Written by sdblogs2011 12:44 pm Poems

চগা জীৱন

প্ৰাঞ্জল জ্যোতি দত্ত

গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো

বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন

জীৱনটোৱেই ফুটত নুঠে। উজাই ল’ব জানিলে উশাহ-

গেঁথনি এটায়ো দিব পাৰে জী থকাৰ সম্বাদ

নুমি নুমি ‘কাৰ্ছিন’ৰ চাকিত দেওলগা কথাবোৰ

চগা হৈ পৰে- জ্বলি ছাই হৈ নাযায়

ইঠাই সিঠাইকৈ বগুৱা বাই ফুৰে

থাউনি নোপোৱা এখন হাট

হুকুম লৈ হাকিম আহে ৰঙা চকু পকাই

শিয়াল দৌৰত খহি পৰে পাতলি ছিগা চুৰিয়াৰ আগ

ৰ’দ চোকা হৈ আহিয়েই থাকে

কোনেও ভাঙিব নোৱাৰে

পোৰা বেঙেনাৰ পিঠিত লিখা

সাঁথৰৰ তিনিটা শাৰী

চুঁচৰি বাগৰি ফুৰোঁতেই ভগনীয়া হাটৰ ভাগে ভৰি

লেকেচিয়াই গৈ থাকে বেলি নপৰা বাট

বটিয়াত থোকা-থোকে বিষ,

ৰৈ দিলেই মুখতে মখনাটো

শুকাই যোৱা ডিঙিৰ পৰা সৰি পৰে গেঁথনি

জী আছো !

জী আছো !

জ্বৰ-মাৰ দিয়া পোহাৰীবোৰে আকৌ জবকা মাৰে

জুইত জীয়ন নল’লে জীৱনেই বা কি !

ফুটাই নপঢ়িলেও সকলোৱে বুজি পায় হাটৰ পাঠ

বুজি পায়- গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়

মুখৰ কথা নহয় চগা হৈ জী থকাটোও

Visited 2 times, 1 visit(s) today
Website |  + posts
Close