Written by sdblogs2011 3:55 pm Poems

মোৰ বেগ

উৰ্মি জুলী শ‍ইকীয়া

মইতো বেগটোৰ ভিতৰত সুমুৱাই থৈছোঁ মোক

তুমি যে দেখিছা হাঁহিটো,

ওহোঁ ! সেয়া মোৰ নহয়

মই মোৰ হাঁহিটো ভৰাই থৈছোঁ মোৰ বেগত

এই যে কথা পাতিছোঁ তোমাৰ লগত

সেইগৰাকী ম‌ই নহয়। মইতো আছোঁ বেগৰ ভিতৰত

খুচুৰা প‌ইছাৰ লগত

ছোৱালীজনী স্কুলত থৈ

বজাৰলৈ গলোঁ

ল’ৰাটোৰ কাৰণে কমলা কিনি

বেংকত সোমাই

চিটি বাছত উঠি

ঘৰলৈ উঠিলোঁ যিজনী,

সেইজনীও ম‌ই নহয়।

মইতো সুমুৱাই থৈছোঁ মোক

মোৰ কান্ধৰ বেগটোৰ ভিতৰত

ঘৰ পাইহে

চেইন খুলি ম‌ই মোক উলিয়াম …

               …

ভ্ৰাম্যভাষ : ৭৫৭৭৮২২৯২৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close