মেঘনা চৌধুৰী

দুৰাতি তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ, বুজনি, দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক ভ্ৰুকুটিহে কৰিছে৷ ৰোগীৰ সৈতে অন্তৰৰ পৰা একাত্ম হ’লেও কোনোদিন তাই বৃত্তিগত আৰু ব্যক্তিগত জীৱনক একাকাৰ কৰা নাই৷ তাইৰ নিজৰ জীৱনটোতো কোনো ধৰণৰেই ছন্দপতন নঘটাকৈ চলি আছে৷ অথচ দুদিন ধৰি কিবা এক সংজ্ঞাবিহীন অস্থিৰতাই তাইক সহজ হৈ থাকিবলৈ দিয়া নাই৷
‘ডক্টৰ পৰিধি, আৰ য়ু ডেয়াৰ?’
হঠাতে লেপটপৰ পৰ্দাৰ পৰা ভাহি অহা মাতটোত তাই উচপ খালে৷
ৱেবিনাৰবোৰ তাইৰ বাবে বৰ আমনিদায়ক৷ বিশেষকৈ যেতিয়া বক্তা নহৈ শ্ৰোতা হ’বলগীয়া হয়, তেতিয়াতো তাইৰ কেইবাকাপো কফি শেষ হৈ যায়৷ ভাগ নোলোৱাকৈও থাকিব নোৱাৰি৷ হাজাৰ হওক পৃথিৱীৰ নামজ্বলা চিকিৎসকসকলে সেইবোৰত কথা কয়, গৱেষণা পত্ৰ পঢ়ে, চিন্তা-ভাবনাৰ আদান-প্ৰদানো কৰে৷ এসময়ৰ চোকা ছাত্ৰী বুলি তাইলৈ শিক্ষকসকলে ৱেবিনাৰবোৰৰ লিংকো পঠিয়ায়৷ ইফালে হস্পিটেল কৰ্তৃপক্ষয়ো তাইৰ দৰে নতুন চিকিৎসকসকলৰ উত্তৰণ হোৱাটো বিচাৰে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ হস্পিটেলখনক লৈ যাবলৈ হ’লে চিকিৎসাৰ মান বৃদ্ধিৰ লগতে চিকিৎসকসকল নতুন নতুন জ্ঞানেৰে সমৃদ্ধ হোৱাটোওতো সময়ৰেই আহ্বান৷
আজি পিছে আলোচনাত পৰিধিয়েও বক্তা হিচাপে অংশ ল’বলগীয়া আছিল৷ অথচ ইমানপৰে তাই একাগ্ৰ হৈ শুনি শুনিও বাকীসকলৰ কথাবোৰ অনুধাৱন কৰিবই পৰা নাই৷
– ভেৰি ছ’ৰি ছাৰ, আই ৱাজ এ বিট ডিছটোৰ্টেড৷
নিজৰ অন্যমনস্কতাৰ বাবে তাই পৰ্দাৰ সিপাৰে বহি থকা মানুহখিনিৰ পৰা ক্ষমা খুজিলে৷ লগতে শাৰিৰীক অসুস্থতাৰ কাৰণ দৰ্শাই আলোচনাত অংশ লোৱাত নিজৰ অপাৰগতা প্ৰকাশ কৰিলে৷
আয়োজকৰ পৰা অনুমতি পায়ে পৰিধিয়ে লেপটপ সামৰি থৈ কোঠা সংলগ্ন বেলকনিখনলৈ ওলাই গ’ল৷
