স্বপ্না দত্ত ভৰালী

“আৰম্ভ কৰিছানে ডেকাল’ৰা?”
হৰিনাথ বৰুৱাই মোক মাজে মাজে সোধে৷
“দুলাইনমান লিখা হৈছে খুৰাদেউ৷”
চৰকাৰী শিক্ষকৰ যোগ্যতাৰ পৰীক্ষাত কৃতকাৰ্য হৈ মাষ্টৰৰ চাকৰি এটা যেনেতেনে যোগাৰ কৰি মোৰ ঘৰুৱা চহৰখনৰপৰা তিনিশ কিলোমিটাৰমান দূৰৈৰ চহৰ এখনত আছোঁহি৷ ঘৰত দেউতা, মা, বেংকত কেৰাণীৰ চাকৰি কৰা মোৰ দাদা আৰু কলেজৰ শেষ বৰ্ষত ভৰি থোৱা ভনীজনী৷ দেউতা ৰিটায়াৰ্ড শিক্ষক৷ পঢ়া-শুনাত মধ্যমীয়া মই বি এ-টো পাছ কৰাৰ পাছত এইটো চাকৰি পাই কিবা পাৰ পোৱাদিহে পালোঁ৷ দাদায়ো চাকৰি পোৱা বৰ বেছিদিন হোৱা নাই৷ এম কম পাছ কৰি চাকৰি বিচাৰি টলৌ টলৌকৈ ঘুৰি ফুৰি নিশা পলমকৈ ঘৰ সোমোৱা দাদাক অৱসৰী দেউতাই সি ঘৰত নথকা সময়খিনিত হেঁপাহ পলুৱাই গালি পৰা শুনি শুনি নিজক লৈ মোৰ কিবা এটা ভয় নালাগিলেও অস্বস্তিবোধ এটা হৈ থাকিছিল৷ পেঞ্চনৰ পইচাৰে তিনিটাকৈ ডেকা-গাভৰু লৰা-ছোৱালীক বহুৱাই খুওৱা মুখৰ কথা নেকি? সেই দেউতাৰ মুখত আখৈ ফুটাদি ফুটা ‘অলগৰ্ধ’, ‘বহিখোৱা’ জাতীয় বিশেষণবোৰে মোৰ ডিঙিতো আঁৰি মোক মানুহটোক গধুৰ কৰি নেপেলাওক বুলিয়েই মই আপ্ৰাণ চেষ্টাৰে চাকৰিটো যোগাৰ কৰি ললোঁ৷
অৱশ্যে এটা কথা৷ দাদা থকা সময়ত দেউতাই ঘুণাক্ষৰও তেনেকুৱা কথা নুলিয়াইছিল৷ আগফালৰ বাৰাণ্ডাত বহি আঁতি-গুৰি মাৰি খবৰ কাগজখন পঢ়াৰ বাদে যেন দেউতাৰ আন গুৰুত্বপূৰ্ণ কাম নাই তেনে যেনেই লাগিছিল৷ অৱশ্যে সি চাকৰিটো পোৱাৰ পাছৰেপৰা দেউতাৰ গালিৰ মুষলধাৰ বৰষুণজাক কিছু কমিছিল যদিও কেতিয়াবা দাইলত নিমখ কম হৈ দাইলখন সেৰসেৰীয়া হোৱা তথা একে লেথাৰিয়ে দুসাজ বা তিনিসাজত ফ্ৰেঞ্চবিনকেই ভাজি খুৱাইছে বুলি মাৰ ওপৰত খঙৰ কিনকিনিয়া বৰষুণ দুই-এজাক আহিয়ে আছিল৷
অৱশ্যে মা তেনেকুৱা বৰষুণলৈ কেৰেপ কৰা বস্তু নহয়৷ বৰষুণৰ মাজে মাজে গাজনি একোটাহঁত মৰাৰ দৰে মায়েও “ফ্ৰেঞ্চবিন কৰিবলৈ সহজ বুলি গোটেই বাৰীখনতে য’তে ত’তে ফ্ৰেঞ্চবিনকেই লগালে দেখোন! একেলেথাৰিয়ে তিনিসাজ কি, গোটেই মাহটো তাকেই ভাজি খুৱাম বুলিহে ভাবি আছোঁ।” জাতীয় ঢেৰেকনি এটা মাৰিলেই সিফালে