Written by sdblogs2011 6:12 am Articles

চ্যালুইনৰ পৰা লুইতলৈ

  চন্দ্ৰধৰ চমুৱা 

(যোৱা সংখ্যাৰ পিছৰ পৰা)

(সামৰণি অধ্যায়)

লাক্‌নি মঙ্‌কাউ বছৰ৷

ৰাজ্যৰ শৌৰ্য-বীৰ্য, প্ৰাণপ্ৰাচুৰ্য, নতুন উদ্দীপনা প্ৰতিষ্ঠাৰ বাবেই ৰিক্‌-খ্‌বন্‌ মঙ্‌-খবন্‌ পূজা পতা হৈছে। তিনি পুৰোহিতে খেক্‌ বিধি অনুসৰি পূজা পৰিচালনা কৰিছে।

পূজা-উৎসৱলৈ আমন্ত্ৰণ কৰা হৈছে ফু-খাও, খান্‌-ৰাং-য়ু আৰু নগাৰ মিত্ৰ ৰজাসকলক ৷ খাম্‌-য়াঙৰ পৰা আৰম্ভ কৰি পশ্চিমৰ লাও-তিৰ নাতিদূৰলৈকে পাঁচখন প্রদেশৰ প্ৰান্তীয় শাসনকৰ্ত্তা ফু-কিন-মুঙ্‌সকলে নৈবেদ্য-উপচাৰ লৈ চে-ৰাই-ডয়ৰ ওচৰত বাহৰ পাতি আছেহি। উত্তৰে আৰু পূবে দিহিঙৰ পৰা পশ্চিমে দিখৌ আৰু দক্ষিণে ডয়-কাও-ৰং পৰ্বতলানিৰ মাজৰ এই ৰাজ্যখনৰ সকলো প্ৰজাৰ মাজত ঢোল পিটি প্ৰচাৰ কৰি দিয়া হৈছিল চে-ৰাই-ডয়ত ৰিক্‌-খ্‌বন্‌-মঙ-খ্‌বন্‌ পতাৰ বাৰ্তা৷ সেয়ে উৎসাহী অনেক প্ৰজা আহিছে ভাৰ-ভেটী লৈ৷

দিন্‌-চি মাহৰ এক তাৰিখ, বান্‌-চি-বাৰ৷

আগদিনাই দিখৌৰ পৰা আপ্‌তাং আৰু ঞা-পুলকৰ বাবে পানী তোলা দলে পানী তুলি আনি মকৰ-অংকিত শিলৰ কলহত সংৰক্ষিত কৰি ৰাখিছে।

আপ্‌তাং। ৰজাক গা ধুওৱা কাৰ্য। তিনি পুৰোহিতে সুৰ লগাই গোৱা লিক্‌ লাইৰ মন্ত্ৰেৰে পবিত্ৰ কৰা৷ জল আৰু চুম্‌-ফ্ৰা-ৰুং-চেং-মুঙ ধোৱা পানীৰে ৰজাক আপ্‌তাং কৰোৱা হৈছে। আৰু এয়া ঞা-পুলক, মন্ত্ৰপুত পবিত্ৰ জল। এই জলো ৰজাক পান কৰোৱা হৈছে। তিনি পুৰোহিতে সুৰীয়াকৈ মন্ত্ৰ পাঠ কৰি এই ঞা-পুলক প্ৰস্তুত কৰিছে। আপ্‌তাং আৰু ঞা-পুলকৰ অৱশিষ্ট জল ৰাজ-পৰিয়াল আৰু সমবেত ডা-ডাঙৰীয়াসকলৰ গালৈ চিংকৰা ফুল আৰু তংলতিৰ পাতেৰে ছটিয়াই দিয়া হৈছে। ফা-নু-ৰু লেংডনলৈ বগী গাইকে ধৰি অনেক জীৱ-জন্তু আৰু দ্রব্য উছৰ্গা কৰি, পিছত লেংডনৰ লগতে লাংকুৰি, জান্‌ছই হুং, য়াচিংফা, খাও-খাম্‌, আই-লেং-ডিনৰ নামত একোখন পাং দিয়া হৈছে। মুঠতে তাহানি মঙ্-মিতত কৰা প্রণালীৰেই এই উৎসৱ চলিছে।

দেওশাল পাতিবলগা ঠাইলৈ সকলোটি গ’ল ৷ তাতে সি প্রথানুযায়ী এফালে এটি বৰ আৰু আনফালে এটি আঁহত পুলি ৰোপন কৰিলে – দুই পবিত্ৰ গছৰ পুলি তুন-ৰুং-ৰাই আৰু খা-ৰুং-ৰাই।

