Written by sdblogs2011 12:52 pm Poems

মানসিক

অত্ৰেয়ী গোস্বামী

জীয়াই থকাৰ তাগিদাত সময়ক

পাঞ্জাৱী চোলাৰ জেপত ভৰাই

চক পেঞ্চিলেৰে আখৰ লিখোঁতেই

পাৰ হৈ গ’ল এটা জীৱন৷

পাটীগণিতৰ পিঠিত ভেঁজা দিওঁতে

চুঁচৰি গৈছিল তেওঁৰ চুৰিয়া,

ৰঙা মাটিৰ দাগ এটা ৰৈ গৈছিল নফটালৈকে৷

তেওঁৰ চৰিত্ৰ অসামাজিক হোৱাৰ আগৰ কাহিনীবোৰ

কাৰোবাক কোনোবাই কোৱাৰ আগতেই গোপন কৰা হ’ল৷

মগজুৰ কোষবোৰ দুৰ্বল হৈ পৰিল,

এতিয়া বিকল৷

তেনে নহ’বলৈ কৰা সকলো ব্যৱস্থা

প্ৰয়োজনীয় সীমাৰ বাহিৰতে থাকিল৷

মানুহে পাহৰি যাব পাৰে মানুহ হোৱাৰ অহংকাৰ

মানুহৰ স্মৃতিভ্ৰম হ’লে ৰৈ যায় সময়,

মানুহে পাহৰি যাব পাৰে নিত্য-কৰ্মৰ অচিলা

মানুহৰ অচিনাকি হৈ পৰে চিনাকী শৰীৰ৷

দাপোণত খুঁটি খুঁটি চোৱা নিজৰ মুখখন

অথবা বসন্ত কালত ঠন ধৰি উঠা গোপনীয়তাবোৰ

সন্ধিয়াৰ আন্ধাৰত অচিনাকি হৈ পৰে৷

মনৰ ঠিকনা বিচাৰি হায়ৈ বিয়ৈ কৰি কৰি

হেৰাই যায় মন, হেৰাই যায় চেতনা৷

বোধৰ সিটো পাৰে তেওঁ দেখে কেৱল আন্ধাৰ

তেওঁৰ বাবে ৰৈ থাকে ভয়াৰ্ত নিশাবোৰ৷

আন্ধাৰ-পোহৰ, দিন-ৰাতিৰ প্ৰভেদ পাহৰি

ইফালৰ পৰা সিফাললৈ ধপলিয়াই ফুুুুৰে তেওঁ৷

আত্মজৰ ডেকাতেজৰ দপদপনি

পাহৰি যায় কোন কাৰ ঔৰসজাত৷

তেওঁ দেখুৱাইছিল পোহৰৰ বাট

তেওঁ খলাবমাবোৰ মিহি কৰিছিল৷

তেওঁৰ ওচৰত আছিল হাজাৰটা কৌতূহলী চকুৰ

জটিল প্ৰশ্নৰ সহজ সমাধান৷

এতিয়া তেওঁ এটা উত্তৰ নোলোৱা অংক৷

নিজৰেই প্ৰস্তাৱিত পৃথিৱীৰ অনাহূত সদস্য৷

জীৱনৰ বিভীষিকাই মানুহক পীড়াৰ পৰাও

মোকলাই দিয়ে,

যিদৰে তেওঁ যাতনাৰ এক অকথ্য পৃষ্ঠাত লেটিপেটি

যিদৰে তেওঁ এতিয়া এক ভয়ংকৰ গোঁজৰণি৷

তেওঁৰ গাত এতিয়াও চকমাটিৰ গোন্ধ৷

তেওঁ এতিয়া উশাহ লোৱা জীৱাশ্ম

তেওঁ এতিয়া উশাহ লোৱা কংকাল৷

Visited 3 times, 1 visit(s) today
Website |  + posts
Close