বৰষুণ এৰেই৷ আৰু মোৰ চাকৰি হ’ব বুলি খবৰটো অহাৰ পাছত দেউতা আৰু অলপ নৰম হ’লগৈ৷ ভণ্টীক পিছে দেউতাই একো নকয়৷ তাইক যি লাগে, বিনা সংকোচে দিয়ে৷ লাগিলে কেতিয়াবা মাৰ পৰা আঁৰ কৰিও৷ যেনেদৰে মায়ে আমাৰ ককাই-ভাই দুটাক সাঁচতীয়া দুই-এটকা দেউতাই নজনাকৈ হাতখৰচ হিচাপে দি থাকে৷ ভণ্টীয়ে সেয়ে মাতকৈ দেউতাক বেছি গুৰুত্ব দিয়ে৷ আৰু আমি দুটাই মাক৷ মানে পৰম্পৰাগতভাৱে বহুতৰ ঘৰত চলি অহা ইডিপাছ বা ইলেক্টা কমপ্লেক্সৰদ্বাৰা সম্পূৰ্ণভাৱে প্ৰভাৱিত আমাৰ ঘৰখন৷
যি কি নহওক, প্ৰথমে চাকৰিৰ ঠাইলৈ আহি যোগদান কৰি লোৱাৰ পাছতেই আৰম্ভ হ’ল ভাৰাঘৰ বিচৰাৰ পৰ্ব৷ স্কুলৰ প্ৰধান শিক্ষকজনেই যেনিবা দেখুৱাই দিলে ঘৰটো৷ খোজেৰে স্কুললৈ অহা-যোৱা কৰিব পৰা দূৰত্ব৷ ঘৰৰ মালিক কিছু দূৰৈত থাকে৷ দীঘলীয়া বাৰাণ্ডাৰে সৈতে স্কুলঘৰৰ দৰে ঘৰটো৷ সৰুকৈ পাকঘৰ একোটাৰ সৈতে একোঠালীয়া কেইবাটাও কোঠা৷ অৱশ্যে প্ৰতিটো কোঠাৰ লগতে গাধোৱা ঘৰ সংলগ্ন৷ পানীৰ সুবিধাও আছে৷ গতিকে মোৰ বিশেষ অসুবিধা হোৱা নাই৷ মাত্ৰ ঘৰত মায়ে মুখৰ আগত দিয়া ভাতৰ কাঁহীখন যেনিবা নাই৷ ৰান্ধিবলৈ এলাহ কৰি প্ৰায়েই ভাতকেইটা আলু পিটিকাৰে পাল মাৰিয়েই থওঁ৷ ঘৰত মন গলে খোৱা মন নগলে দুগৰাহমান খাই পানী ঢালি উঠি যোৱা ভাতৰ কাঁহীখনকো যে এদিন ইমান মিছ কৰিম সেয়া ঘৰৰপৰা দূৰৈলৈ আহিহে অনুভৱ কৰিছোঁ৷
মই থকা ঘৰটোৰ কাষতে হৰিনাথ বৰুৱাৰ ঘৰ৷ নামটো অৱশ্যে মই পাছত তেওঁৰ লগত মিলামিছা কৰাৰ পাছতহে জানিছিলোঁ৷ স্কুললৈ অহা যোৱা কৰোঁতেই বাটত দেখি এদিন তেওঁ নিজেই মাত লগালে৷ আচলতে মই স্কুললৈ যোৱাৰ সময়ত প্ৰায়েই ঘৰৰ বাৰাণ্ডাত বহি থকা হৰিনাথ বৰুৱাক দেখি দেখি চকুৰ চিনাকিয়েই হৈ গৈছিল৷ তেখেতেই মাতি নি এদিন ঘৰৰ বাৰাণ্ডাত বহুৱালেগৈ৷ মোৰ ঘৰৰ খা-খবৰ সুধিলে৷ মই সুধিবলৈ পোৱাৰ আগতেই তেখেতৰ নিজৰ খবৰবোৰো কৈ গ’ল৷ হৰিনাথ বৰুৱা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেঞ্জাৰ আছিল৷ ল’ৰা দুটা৷ দুয়োটা ঘৰৰ পৰা এটা ২০০ কিলোমিটাৰমান আৰু আনটো ৩৫০ কিলোমিটাৰমান দূৰৈৰ চহৰত চাকৰি