সোঁভৰিৰ তলুৱাখনত আগৰাতিৰ বিন্ধাটোৱে তাইক আমনি কৰি আছিল৷ আন্ধাৰত আঠুৱা দাঙি খপজপকৈ বিছনাৰ পৰা নামি গা-ধোৱা ঘৰলৈ যাবলৈ লওঁতেই প্ৰচণ্ড বিষ এটাত চিঞৰি দিছিল তাই৷ কেই মুহূৰ্তমান তাই একোকে ধৰিব পৰা নাছিল৷ মৌমাখিটো হাতেৰে এৰুৱাই দলিয়াই দিয়াৰ পাছতো তীব্ৰ বিন্ধাটোৱে তাইক ৰাতিটো কষ্ট দি থাকিল৷ অথচ তাইৰ হাৱাই চেণ্ডেলযোৰত পৰি থকা মৌমাখিটোৱে যে আত্মৰক্ষাৰ বাবেহে সেই ৰণকৌশল লৈছিল, সেয়াও তাই বুজি পায়৷ দলিয়াই পেলোৱা মৌমাখিটোৰ মৃত্যু হৈছিল৷ ওপজাৰে পৰা তাক সুৰক্ষাৰে আৱৰি থাকি অৱশেষত¸ পৰিধিৰ সোঁভৰিৰ তলুৱাত ৰৈ অহা মিহি শুং এডালৰ মাজতেই সি এৰি আহিছিল নিজৰ প্ৰাণ৷
বেলকনিত ৰৈ সমুখলৈ চাওঁতেই দুদিন ধৰি বুকুত লৈ ফুৰা শূন্যতাখিনি এইবাৰ যেন পৰিধিৰ গালে-মুখে বিয়পি পৰিল৷ পুৱা চাহ খাই থাকোঁতেও এবাৰ তাই মৌচাকটোলৈ চাইছিল৷ যোৱা ছমাহ ধৰি দিনটোৰ ভিন্ন সময়ত বেলকনিৰ পৰা সমুখৰ বট গছজোপাত থিতাপি লোৱা মৌমাখিৰ জাকটোলৈ এনেই চাই ৰোৱাটো তাইৰ বাবে এটা অভ্যাসত পৰিণত হৈছিল৷ সেই মূহূৰ্তত খালী হৈ ৰৈ যোৱা মৌচাকটো হঠাতে চকুত পৰাত তাইক উদাসী বতাহ এছাটিয়ে কোবাই গ’ল৷
‘ক’লৈ গ’ল বাৰু মৌমাখিজাক?’, পৰিধিয়ে ভাবিলে৷
পাকঘৰৰ ডাষ্টবিনটোৰ প্লাষ্টিক বেগটো সেইদিনা সলোৱা হোৱা নাছিল৷ তাইৰ ভৰিৰ তলুৱাত শুংডাল এৰি অহা মৌমাখিটোৰ ক্ষুদ্ৰমান মৃত শৰীৰটো এতিয়াও সেই প্লাষ্টিক বেগটোৰ ক’ৰবাত পৰি আছে৷ সেই মৃতকৰ কোনো খবৰেই নৰখাকৈ নীৰৱে আঁতৰি গৈছে অতদিনে সি ফুলৰ ৰেণুৰে ভৰাই পেলোৱা এটা মিঠা চুবুৰী৷
কৰ্মী সমাজখনে কেৱল কামহে চিনি পায়৷ কৰ্মীৰ নিজা পৰিচয় তাত অস্তিত্বহীন৷
মহানগৰীৰ আগশাৰীৰ হস্পিটেলখনত কাম কৰা দিনৰে পৰা পৰিধিৰো একেই অনুভৱ হয়৷ নিজস্ব বুলি তাত একো নাই৷ সফলতা অথবা বিফলতা, যি আছে সকলো সমূহীয়া৷
ম’বাইলটোত বাৰ্তা সোমোৱা ন’টিফিকেশ্যন আহিল৷
দুদিন ধৰি সুমনৰ পৰা অহা মুঠ পাঁচটা প্ৰশ্ন পৰিধিৰ ৱাটছাপত জমা হৈছে৷ পিছে পৰিধিয়ে এটা বাৰ্তাৰো উত্তৰ দিব পৰা নাই৷
সুমনৰ মাকৰ কাতৰ মাতটো ৰৈ ৰৈ পৰিধিৰ কাণত বাজিছে, ‘তাই যেনেকৈ থাকিব বিচাৰে, যি কৰিব বিচাৰে, আমি একোতেই আপত্তি নকৰোঁ৷ কিন্তু এই জেডটো কেনেকৈ মানি লওঁ?’
