Written by sdblogs2011 12:32 pm Poems

নীল সাগৰ

জ্যোতিনীলিমা গগৈ

বতাহত এক আৰণ্যক মায়া আছিল

পথৰুৱা বেলিয়ে জুই দি

নৈখনিক জোকাই থকাৰ পৰত

হেমন্তৰ নিৰ্জনতাই তেওঁক

মৃত্যুৰ বাবে প্ৰৰোচিত কৰিছিল

মধুৰতম এক মৃত্যু আৱাহন

এটা শব্দৰো যে ইমান শকতি

পানীৰ গভীৰলৈ এটা বাট সাজিব পাৰে

কোনো মূমুৰ্ষ  কবিক ধাৰলৈ দিব পাৰে

এহালি চৰাইৰ মাত

সাত সাগৰ বুৰিয়াই অনা যত মাণিকেৰে

তেওঁ কুসুমিত উপত্যকা সজালে

তথাপি বেথা !

টুকিব নোৱৰা এটোপাল চকুপানী

স্নেহময় কোনো এটি ক্ষণৰ

সিন্ধুমণি

তুমি গুজি দিয়া টলবল তেজৰ পোহৰ

হৃদয় ব্যাপি…

Visited 2 times, 1 visit(s) today
Website |  + posts
Close