Written by sdblogs2011 3:37 pm Poems

প্ৰেমৰ কবিতা

দিগন্ত নিবিড়

মেটেকাৰ মাজৰ পৰা 

চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই 

এদিন আমি ওলাই আহিছিলোঁ 

ভালপোৱাৰ বাটটোৱেদি

কোনোবাই দেখিব কোনোবাই জোকাব 

কিমান যে সমস্যা হ’ব আমাৰ 

কি ক’ম আমি বন্ধুবোৰে সুধিলে আমাক 

মৰিয়েই থাকিম ঘৰে শুনিলে কথা আমাৰ 

তুমি লুকাই লুকাই উজলি আহিছা ভালপোৱাত

মই না না কৰিও ঘোষণা কৰিছোঁ ভালপোৱাৰ

ডাউকহালৰ দৰেই 

আমি খুটিয়াই আছোঁ প্ৰেমৰ আহাৰ

অথচ  জুকিয়াই চায়ো আছোঁ সেই ভৱিষ্যত 

যদি কোনোবাই আমাক ধৰে আৰু থকাসৰকা কৰে 

যদি ভালপোৱাৰ এই বাট কাল আন্ধাৰে আৱৰে

কিমান যে সমস্যা আমাৰ ভাৱনাৰ 

এনেকৈ গ’লে হাঁহিব পাৰিম

তেনেকৈ গ’লে বেজাৰত মৰিম 

তুমি শুলে ৰাতি মোক দেখা নয়নভৰি

মই শুলে মনত পৰে ধাৰৰ কিস্তি 

তুমি ৰচাবোৰত থাকে আমাৰ জীৱনৰ ৰাতিপুৱা

মই ৰচাবোৰত ভাহে ধাৰৰ বোজা আৰু ভনীজনীৰ বিয়া 

সকলো পাহৰি 

এই চহৰৰ বাটৰেই আগবাঢ়ি যায় 

আমাৰ ভালপোৱা 

ভৱিষ্য-ভাবনাক নস্যাৎ কৰি 

এই চহৰৰ মাজেৰেই বিয়পি যায় 

আমাৰ ভালপোৱা 

যিদৰে চুচুক-চামাককৈ অহা ডাউকহালে এতিয়া 

সবল খোজেৰে আগবাঢ়ি আহে 

ভোকৰ আহাৰ বুটলিবলে

মৰণক নেওচি।

     ***

ফোন : ৮০১১৯২০৪৪৮

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close