Written by sdblogs2011 1:09 pm Articles

বচা বকুল

 ৰমানন্দন বৰা

দহ

আস্‌…. এটা আৰ্তনাদ৷

বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰিত পৰি তাৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিছে৷ পিঠিখন কিবা এটাই ফালি পেলাইছে৷ হোৰাহোৰে তেজ ওলাইছে৷ বস্তুটো আঁতৰাবলৈ সি জোৰ কৰিব পৰা নাই৷ সি জোৰ দি দি একোবাৰত মেকুৰীৰ নিচিনা জন্তুটোক তাৰ কাষলৈ টানিব পাৰিলে৷ তাৰ সৰ্ব শক্তিৰে জন্তুটোৰ ডিঙিটোত চেপা মাৰিছে৷ কিন্তু সাংঘাটিক জোৰী এইটো…

“বে…ণু” পুহিৰামে চিঞৰ মাৰি প্ৰাণ টাকি দৌৰিলে৷ আহোঁতে সি পাছ পৰিছিল৷

পুহিৰামে তাৰ হাত দাখনেৰে এটা পূৰ্ণহতীয়া কোব মাৰিলে৷ জন্তুটো কঁকালতে দুছেও হ’ল৷ আন এটা কোব মূৰত মাৰি তাৰ জীৱ বাজ কৰিলে৷ লতামাকৰী৷

বেণু মুক্ত হ’ল৷ কিন্তু পিঠিত সাংঘাটিক বিষ৷ তেজ গৈ আছে৷ গামোচা দুখনেৰে বেণুৰ পিঠিটো বান্ধি দিলে৷ নাই তেজ ৰোৱা নাই৷ পুহিৰাম সমস্যাত পৰিল৷ মৰা লতামাকৰীটোৰ কাষতে বেণু তলমূৰকৈ মাটিতে পৰি আছে৷ সি এটাই জানে তেজ ৰাখিবলৈ কচু ভাল৷ ওচৰতে পোৱা কলীয়া কচুৰ মূঢ়া কেইটামান আনি সি বগৰী শিপাতে খুন্দিলে৷ বান্ধি থোৱা গামোচা খুলিলে৷ সি ভালদৰে চালে বেণুৰ পিঠিত বাঘটোৰ ছটা নখ বহিছে৷ বাকী কেইটাই আঁচুৰি গৈছে৷ কিমান দ’লৈ বহিছে জনাৰ উপায় নাই৷ জগটোত বাকী থকা পানীৰে সি ঘাঁখিনি ভালদৰে ধুৱাই কলীয়া কচুৰ মূঢ়াৰ লেপনটো দি আকৌ গামোচাৰে বান্ধি দিলে৷

“চিন্তা নকৰিবি৷ চব ঠিক হৈ যাব৷”

কথা ক’বলৈ, কিবা চিন্তা কৰিবলৈ যেন বেণুৰ শক্তি নাইকিয়া হৈ গৈছে৷ তাক বাঘে ধৰিছিল বুলি জনাৰ পিছত সি ভাবিব নোৱাৰা হৈছে৷ মূৰটো আচন্দ্ৰাই কৰিছে৷ তথাপি সৰ্বশক্তিৰে সি উঠি বহিবলৈ যত্ন কৰিলে৷

“নুঠিবি, এনেকৈ অলপ সময় পৰি থাক৷ তেজ ৰওক৷”

সময় খৰকৈ পাৰ হৈছে৷ মাঘমহীয়া বেলি বুৰ গ’ল৷ আন্ধাৰ নামি আহিছে৷ লগে লগে চেঁচা বতাহে কোবাইছে দুয়োটাকে৷ পুহিৰামে অনুভৱ কৰিছে তাৰ ঠাণ্ডা লাগিছে৷ বেণুক ঠাণ্ডাৰ কথা সুধিবলৈ তাৰ সত নগ’ল৷ বহুত তেজ গ’ল৷ এতিয়া অলপ ৰৈছে৷ কিন্তু ভয় হৈছে৷ লৰচৰ কৰিলে কিজানি আকৌ তেজৰ নৈখন বৈ আহে৷