কৰে। সৰুৰেপৰাই যথেষ্ট চোকা তেখেতৰ দুয়োটা ল’ৰাই ভাল চাকৰি কৰে৷ দুয়োটা ল’ৰাই সম্ভ্ৰান্ত ঘৰৰ ছোৱালী একোজনীহঁত বিয়া-বাৰু পাতি আজৰি৷ হৰিনাথ বৰুৱাৰ দুয়োজন বিয়ৈয়েকো এলাপেচা মানুহ নহয়৷ এজন কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ বিষয়বাব এটাত থাকি অৱসৰ লোৱা৷ আনজন হ’মিওপেথিক ডাক্তৰ৷ ডাক্তৰ মানে? গোটেই অসমৰ বিভিন্ন জিলাৰপৰা বিয়ৈয়েকৰ ওচৰলৈ মানুহ আহে৷ ডাঙৰ ডাঙৰ অফিচাৰবোৰ আহে৷ ডাঙৰটো ল’ৰাৰ ফালৰ দুটা আৰু সৰুটোৰ ফালৰ এটা নাতিও আছে৷ অৱশ্যে কামৰ অতিৰিক্ত হেঁচাৰ বাবে সিঁহত প্ৰায় দুবছৰৰ বেছিকাল ঘৰলৈ আহিবলৈ মন থকা সত্তেও আহিব পৰা নাই বাবে নাতিয়েকহঁত এতিয়া কিমান একোটাহঁত হ’ল তেখেতলোক দুয়োজনে দেখা নাই। হৰিনাথ বৰুৱা পৰিবাৰৰ সৈতে ঘৰত অকলেই থাকে৷ মানুহজনীৰ লগ এটা হওক বুলি অলপতেহে তেখেতৰ ভায়েকৰ ছোৱালী এজনীক আনি ইয়াৰে কলেজত নাম লগাই দিছেহি৷ চাকৰিৰ কালছোৱাত ঘৰুৱা বিয়া-সকাম এখনলৈ যাবলৈও সময় নোপোৱা হৰিনাথ বৰুৱাৰ অৱসৰৰ পাছত হাতত এতিয়া অফুৰন্ত সময়৷
তেখেতৰ বিষয়ে মোটামুটি এইখিনি কথা প্ৰথমদিনাই জানিলোঁ৷ অৱশ্যে য’তেই নথলেও পৰুৱাই চেনী বা বিস্কুটৰ টেমাকেইটো আৱিষ্কাৰ কৰাৰ দৰে হৰিনাথ বৰুৱাৰ ঘৰত যে কলেজত পঢ়া ছোৱালী এজনী আছে, আৰু ছোৱালীজনী যে দেখাত ইমানো বেয়া নহয় সেইটো আৱিষ্কাৰ মই কেইবাদিনৰ আগতেই কৰিলোঁ৷ হৰিনাথ বৰুৱাই ভিতৰলৈ চাই চাহৰ কথা চিঞৰি কওঁতে মই ভদ্ৰতাৰ খাতিৰত মৃদু প্ৰতিবাদ কৰিলোঁ যদিও ঘৰলৈ অহা আলহীয়ে যাওঁ বুলি মাতষাৰ লগায়ো উপৰঞ্চি দুআষাৰ কথা থিয়ৈ থিয়ৈ পাতি থাকোঁতে ঘৰখনৰ কণমানিকেইটাই হাতত পইচা এটা কেনেবাকৈ গুজি দিব নেকি বুলি আশা পালি থকাৰ দৰেই ময়ো হৰিনাথ বৰুৱাৰ ভতিজা ছোৱালীজনীয়ে চাহকাপ আনি আগত দিবহি বুলি আশাৰে বাট চাই ৰলোঁ৷ পিছে সৰস্বতী পূজাত পিন্ধিবলৈ ধুনীয়া কাপোৰ এযোৰ গোটাই, মূৰকত পূজাৰ দিনা ৰাতিপুৱাৰে পৰা বৰষুণ আহি হাড় কঁপোৱা জাৰ পেলাই ছোৱালীজনীক দগধা চুৱেটাৰ এটা পিন্ধিবলৈ বাধ্য কৰাই সাজি-কাচি যোৱাৰ আশাত চেঁচা পানী ঢালি দিয়াৰ দৰেই মোৰো আশাত বৰফ-চেঁচা পানী এবাল্টিমান ঢালি বৰুৱাৰ পৰিবাৰেহে চাহ দুকাপ লৈ আহিল৷ সাদৰী মানুহজনীক মোৰ ভাল লাগিল৷ প্ৰথমদিনা ড্ৰাইকে’ক আৰু ভূজিয়াৰে চাহ খাই, সময় পালেই আহি থকাৰ প্ৰতিশ্ৰুতি দি মই মোৰ কোঠালৈ আহিলোঁ৷
