Written by sdblogs2011 10:43 am Poems

ড্ৰামা

অলকেশ কলিতা

বৰ বেছি এটা বিশ্বাস নকৰিবা, এই যে সৰাপাতক লৈ কিবা এটা ভবা হয়, অথবা এই কুঁহিক লৈ।

আজি একত্ৰিশ ডিচেম্বৰ, মাজনিশা

আৰু হাঁহি কান্দোন উভয়ৰপৰা অলেখ দূৰত্বত, জীৱন মৃত্যুৰ নিলগত

চলি আছে আচল ড্ৰামাটো।

পাহাৰবোৰত অকলশৰীয়া স্ফুলিংগ, অদৰকাৰী ঢিমিক ঢামাক।

গেটখন জপাই থৈ আহাঁ, তলা মাৰিব নালাগে দিয়া,

আজি আৰু চুৰ কৰিবলৈ তোমাৰ একো নাই, বয়স, ব্যৰ্থতা।

বৰ বেছি এটা বিশ্বাস নকৰিবা, যুক্তিক, কাঠে কুঠাৰে পৰিলে

সকলো কথা নস্যাৎ কৰিব পাৰি।

যেনে ধৰা, হত্তগোল এখন হৈছে, মানুহে নিশ্চিতভাবে কিবা এটা যুক্তি সমৰ্থন কৰিছে,

অথবা হয়তো যুক্তিয়ে পৰিত্যক্ত কৰি গুচি গৈছে ঘটনাৱলীক।

অথবা বিশ্বাস নকৰিবা নৈৰ্ব্যক্তিকতাক, যাৰে অসম্ভৱ হৈ উঠে আবেগ, উঠে মৃত্যু।

আজি একত্ৰিশ ডিচেম্বৰ, মাজনিশা

মই মোৰ কবিতাকো জটিল হবলৈ দিয়া নাই

প্ৰত্যয়, বিবেক, সংশয় আটাইৰেপৰা অলেখ দূৰত্বত

চলি আছে আচল ড্ৰামাটো।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close