“ব’ল পুহি, যেনেতেনে যাওঁ৷”

বেণুৱে মুখেৰে ক’লেও এনেকৈ যোৱাটো সম্ভৱ নহ’ব বুলি পুহিৰামে বুজি পাইছে৷ সমস্যাটো বুজি এটা উপায়হে আচলতে বেণুৱে চিন্তা কৰিছে৷ যাব খোজা নাই৷ তথাপি তাক মনোবল দি সি ক’লে, “পাৰিবি৷ প্ৰথমে অলপ বহচোন বাৰু৷ মই চাই লওঁ৷”

বেণুৱে কষ্টেৰে উঠি বহিবলৈ যত্ন কৰিলে৷ কিন্তু পিঠিখন পোনাব নোৱাৰে বিষ৷  পুহিৰামে বেণুৰ বেগৰ পৰা খুচৰি জুইশলা বাহটো উলিয়ালে৷

“ৰ’বি৷ অলপ গৰম লগাই লওঁ৷” সি শুকান ঝাউ গছ পাত এখিনি গোটাই জুই একুৰা ধৰিলে৷ অলপ উম লাগিল৷ কমকৈ হ’লেও জুইৰ পোহৰত পুহিৰামে দেখিলে বেণুৱে মুখতো দুখ পাইছে৷ কপালত, থুঁতৰিত তেজৰ দাগ, খমলা বান্ধিছে৷

এনেকৈ দুমাইল দূৰ বেণুক কেনেকৈ ঘৰলৈ নিব? আন্ধাৰ গহীন হৈ আহিবলৈ ধৰিলে৷ খেৰনিৰ নিশাচৰবোৰ সাৰ পাই ওলাই আহিছে৷ ফেউৰাই মাতিছে৷ বগৰী খাবলৈ বাদুলিবোৰ আহিছে৷ চাপৰিৰ বগৰীয়নিৰ তলত, এই চেঁচা সন্ধিয়াটোত সিহঁত দুটা বৰ বিপদত পৰিল ৷ যদি আকৌ বনৰ ৰজা কোনোবা এটা ওলায়হি৷ বগৰী এজোপাৰ গুৰিতে বেণুক আউজাই বহুৱাই পুহিৰামে আকাশ-পাতাল ভাবি থাকিল৷ ইয়াত ৰাতিটো কটাব নোৱাৰি৷ অথচ আগবাঢ়িবও নোৱাৰি৷ ঘৰৰ পৰা কোনোবা বিচাৰি নহালৈকে এনেকৈ খেৰনি-বগৰীয়নিৰ মাজত জাৰত কঁপি থকাৰ বাহিৰে কোনো উপায় নাই৷

ইফালে আন কালৰ সময়তকৈ দেৰীলৈকে বেণুহঁত ঘূৰি নহা দেখি পাহিতা-সোণ জেঠাইৰ উচপিচনি বাঢ়িবলৈ ধৰিলে৷ আন্ধাৰ ঘন হৈ অহা লগে লগে এটা আশংকা, এটা ভয়ে ঘৰখনক ঘেৰি পেলালে৷ সিহঁতৰ কিবা এটা হৈছে৷ নহ’লে ইমান দেৰী কেতিয়াও নহয়৷ পুহিৰামৰ ডাঙৰটো ল’ৰা টেপু দেউতাকৰ পলম হোৱাৰ বাৰ্তা ল’বলৈ সিহঁতৰ ঘৰ পালেহি৷ বলেন, বীৰেন আৰু টেপুক লগত লৈ বোপাৰাম বিষয়াই বেণুহঁতক বিচাৰি ওলাল৷ বলেনৰ হাতত এটা জোৰ জ্বলাই ল’লে৷ নজ্বলোৱা জোৰ এটা টেপুৰ হাতত৷ চাপৰিৰ খেৰণিৰ কথা৷ একোখনকৈ কপিদা কঁকালত গামোছাৰে বান্ধি ল’লে৷