পৰিধিয়ে তেওঁক বুজাবলৈ গৈ নিজেই উজুতি খায়৷ সুমনৰ দেউতাকৰ লগতো তাই দুবাৰমান কথা পাতিছে৷ মানুহজনৰ মাতত ভাগৰৰ চাপ তাই স্পষ্টকৈ শুনে৷
‘তুমি তেওঁলোকৰ শৰীৰৰ পৰা ওপজা সত্তা৷ কথাবোৰ বুজিবলৈ চেষ্টা কৰা সুমন৷ তোমাৰ শৰীৰটোৰ ক্ষয়-ক্ষতি মা-দেউতাই কেনেকৈ সহিব কোৱাঁচোন?’ – পৰিধিৰ পৰা যোৱা এনেবোৰ বাৰ্তাৰ উত্তৰ সুমনে নিদিয়ে৷ দিব নোৱাৰে৷ মাক-দেউতাকে তাইক শৰীৰটো দিলে বুলিয়েই, তাত নিজৰ মালিকীস্বত্ত কিয় খটুৱাব? কথাবোৰ ভাবি ভাবি সুমন বিদ্ৰোহী হৈ উঠে৷ অথচ মুম্বাইৰ মনোৰোগ চিকিৎসকৰ পৰা অনুমতি পত্ৰ পোৱাৰ পাছতো মাক-দেউতাকৰ কৰুণ মুখ দুখনে তাইক ভেটা দি ধৰে৷
পাঁচ বছৰীয়া চাকৰি জীৱনত পৰিধিয়ে অনেক ৰোগীক লগ পাইছে৷ সকলোৰে বেলেগ বেলেগ সমস্যা, পৃথক পৃথক কাহিনী৷ কিন্তু নিজৰ পিতৃ-মাতৃক এটা সিদ্ধান্তৰ প্ৰতি সৈমান কৰোৱাবলৈ অহা ব্যক্তি সুমনেই প্ৰথম৷ পৰিধিৰ মনত প্ৰশ্ন জাগে– আচলতে ৰোগী কোন? অবাঞ্চিত বুলি নিজৰ বক্ষযুগল চ্ছিন্ন কৰি পেলাবলৈ ওলোৱা সুমন নামৰ জৈৱিক ছোৱালীজনী? নে পুৰুষ চেতনা এখিনিক মাথোঁ নাৰী শৰীৰ এটাৰে ঢাকি ৰাখিব বিচৰা সেই পিতৃ-মাতৃহাল?
কিছুমান প্ৰশ্নৰ সঠিক উত্তৰ একোটা বিচাৰি পোৱা নাযায়৷
পৰিধিয়েও অনুভৱ কৰে, আচলতে সকলো উত্তৰেই আপেক্ষিক,– ঠিক ভাল-বেয়া অথবা পায়-নাপায়ৰ সংজ্ঞাৰ দৰে৷
সুমনে ছাৰ্ট-পেণ্ট পিন্ধিবলৈ ভাল পায়৷ তাই বিচাৰে এমুখ দাড়িৰে তাইৰ দুগাল ভৰি পৰক৷ জিমলৈ গৈ তাই শৰীৰচৰ্চা কৰিব বিচাৰে৷ কলেজৰ সহপাঠী ৰাধাক চুমা খাবলৈ তাইৰ হেঁপাহ জাগে৷ তাই অনুভৱ কৰে, এটা প্ৰচণ্ড ভুলৰ সৈতে জীৱনটো পাৰ কৰিব নালাগে৷ তাতোকৈ সেই ভুলৰ চিনবোৰ খণ্ড-খণ্ডকৈ দলিয়াই পেলোৱা উচিত৷ সুমনে ভাবে, শৰীৰ মিছা, সঁচা মাথোঁ আত্মা৷ সেই আত্মাক উন্মুক্ত কৰিবলৈকে তাই খুলি পেলাব বিচাৰে শৰীৰৰ মিথ্যা সাজ৷
অতবোৰ ৰোগীৰ মাজৰ সেই সুমনক দেখিলে পৰিধিৰ কাৰোবালৈ কিয় মনত পৰে? কিয় তাইৰ মন যায়, উভতি যাব পৰা হ’লে যেন সকলোকে তাই চিঞৰি চিঞৰি ক’লেহেঁতেন, ‘তেওঁক এৰি দিয়ক! নিজৰ মতে থাকিবলৈ দিয়ক! মানুহজনৰ ওপৰত ইমান জোৰ-জুলুম নকৰিব!’
মৌচাকটোলৈ একান্ত মনে চাই থকা পৰিধিৰ ক্লান্ত চকুহাল পুৰিছিল৷ সুমনৰ মাজত কাৰোবাক বিচাৰি তাইৰ মনটো হঠাতে কঁপিবলৈ ধৰিলে৷ সুমন নামৰ মানুহগৰাকীক এটা ‘কেছ ষ্টাডি’ বনাই ফাইলৰ মাজত বন্দী কৰিবলৈ তাইৰ মন যোৱা নাই৷ বৰঞ্চ সুমনৰ জীৱনৰ গল্পটোৰ মাজেৰে পৰিধিয়ে অন্বেষণ কৰিব বিচাৰিছে বহু বছৰ আগেয়ে এৰি অহা এমুঠি অবুজ সময়ৰ৷ যি সময়ৰ হাতত ধৰিয়েই হয়তো এদিন তাই মানুহৰ মনলৈ জুমি চোৱাৰ বাট এটা কাটিবলৈ বিচাৰিছিল৷ হয়তো মাষ্টাৰ ডিগ্ৰিৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ সময়ত ছাইকিয়েট্ৰি বাচি লোৱাৰ আঁৰত এইবোৰ কাৰকেও নীৰৱে কাম কৰি আছিল! কোনে জানে?
