সৌমিত্ৰ যোগী
আমাৰ যৌৱনৰ আৰম্ভণিতে, লেখা-মেলা কৰিবলৈ আৰম্ভ কৰাৰ সময়ত গুৱাহাটীত এদল তৰুণ প্ৰায়ে লগ লাগিছিলোঁ আৰু ক’ৰবাত লগ হৈ আড্ডা মাৰিছিলোঁ৷ আমি সকলোৱে আছিলোঁ নতুন৷ বেছিভাগেই তেতিয়াও পঢ়া-শুনা সামৰা নাছিল৷ মোৰ বাহিৰে এই দলটোৰ সকলোৱেই আছিল কবি–কবিতা চৰ্চা কৰা তৰুণ৷ ইয়াৰে কেইবাজনেও এতিয়া কবি আৰু সাংবাদিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে৷ আমি কথা পাতিছিলোঁ আমাৰ আগৰ প্ৰজন্মৰ কবিসকলৰ জীৱন, প্ৰতিষ্ঠাৰ সংগ্ৰাম, সাধনা আৰু অধ্যয়নৰ বিস্তৃতি সম্পৰ্কে৷ মই কবিতা চৰ্চা নকৰিলেও কবিতা পঢ়িছিলোঁ, কবিতা বৰ আগ্ৰহৰ বিষয় আছিল৷ আমি তেতিয়া আমাৰ পূৰ্বজ কবিসকলৰ মুখত তেওঁলোকৰো পূৰ্বজ কবিসকলৰ কথা আগ্ৰহেৰে শুনিছিলোঁ– সাহিত্যনো কি, কবিতানো কি জানিবলৈ-বুজিবলৈ চেষ্টা কৰিছিলোঁ৷ তেনেকৈয়ে নীলমণি ফুকনৰ কথাও শুনিছিলোঁ৷ তেওঁৰ অধ্যয়নৰ বিস্তৃতি, কবিতাক লৈ কৰা পৰীক্ষা-নিৰীক্ষাৰ কথা অত্যন্ত আগ্ৰহ আৰু বিস্ময়েৰে শুনিছিলোঁ৷ আজিৰ দৰে তেতিয়া আগ্ৰহ কৰিলেই কিতাপ এখন অতি কম সময়ৰ ভিতৰতে হাতত পৰাৰ অথবা গোটাই অনাৰ পৰিৱেশ নাছিল৷ এনে সীমাৱদ্ধতাবোৰৰ পাছতো তেওঁলোকে বিশ্বৰ শ্ৰেষ্ঠ কিতাপ, বিশেষকৈ কবিতাৰ কিতাপবোৰ পঢ়ি অঁটাইছিল আৰু বিশ্বৰ সমকালীন শ্ৰেষ্ঠ কবিসকলৰ সৃষ্টিৰ সৈতে একাত্ম হৈ আছিল৷ আমি এইটোৱেই বুজিছিলোঁ যে কবিতা এটা ছিৰিয়াছ বিষয়; এবিধ অত্যন্ত সংবেদনশীল কঠিন শিল্প৷
নীলমণি ফুকনৰ কাব্যসাধনাৰ মাজত জনপ্ৰিয় হোৱাৰ বাসনা নাছিল৷ একেদৰে কবিতাক তেওঁ যিধৰণে বুজিছিল সেইমতে এক নিজা ধ্যান-ধাৰণা আৰু শৈলীৰে লিখি গৈছিল৷ আমি জানি বিস্মিত হৈছিলোঁ যে একো একোটা কবিতাক লৈ তেওঁ বাৰম্বাৰ পৰিমাৰ্জনা কৰিছিল৷ শাৰী একোটাত ইতিমধ্যে ব্যৱহাৰ কৰা যতিচিহ্নটো বাহাল থাকিব নে আঁতৰাই পেলাব, একোটা শাৰী অথবা ইতিমধ্যে ব্যৱহৃত একোটা শব্দ আগৰ দৰেই থাকিব নে সলনি হ’ব– এই কছৰৎ নিৰৱচ্ছিন্নভাৱে চলি আছিল৷ কিছুমান কবিতাত তেওঁ চিত্ৰকল্প পৰ্যন্ত সলনি কৰিছিল, কিছুমান কবিতা নতুনকৈও লিখি উলিয়াইছিল৷ সেই কাৰণে সংকলন অথবা সংস্কৰণ সলনি হোৱাৰ লগে লগে কিছুমান কবিতাৰ ৰূপো সলনি হৈছিল৷