কাৰেঙৰ লগতে সংলগ্ন এশ হাত দীঘল আৰুচল্লিশ হাত বহলৰ আঠকোণীয়া হোলোং ঘৰটো । ভিতৰত উত্তৰফালে বৰ ৰাণীৰ সৈতে ৰজা ছ্যু-কা-ফা সিংহাসনত বহিছে। ৰজা-ৰাণীৰ কিছু পাছলৈ বাওঁফালে ৰজাৰ গা চোৱা দুজন, পাঁচনি তিনিজন থিয় হৈ আছে। সোঁফালে কাম কৰা লিগিৰা তিনিজন বহি আছে। ৰজা-ৰাণীৰ সন্মুখত থাও-মঙ্‌ মন্ত্ৰীদ্বয় থাও-মঙ্‌-বান্‌-ৰুই আৰু থাও-মঙ্‌-কাঙ্‌ঙান বহিছে৷ পাছতে পাঁচখন প্ৰান্তৰ শাসনকৰ্তাসকলৰ ঠাই৷ পূবৰ দাঁতিত পাইকৰ ওপৰ শ্ৰেণীৰ প্ৰজাসকল আৰু তেওঁলোকৰ পাছতে ডাঙৰীয়াসকলক হোলোং ঘৰলৈ অনা লিগিৰাসকল আছে৷ ডাঙৰীয়া আৰু বিষয়াসকল দক্ষিণৰ খটখটীত ভৰি-হাত ধুই ভিতৰলৈ সোমাই পূৰ্বনিধাৰিত আসনত বহিছে। অতিথি সকলৰ দুজন ডাঙৰীয়াৰ শাৰীতে বহিছে। তেওঁলোকৰ কাষতে দক্ষিণফালে পূবা-পশ্চিমাকৈ শাৰী পাতি তিনি পুৰোহিত। তেওঁলোকৰ সন্মুখত শৰাই । শৰাইত গোৱা-পাণ, ৰজাৰ পূৰ্বপুৰুষৰ হেংদান আৰু ৰাজ অলংকাৰ চুম্‌-ফ্ৰা-ৰং-চেং-মুঙ্‌ শৰাই-ঢকাৰে ঢাকি থোৱা আছে। পুৰোহিতৰ শাৰীত থকা বুৰঞ্জী লেখক ম’-মাই এ তাই-বেত পেঞ-কা-কা পাঠ কৰিলে আৰু ছ্যু-কা-ফাৰ পূৰ্বপুৰুষৰ বৃত্তান্ত দাঙি ধৰিলে। তাৰ পাছত সকলোৱে থিয় হৈ এটি আই-চিং-লাও গালে। প্ৰাৰ্থনা গীতটি শেষ হোৱাৰ পাছত ম’-মাই এ শৰাইৰ পৰা চুম্‌-ফ্ৰা-ৰুং-চেং-মুঙ্‌ক লৈ ছ্যু-কা-ফাৰ ডিঙিত পিন্ধাই দিলে। পুৰোহিত খেন্‌-লুঙে হেংদানখনি ৰজাৰ হাতত অৰ্পণ কৰিলে। সকলোৱে জয়ধ্বনি কৰিলে।

ছ্যু-কা-ফাই হেংদান হাতত লৈ ক’লে : “পূৰ্বপুৰুষৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক এই হেংদান মই সিংহাসন আঁউজা এই ঘৰিয়াল খুটাত বান্ধি থলো ৷” ৰজাই উঠি হেংদানখন ফাকেৰে সৈতে খুটাৰ হাঁকোটাত ওলোমাই পূৰ্বতে শৰাইতে যতনাই থোৱা এখন পাটৰ কাপোৰেৰে মেৰাই বান্ধি ৰাখিলে। তাৰ পাছত ছ্যুই মন্তব্য কৰিলে “শান্তিৰ সময়ত এই হেংদান সংযম আৰু ন্যায়ৰ চিন স্বৰূপে সকলোৰে ওপৰত ৰাখিছো ৷”

ইয়াৰ পিছত আলোচনা সভা বহিল। ফু-খাও, খান্‌-ৰাং-য়ু আৰু বাকী অধীনস্থ নগা ৰজাসকলে আলোচনাত ভাগ ল’লে৷ কোনো কোনো বিষয়াই দোভাষী হিচাপে সহায় কৰি দিলে। সকলোৱে ছ্যু-কা-ফাৰ যুদ্ধ নকৰা নীতি, মিতিৰ হৈ মিলি-জুলি থকাৰ ইচ্ছাক সমৰ্থন কৰি নিজৰ আনুগত্যৰ কথা দোহাৰিলে; ক’লে যে ছ্যু-কা-ফাৰ লগত একতাবদ্ধ হৈ থাকিলে কোনেও তেওঁলোকৰ অনিষ্ট সাধন কৰিব নোৱাৰে।