বেলকনিত ৰৈ পৰিধিৰ মনত পৰিছে সেই পুহমহীয়া ৰাতিটোলৈ৷
আঁউসী পাৰ হোৱা দুদিনমান হৈছিলহে৷ ঘোৰ অন্ধকাৰত গাঁওখন বুৰ গৈ আছিল৷ ৰাতি আইতাক সাধাৰণতে বাহিৰ ফুৰিবলৈ নাযায়েই৷ পাছফালৰ প্ৰকাণ্ড চোতালখন পাৰ হৈ যুৰীয়া পুখুৰীদুটাৰ মাজেৰে ঠেক গো-বাটটো৷ সেইখিনি পাৰ হৈও আকৌ কঁঠাল কেইজোপাৰ ছাঁ গছকি গ’লেহে সৰু পেছাবখানাটো পায়গৈ৷ ৰাতিখন ইমানদূৰ যাবলৈ আইতাকৰ এলাহ লাগে৷ সেয়ে বিছনাত পৰাৰ আগতেই তেওঁ আজৰি হৈ আহে৷ সেইৰাতি ডাঙৰ মামীয়েকে বিলাহী টকত তেঁতেলীও দিছিল হ’বলা! আইতাকৰ পেটে সেইবিধ সহিব নোৱাৰিছিল৷ সেয়ে হয়তো মাজৰাতি তেওঁ পেটৰ কামোৰণিত সাৰ পাইছিল৷
মাক-দেউতাকৰ লগত চহৰত থকা পৰিধি সেই সময়ত স্কুলৰ বছৰেকীয়া পৰীক্ষা শেষ কৰি মোমায়েকহঁতৰ ঘৰত আছিলগৈ৷ সেই ৰাতি তাই যেতিয়া সাৰ পাইছিল তেতিয়ালৈ সিহঁতৰ চোতালত এজুম মানুহ গোট খাইছিলহি৷
– কিমান দিন যে ক’লোঁ, বোলো এনেকৈ গৃহস্থ ঘৰত যুৰীয়া পুখুৰী ৰাখিব নাপায়৷ অমংগল হয়৷ দেও-ভূতে পাৰ হৈ যাবলৈ বাট নাপালে ঘৰখনতেই বাহ লয়৷ নাই, আমাৰ কথা আৰু কোনে শুনে?
কোনোবাই এৰা টিপ্পনীটোত হয়ভৰ দিবলৈ আৰু দুটামান মাত শুনা গ’ল৷
গোটেই চুবুৰীটোত হুলস্থূল লাগিছিল৷
নাই যি নাই, মানুহজন নায়েই৷ ঘৰে-বাৰীয়ে বিচাৰি চলাথ কৰাৰ পিছত পুখুৰীৰ ঢৌবোৰলৈ চাই মানুহবোৰ ইছইছাই উঠিল৷ কিজানিবা আন্ধাৰে মুন্ধাৰে পিছলিয়ে পৰিল!
পৰিধিয়ে বুজিলে, তাইৰ ককাক হেৰাইছে৷
সোপাধৰাই সৰু ল’ৰা-ছোৱালী মোনাত ভৰাই লৈ যায় ধৰণৰ কথাবোৰ বিশ্বাস কৰা বয়সটো তেতিয়াও তাই পাৰ কৰা নাছিল৷ সেয়ে তাইৰ কণমানি মনটোত ক্ৰিয়া কৰিবলৈ ধৰিছিল নানা ধৰণৰ আশংকাই।
পাছফালৰ বাৰাণ্ডাত থকা কাঠৰ বেঞ্চখনৰ হাতলত ধৰি কান্দি থকা আইতাকক দেখি পৰিধিৰ বুকুখনত কিহবাই বিন্ধিছিল৷ মোমায়েক-মামীয়েক দুয়োহালে বাহিৰ-ভিতৰ চলাথ কৰিছিল৷ মানুহৰ চিঞৰ বাখৰত আনকি মামীয়েকহঁতৰ কেঁচুৱা দুটায়ো সাৰ পাই কান্দিবলৈ ধৰিছিল৷
এনেকৈনো মানুহ এজন নাইকিয়া হ’ব পাৰেনে?
