বিভাৰাণী তালুকদাৰ
ধপ্ধপ্ পাখিৰ মাত শুনা কিজানি
ধূপৰ গোন্ধত বাৰে বাৰে দুগাল মচা
গোন্ধাওঁ জানো ধূপৰ দৰে!
ধোঁৱাই ঢকা চিমনিৰ তলত
শিখা এটি হৈ ৰ’লোঁ এঘাৰদিন
তোমাৰ খেয়াল নহ’ল
মৰিশালিৰ বনগুটি খচকি
আদৰিলা বিস্মৰণ
নেদেখিলা তিতা তিয়নিত চিতা ভস্মৰ দাগ!
তুলসী তলত অস্থিৰ বৰ্তমান এটা হৈ
শুনি আছোঁ তোমাৰ মুখৰিত খোজ
কেতেকীজনীৰ বিলাপৰ উত্তৰটো
এতিয়া দিব কোনে?
…
টোকা : জনশ্ৰুতি অনুসৰি কেতেকী চৰায়ে ‘বৌ কাকা ক’ত!” বুলি বিনায়
ঠিকনা :
বৰসজাই, গুৱাহাটী- ২৮
ভ্ৰাম্যভাষ : ৯৫০৮৮২৩৮৪৩
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