কবিতাক লৈ এগৰাকী কবি কিমান ছিৰিয়াছ হ’ব পাৰে পূৰ্বে এই কথা কাহিনীৰ দৰে শুনিছিলোঁ, কিন্তু এজন প্ৰকাশক হিচাপে যেতিয়া ওচৰৰ পৰা পালোঁ তেতিয়া স্বচক্ষে দেখিলোঁ৷
সম্পূৰ্ণ কবিতাৰ প্ৰথম সংস্কৰণটো ছপা কৰিছিল ‘অৰ্থাৎ’ প্ৰকাশনে, ২০০৬ চনত৷ ‘আঁক-বাক সংস্কৰণ’টো প্ৰকাশ পাইছিল ২০১৩ চনৰ জানুৱাৰী মাহত৷ যি ঐতিহ্যৰ মাজেৰে মোৰ লেখক জীৱন আৰম্ভ হৈছিল, সাহিত্য বুলিলে মই যি বুজি পাওঁ– ‘আঁক-বাক’ আৰম্ভ কৰাৰ পাছত প্ৰকাশক হিচাপে সেই জ্ঞান আৰু ধাৰণাবোৰেই মোৰ সম্বল আছিল৷ আমাৰ প্ৰকাশনৰ পৰা প্ৰকাশ পোৱা কিতাপবোৰ ছপাৰ বাবে সাজু কৰোঁতে চূড়ান্ত কামখিনি মই সততে চাওঁ, প্ৰয়োজন সাপেক্ষে সম্পাদনা কৰোঁ৷ সম্পূৰ্ণ কবিতাখনৰ চূড়ান্ত ফাইলটো চাবলৈ লৈ দেখিলোঁ তাত ভালেখিনি ভুল আছিল৷ সেইবোৰ দাগ দি দি ছাৰৰ ওচৰলৈ লৈ গ’লোঁ৷ তাৰ বাহিৰে মোৰ উপায় নাছিল কিয়নো আগৰ কিতাপবোৰত তেনেকৈয়ে অৰ্থাৎ ভুলকৈয়ে ছপা হৈছিল৷ কবিতাৰ ভুল বানানবোৰ বৰ আমোদজনক, সমানে বিপজ্জনকো৷ এটা শাৰীত ব্যৱহাৰ হৈ থকা ‘জোনক’ শব্দটো শুদ্ধ নে ভুল তৎক্ষণাৎ কৈ দিবলৈ দিগদাৰ৷ চাবলৈ গ’লে বানানটো শুদ্ধ, কিন্তু আৰ্হিকাকত চাওঁতাসকলে কেতিয়াবা শাৰীটোৰ অথবা কবিতাটোৰ তাৎপৰ্য নুবুজাকৈয়ে বানানটো ‘জোনাক’ কৰি দিয়ে৷ একমাত্ৰ ‘আকাৰ’ডালৰ কাৰণেই গোটেই কবিতাটোৰ তাৎপৰ্য সলনি হৈ যাব পাৰে৷ এনেকুৱা ভুল হৈয়ে কেতিয়াবা ‘জোনাক’ হৈ যায় ‘জোনক’– ইয়াৰ পৰিণতি কি হ’ব পাৰে এই কথাটোৰ তাৎপৰ্য বুজাজনেহে বুজি পাব৷ মই ছাৰৰ সৈতে বহি বহি তেনেকুৱা ভালেখিনি বানান শুদ্ধ কৰিলোঁ৷ তাৰ পাছতো মোৰ অলক্ষিতে তিনিটা বানানৰ ভুল থাকি গ’ল, পৰৱৰ্তী সংস্কৰণটোত সেইকেইটাও শুদ্ধ কৰা হ’ল৷