গাঁৱৰ সীমা পাৰ হোৱাৰে পৰা সিহঁতে ডাঙৰ ডাঙৰকৈ কথা পাতি মাজে মাজে ‘বেণু বেণু’ ‘পুহিৰাম পুহিৰাম’ চিঞৰি যাবলৈ ধৰিলে৷ নাই৷ কোনো সহাঁৰি নাই৷ সিহঁতৰ আশংকা বাঢ়ি যাবলৈ ধৰিলে৷  শেষলৈ লাহে লাহে আশংকা আৰু হতাশা বাঢ়ি আহিল৷ চিঞৰবোৰ কঁপিবলৈ ধৰিলে৷

যিডৰা খেৰনিলৈ সিহঁতে খেৰ কাটিবলৈ গৈছে বুলি কথা-বতৰাৰ পৰা ঘৰৰ মানুহে গম পাইছে, সেই বাটেৰে গৈ দলটো খেৰ কটা ঠাই পালেগৈ৷ খেৰ কাটি থোৱা আছে মানুহকেইটাৰ উমঘাম নাই৷ ক’লৈ গ’ল? বলেন, বীৰেন, টেপুৱে ৰৈ ৰৈ ডাঙৰ কৈ চিঞৰিবলৈ ধৰিলে৷ ফেউকাৰ ৰাও, বনৰীয়া চৰাই-চিৰিকটি, কীট-পতংগৰ মাত, ম’হৰ ডিঙিৰ ঘণ্টাৰ শব্দৰ উপৰি ঝাউবনৰ বতাহৰ সোঁ-সোঁ শব্দৰ মাজত সিহঁতৰ চিঞৰবোৰ যেন ক’ৰবাত হেৰাই গৈছে৷ আৰু আগবাঢ়ি যাবনে? ক’লৈ যাব?

‘বেণু ভিনি’… ‘পুহিৰাম কাই’

‘ভি..নি… পু.. হি… কা..ই

সঁহাৰি নাই৷

হঠাৎ যেন ক’ৰবাৰ পৰা এটা মাত আহিছে৷ কিবা এটা সহাঁৰি নেকি?

‘বেণু ভিনি… পুহিৰাম কাই…’

“আমি আছোঁ, তহঁত আহ৷” সিফালৰ পৰা ৰিঙিয়াই মাতি দিছে পুহিৰামে৷

“ক’ত আছে?”

“বগৰী গছৰ ফালে আহ, ভটিয়াই আহ৷”

দলটো সেইফালেই আগবাঢ়িল৷ অলপ দূৰ যোৱাৰ পিছত সৰুকৈ একুৰা জুই সিহঁতে দেখিলে৷ ওচৰ চাপি গ’ল৷ মাতৰ সঁহাৰি চলি থাকিল৷

বেণুৰ অৱস্থা দেখি বীৰেনে ফেঁকুৰি উঠিল৷ পুহিৰামে ঘটনাৰ সবিশেষ জনালে৷ বেণুৱে নিজে খোজকাঢ়ি যাব নোৱাৰে৷ দাং কোলা কৰিবলৈ অসুবিধাটো হ’ল যে এনেকৈ আনোতে পিঠিত জোৰ পৰে৷ তাৰ আঘাতো পিঠিতেই৷  অৱশেষত এটা উপায় উলিওৱা হ’ল- এটাই বেণুক বোকোচাত তুলি নিব আৰু আন এটাই বেণুৰ পিঠিত আলফুলকৈ ধৰি নিব৷ এনেকৈয়ে বহুবাৰ বোকোচা সলাই বকুল চাপৰি গাঁৱৰ সীমা পোৱালেগৈ৷ অলপ নিৰাপদ যেন পাই, তাতে অলপ ৰৈ বলেন আৰু টেপু মাটি কঢ়িওৱা বাঁহৰ চাঙী এখন আনিবলৈ কুকুৰ লৰত ঘৰলৈ গ’ল৷

নিশা এডোখৰত দলটো ঘৰ পালেহি৷

(ক্ৰমশঃ)

Visited 1 times, 1 visit(s) today
Website |  + posts
Close