Written by sdblogs2011 10:29 am Poems

পিঞ্জৰা

দাদুল ভূঞা

বাঘৰ গোজৰণিত পাৰ হৈ যোৱা

কোলাহল ৰাতিটোৰ পeছত

পিঞ্জৰা এটাত বন্দী হৈ ৰৈ আছোঁ আমি

ক’লা গাড়ীত চাইৰেন বজাই

সেয়া বাঘ আৰু বাঘিণী

আগে-আগে পলাতক

মুখাপিন্ধা মানুহ

চহৰীয়া গছবোৰেও সেইদিনা 

ছিটিকা পাতি ৰৈ আছিল

আৰু

মুখাপিন্ধা মানুহবোৰক ধৰি ধৰি

ৰাতিটোৰ খবৰ সুধিছিল

সকলো নিমাত

বন্দী হোৱাৰ ভয়ত

উছন হোৱাৰ ভয়ত

এন্ধাৰত নিৰ্বাসন

দিয়াৰ ভয়ত

দেশখন ক্ৰমান্বয়ে জ্বলিছে

ঘিঁউ ঢালি কোনোৱে উদযাপন কৰিছে

দেশ, কাল, ভৱিষ্যত

ৰঙা ফিটা কাটি

কোনোৱে

উন্মোচন কৰিছে নৰকৰ দুৱাৰ

আৰু আমি নৰকৰ দুৱাৰত

থিয় হৈ আওঁৰাইছোঁ

গণতন্ত্ৰৰ শ্ল’গান

নাইবা

লুডুগুটিত ভাগ্যৰ ৰেখা নিৰ্ণয় কৰি

পিঞ্জৰাত আৱদ্ধ হৈ

পাৰ কৰিছোঁ শেলুৱৈ সময়

***

ঠিকনা :

দাদুল ভূঞা

গহপুৰ, মাগনি, শোনিতপুৰ-৭৮৪১৬৮

ফোন : ৯৮৫৯২৮৯৩২৫

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close