সম্পূৰ্ণ কবিতাৰ শেষৰফালে ‘ষ্ট্ৰুগা কবিতা গধূলিৰ পোহৰ’ শীৰ্ষক লেখা এটা আছে৷ সেইটো পঢ়ি থাকোঁতে এঠাইত কিবা এটা আধৰুৱা যেন লাগিল, যেন কিবা এটা ৰৈ গৈছে৷ সেইখিনিও ছাৰৰ দৃষ্টিগোচৰ কৰিলোঁ৷ ছাৰে ক’লে– ‘ঠিকেইতো৷ তুমি এটা কাম কৰাঁ, ‘কথা’ই উলিওৱা মোৰ ৰচনাৱলীখন অকণমান চাই লোৱাঁচোন, তাত ঠিকে থাকিব লাগে৷’ মই ইতিমধ্যেই সেই কামটো কৰিছিলোঁ, তাকে ছাৰক ক’লোঁ৷ ছাৰক অস্বস্তিত পৰা যেন লাগিল৷ বহু সময় ধৰি মনে মনে থকাৰ পাছত বাক্য এটা ক’লে আৰু যথাস্থানত সেই বাক্যটো দি লেখাটো শুধৰণি তথা সম্পূৰ্ণ কৰা গ’ল৷
ছাৰে মোক কিতাপখনৰ পিছফালে ‘এইখনেই শেষ পৰিমাৰ্জনা’ বুলি লিখি দিবলৈ কৈছিল, সেইমতে মই শেষ প্ৰচ্ছদত থকা টোকাটোত ‘কবিকৃত শেষ পৰিমাৰ্জনা’ বুলি লিখি দিছিলোঁ–কথাটো ছাৰে কিতাপখন উন্মোচনৰ দিনা উপস্থিত সাংবাদিক আৰু অতিথিসকলৰ আগতো কৈছিল৷
নীলমণি ফুকন মানুহজনৰ বিষয়ে এটা কথা লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ৷
দুবছৰৰ আগৰ কথা৷ এদিন সন্ধিয়া ছাৰে ফোন কৰিলে আৰু এবাৰ ঘৰলৈ মাতিলে, ক’লে কিবা কথা আছে৷ সেইমতে মই পাছদিনা গৈ ওলালোঁ৷ কি কথাৰ কাৰণে ছাৰে মাতিলে জানিবলৈ বৰ ব্যগ্ৰ হৈ থাকিলোঁ৷ ছাৰৰ ওচৰলৈ গ’লে বিভিন্ন কথা ওলায় – কবিতাৰ কথা, কিতাপৰ কথা, আমাৰ গ্ৰন্থ উদ্যোগৰ কথা৷ কথা সামৰি এসময়ত ছাৰে কৈ উঠিল– ‘মই আৰু কিমান দিন থাকোঁ নাজানো৷ দিনে দিনে গাটো বেয়া হৈ আহিছে৷ সেই কাৰণেই তোমাক মাতিলোঁ৷ তুমি যে সম্পূৰ্ণ কবিতাখন উলিয়াই মানুহৰ মাজলৈ লৈ গ’লা, তিনিটাকৈ সংস্কৰণ কৰিলা, মই তোমাক কৃতজ্ঞতা জনাইছোঁ৷’ মই আৱেগিক হৈ পৰিলোঁ, চকু দুটা সেমেকি আহিল। কৃতজ্ঞতা ? ফুকন ছাৰে কৃতজ্ঞতা জনাইছে ? এজন প্ৰকাশকৰ কাৰণে এয়া দুৰ্লভ প্ৰাপ্তি৷ মই সসন্মানে ছাৰৰ কৃতজ্ঞতা অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু ক’লোঁ যে এই কৃতজ্ঞতাৰ ভাগ মই ল’ব নোৱাৰোঁ, এয়া পঢ়ুৱৈয়ে আপোনাৰ প্ৰতি দিয়া সন্মান আৰু ভালপোৱাৰ বাবেহে সম্ভৱ হৈছে৷
মই আজিও বিশ্বাস কৰোঁ, এনে কথা নীলমণি ফুকনৰ দৰে এজন কবিৰ বাবেহে সম্ভৱ হ’ব পাৰে৷ এজন মহান কবিৰ বাবেহে সম্ভৱ হ’ব পাৰে৷ আৰু এই কথাও সমানে বিশ্বাস কৰোঁ যে চিন্তা আৰু ব্যক্তিত্বৰ বিশালতা অবিহনে কোনো মহান লেখক বা কবি হ’ব নোৱাৰে৷
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
