Written by sdblogs2011 12:58 pm Poems

ইম’শ্যনেল ভেম্পায়াৰ

জ্যোতিনীলিমা গগৈ

ক্ৰমশঃ ছিটিকি পৰা পুৰণি তেজৰ দাগবোৰ

গছপাতবোৰে লুকুৱাইছিল

তেনে সময়তে তেওঁ বাউলি হৈ সোমাইছিল প্ৰাচীন চহৰখনত

অ’ত-ত’ত লাইট হাউছৰ লেম্পবোৰ চূৰ্ণ কৰিছিল শীৰ্ণ দুহাতেৰে

একাবেঁকা বাটৰ জোপোহাটোৰ আঁৰত এখন্তেক জিৰাওঁতে

এজাক জোনাকীয়ে ভুলতে

তেওঁৰ জুটুলা চুলিকোছাকে হাবি বুলি ভাবি‍ নাচিছিল

তেওঁ মিঠা কথাৰে ছলনা কৰিছিল

প্ৰাচীন চহৰখনৰ অৰ্ধমৃত মানুহজাকক

ফুলবোৰ তচনচ কৰি ক’লা জিভাৰে তুলিছিল

দেৱালত শুকাই কঁৰাল মৰা পুৰণি তেজ

গছৰ ফেৰেঙনিত আঁৰিছিল ৰঙীন পতাকা

সন্মোহন গৈছিল অন্য এজাক

ছাঁ পোহৰৰ আল্পনাত মাজনিশা বজাইছিল চুফী

ধীৰ তালত অজস্ৰজনে আত্মজাহ দিয়াৰ দোষত তেওঁ দোষী

প্ৰাচীন চহৰখনৰ শূন্য মানুহজাকক

পুৰণি‍ তেজ আৰু ঘাবোৰ উভটাই দি

অহা বাটে গুচি‍ গৈছিল তেওঁ

চহৰখনে আজীৱন নাপাহৰে

তেওঁৰ সাগৰময় বিচৰণ…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close