– আৰু ৰৈ থাকি লাভ নহ’ব নেকি! এতিয়া আমিবোৰ ঘৰাঘৰি যোৱাই মংগল৷ পুৱালৈ থানাতে খবৰটো দিব লাগিব৷ নে কি কোৱা উৎপল?
ভিৰৰ মাজৰ কোনোবাই পৰিধিৰ ডাঙৰ মোমায়েকক পৰামৰ্শ এটা দিয়াৰ আচিলাতে গোটেই মানুহখিনিকে আচলতে ওলাই যোৱাৰ সুযোগ এটা দিবলৈ বিচাৰিছিল৷ হয়ো হয়৷ এনেকৈ কথা নাই বতৰা নাই সেই পুহমহীয়া জাৰখনত নিহালি এৰি অহা মানুহবোৰৰ আমনি লগাটোৱেই স্বাভাৱিক৷
পৰিধিৰ মোমায়েকে একো মতা নাছিল৷ মাথোঁ দুহাত জোৰ কৰি ৰাইজক যাবলৈ বুলি অনুৰোধ কৰা ভংগী এটাৰে চোতালৰ মাজত ৰৈ আছিল তেওঁ৷
ৰাতি পুৱাবৰ হৈছিল৷
তেতিয়ালৈ মামীয়েকহঁতে কেঁচুৱা শুৱাবৰ বাবে বিছনালৈ উভতি নিজেও টোপনি গৈছিল৷ পিছে কাঠৰ বেঞ্চখনতে তেতিয়াও বহি আছিল আইতাক৷ ঠাণ্ডা নালাগিবলৈ কোনোবাই মানুহজনীৰ গাত কম্বল এখন দিছিলহি৷ বাৰাণ্ডাতে মুঢ়া পাৰি বহি আছিল মোমায়েকহঁত৷ মাজে মাজে সৰুজনে ‘পিতা, পিতা’ বুলি চেপাকৈ মাতি হেৰাই যোৱা মানুহজনৰ অস্তিত্ব বিচাৰি হাহাকাৰ কৰি উঠিছিল৷ আৰু এই সকলোখিনিৰ সাক্ষী হৈ সাৰে আছিল পৰিধি৷ আইতাকৰ কাষতে বেঞ্চখনৰ চুক এটাত বহি তায়ো বাট চাইছিল পোহৰ হোৱালৈ৷ কিজানিবা ৰাতিটো পুৱালে তাইৰ ককাক ঘূৰি আহেই!
বটজোপালৈ চাই ৰোৱা পৰিধিৰ চকুহালৰ পৰা দুটোপাল পানী বাগৰি আহিল৷ কাহিলি পুৱা চৰাই-চিৰিকটিবোৰ সাৰ পোৱাৰ আগে-আগে হঠাতে কিবা এটা নঘটিবলগীয়া ঘটনা ঘটি গৈছিল৷ সেই ৰাতিটো বাৰাণ্ডাত অধীৰ হৈ ৰৈ থকা মানুহখিনিৰ সমুখত ৰৈছিলহি এটা নাৰী অৱয়ব! ওখকৈ আটিল চেহেৰাৰ মানুহগৰাকীৰ পিন্ধনত আছিল এযোৰ উঁৱলি যোৱা মেখেলা-চাদৰ, গাটো আৱৰি ৰাখিবলৈ তেওঁ এড়ী চাদৰ এখন মেৰিয়াই লৈছিল৷ বাৰাণ্ডাত জ্বলি থকা কম পোহৰৰ বাল্বটোৱেও জিলিকাই তুলিছিল মানুহগৰাকীৰ কপালৰ ডগমগীয়া সেন্দূৰৰ ফোঁটটো৷
সময় যেন থমকি ৰৈছিল৷
থৰ হৈ ৰোৱা আইতাকৰ হাতখনত ধৰি ভয়তে যে তাই বহুপৰ কঁপি আছিল, সেই মুহূৰ্তকেইটা পৰিধিৰ মনোজগতত এতিয়াও সজীৱ হৈ আছে৷
খবৰটো বিয়পিবলৈ বেছিপৰ লগা নাছিল৷ ৰাতিপুৱালৈ আকৌ ৰাইজ গোট খাইছিল সিহঁতৰ চোতালত৷ বুবু-বাবাবোৰ বাঢ়ি বাঢ়ি এসময়ত খবৰটো আনকি স্থানীয় সংবাদদাতাৰ কলমেৰে বাতৰি কাকতৰ পৃষ্ঠাতো উঠিছিলগৈ৷
– বুঢ়াটো এনেকৈ বলিয়া হ’ব লাগেনে? এই বয়সত কিহে যে লম্ভিলে দেহি!
