Written by sdblogs2011 12:32 pm Poems

প্ৰিয়বৰেষু

পংকজ গোবিন্দ মেধি

নিদ্ৰামগ্ন ৰাতি এটাই দেও পাহাৰত পৃষ্ঠা লুটিয়াইছিল

নে

সন্ধিয়াৰ ঢিমিক ঢামাক চাকিৰ পোহৰে আজাৰাৰ হাটত

ঢেঁকীয়া বেচিছিল

আমি য’ত আছিলোঁ

তাতেই আমাক

তিলফুলৰ বাগিচা এখনে হাত বাউল দি মাতিছিল

আমি কপৌৰ ৰুণৰ লগত গা হেন্দোলাই

গো বাটেদি বাট বুলিছিলোঁ

সন্ধিয়াৰ শেষ গাড়ীখনেৰে আমি ঘৰলৈ যোৱাৰ কথা আছিল

কাছাৰীত দিনটো পৰ দি আমাৰ ভাগৰ লাগিছিল

বন্ধকীৰ মাটিখিনি নিজৰেই আছিল

অথচ মোকলাবৰ বাবে ছটিয়াব লগা হৈছিল মুদ্ৰা

মহাবিদ্যালয়ৰ শেষৰটো শ্ৰেণীত শেষৰজন অধ্যাপকে

কোনোবা পাটমুগীৰ গল্প পঢ়ুৱাইছিল ছাত্ৰক

আমিও ছাত্ৰ আছিলোঁ

পাটমুগীৰ লগত বন্ধকৰ মাটিৰ কোনো সম্পৰ্ক নাছিল

সেইবাবে সেই অধ্যায় সামৰি

অধ্যাপকৰ অজ্ঞাতে আমি মোকৰ্দমাৰ পিছত দৌৰিছিলোঁ

ভৰসা আছিল ন্যায়ালয়ৰ প্রতি ন্যায়াধীশৰ প্রতি

ভাবিছিলোঁ ছাত্ৰ অৱস্থাত তেৱোঁ কিজানি

নিজৰ মাটি মোকলাবলৈ কোৰ্ট কাছাৰীলৈ দৌৰিছিল

শেষ বাছত ঘৰলৈ আহি নিদ্ৰামগ্ন ৰাতিৰ নিজানত

আমি অধ্যাপকৰ কবিতা আওৰাইছিলোঁ

ৰাতিৰ দূৰত্বলৈ নামি যোৱা

প্রতিটো তৰা হেনো আছিল কোমল পাতমেলা গছবোৰৰ নিশ্বাস

তেওঁ সুধিছিল

মোৰ চোতালেৰে কোন অহা যোৱা কৰে

আমিও সুধিছিলোঁ আমাক

নিদ্ৰামগ্ন ৰাতি এটাই কেনেদৰে ফেঁকুৰে

জোনাকত ছাঁ এটা হৈ তিৰোতা এজনী

আমাৰ কাৰোবাৰ লগত গৈ আছিলনে

সেই প্রশ্ন আমি কোনেও কাকো সোধা নাছিলোঁ

কিয়নো গৌৰীনাথ আহিব বুলি

আমি হয়তো দুৱাৰ মেলি থ’ব পৰা নাছিলোঁ

হায় হায় তাপিত মানুহ

প্ৰিয়বৰেষু

মাননীয় অধ্যাপক

প্রকাণ্ড শিলটোৰ ফাটবোৰত

বাৰিষা ঘাঁহ গজে

আমি যে সেই ঘাঁহে কাণে কাণে কোৱা কথা শুনিবলৈ

ৰাতিটো উজাগৰে থাকোঁ

শিলৰ ৰথত ঘোঁৰা চেঁকুৰাই সেয়া

সূৰ্য

আমি তেওঁৰেই সন্তান

টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল

মানুহ নমৰে অ’

আমি যে মৰিব নোখোজা উদগ্ৰীৱ স্পর্ধা

অলপ আগতে আমি কি কথা পাতি আছিলোঁ

সেই কথাৰে সজাব খোজোঁ জীৱন

মৃতসকলৰ কোনো তালৈ নাহক

যাওঁতে উভতি চাই আমি একো দেখিব নোখোজো

মাথোন তোমাৰ কবিতা

Visited 6 times, 1 visit(s) today
Website |  + posts
Close