Written by sdblogs2011 7:03 am Poems

দুটা কবিতা

ধ্ৰুৱকুমাৰ তালুকদাৰ

(এক)

।।বিছা।।

পাত তুলি থাকোঁতে

লছ্‌মীৰ হাতত উঠিল

এটা ৰঙা বিছা

পিঠিৰ খৰাহিটো থেকেচি থৈ

তাই দৌৰ মাৰিলে লাইনৰ ফালে—

ঠিক তেতিয়াই চাহপাতবোৰ উৰি আহিল

মোৰ গৰম পানীৰে উপচি থকা পিয়লাটোত তিতিবলৈ…

ক’ৰ পৰা উৰি আহিল

ক’ৰ পৰা উৰি আহিল

ইমানবোৰ পূৰঠ চাহপাত

মই শুঙিলোঁ বতাহত

আৰু গোন্ধ পালোঁ বিছাৰ

লগে লগে ডবলা-ডবল হৈ উঠিল মোৰ গোটেইটো শৰীৰ

য’ত বিছাবোৰ নাথাকে ৰঙা হৈ

মই সেইফালেই দৌৰ মাৰিলোঁ…

গৈ গৈ দেখোঁ

লছ্‌মীৰ হাতৰ বিছা গৈ বুকুত উঠিছে।।

(দুই)

।।দুটা খোজ।।

ৰাতিপুৱা

তাই বাহি-চোতাল সাৰি থাকোঁতে

চকুত পৰিল দুটা খোজ

যোৱাৰাতি কোনোবা আহিছিল নেকি!

সোণাৰুবোৰ ফুলিছে

বসন্তৰ মাজ-ডোখৰত

চৰাইবোৰে গীত জুৰিছে…

যোৱাৰাতি কোনোবাই তাইক বিচাৰি আহিছিল

ধূলিয়ে ঢাকি পেলাব নোৱৰা

সেই খোজ দুটা

তাই বাঢ়নিৰে সাৰিব নুখুজি

হাতেৰেই মচি দিবলৈ লওঁতেই

খোজ দুটা তাইৰ হাতলৈ উঠি আহিল

আৰু বেলিটোৰ সৰি পৰা ৰঙাখিনি সানি জ্বলি থাকিল

বহুপৰলৈ…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close