰ আশ্ৰয় গ্ৰহণ কৰে৷

        গাত এডুখৰিও কাপোৰ নোহোৱা উদং শৰীৰৰ সেই ন বছৰীয়া ছোৱালীজনীক মই বহু বছৰ ধৰি লালন কৰি আহিছোঁ৷ উলঙ্গ কন্যা শিশু৷ তাই যিটো চিঞৰ মাৰিছিল সেই চিঞৰটোৱে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ হাজাৰজনৰ হিয়া বিদীৰ্ণ কৰি পেলাইছিল৷ এক বিভিষীকাময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবৰ নিৰ্মিত্তে দিকবিদিক্‌ হেৰুৱাই তাই প্ৰাণটাকি  দৌৰি আছে৷ আতংকিত ভীতিগ্ৰস্ত বোমাৰ লেলিহান জুই আৰু ধোৱাঁৰে আচ্ছন্ন আকাশ-বতাহ৷ ৰুদ্ধশ্বাস পৰিৱেশ৷ যুজাঁৰু বিমানৰ কাণ ফলা শব্দ, বজ্ৰৰ গৰ্জন, ইয়াৰ মাজেৰে দৌৰি পলাব খুজিছে এজনী কণমানি ছোৱালী৷

        ছোৱালীজনীৰ নাম ফন থি কিম্‌ ফুক্‌ Phon thi kim phuc পাছলৈ ‘নাপাম কন্যা’ Napalm Girl হিচাপে বিখ্যাত হয়৷ আচলতে ছোৱালীজনীৰ এখন ফটো, যিখনে সমগ্ৰ বিশ্বতে তোলপাৰ লগাইছিল এই ফটোগ্ৰাফটিকে ‘নাপাম গাৰ্ল’ হিচাপে নামাংকিত কৰা হ’ল৷

        প্ৰথমে উত্তৰ আৰু দক্ষিণ এই দুই ভিয়েটনামৰ মাজত যুদ্ধ, পাছলৈ জ্বলা জুইত ঘিঁউ ঢালি এই যুদ্ধত আমেৰিকাৰ প্ৰত্যক্ষ অংশ গ্ৰহণে পৰিস্থিতি অধিক জটিল আৰু ভয়াবহ কৰি তোলে৷ নাপাম বোমাৰ উপৰ্যুপৰি খুন্দাত ধবংসস্তুপত পৰিণত হয় ভিয়েটনামৰ গাঁও-ভূঁই৷ যুদ্ধই মানৱ জীৱনলৈ কঢ়িয়াই অনা দুৰ্বিসহ যাতনা, বিভীষিকাময় পৰিৱেশ, ভীতিগ্ৰস্ত আতংকিত শিশুৱে প্ৰাণৰক্ষাৰ নিমিত্তে দৌৰি পলোৱা সেই দৃশ্য বন্দী হৈছিল এজন প্ৰেছ ফটোগ্ৰাফাৰ নিক (Nick ut)-ৰ কেমেৰাত৷ কেমেৰাত বন্দী এই শিশুটিয়েই হ’ল ফন্‌ থি কিম্‌ ফুক৷ যুদ্ধ বিধ্বস্ত গাঁৱৰ পৰা দৌৰি পলাব খোজা ফুকৰ  সেই দৃশ্য ১৯৭২ চনৰ ৮ জুন তাৰিখৰ৷

        তেতিয়াৰ  কোনোবা আলোচনীত সেই ফটোখন দেখাৰে পৰা মোৰ মনৰ পটতো বন্দী হৈ ৰ’ল ভীতিগ্ৰস্ত, দুৰ্দশাগ্ৰস্ত হাজাৰ-বিজাৰ শিশু৷ সিহঁতৰ ঠেঁহ-পেছ, আনন্দ, খেলা-ধূলা, ৰং-ৰহইছ, দুষ্টামি সকলো উপভোগ কৰোঁ, কিন্তু এক অজান বেদনাবোধে মাজে মাজে মোক থকা সৰকা কৰে, এক অজানিত ভয়ে খেদি ফুৰে৷ ভিয়েটনামী কন্যা শিশুটিৰ দৰেই পলাব খোজোঁ, পলাব খোজে এজাক আতংকিত শিশু৷ কাৰো যেন নিস্তাৰ নাই৷ … সকলো শিশুৰে কাণ খাই খাই আসয় তোমাৰ পাছে …৷ আউচৱিটছ (Auschwitz)-ৰ কথা ওলালেই নাজী (Nazi) বাহিনীৰ কনচেনট্ৰশ্বন কেম্প, গেছ চেম্বাৰ ইত্যাদি কথাবোৰেই মনলৈ আহে৷ নাজী বাহিনীয়ে কনচেনট্ৰেশ্বন কেম্পত বন্দী কৰি ৰখা ইহুদী, পুলিচ, ৰোমানী, ছোভিয়েট লোকসকলৰ ওপৰত চিকিৎসাৰ নামত চলোৱা মিথ্যা-বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা, বিভিন্ন পদ্ধতি প্ৰয়োগ কৰি প্ৰদান কৰা শাৰিৰীক আৰু মানসিক শাস্তি, খাদ্যৰ অভাৱত তিলতিলকৈ মৰিবলৈ এৰি দিয়া আৰু সৰ্বশেষত গেছ চেম্বাৰত সুমুৱাই মৃত্যুৰ ৰং চোৱা নাজী-জাৰ্মানহঁতৰ সেই অমানুষিকতাৰ কথা দোহৰাৰ প্ৰয়োজন নাই৷ নাজী বাহিনীৰ সেই নৃশংস অত্যাচাৰ ১৯৪০ চনৰ মে’ মাহৰ পৰা ১৯৪৫ চনৰ জানুৱাৰিলৈকে চলিছিল৷ এনে নৃশংস ঘটনাৰাজিৰ মাজৰে এটা সৰু অথচ মৰ্মান্তিক কাহিনীয়ে মোক বাৰে বাৰে জোকাৰি পেলাইছিল৷