– ডেকা বয়সৰ পৰাই দেখোন মানুহটোৰ গাত কিবা এটা ৰচক আছিলেই৷ এতিয়া চাগে সেইটোৱে মূৰত ধৰিলেগৈ!
– হয় হয়, আমাৰ মাহঁতৰ মুখেৰে শুনিছোঁ নহয়! ঘৈণীয়েকৰ লগত বিহুৰ পিঠা পুৰি দিয়ে, মাছ বাচে, আনকি কেতিয়াবা বোলে চুৱা বাচনো ধুইছিল৷ চাদৰ-মেখেলাযোৰ পিন্ধি ল’বলৈহে বাকী আছিল, তাকো কৰিলে৷ আই চিকৌ! আমি হ’লে এইবোৰ কি ঘটিছে একো বুজা নাই দেই৷
কত যে কথা!
বতাহত ওপঙি ফুৰা কথাবোৰ যেতিয়া গাঁওখনৰ বাবে কেৱল সময় পাৰ কৰা আহিলালৈ ৰূপান্তৰিত হৈছিল, তেতিয়ালৈ পৰিধিৰ মোমায়েকহঁত বেজ, কবিৰাজ, সত্ৰ, আইথানত ঘূৰি ঘূৰি ভাগৰি পৰিছিল৷ মানুহজনৰনো হঠাতে কি হ’ল কাৰো হাততে সেই প্ৰশ্নৰ উত্তৰ নাছিল৷
সেই ৰাতিটোৰ পাছত মানুহজন ধীৰে-ধীৰে সোমাই পৰিবলৈ ধৰিছিল এখন অদৃশ্য আৱৰণৰ ভিতৰত৷ ঘৰখনৰ পৰা পোৱা আচৰণে তেওঁক ক্ৰমান্বয়ে সকলোৰে পৰা আঁতৰাই নিছিল৷ জীৱনটোত কত যে যাতনা! কাক ক’ব তেওঁ? কোনেইবা পতিয়াব?
মানুহজনৰ মাকে নিজ হাতে বোৱা খনিয়া কাপোৰ, কপাহী চাদৰ-মেখেলাবোৰ যেতিয়া বোৱাৰীয়েকৰ হাতত তুলি দিছিল, তেতিয়া মানুহজন হৈ ৰৈছিল নীৰৱ দৰ্শক৷ কতদিন যে তেওঁৰ মনত ঘৈণীয়েকৰ জপাৰ মাজত থকা মৃত মাকৰ সেই চিনবোৰ চুই চাবলৈ হেঁপাহ জাগিছে! কতদিন মন গৈছে সেইবোৰ মেৰিয়াই মাক মাক যেন লগা গোন্ধটো উজাই ল’বলৈ৷ কপালত ডাঙৰকৈ সেন্দূৰৰ ফোঁট এটা লৈ আইনাত মুখখন চাবলৈও তেওঁৰ মন গৈছে৷ অথচ মাথোঁ এষাৰ কথাই তেওঁৰ ভৰি দুখনত পিন্ধাই থৈছে কাঁইটীয়া এডাল শিকলি, ‘মানুহে কি ক’ব?’ সেই কাঁইটেৰে ৰক্তাক্ত হোৱা মানুহজনক কোনেও কাহানিও দেখা নাই৷
পৰিয়াল-পৰিজনৰ পৰা আঁতৰি নিজকে এটা কোঠাত আৱদ্ধ কৰি পেলোৱা মানুহজনে সুঁৱৰিছিল এৰি অহা দিনবোৰ৷ ৰাম-বিজয় ভাওনাত সীতা হ’বলৈ কোনে তেওঁক জোৰ কৰিছিল? সেইখন সমাজেই, যিখনৰ বাবে তেওঁ হৈ পৰিছে ঘৃণা আৰু পুতৌৰ পাত্ৰ৷ কাজী আঙুলিৰে নিয়াৰিকৈ ঘৰুৱা কামত সহায় কৰি দিওঁতে ৰাতি বিছনাত ঘৈণীয়েকে তেওঁৰ বুকুত চুমা খোৱা নাছিলনে? জীয়েকৰ বাবে চহৰৰ পৰা নেইল প’লিছ আৰু ৰঙীণ ফিটা কিনি অনা দেউতাকজনক পাই তায়ো জানো সুখী হোৱা নাছিল? চৌখিন দেউতাকে তিনিওটা ল’ৰা-ছোৱালীৰ বাবে কাপোৰ চিলাই দিওঁতে সিহঁতেতো কোনোদিন আপত্তি কৰা নাছিল৷ বৰং মাকক কৈছিল, ‘পিতায়ে চিলোৱা কাপোৰহে পিন্ধিম৷ তুমি পিতাৰ নিচিনাকৈ নোৱাৰাঁ মা৷’