মুকলি ঠাইত সৰণ খেৰ আৰু টকৌ পাতেৰে চোৱা ৰভাত দূৰ-দূৰণিৰ পৰা অহা প্ৰজা আৰু ৰাজধানীৰ চাউডাংসকলৰ ভোজ-ভাতৰ ব্যৱস্থা কৰা হৈছে। বৰাখোৱা, এঙেৰা, গছিকলা আৰু জয়-খাম-দাং পথাৰৰ ধানৰ চাউলৰ ভাত, চেৱাত দিয়া বৰা আৰু লাহি চাউলৰ ভাত। সকলো জনগোষ্ঠীৰ প্ৰজাৰ একেলগে ভোজন৷ সেইসকলৰ ভিতৰত আছে ফু-খাও, খান্‌-ৰাং-য়ু, টিউৰা, টিমাচা, নগা আৰু তাই-ছাম প্ৰজা৷ ৰজাই অতিথি প্ৰজা আৰু চাউডাংসকলৰ খোৱা-বোৱাৰ খবৰ লৈ সন্তোষজনক পাই কাৰেঙৰ ফালে সোমাইগ’ল।

ইতিমধ্যে বিশিষ্ট অতিথিবৰ্গ কাৰেঙৰ তামুলী চ’ৰাত বহি আছেগৈ। সকলোৱে ভাতঘৰলৈ যাবৰ সময় হৈছে। ৰান্ধনি ঘৰত খাদ্য প্রস্তুত হৈ আছে। ডাম-লাকৰ ওচৰত ৰাণীসকলে ফুল-জালি কটা কলহৰ পৰা লুক্‌-লাও উলিয়াই দেৱতালৈ উছৰ্গা কৰি ৰাখিছে। এয়া ৰজা আৰু অতিথিক প্ৰথমে খুওৱাৰ নিয়ম। ৰাণীসকলে নিজে আগত পৰিবেশন কৰিব লাগে। সহায়কাৰী লিগিৰা-লিগিৰীসকল আছে।

ৰাজকীয় ভোজ৷ ওখ আসনত ছ্যু-কা-ফা পূবমুৱাকৈ বহিছে৷ ৰজাৰ দুকাষে আছে দুজন মন্ত্ৰী – কুন্‌হাই৷ সোঁ কাষে থাও-মং-বান-ৰুই আৰু বাওঁকাষে থাও-মঙ্‌-কাঙ্‌-ঙান৷ শাৰীত ৰজাৰ পৰা সামান্য পিছুৱাই বহিছে তেওঁলোক৷ ৰজাৰ সন্মুখৰফালে ফালে মুখামুখিকৈ অতিথিসকল – ফু-খাও, খান্-ৰাং-য়ু, নগাৰ ৰজাসকল৷ কুন্‌হাই মন্ত্ৰী-ডাঙৰীয়াসকলৰ কাষত সামান্য পিছৰ আসনত প্ৰান্তীয় শাসনকৰ্ত্তাসকল৷ তি—কাঙ্‌-খ্ৰু-মুঙ্‌, নাম্‌-ৰুকৰ খুন-টং আৰু মঙ্-চিনৰ তা-খুন্‌-লাক প্রান্তীয় শাসনকৰ্তা ফু-কিন্‌-মুঙ্ হিচাপে একে শাৰীতে আছে। দুটা শাৰীত উত্তৰ মূৰে দক্ষিণ মুৱাকৈ বহিছে সাতজন পণ্ডিত পুৰোহিত।

সোণৰ পানী চৰোৱা বান-কাঁহীৰ ওপৰত ৰজাৰ আৰু বহল থালত অতিথি তলতীয়া ৰজা৷ আৰু মন্ত্ৰীসকলৰ বাবে সোণৰ পানী চৰোৱা বান-বাটিত আৰু বাকীসকলৰ বাবে সাধাৰণ থালতে সাধাৰণ বাটিত লুক্‌-লাও আৰু বিবিধ মাংসৰ ভজা আগবঢ়াই দিয়া হৈছে। ৰজাই সকলোৰে বাটিবোৰলৈ চালে, খাবৰ হৈছে। ওপৰলৈ হাতযোৰ কৰি ফ্রা-ত্ৰা, লেংডন, লাংকুৰি, য়াছিংফা, খাও-খাম্‌, আই-লেং-ডিন, জান-ছই-হুং দেৱতাসকল আৰু মৃত পুলিন-পুথাও সকললৈ একেলগে ভাব কৰি দুটামান শব্দতে খ্ৰুপতাং জনালে। তাৰ পাছত লাওৰ বাটি স্পৰ্শ কৰি ক’লে : “এতিয়া সকলোৱে ধৰক।”

