Written by sdblogs2011 12:32 pm Poems

নীলপিতা

প্ৰদীপ শইকীয়া

শিলৰ ঘোঁৰাই পানী খায় ৷ দৈৱকী হেৰায়

জুইতে সোমাইছোঁ নে পানীতে পৰিছোঁ

বকফুলৰ বিচনাত

আমি অতকাল তাকেই পাতি আছিলোঁ

দেৱতাৰ মানৱায়ন 

চন্দ্ৰহাস এখন তৰোৱালৰ নাম

মৰা জোনাকী দেখা নাই ৷ বিহৰা বিলত নুমলী

চন্দ্ৰমাৰ খাৰু ৷ পদশিলাৰ ছন্দ

দুবাৰ দেখা ঘৰ ৷ আশাৰীকান্দি

শিলৰ অপ্সৰা ৷ পুতলা সৎকাৰ

আদি ইত্যাদি

কথাবোৰ চুটি চুটি পেট গধুৰ

শতাই গণকৰ নেদেখা মৈদাম

তনমনসংসাৰসপোন ৷ কাঠবাদামৰ কথোপকথন

দিঘে-বাণিয়ে স্মৃতি সংকৰ্ষণ ৷ প্ৰণয় কালৰ অযুত আঁচোৰ

বিনা সূতাৰ গাঁঠি ৷ ডালিৰ হাড় মজ্জা সিৰা

আমি অতকাল তাকেই পাতি আছিলোঁ

মই চেঙেলী চোৰ

তেওঁৰ পৰাহে শিকিলোঁ কাঞ্চনমূল্য

কেনেকৈ চুব লাগে আৱদ্ধ অনৱদ্ধ ওলোটা আখৰ

গোলাঘৰৰ ওপৰত এতিয়া বালিঘোঁৰা

অথাই সাগৰত

মই যে নাগমাৰি চুই পালোঁ

Visited 3 times, 1 visit(s) today
Website |  + posts
Close