সেই একেজন মানুহে নিজৰ মাকে এৰি যোৱা কাপোৰ এসাজ পিন্ধি চাওঁতেই সকলো তচনচ হৈ গ’ল৷ মানুহৰ ভয়ত সেই ৰাতি তেওঁ লোকৰ বাৰীত লুকাই থাকিল৷ অতদিনে শৰীৰৰ মাজত লুকাই থকা ছোৱালীজনীক অকণমান সজাই চাওঁতেই অৱশেষত তেওঁ বিছনা ল’বলগীয়া হ’ল এখন একেবাৰে অচিনাকী ঠাইত৷
ককাকৰ কথা ভাবিলে পৰিধিৰ মনত হাজাৰ প্ৰশ্ন জাগে৷ গোটেই জীৱন তেওঁ যে সংসাৰ এখন কৰিলে, সেয়া কি আছিল? সেয়া জানো মিছা? সেয়া জানো অভিনয়? নে তেওঁৰ জীৱনটোৱেই আছিল এটা মছিব নোৱৰা ভ্ৰম?
তেজপুৰৰ হাস্পতালৰ পৰা মোমায়েকহঁতলৈ হেনো কেইবাখনো চিঠি আহিছিল৷ সেই চিঠিত কি লিখা আছিল, সেয়া পৰিধিয়ে নাজানে৷ হয়তো ককাক সুস্থ হৈ উঠিছে বুলি বাৰ্তা দি পৰিয়ালৰ লোকক অনুৰোধ জনোৱা হৈছিল, তেওঁক যেন ঘৰলৈ ওভতাই নিয়া হয়৷ কিন্তু মোমায়েকহঁতে কোনোদিন খবৰ এটা কৰিবলৈকেও যোৱা নাছিল তেজপুৰলৈ৷
শেষ বয়সতো সন্তানৰ পৰা মাত এষাৰ নোপোৱাকৈয়ে মানুহজনে এদিন পৃথিৱী এৰিছিল৷
হুমুনিয়াহ এটা পৰিধিৰ বুকুৰে পাৰ হৈ গ’ল৷
খালী হৈ যোৱা মৌচাক এটা দেখিলেওচোন দুখ অকণমান উজাই আহে৷ তেন্তে এজন জীয়া মানুহ নোহোৱা হোৱাৰ পাছতো সেইখন ঘৰৰ মানুহবোৰ বাৰু কেনেকৈ আছিল?
ম’বাইলৰ পৰ্দাখন পোহৰাই তাই সময়টো চালে৷ গধূলি আঠ বাজিছে৷ সুমন চাগে জিমৰ পৰা ঘৰলৈ উভতিছে৷ পৰিধিয়ে সুমনৰ বাবে বাৰ্তা এটা লিখিবলৈ ধৰিলে, ‘জানানে সুমন, কিছুদিন আগেয়ে দেখিলোঁ বেল্কনিৰ টাব এটাত লহপহকৈ পুলি এটা বাঢ়িবলৈ ধৰিছে৷ প্ৰথমতে সেইটো কিহৰনো পুলি ধৰিব নোৱৰাকৈয়ে সেইটোত পানী দি ডাঙৰ হোৱালৈ বাট চাই থাকিলোঁ৷ লাহে-লাহে সেইটো বাঢ়ি দুফুটমান ওখ এজোপা গছলৈ সলনি হ’ল৷ আৰু আজি পুৱা হঠাতে কি দেখিলোঁ জানা? সেই অচিনাকি গছজোপাত এপাহ ফুল ফুলিছে৷ ফুলপাহ দেখি আচৰিত হ’লোঁ৷ কি যে ধুনীয়া তাৰ ৰং! একেবাৰে ভিতৰফালে ডাঠ বেঙুনীয়া বৰণটো পাহিবোৰৰ বাহিৰলৈ ক্ৰমান্বয়ে পাতল হৈ আহিছে৷ ঠিক যেন লেভেণ্ডাৰ ফুল৷ বতাহত হালিজালি থকা এই ফুলপাহ মই আগেয়ে কেতিয়াও দেখা