লুক্‌-লাও সেৱন শেষ হোৱাৰ পাছত চুৱা বাচন-বৰ্ত্তনবোৰ লিগিৰী সকলে লৈ গ’ল। খন্তেক পিছতে ভাত আহিল। তিনিটা খুৰা থকা মাইহাঙত ৰজাক, কিছু চাপৰ বান-কাঁহীত মন্ত্ৰী আৰু অতিথিসকলক, খুৰা নথকা সাধাৰণ কাঁহীত পণ্ডিত-পুৰোহিতসকলক আৰু মেহেঙ্গাত বিষয়াসকলক বিভিন্ন ব্যঞ্জনেৰে, ৰাণীসকলৰ পৰিচালনা আৰু তদাৰকীত, ভোজন কৰোৱা হ’ল।

ৰভাঘৰতে কোঁৱৰ আৰু ৰাজধানীৰ অন্যান্য বিষয়াসকলৰ তত্বাৱধানত চাউডাংসকল তথা বহু ভাষা বহু গোষ্ঠীৰ পাহাৰ-ভৈয়ামৰ অসংখ্য প্ৰজাৰ ভোজন সমাপ্ত হ’ল।

মাও-লুঙৰ পৰা ম্যুঙ্‌-দ্যুন্‌-ছুন্‌-খামলৈকে, চ্যালুইন, নাম-মাও, ইৰাৱতী উপত্যকাৰ পৰা দিহিং-দিখৌ-লুইতলৈকে সুদীৰ্ঘ বাট, আৰু শৈশৱৰ সোণালী পুৱাৰ পৰা জীৱনৰ ৰূপালী আবেলিলৈকে বৈচিত্ৰ্য আৰু সংঘাতময় পথ-পৰিক্ৰমাৰ মাজত ক’তো নিজৰ জাতি-বঙহৰ বাহিৰে দ্বিতীয় এটা জনগোষ্ঠীৰ লোকৰ লগত এসাজ খাই নোপোৱা চাও-লুঙ্‌ ছ্যু-কা-ফাই  বৰ হেঁপাহেৰে মাঙ্গলিক অনুষ্ঠান পাতি চে-ৰাই-ডয়ত ৰাজধানী লৈ ৰাজনিবাসৰ একেবাৰে ভিতৰৰ ভাতঘৰৰ মজিয়াত বহ গোষ্ঠীৰ বহুজন মিলি এসাজ তৃপ্তিৰে খাই অনুভৱ কৰিলে এই আপ্তবাক্যৰ সাৰসত্য ঃ মিতিৰৰ চিনাকি খোৱা-লোৱাত৷

অতিথি আৰু প্ৰজাসকল ঘৰাঘৰি যোৱাৰ পাছত ছ্যুৰ ভালকৈ উপলব্ধি হ’ল যে তাৰ সাতৰাজ মাৰি একৰাজ কৰাৰ পৰিকল্পনা ফলৱৰ্ত্তী হ’ব এই মিতিৰৰ আহ-যাহ আৰু খোৱা-লোৱাৰে, তৰোৱালৰ ধাৰেৰে নহয়; আৰু এয়ে হ’ব সি ইমান দিনে দিকচৌ বাটেৰে বিচাৰি অহা নতুন ৰাজ্যৰ ঘাই ভেটি।

মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে সুখৰ লগত দুখৰ দুঃস্বপ্নতে কোৱাৰ দৰে সি মনতে ক’লে: যিদিনাই এই মিতিৰৰ আহ-যাহ আৰু খোৱা-লোৱাৰে, তৰোৱালৰ ধাৰেৰে নহয়; আৰু এয়ে হ’ব সি ইমান দিনে দিকচৌ বাটেৰে বিচাৰি আ নতুন ৰাজ্যৰ ঘাই ভেটি৷

মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে সুখৰ লগত দুখৰ দুঃস্বপ্নইও ভুমুকি মাৰে আৰু এনে দুঃস্বপ্নতে কোৱাৰ দৰে সি মনতে ক’লে: যিদিনাই এই মিতিৰৰ ভাতঘৰৰ মজিয়ালৈ শতৰু সোমাই এদাল চুলিকে দিডাল কৰিবলৈ প্ৰয়াস কৰিব, আৰু ৰজা-প্ৰজাই কাম-বন পাহৰি মাটিত মূৰ গুজি পূজা-প্ৰার্থনা কৰিবলৈ ধৰিব সেইদিনাই এই ম্যুঙ্‌-দ্যুন্‌-ছুন্‌-খামৰ ভেটি লৰিবলৈ আৰম্ভ কৰিব। সেই দিন যেন হাজাৰ বছৰতকৈ আৰু বহুত পিছুৱাই যায়।

-সমাপ্ত-

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close