Written by sdblogs2011 10:23 am Articles

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

 ড° বুলজিৎ বুঢ়াগোহাঁই

বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ সুযোগ আছে। মেডিকেল ৰিপ্ৰিজেণ্টেটিভৰ ভূমিকা হ’ল বৰ্তমানৰ সামগ্ৰীৰ চাহিদা সৃষ্টি কৰা বা নতুন সামগ্ৰীৰ প্ৰৱৰ্তন কৰা আৰু লগতে বিতৰক আৰু খুচুৰা বিক্ৰেতাসকলৰ ওচৰত উপলব্ধ হোৱাটো নিশ্চিত কৰা। মেডিকেল ৰিপ্ৰিজেণ্টেটিভ হিচাপে কেৰিয়াৰ বাছি লোৱা ব্যক্তিসকল প্ৰকৃততে চিকিৎসা কোম্পানিবোৰৰ মেৰুদণ্ড। গ্ৰাহকৰ সম্মুখত কোম্পানিটোৰ কণ্ঠস্বৰ হিচাপে কাম কৰে, কোম্পানিটোৰ দৃষ্টিভংগীৰ অংশীদাৰ হয়, কোম্পানিটোৰ সামগ্ৰীৰ বিপণন কৰে, আৰু কোম্পানিটোৰ লক্ষ্যত উপনীত হয়, যিবোৰ তাৰ পিছত ৰাজহলৈ ৰূপান্তৰিত হয়।

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে সাধাৰণতে নিম্নতম শিক্ষাগত অৰ্হতা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে। কিন্তু কিছুমান ফাৰ্মাচীউটিকেল (Pharmaceutical) কোম্পানিয়ে এই চাকৰিৰ বাবে এম.বি.এ.(M.B.A.), বি.ফাৰ্ম.(B.Pharm.), বি.এচ.চি.(B.Sc.) ডিগ্রীধাৰী প্রাৰ্থী বিচাৰে। এই চাকৰিৰ বাবে প্রাৰ্থীৰ বয়স সাধাৰণতে ২৬ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগে, কিন্তু কোম্পানিলৈ বয়সৰ সীমা বেলেগ বেলেগ হয়। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয়। যেনে – “দি আছাম ট্রিবিউন (The Assam Tribune)”-ৰ সাধাৰণতে দ্বিতীয় পৃষ্ঠাত প্রকাশ হয়। তদুপৰি মেডিচিনৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতা, মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ ৰেষ্ট হাউচ্ আৰু মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰি কৰি থকা সকলৰ পৰা এই চাকৰিৰ তথ্য গোটাব পাৰে। মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰিৰ বাবে প্রাৰ্থীৰ বাচনি সাক্ষাৎকাৰৰ জৰিয়তে কৰে। এই চাকৰি কৰিব বিচৰাসকলৰ কিছুমান গুণ থাকিব লাগিব। যেনে – ইংৰাজীকে ধৰি বিভিন্ন ভাষাত সুন্দৰ যোগাযোগ দক্ষতা থকা, সাংগঠনিক দক্ষতা, সক্ৰিয় শুনা দক্ষতা, আত্মপ্ৰেৰণা, কাৰিকৰী দক্ষতা, নমনীয়তা, ব্যক্তিত্ব আদি। এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে – মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ চাকৰিৰ বাবে বাচনি কৰা পাছত ফাৰ্মাচি কোম্পানিবোৰে প্রাৰ্থীসকলক প্ৰশিক্ষণ দি ঔষধ বিক্ৰী কৰা কৌশলবোৰ শিকাই দিয়ে। এই চাকৰিত দৰমহাৰ ওপৰিও D.A., T.A. , Extra Allowance আৰু Incentive পোৱা যায়। আমাৰ ৰাজ্যখনৰ যুৱক-যুৱতীসকলে মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ কেৰিয়াৰ কথা ভাবিব পাৰে ।

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close