নাছিলোঁ৷ ফটো এখন তুলি গুগলত বিচাৰিলোঁ সেই ফুলপাহৰ পৰিচয়৷ তেতিয়াহে গম পালোঁ, মোৰ বেলকনিত সেয়া যে আঙুৰ ফুলিছে৷ বহুদিন আগতে বোধহয় ক’লা আঙুৰ খাই গুটিবোৰ বেলকনিৰ টাবটোত পেলাইছিলোঁ! এয়া তাৰেই সুন্দৰ পৰিণতি৷ আমি নেদেখা বস্তুবোৰ হঠাতে দেখিলে আচৰিত হোৱাটো সাধাৰণ কথা৷ কেতিয়াবা অচিনাকি অথচ কিবা কাৰণত ভাল লাগি যোৱা কিহবাক আমি দলিয়াই পেলাব নোৱাৰোঁ৷ বৰং মই কৰাৰ দৰে আমি তাক সযতনে ৰাখোঁ৷ তোমাৰ মা-দেউতায়ো তেওঁলোকৰ বাগিচাত ফুলা ফুলপাহ আগেয়ে দেখা নাছিল৷ সেয়ে হঠাতে দেখি আচৰিত হৈছে৷ কিন্তু সেইপাহক আপদাল নকৰাকৈতো থকা নাই৷ সেইখিনি আদৰ বহুতেই নাপায় সুমন৷ এতিয়া ফুলপাহ যেনেদৰে আছে তেনেকৈয়ে থাকিবলৈ দিয়া উচিত৷ ক’লা আঙুৰৰ ফুলপাহত ৰঙা, নীলা অথবা সেউজীয়া ৰং সানি দিলেও গছজোপাই কিন্তু ফল একেবিধেই দিব৷ ধৰি লোৱাঁচোন, তোমালোকৰ বাগিচাতো ক’লা আঙুৰৰ গছ এজোপা গজিছে৷ অথচ সেইজোপাত কাহানিও ফল নধৰে৷ তথাপি তোমাৰ মা-দেউতাই পৃথিৱীক ক’বলৈ সংকোচ কৰা নাই যে, তেওঁলোকৰ ঘৰত আঙুৰ ফুলিছে!
দীঘলীয়া বাৰ্তাটো লিখি পৰিধিয়ে সুমনলৈ পঠিয়াই দিলে৷ স্বস্তিৰ উশাহ এটা লৈ তাই পাকঘৰলৈ ফালে গ’ল৷ কফি একাপ কাঢ়াকৈ বনাই খালে মন আৰু শৰীৰ সতেজ হৈ পৰিব বুলি তাইৰ ভাব হ’ল৷
কফিত সোহা মাৰি পৰিধিয়ে লৈ পেলাইছিল সুমনক দিবলগীয়া পৰামৰ্শটোৰ সিদ্ধান্ত৷ সুমনক তাই বুজাব, আত্মাৰ সত্যতা৷ শৰীৰ মাথোঁ এক আৱৰণ, সত্য মাথোঁ আত্মা৷ আত্মাৰ মাটিত ফুলি উঠা ফুলপাহক আদৰ কৰিব পৰাটোতেই জীয়াই থকাৰ সাৰ্থকতা৷
শেষৰটো সোহা মাৰি পৰিধিয়ে তাইৰ চকুহাল জপাই দিলে৷ যেন মনে মনে ক্ষমা প্ৰাৰ্থনা কিৰলে ককাকৰ ওচৰত৷ এইখিনি কথা তাহানিতে ঘৰৰ মানুহবোৰক কোনোবাই বুজাব পৰা হ’লে হয়তো তাইৰ ককাকৰ বাবেও জীৱনটো অকণমান সহজ হৈ পৰিলহেঁতেন! ককাকে যেন তাইক কাণে কাণে সেইষাৰ কথাকে ক’লেহি!
–––
ঠিকনা :
সহকাৰী অধ্যাপক,
লোক সংস্কৃতি গৱেষণা বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
গোপীনাথ বৰদলৈ নগৰ
গুৱাহাটী – ১৪
email id – meghnagu16@gmail.com
Facebook a/c link : https://www.facebook.com/meghna.choudhury.7/