        বহু দিন মাহ বাগৰি যোৱাৰ পাছত বন্দীসকলৰ বাবে গা ধোৱাৰ দিন ধাৰ্য কৰা হ’ল৷ এনে বাৰ্তাই বহুতকে ক্ষীণ আনন্দ দিলেও অনেকে ইয়াত সন্দেহৰ গোন্ধ পাইছিল৷ গেছ-চেম্বাৰকে স্নানাগাৰ বুলি কৈ পুৰুষ আৰু বন্দী মহিলাক ভাগে ভাগে শাৰীত থিয় কৰোৱা হ’ল৷ এনেকুৱা এটা ‘কিউ’-ত এজনী সৰু ছোৱালীও থিয় হ’লহি৷ তাই সদ্য যৌৱনপ্ৰাপ্ত। তাইৰ কাষতে থিয় হোৱা তিৰোতাগৰাকী অস্থিৰ হৈ পৰিল৷ তাই বুজিছিল এতিয়া কি হ’বলৈ গৈ আছে৷ নিয়ম অনুসৰি সম্পূৰ্ণ উলংগ হৈ ‘স্নানাগাৰ’ত সোমাব লাগে৷ তিৰোতাগৰাকীয়ে ছোৱালীজনীৰ কাপোৰ সোলোকাই দি সিয়ঁৰি উঠিল– তাইৰ বুকুৰ প্ৰস্ফুটনত ওলাই পৰিছে দুটি গোলাপৰ কলি৷ ছোৱালীজনী লাজত মৰো মৰো হৈ দুহাতেৰে বুকু ঢাকি ধৰিছে৷ তিৰোতাগৰাকীয়ে তাইৰ পেণ্টিটোও খুলি দি ছোৱালীজনীৰ শৰীৰত হাত বুলাই পৃথিৱীৰ শেষৰকণ ভালপোৱাৰে সজ্জিত কৰি তাইক ‘স্নানাগাৰ’ গেছ চেম্বাৰলৈ আগুৱাই দি নিজেও সোমাই গৈছে৷ ইয়াৰ পাছৰ আখ্যান ‘চাইক্ল’ন-বি’ৰ ধোঁৱা আৰু ধোঁৱা৷ আমাৰ জন্মৰো বহু পূৰ্বৰ সেই ছোৱালীজনীৰ উলঙ্গ শৰীৰত এটা নতুন চোলা পিন্ধাই যেন তাইক তাৰ পৰা উদ্ধাৰ কৰি আনিম– এনেকুৱা এক অদ্ভূত কল্পনাই আমাক মাজে মাজে আমনি কৰেহি৷ মই তাইৰ মাত শুনো৷ চিৎকাৰ শুনো৷

        আৰু আমাৰ এই সোণৰ অসমত? ১৯৮৩ চনৰ ২৮ ফেব্ৰুৱাৰিৰ নেলীৰ সেই জঘন্য হত্যাকাণ্ডত চিৰদিনৰ বাবে শুই পৰা শ শ মৃতদেহ দেখাৰ পাছত নাইবা ২০০৪ চনত ধেমাজিত ঘাতকৰ জিঘাংসাৰ বলি হোৱা শিশুহঁতৰ অস্ফুট চিৎকাৰ শুনাৰ পাছত হে পাঠকবৃন্দ, মই কোন সতে লিখোঁ এটা প্ৰেমৰ কবিতা প্ৰেয়সীৰ নামত? শিশুহঁতৰ নিষ্পাপ মুখবোৰ, ওঁঠত লাগি থকা হাঁহিবোৰ, সপোনবোৰ শেষ হৈ যায় নিষ্ঠুৰ ঘাতকৰ ক্ৰূৰ খঞ্জৰৰ আঘাতত আৰু মই এটা কবিতাৰে কৰোঁ পাপমোচন৷

        টুনী চৰাইজনী

        বুকু উদং কৰি কেনি উধাও হ’লি

        টুনী চৰাইজনী

        চকুৰে নমনি

        মোৰ চোতালৰ হাচনাহানাজুপি আন্ধাৰতে ফুলে

        ৰিৱ্‌ৰিৱ্‌ সুগন্ধ ভিতৰলৈ  সোমাই আহে৷

        এদিন পথাৰখনত ল’ৰাহঁতে লুকাভাকু খেলিছিল

        এতিয়া পথাৰখনে লুকাভাকু খেলে

        লুকা-ভাকু হিলৈ হৈ ফুটে

        বুকু উদং কৰি কেনি উধাও হ’লি

        টুনীচৰাইজনী

        লগত লৈ গ’লি  হাচনাহানাৰ গোন্ধ

        মোলৈ থৈ গ’ল এবাটি কেঁচা তেজ৷

                                        (দৈকলা সাঁতোৰে য’ত)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close