Written by sdblogs2011 12:09 pm Poems

ক’লা পতাকা

দিগন্ত শইকীয়া

টোপনি আহিছিল চিলমিল

তেনেকৈয়ে পাৰ হ’লো সুদীৰ্ঘ সেঁতু

কম্পিত খিৰিকিৰ উচ্চতাৰে নৈ ছবি

অচিন চীনৰ বৈৰী বতাহ

বঞ্চিত বিৰল লহমা ক্ষণ স্বৰ্গত ডুবি

ময়েই প্রথম নে?

শতিকা সিপাৰৰ শিল সময়ত

নামহীন দেহাবোৰৰ বিকাৰ কি!

নে টোপনিৰ আইনাত জিলিকি উঠিছিল

মটিয়া মুখবোৰৰ সিপাৰৰ জুই!

নিৰ্বাক নিস্পন্দন স্বপ্নহীন হাড়মাটি তেজপানী বিকাশ বিকাৰ

নীড়হাৰা দিশহাৰা বাস্তহাৰা মানুহৰ নিৰ্বাণ

শংকাহীন ভীতিহীন – হেৰুৱাবলে’ একো নাই চোন!

(ক’ব খোজা কথাটো হ’ল –

টোপনিও এক উত্তম মাধ্যম ক’লা পতাকাৰ বাবে)

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close