Written by sdblogs2011 3:55 pm Poems

চিত্ৰকৰ

কুশল দত্ত

চিত্ৰকৰে তুলিকা বুলাই যায় গোলকটোত

চীন থাইলেণ্ড জাপান কোৰিআ

নীলা ঘননীলা বেঙুনীয়া কমলা

ইটালী ব্ৰাজিল ভাৰত ৰাছিয়া

ঘননীলা গেৰুৱা তেজৰঙা বেঙুনীয়া

কিছুদিনৰ আগলৈকে পৃথিৱীৰ আটাইতকৈ

জনপ্ৰিয় এই চৰিত্ৰটোৰ এটা নাম আছিল

পিছে সলনিয়েই জগতৰ ৰীতিৰ পৰিণতিৰে

আজি তেওঁৰ নামটোও হঠাৎ সলনি হ’ল

বৃত্তৰ ভিতৰৰ বাসিন্দা হিচাপে

কথাটো মানি লোৱাৰ বাদে

ইমান হঠাতে হয়তো বিকল্পও বিশেষ নাছিল আমাৰ

তাৰ পাছতো কিন্তু বৃত্তৰ বাহিৰতে থাকি যায় কেইজনমান

যি আঁকিব খোজে নতুন ৰং-ৰেখাৰ নতুন একোটা বৃত্ত

তেওঁৰ নামটো সলনি হোৱাৰ পাছত

কাইলৈ নিশ্চয় আকৌ সলনি হ’ব সেই বিশেষ্য—

ক, খ, গ অথবা ঙ

পৰহিলৈ চিত্ৰকৰজন হয়তো আকৌ মানুহ হ’ব

চতহিলৈ প্ৰকৃতি

চিত্ৰকৰে তুলিকা বুলাই যায়

ফ্ৰাঞ্চ অষ্ট্ৰেলিয়া কানাডা আমেৰিকা

ৰঙা তেজৰঙা বেঙুনীয়া গেৰুৱা

এছিয়া ইউৰোপ আমেৰিকা আফ্ৰিকা

ৰঙা কমলা শুকান হালধীয়া

প্ৰকৃতি মানুহ

মানুহ প্ৰকৃতি

বৃত্তৰ বাহিৰত

আপোনাৰ ৰঙতে আপুনি বিভোৰা চিত্ৰকৰ

এইবাৰ পোছাকযোৰ সলাই হয় তত্ত্ববাগীশ

ৰঙৰ সলনি তত্ত্বকাৰে থিয় কৰায় তত্ত্ব

বিজ্ঞান ৰাজনীতি অৰ্থ স্বাস্থ্য মিশ্ৰিত

কিছু নতুন তত্ত্ব

তথাপি ৰৈ যায় চিত্ৰকৰ

ৰৈ যাবলৈ বাধ্য হয় চিত্ৰকৰ

যিহেতু তেওঁৰ দৰেই বৃত্তৰ ভিতৰত থাকিব নোখোজা

কিছু প্ৰাণী ৰৈ যায় গাত ৰং লগাবলে অমান্তি হৈ

যিসকল আছিল প্ৰকৃতিৰ একান্ত উপাসক

আত্মপ্ৰকৃতিৰো

তাৰ পাছত তত্ত্বৰ শিলৰ চোলা সোলোকাই

বৃত্তৰ বাহিৰ-ভিতৰ সকলোৰে বাবে উপায়ান্তৰ

চিত্ৰকৰে দাৰ্শনিকৰ চোলা এটা পিন্ধি

ওঁঠত তুলি লয় এটা প্ৰাচীন কবিতা

বনগীত সুৰীয়া লোকগীত এটা

কাব্যগীত ওপজাৰেপৰা

ৰংবোৰ লাহে লাহে আকৌ হয়হি

একো একোটা প্ৰাৰ্থনা—

এটুপি-দুটুপি উশাহ

       ***

ফোন : ৯৪৩৫০৪৭০৫৩

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close