তাৰ পাছত মাজে মাজে মই তেখেতৰ ওচৰলৈ কথা পাতিবলৈ যোৱা কৰিলোঁ৷ পতা নে শুনা? যিয়েই নহওক কিয়, মই অৱশ্যে তেখেতৰ ওচৰলৈ যোৱাৰ অন্যতম কাৰণ যে তেখেতৰ ভতিজা ছোৱালীজনী তাক নকলেও হ’ব৷ নহ’লে ইমানদিনে নানানটা অজুহাত উলিয়াই মই হেন ডেকাল’ৰাটোৱে নিৰস, বৃদ্ধ মানুহজনৰ কাষত বহি তেখেতৰ চাকৰি কালৰ, কলেজীয়া দিনৰ দোহাৰি দোহাৰি কৈ থকা কথাবোৰ কি সুখত শুনিলোহেঁতেন? মাছৰোকা চৰাইটোৱে পানীৰ কাষত একান্তমনে মাছলৈ অপেক্ষা কৰি থকাৰ দৰে ময়ো বৰ আগ্ৰহেৰে ভিতৰৰ পৰা চাহকাপ অহালৈ অপেক্ষা কৰোঁ৷ খুৰীদেৱে (মই তেখেতক সেই বুলিয়েই সম্বোধন কৰিবলৈ লৈছিলোঁ) চাহকাপ লৈ আনিলে ফৰকাল মনটোৰ কোনোবাটো চুকত কলীয়া ডাৱৰ এচিকুটমান গোট খায়৷ আৰু পৰীয়ে চাহ দিলে? (এদিন চাহ দিবলৈ আহোঁতেই তাইৰ নামটো কৈ তেখেতে চিনাকি কৰি দিছিল৷) নতুনকৈ হ’ললৈ অহা হিট চিনেমাখন ব্লেকত টিকট কাটি হলেও চোৱাৰ যিটো আমেজ, সেইটো আমেজ লৈয়েই মুখত জনপ্ৰিয় হিন্দী ৰোমাণ্টিক গানৰ কলি এটা লৈ মই সেইদিনা কোঠালৈ আহোঁ৷ কেনেবাকৈ তাইৰ চকুৱে চকুৱে পৰাৰ দিনা যদি তাইৰ মুখত জান-নেজান হাঁহিৰ ৰেশ এটাও দেখোঁ, তেন্তে সেইদিনা তাই মোৰ সপোনত ফোঁটে-সেন্দূৰে ওৰণি-বাৰণি লৈ আমাৰ ঘৰৰ বাৰাণ্ডা সাৰি থকাটো খাটাং৷
এদিন তেখেতৰ লগত কথা পাতি থাকোঁতেই মই মনৰ উৎসাহতে মই যে মাজে মাজে গল্প-কবিতাৰ চৰ্চা কৰোঁ, আৰু তাৰে দুই-এটাই যে কাকত-আলোচনীৰ মুখো দেখা পাইছে সেইটো জনালোঁ৷ আচলতে সেইদিনা চাহকাপ পৰীয়ে দিয়াৰ লগতে এবাৰ বাহিৰৰ টেবুলৰপৰা সেইদিনাৰ বাতৰি কাকতখন নিবলৈ অহাৰ বাদেও এনেয়ে, বিশেষ কাম নথকাকৈয়ে আনবাৰ আহি চাফাকৈ থকা বাৰাণ্ডাখনত ঝাৰুটো বুলাই গ’লহি৷ ফুলপ্ৰেমী মানুহৰ ফুলনিখন শীতকালত ছিজন্ ফ্লাৱাৰে ৰমকজমক হৈ থকাৰ দৰে মোৰ মনটোও ৰমকজমক হ’বলৈ তাতকৈ বেলেগ এটা কাৰণৰ প্ৰয়োজন নহ’ল৷ কিজানি তাইৰ ফালৰ পৰা এয়া এটা ইংগিতেই৷ সেয়ে মনৰ ফূৰ্তিত নিজকে জহাবলৈ মন কৰি কথাটো কৈয়েই পেলালোঁ৷ পিছে কৈ যে পয়মালহে লগালোঁ, সেইটো হুঁচ মোৰ পাছতহে আহিল৷ হৰিনাথ দদাইদেৱে তেখেতক লৈ গল্প এটা লিখাৰ কথা ক’লে৷ তেখেতৰ চাকৰিকালত চোৰাংচিকাৰী ধৰা দুটামান বীৰত্বৰ কাহিনীও শুনালে৷ আৰু তাৰ পাছত মাজে মাজে মোক সুধি থাকিবলৈ ধৰিলে যে মই তেখেতক লৈ লিখিবলগীয়া গল্পটো আৰম্ভ কৰিলোঁ নে নাই৷
কিন্তু লিখোঁ বুলিয়েই জানো লিখিব পাৰি? ল’ৰা এটাই ছোৱালী এজনীক বা ছোৱালী এজনীয়ে ল’ৰা এটাক একপক্ষীয়ভাৱে ভাল পালেই জানো সেয়া প্ৰেম হয়? প্ৰেমত দুয়োপক্ষৰ সন্মতি থাকিব নালাগিব জানো? সেইদৰে কোনোবা এজনৰ কেৱল ভালৰো ভাল গুণবোৰ বাচি বাচি গুণানুকীৰ্তন কৰি লিখি উলিয়ালেই পঢ়োঁতাই জানো ভাল পাব? দোষে-গুণেইতো মানুহ৷ হৰিনাথ দদাইদেউৰ বীৰত্বৰ কাহিনী লিখিবলৈ লৈ কেনেবাকৈ তেখেতৰ গাত লাগি থকা পুৰাতন ভেমটো গে’টখন খোলাৰ শব্দত ঘৰখনৰ গাভৰু ছোৱালীজনীয়ে খিৰিকীৰ পৰ্দাৰ ফাঁকেৰে আগন্তুকক ভুমুকিয়াই চোৱাৰ দৰে আখৰৰ মাজৰপৰা ভুমুকি মাৰিলে তেখেতে জানো বেয়া নাপাব? তেখেতৰ তীব্ৰ উচ্চাত্মিকাবোধে কাষৰ-পাজৰৰ মানুহবোৰক যে নীচাত্মিকাবোধত ভুগাবলৈ উন্মুখ হৈ থাকে আৰু মোৰ গল্পই যদি সেই অনুভৱ কৰোৱাই তেখেতক মোৰ প্ৰতি বিৰূপ কৰি তোলে? তেখেতৰ ঘৰলৈ যোৱাৰ মুদা নমৰিবনে? আৰু তালৈ যোৱাৰ মুদা মৰা মানেই পৰীক দেখাৰো মুদা মৰা৷ নাই, এনে হ’বলৈ মই কোনোপধ্যেই দিব নোৱাৰোঁ৷
হৰিনাথ দদাইদেৱেও আজিকালি সঘনাই সোধা হৈছে মোক,
“কি হে ডেকাল’ৰা৷ কিমান আগবাঢ়িছা?”
আৰু ময়ো মুখত হাঁহি এটা বিৰিঙাই কওঁ,
“লিখি আছোঁ খুৰাদেউ৷ জানো কেতিয়া শেষ কৰিব পাৰোঁ!”
এনেকৈয়ে চলি আছোঁ৷ চলি থাকিম৷
ঠিকনা :
মাৰফৎ : শ্ৰী লোহিত ভৰালী
টঙনাপাৰা, ৱাৰ্ড নং ৪
ডাক : ৰতনপুৰ
ধেমাজি – ৭৮৭০৫৭
অসম
মেইলঃ swapnduttabharali@gmail.com
ফেচবুকৰ লিংকঃ https://www.facebook.com/swapanadutta.bharali
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
